Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Randisaheb, Duplicate Mal and Leader’s Blouse’ৰাণ্ডিচাহেব’, ‘ডুপ্লিকেট মাল’ আৰু নেত্ৰীৰ ব্লাউজ

# প্রাঞ্জলসেন ডেকা

publisher by publisher
February 12, 2024
in India, News
Reading Time: 4 mins read
0
Randisaheb, Duplicate Mal and Leader’s Blouse’ৰাণ্ডিচাহেব’, ‘ডুপ্লিকেট মাল’ আৰু নেত্ৰীৰ ব্লাউজ
6
SHARES
60
VIEWS
ShareShareShareShare

Randisaheb, Duplicate Mal and Leader’s Blouse’ৰাণ্ডিচাহেব’, ‘ডুপ্লিকেট মাল’ আৰু নেত্ৰীৰ ব্লাউজ

# প্রাঞ্জলসেন ডেকা

আজিৰ পৰিস্থিতিত হয়তো আলোচনা কৰিবলগীয়া আৰু বহু গুৰুত্বপূর্ণ বিষয়েই আছে; কিন্তু ৰাজহুৱা জীৱনত থকা একাংশ মূধাফুটা লোকৰ কেতবোৰ অবাঞ্ছিত আচৰণে সাধাৰণ লোককো তুচ্ছ কথাত অপ্রয়োজনীয়ভাবে জড়িত হ’বলৈ বাধ্য কৰায়। কিছুদিন পূর্বে এক সংবাদমেলত সংশোধিত নাগৰিকত্ব আইন (কা)ৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ ওলাই আহিবলৈ অসমবাসীক আহ্বান জনোৱাৰ প্ৰসংগত ড° হীৰেন গোহাঁইক ‘ডুপ্লিকেট মাল’ বুলি কটাক্ষ কৰিছিল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। স্বয়ং মুখ্যমন্ত্ৰীৰ মুখত এনে শালীনতা চেৰাই যোৱা কথা শুনি বহুতেই হতবাক হোৱাটোবেই স্বাভাৱিক। ইয়াৰ পূৰ্বেও তেওঁ কটন কলেজৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষক ‘মালটো ক’ৰ পৰা টপকিল বুলি ঠাট্টা কৰি সমালোচনাৰ পাত্ৰ হৈছিল।

ADVERTISEMENT

বিভিন্ন সময়ত এনে ধৰণৰ অবাঞ্ছিত মন্তব্য কৰি ড° শৰ্মা অযথা বিতৰ্কৰ মাজত সোমাই পৰাটো এক সাধাৰণ ঘটনাত পৰিণত হৈছে। অৱশ্যে সাম্প্রতিক সময়ত ৰাজনীতিকৰ মুখত এনে ধৰণৰ কথা-বতৰা প্ৰায় স্বাভাৱিক হৈয়ে পৰিছে। নিজৰ মতৰ স’তে নিমিলা প্রতিপক্ষৰ ৰাজনীতিক অথবা যিকোনো লোকক শালীনতা চেৰাই গৈ জাতি-ধর্মকে ধৰি ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰাটো সততে দৃষ্টিগোচৰ হয়। লাগিলে তেওঁ দেশৰ মুৰব্বী পদত অধিষ্ঠিত ৰাজনীতিকেই নহওক কিয়!

RelatedPosts

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

Barpeta Satra Doul Mohotsav:বৰপেটা সত্রত শ্রীশ্রী কৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আজি তৃতীয় দিন

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

ভাৰতীয় ৰাজনীতিত দল সলনি কোনো নতুন কথা নহয়। আজিৰ ক্ষমতাসৰ্বস্ব ৰাজনীতিত নেতাৰ দল পৰিৱর্তনক বৰঞ্চ এক অৱধাৰিত প্রক্রিয়া বুলিয়ে ক’ব পাৰি। বহু বাঘা বাঘা নেতাই ক্ষমতাৰ লালসা পূৰণৰ উদ্দেশ্যে নিশাটোৰ ভিতৰতে কান্ধুলি লুটি মাৰি আহিছে। শেহতীয়াভাবে অৱশ্যে বিভিন্ন দুর্নীতিত জড়িত একাংশ নেতাই ইডি-চিবিআই আৰু আয়কৰ বিভাগৰ দৰে কেন্দ্ৰীয় সংস্থাৰ জালত পৰাৰ আশংকাতো শাসক দলত যোগদান কৰিবলৈ বাধ্য হৈছে।

এনে দল বাগৰা নেতাসকলে নিজৰ পদক্ষেপৰ সম্পৰ্কত যি ধৰণৰ যুক্তি দাঙি ধৰে সেয়া তেনেই হাস্যকৰ। দিনচেৰেক আগলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এচলু চৰণামৃত লাভ কৰিবলৈ উদ্‌দ্বাউল হৈ থকা আৰু সেয়া লাভ কৰিলে জীৱন ধন্য হোৱা বুলি ঘোষণা কৰা নেতাসকলৰ যেন দল সলনিৰ লগে লগে প্রজ্ঞা প্রাপ্তি ঘটে। সেই মুহূর্তৰ পৰাই তেওঁলোক ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ নীতি-আদৰ্শৰ এনে কঠোৰ সমালোচক হৈ উঠে যে প্রকৃত কংগ্ৰেছ বিৰোধী সকলো লজ্জিত হ’বলগীয়া হয়।

ইংৰাজীৰ বহু চৰ্চিত বাক্যশাৰী (More loyal than the King)ৰ প্ৰতিফলন ঘটাই চাটুকাৰিতাৰ চূড়ান্ত নিদর্শন দাঙি ধৰি এইসকল গৌৰৱান্বিত হয়। শেহতীয়াভাবে এনে এগৰাকী কংগ্রেছ নেত্ৰীয়ে দলৰ কাৰ্যালয়ত তেওঁ পৰিধান কৰা ব্লাউজক লৈ চর্চা চলা বুলি উল্লেখ কৰিছে। লগতে দলত নাৰীৰ মৰ্যাদা নাই বুলি আক্ষেপ প্রকাশ কৰিছে।

এনেবোৰ কাৰণতে আনকি তেওঁ কংগ্রেছ ত্যাগ কৰি শাসক দলত যোগদান কৰাৰ বিষয়েও সদৰী কৰিছে। এই কথা কংগ্রেছী ৰাজনীতিৰ স’তে জড়িতসকলৰ জ্ঞাত যে আন যোগ্য প্রার্থী থকাৰ পাছতো এই নেত্ৰীগৰাকীয়ে তেওঁৰ প্ৰয়াত শহুৰৰ উত্তৰাধিকাৰী সূত্রেই নির্বাচনত প্রার্থিত্ব লাভ কৰিবলৈ সক্ষম হৈছিল।

তেনেদৰেই প্ৰথমবাৰ বিধানসভালৈ নিৰ্বাচিত হৈ অহাৰ পাছত মন্ত্রিত্বও লাভ কৰিছিল একমাত্র তদানীন্তন মুখ্যমন্ত্ৰীগৰাকীৰ বদান্যতাৰ হেতুকে এগৰাকী মন্ত্ৰীৰূপে কার্যনির্বাহ কৰাৰ পাছতো পৰৱৰ্তী দুটাকৈ বিধানসভা নির্বাচনত তেওঁ পৰাজিত হ’বলগীয়া হয়। নিজৰ আসনখন ধৰি ৰাখিব নোৱাৰি নেত্ৰীগৰাকীয়ে শাসক দলত যোগদান কৰিবলৈ যোগাযোগ চলাই থকাৰ বিষয়ে বিগত সময়ছোৱাত সময়ে সময়ে সংবাদ মাধ্যমত প্রকাশ পাই আহিছে; কিন্তু তেওঁক পৰাজিত কৰা শাসক দলৰ বিধায়কজন শক্তিশালী হোৱা হেতুকে সেয়া সম্ভৱ হৈ উঠা নাছিল। অৱশেষত যেনিবা পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশৰ সুযোগ লৈ তেওঁ বিজেপিত যোগদানৰ সুযোগ লাভ কৰিলে।

তেওঁ কিমানবাৰ আৰু কোন দল সলনি কৰিব, সেয়া নিশ্চিতভাবে তেওঁৰ সিদ্ধান্ত আৰু অধিকাৰৰ বিষয়। ইয়াক সমালোচনাৰ প্রশ্ন নুঠে। প্রশ্নটো হৈছে, এইসকল নেতা-নেত্ৰীৰ সুবিধাবাদী চৰিত্ৰক লৈহে। ৰাজ্যত ১৫ বছৰীয়া শাসন কালত কংগ্ৰেছতো এনেদৰে দলে দলে অন্যান্য ৰাজনৈতিক দলৰ নেতা-নেত্রীয়ে যোগদান কৰিছিল। আনকি বিজেপিৰ চাৰিজনকৈ বিধায়কে মুকলিকৈ কংগ্রেছৰ হাতত বিক্রী যোৱাটো অসমবাসীয়ে প্ৰত্যক্ষ কৰিছিল। ভাৰতত শাসক দললৈ এনে প্রব্রজন সেয়েহে নতুন কথা নহয় আৰু ইয়াক লৈ বিশেষ আহ্লাদিত হোৱাৰো কাৰণ নাই।

সম্প্রতি কংগ্ৰেছৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰা মন্ত্রী-বিধায়কে তদানীন্তন মুখ্যমন্ত্ৰীৰ শোৱনী কোঠাত বিছনা পাৰি দিয়াৰ কথা দিছপুৰত সকলোৰে জ্ঞাত আছিল। গতিকে সেইসকলে এতিয়া বৰকৈ নীতি-আদর্শ, সততা-নিষ্ঠা, সন্মান-মর্যাদা আদিৰ কথা ক’লে ৰাইজে বিশ্বাস কৰিব বুলি আশা নকৰাই ভাল। তেওঁলোকৰ এনে কথা-বতৰাই কেৱল পৰিৱেশ প্ৰদূষিত কৰাৰ বাহিৰে ৰাজ্যবাসীৰ আন কোনো উদ্দেশ্য সাধন কৰিব নোৱাৰে।

অৱশ্যে শীর্ষস্থানীয় নেতাসকলকে পৰৱৰ্তী পর্যায়ৰ ৰাজনীতিকেও অনুসৰণ কৰে। গতিকে আজিৰ অসমত এনে ধৰণৰ আচৰণ অভাৱনীয় নহয়; কিন্তু চৰকাৰ তথা শাসক দলক নেতৃত্ব প্রদানকাৰীসকলে যিহেতু সাধাৰণ ৰাইজকো প্রভাৱিত কৰে, সেয়েহে তেওঁলোকৰ আচৰণ যে মার্জিত হোৱাটো বাঞ্ছনীয়, তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

পৰিতাপৰ বিষয় এয়ে যে অসমত কেবল ৰাজনৈতিক নেতাই নহয়, সমাজক নেতৃত্ব প্রদান কৰা বুলি ভবা একাংশ বিশিষ্ট ব্যক্তিৰ আচৰণো দুর্ভাগ্যজনক। ‘শ্রীমন্ত শংকৰদেৱ আৰু শ্রীমাধৱদেৱ গুৰু দুজনাৰ পাছত অসমৰ আটাইতকৈ প্রভাৱশালী ব্যক্তি কোন’ শীর্ষক ‘দৈনিক অগ্রদূত’ৰ খোলামঞ্চ শিতানত ৰাজ্যৰ বিভিন্ন প্রাক্তৰ বিভিন্ন ক্ষেত্ৰৰ লোকৰ মতামত প্রকাশ পাইছিল।

তাত গুৰু দুজনাৰ পাছতে স্থান লাভ কৰিছিল সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই। তেওঁৰ পাছত ক্রমে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, কলাগুক বিষ্ণু প্রসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাক স্থান দিয়া হৈছিল। এজনে অৱশ্যে দামোদৰদেৱৰ নাম উল্লেখ কৰিছে। ইয়ে স্পষ্ট কৰি দিয়ে যে অসম আৰু অসমৰ সমাজত ড ভূপেন হাজৰিকাৰ প্রভাৱ অপৰিসীম।

সেইবাবেই তেওঁৰ শৱ যাত্রাত সমগ্র বিশ্বতে অভিলেখ সংখ্যক লোকে অংশগ্রহণ কৰিছিল; কিন্তু সেইগৰাকী ভূপেন হাজৰিকাই কেন্দ্রীয় চৰকাৰৰ দাদাচাহেব ফাল্কে বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পাছত কটু সমালোচনাৰ বলি হ’বলগীয়া হৈছিল। ড’ হীৰেন গোহাঁয়ে সেই সময়ত সমগ্র অসমবাসীক আশ্চর্যান্বিত কৰি ‘ৰাণ্ডিচাহেব চামচা বঁটা’ লাভ কৰা বুলি ড’ হাজৰিকাৰ বিৰুদ্ধে সৰৱ হৈছিল।

ড° হাজৰিকা দাদচাহেব ফাল্কে বঁটাৰ বাবে উপযুক্ত নহয় অথবা তেওঁ সেই বঁটা লাভ কৰিব নালাগে বুলি অসম বাদেই, দেশতে কোনেও নাভাবে। বৰঞ্চ তেওঁ তাতকৈ বহু আগতেই সেই বঁটা লাভ কৰিব লাগিছিল বুলিহে চর্চিত হৈছিল। পৰৱর্তী সময়ত কেন্দ্রীয় চৰকাৰে তেওঁক মৰণোত্তৰভাবে দেশৰ সর্বোচ্চ অসামৰিক সম্মান ‘ভাৰত ৰত্ন’ৰেও বিভূষিত কৰিছে।

আনকি বব ডিলানে গীতি সাহিত্যৰ বাবে প্রথমবাৰলৈ সাহিতাৰ ন’বেল বঁটা লাভ কৰাৰ পাছত এই কথাও চর্চালৈ আহিছিল যে ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ অনুবাদ কৰি উপযুক্ত সমল দাঙি ধৰাহেঁতেন তেৱো ন’বেল বঁটা লাভ কৰাৰ সুযোগ আছিল।

বব ডিলান আৰু ড” হাজৰিকাৰ ৰচিত গীতৰ তুলনামূলক অধ্যয়ন কৰিলে এই কথা নিশ্চয় প্রতীয়মান হয়। তেনে এগৰাকী বিৰল প্রতিভাধৰ সত্তাক নিকৃষ্ট ভাষাৰে কটাক্ষ কৰাৰ আঁৰত ব্যক্তিগত আক্রোশ পুৰণৰ অপচেষ্টা লুকাই থকা যেনহে অনুভব হয়।

পণ্ডিতৰ কলমতে যদি এনে ভাষা, তেন্তে তেনে সমাজৰ ৰাজনীতিকৰ মুখত অমৃতবাণী আশা কৰা যায় কেনেকৈ। এইখিনিতে আন এটি ঘটনা মনলৈ আহিছে। এগৰাকী বিশিষ্ট গল্পকাৰে তেওঁৰ এটি গল্পত নায়কে পিতৃৰ বিয়োগৰ সময়তো শাৰীৰিক কছৰৎ অব্যাহত ৰখা ধৰণৰ কেইটামান বাক্য উল্লেখ কৰিছিল। নিতান্তই সেয়া আছিল কাহিনীৰ তাগিদাত; কিন্তু এই কথা তেওঁৰ উদ্দেশ্যে লিখা বুলি ধৰি লৈ ড: গোহাঁঞে গল্পকাৰক ‘মাখি’ বুলি কটাক্ষ কৰিছিল। এই ঘটনাই আনৰ মতৰ প্ৰতি সহিষ্ণুতাৰ অভাৱকে নুসুচাইনে?

এয়া এক সামান্য উদাহৰণহে। এনে বহু ঘটনাৰ বহু লোক সাক্ষী। ড’ ভূপেন হাজৰিকাক বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন বিষয় লৈ সমালোচনা কৰি আহিছে। ৰাজহুৱা জীৱনত থকা যিকোনো ব্যক্তি সমালোচনাৰ সন্মুখীন হোৱাটো অস্বাভাৱিক নহয়, কিন্তু সমালোচনাৰ নামত শালীনতা অথবা ব্যক্তিব মর্যাদা চেৰাই যোৱাটো কোনোপধ্যে গ্রহণযোগ্য হ’ব নোৱাৰে।

এচাম স্বার্থান্বেষী সাংবাদিক আৰু তথাকথিত বুদ্ধিজীৱীৰ দ্বাৰা অসমৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তিসকলক কি নিকৃষ্ট তথা অশালীন ভাষাবে অহৰহ আক্রমণ কৰা হৈছিল, সেই কথা বহুতেই নিশ্চয় আজিও পাহৰি যোৱা নাই। অসমীয়া কথা সাহিত্যৰ মালিকস্বৰূপ চৈয়দ আব্দুল মালিকক ‘নাহৰণিৰ গুণ্ডা’, লক্ষ্যধৰ চৌধুৰীক ‘লক্ষ্যভ্রষ্ট চৌধুৰী’, অভিজ্ঞ প্রশাসনিক বিষয়া যতীন হাজৰিকাক ‘ফেকুৰা হাজৰিকা’ আদি অভিধাৰে অপমানিত কৰা হৈছিল। ড° ভূপেন হাজৰিকাকে ধৰি আন বহুতক বিভিন্ন ধৰণে কটাক্ষ কৰা হৈছিল।

ৰাজ্যত অনিয়ন্ত্রিত ৰূপ ধাৰণ কৰা বিচ্ছিন্নতাবাদী কার্যকলাপৰ বিৰোধ কৰা হেতুকেই সেইসকলক কংগ্ৰেছ চৰকাৰৰ ঘনিষ্ঠৰূপে প্রতিষ্ঠাৰ অপচেষ্টা চলোৱা হৈছিল। আলফাৰ সমৰ্থকৰূপে পৰিচিত মহলৰ দ্বাৰাই এনে কুৎসিত অধ্যায়ৰ পাতনি মেলা হৈছিল। ৰাজ্যৰ হেজাৰ হেজাৰ তেজাল যুৱকৰ অকাল মৃত্যু মাতি অনা এনে হিংসাত্মক কাৰ্যৰ বিৰোধ কৰা সকলক তানখায়া (বর্জন) কৰিবলৈ মুকলি আহ্বান জনোৱা হৈছিল।

পৰৱর্তী পর্যায়ত সেই ন্যস্ত স্বার্থজড়িত মহলৰ একাংশই নির্লজ্জভাবে কংগ্রেছৰ পদলেহনকাৰীত পৰিণত হোৱাৰ উপৰি এআইইউডিএফৰ সমর্থন ল’বলৈও কুণ্ঠাবোধ নকৰি ৰাষ্ট্রৰ ক্ষমতাৰ শীৰ্ষ মঞ্চ সংসদৰ সদস্য পদ, কোটিটকীয়া ঠিকা-ঠুকলিকে ধৰি বিভিন্ন সা-সুবিধা আদায় কৰাটো অসমৰ ৰাইজৰ দৃষ্টিৰ পৰা আঁতৰি থকা নাই।

এনে পৰিপ্ৰেক্ষিতত ড’ হীৰেন গোহাঁইৰ বিগত কালছোৱাৰ কার্যকলাপ আৰু ভূমিকাৰ নির্মোহ মূল্যায়ন কৰি মুখ্যমন্ত্রীয়ে তেওঁক সমালোচনা কৰিলে তাত আচৰিত হ’বলগীয়া একো নাই। ইতিমধ্যে মুখ্যমন্ত্রীয়ে ড: গোহাঁইৰ কেতবোৰ পদক্ষেপৰ বিষয়ে উল্লেখ কৰি সেইবোৰক অন্তঃসাৰশূন্য আৰু স্বার্থজড়িত বুলি ৰাইজৰ সন্মুখত স্পষ্টভাৱে দাঙি ধৰিছে।

নীতি-আদর্শৰ আঁৰ লৈ কোনে কিদৰে সমাজক বিপক্ষে পৰিচালিত কৰিছে তাৰ বিশ্লেষণ হোৱা উচিত। অৱশ্যে এই ক্ষেত্রত ভাষাৰ শালীনতা অটুট ৰখাটো নিতান্তই বাঞ্ছনীয়। লক্ষ্যণীয়ভাবে তেনেবোৰ অভিযোগৰ ড’ গোহাঁয়ে প্রত্যুত্তৰ দিয়া পৰিলক্ষিত নহ’ল। দৰাচলতে অসমত এচাম লোকে ভ্রান্ত ধাৰণা লৈ ফুৰে যে পৃথিৱীখন তেওঁলোকক লৈয়ে ঘূৰি আছে।

সেইবাবেই বিগত অসম আন্দোলনৰ সময়ত চিআইএৰ জেট বিমান নিজৰ ঘৰৰ ওপৰত উৰি চোৰাংচোৱাগিৰি কৰে বুলি ক’বলৈ সেইসকলে দ্বিধাবোধ নকৰে। ব্যক্তিগত পর্যায়তে তেনেবো কথা-কাণ্ড আবদ্ধ থাকিলে তাক লৈ আপত্তি কৰিবলগীয়া একো নাথাকে, কিন্তু নিজৰ প্রভাৱ যহাবলৈ তেনেবোৰ অবাস্তৱ প্রসংগ ৰাজহুৱা মঞ্চলৈ টানি আনি অযথা পৰিবেশ বিনষ্ট কৰাৰ বাহিৰে আন একো উদ্দেশ্য পূৰণ কৰাটো যে সম্ভৱ নহয়, সেয়া ইমানদিনে স্পষ্ট হৈছে।

জ্যেষ্ঠসকলৰ এনেবোৰ কথা-কাণ্ডই আমাৰ সমাজৰ মূল্যবোধৰ দ্রুত অৱনতি ঘটাইছে আৰু নতুন প্রজন্মক বিপথগামী কৰিছে।

ফোন: ৯৪৩৫০১০৯৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArticlesBad wordCm Himanta Biswa SarmaDr.Hiren GohainDuplicate MalLeader's BlousePranjalsen DekaRandisaheb
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d