Apyc President Zubair’s Anam Majumdar Summoned by CID:অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰক তলৱ চিআইডিৰ

২০১৯ ৰ কা'আন্দোলনত ৰজু হোৱা গোচৰ সংক্ৰান্তত হাজিৰ হ'বলৈ নিৰ্দেশ চি আই ডিৰ

zuber anam mazumder

Apyc President Zubair’s Anam Majumdar Summoned by CID:

গ্ৰেপ্তাৰ হ’ব পাৰে অসম প্ৰদেশ যুৱক কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰ ৷

২০১৯ ৰ কা’আন্দোলনত ৰজু হোৱা গোচৰ সংক্ৰান্তত হাজিৰ হ’বলৈ নিৰ্দেশ চি আই ডিৰ ৷

উল্লেখ্য যে,যুৱক কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰৰ বিৰুদ্ধে কা’আন্দোলনত পাঞ্জাবাৰীস্থ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰ আক্ৰমণৰ ঘটনাৰ স’তে জড়িত থকাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

আনকি মহানগৰ আৰক্ষীয়ে সংগ্ৰহ কৰা চিচিটিভি আৰু বৈদ্যুতিন মাধ্যমৰ ফুটেজত যুৱক কংগ্ৰেছী নেতাজন আক্ৰমণ ঘটনাৰ লগত জড়িত থকাৰ পৰ্যাপ্ত সংগ্ৰহ কৰিছিল ৷

উল্লেখ্য যে,মহানগৰ আৰক্ষীয়ে ৰজু কৰা গোচৰ ইতিমধ্যে তদন্তৰ বাবে তৎপৰ হৈছে চি আই ডি ৷ সেই অনুসৰিয়ে যুৱক কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰক তলৱ কৰা হয় ৷

আজি বিয়লী ভাগত যুৱ কংগ্ৰেছী নেতাজন চি আই ডিৰ উলুবাৰীস্থ কাৰ্যালয়ত উপস্থিত হোৱাৰ কথা ৷

আনহাতে বিশেষ সূত্ৰে জানিব পৰা মতে চি আই ডিৰ হাতত থকা পৰ্যাপ্ত প্ৰমানৰ পাছতে যুৱ কংগ্ৰেছী নেতাজনে আৰক্ষীৰ জেৰাত সন্তোষজনক উত্তৰ নিদিলে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ৷

মনকৰিবলগীয়া যে,চিআইডিয়ে আজিয়ে চমন জাৰি কৰি বিয়লি চাৰি বজাত যুৱ কংগ্ৰেছৰ নেতাজনক হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল ৷

Exit mobile version