Velentain Day:আজি ভেলেন্টাইন ডে !

#অনিতা গোস্বামী

velentain day
Velentain Day:আজি ভেলেন্টাইন ডে !
#অনিতা গোস্বামী

আজি ১৪ ফেব্রুৱাৰী। ভেলেন্টাইন ডে। ভালপোৱাৰ দিন। চেন্ট ভেলেন্টাইন নামেৰে ভেলেন্টাইন ডেৰ নামাকৰণ। এই ক্ষেত্রত দুজন। ভেলেন্টাইনৰ নাম পোৱা যায়। (১) ভেলেন্টাইন অৱ ৰোম আৰু (২) ভেলেন্টাইন অব টর্নি। ভেলেন্টাইন অৱ ৰোং আছিল এজন ৰোম ধর্মযাজক। ২৬৯ খ্রীষ্টাব্দত তেওঁ ছহিদ হয়। ভায়া ফ্লোমিনিয়াত তেওঁক সমাধিস্থ কৰা হয়। ভেলেন্টাইন অৱ টর্নি ১৯৭ খ্রীষ্টাব্দত নাগাদ টার্নিৰ যাজক আছিল। তেওঁৰো মৃত্যুদণ্ড হৈছিল; কিন্তু ইতিহাসে কয় ৰোম আৰু আফ্রিকাৰ প্রাচীন পুথিত ভেলেন্টাইন নামৰ একাধিক ব্যক্তিৰ উল্লেখ পোৱা যায়।

হোমনেট অনেফিয়াৰ মুখতো ভেলেন্টাইন শব্দটো শুনা যায়। ভেলেন্টাইন ডে’ত উপহাৰ আদান-প্রদানৰ প্ৰথম আৰম্ভ হয় ইউৰোপত। আকৌ বিংশ শতিকাৰ আৰম্ভণিতে আৰম্ভ হয় কার্ড দিয়া আদান-প্রদানৰ প্ৰথা। ছৌদি আৰৱ, পাকিস্তান, ইৰানৰ দৰে ইছলামিক দেশত বিভিন্ন সময়ত ভেলেন্টাইন ডে’ৰ প্ৰতিবাদত জাগ্রত হৈ উঠিছিল বিভিন্ন ইছলামিক সংগঠন আৰু ৰাজনৈতিক দল। কেৱল সিমানেই নহয়, বাধা দিয়া হৈছিল বিভিন্ন উপহাৰ সামগ্রী প্রদানতো।

বিগত শতিকাৰ ন দশকৰ আৰম্ভণিৰ পৰা ভৰতবৰ্ষত ভেলেন্টাইন ডে’ টিভি ধাৰাবাহিকৰ জৰিয়তে জনপ্রিয় হ’বলৈ ধৰে। অৱশ্যে সকলো দেশতে একে সময়তে ভেলেন্টাইন ডে’ উদযাপন নহয়। ব্রাজিলৰ নাভার্চ ডে’ জুনত, ৰোমানিয়াত ভেলেন্টাইন ডে’ৰ ১৪ ফেব্রুৱাৰীত।

কোৰিয়াত ভেলেন্টাইন ডে’ কথাটো বেছ অভিনৱ। তাত ১৪ ফেব্ৰুৱাৰীত ছোৱালীবোৰে ল’বাক চকলেট উপহাৰ দিয়ে। ১৪ মার্চ অর্থাৎ সেই দেশৰ হোৱাইট ডে’ত ল’ৰাবোৰে ছোৱালীক দ্যোতি (চকলেটৰ বাহিৰেও) উপহাৰ দিয়ে। ইয়াৰ ১৪ এপ্রিল ব্রেক ডে’। বিসকলে বিগত এই দুদিনত এটাও চকুলেট খোৱা নাই, তেওঁলোকে ৰেস্তোৰাঁলৈ গৈ ব্লেক নুডলছ খাই একাকিত্বৰ কাৰণে দুখ প্রকাশ কৰে।

#ভেলেন্টাইন ডে’ সম্পর্কে জানিবলগীয়া:

(১) প্রথম ভেলেন্টাইন ডে’ আৰম্ভ কৰে ৪৯৬ খ্রীষ্টাব্দত পোপ গেনাচিয়াচে।

(২) আমেৰিকাৰ হনমার্ক কোম্পানীয়ে সর্বাধিক ভেলেন্টাইন কার্ড বিক্ৰী কৰে।

(৩) প্রতি বছৰতে ভেলেন্টাইন ডে’ত এক বিনিময় ভেলেন্টাইন কার্ড পঠোৱা হয়।

(৪) আমেৰিকাৰ শিক্ষকসকলে সর্বাধিক ভেলেন্টাইন কার্ড পায়।

(৫) প্রায় ৮০ শতাংশ মহিলাই ভেলেন্টাইন কার্ড ক্রয় কৰে।

(৬) ভেলেন্টাইন ডে’ত অলংকাৰে দিয়া প্রথম আৰম্ভ কৰে এটি হীৰা কোম্পানীয়ে।

(৭) জাপানত ১৯৩৬ৰ পৰা ভেলেন্টাইন ডে’ত ছুটী দিয়া হয়।

(৮) ষ্ট্ৰ’বেৰী ফ’নটো ‘নাভ আপেল’ নামেৰে পৰিচিত।

(৯) জাপানত ভেলেন্টাইন চকলেটৰ এটা বিশেষ নাম আছে। নামটো হ’ল গিৰি চকো।

(১০) ডোনাৰেল ৰোমান কেলেণ্ডাৰ অৱ চেন্টচৰ ১৯৬৯ ত পোপ ষষ্ঠ পলে ভেলেন্টাইন ডে’ মচি পেলায়।

(১১) ফিনলেগুত আকৌ ভেলেন্টাইন ডে’ ‘ফ্রেন্ডছ ডে’ নামেৰেহে পৰিচিত।

(১২) সমগ্র বিশ্বত প্রতি বছৰে ভেলেন্টাইন ডে’ত এক বিলিয়ন ভেলেন্টাইন কার্ড বিক্রী হয়।

(১৩) ‘ভেলেন্টাইন’ শব্দৰ অর্থ হ’ল প্রিয়তম।

(১৪) ইংৰাজী সাহিত্যত ভেলেন্টাইন ডে’ কথাটো ১৩৮২ ত ইংলণ্ডত সর্বপ্রথম পোৱা যায়।

(১৫) বর্তমানলৈকে ভেলেন্টাইন ডে’ৰ প্রাচীনতম নিদর্শন হ’ল, পঞ্চদশ শতকৰ কোনো এক সময়ত চার্লছ ডিউক অৱ অবনিয়েমে তেওঁৰ পত্নীলে লিখা চিঠি ৷

(ফোন-৯৮৬৪২-৯৫০২৪)

Exit mobile version