Cotton Production is Declining Rapidly:মৰাপাট খেতিলৈ ভাবুকি, দ্রুত হাৰত কমিছে উৎপাদন

জলা-কলা খুৱাইছে ব্ৰহ্মপুত্ৰই, নহা হৈছে বাহিৰৰ বেপাৰী

jute cultivation

Jute Production is Declining Rapidly:

বৰপেটাৰ মৰাপাট খেতিলৈ নামি আহিছে চৰম ভাবুকি। ধুবুৰী আৰু নগাঁৱৰ পাছতে বৰপেটা, গোৱালপাৰা আৰু দবং জিলাকে ধৰি আন কেইখনমান জিলাই মৰাপাট উৎপাদনৰে দেশব সর্বমুঠ মৰাপাট উৎপাদনত দ্বিতীয় স্থান লাভ কৰি আহিছিল৷

কেৱলমাত্র অসমেই ২০১৯-২০ বর্ষ পর্যন্ত দেশব সর্বমুঠ মৰাপাট উৎপাদনৰ ক্ষেত্ৰখনত ১.৬ মিলিয়ন বেইল (১ বেইল- ১৮০ কিঃ গ্রাঃ) উৎপাদন কৰি আহিছে। লক্ষ্যণীয়ভাবে বাজ্যৰ এনে সফল উৎপাদনত ধুবুৰী আৰু নগাঁৱৰ পাছতে স্থান লাভ কৰি আহিছিল বৰপেটা জিলাই।

অসম কৃষি বিভাগৰ এক সূত্রই সদবী কৰা মতে, ২০১৫-১৬ চন পর্যন্ত জিলাখনে ৰাজ্যৰ তৃতীয় স্থানত মৰাপাট উৎপাদন কৰি ৰাজ্যৰ কৃষি অর্থনীতিত এক বিশেষ ভূমিকা গ্রহণ কৰি আহিছিল। সূত্রটোত প্রকাশ মতে, ২০১৫-১৬ত বৰপেটাত মৰাপাটৰ উৎপাদন হয় ৬১৬৯ হেক্টৰ কৃষিভূমিৰ বিপৰীতে ৬৭,৪৭৮ বেইল। তদুপৰি ইয়াৰ পৰা মৰাপাট তেল উৎপাদন হৈছিল প্রতি হেক্টৰ কৃষিভূমি বিপৰীতে ১৯৬৯ কিঃ গ্রাঃ; কিন্তু লক্ষ্যণীয়ভাবে বিগত ছয়-সাত বছৰব পৰা দ্রুত হাৰত হ্রাস হৈছে বৰপেটাৰ মৰাপাট উৎপাদন।

ইয়াৰ লগে লগে ৰাজ্যৰ কৃষি অর্থনীতিতো অবিলম্বে চৰম আঘাত পৰাৰ আশংকাই দেখা দিছে। ইতিমধ্যে এনে আশংকাৰ সম্মুখীন হ’ব লগা হৈছে মৰাপাটক মূল কেন্দ্র কৰি গঢ় লৈ উঠা অসমৰ দ্বিতীয়খন, সর্ববৃহৎ বজাৰ বহৰি। উল্লেখ্য যে ধুবুৰীৰ গৌৰীপুৰ বজাৰৰ পাছতে মৰাপাট বেচা-কিনাৰ ক্ষেত্রত বিশেষ স্থান দখল কৰি আহিছে বৰপেটা জিলাৰ বহৰি হাটে।

ব্রহ্মহ্ত্রৰ পাৰৰ এই সাপ্তাহিক বজাৰখনত অন্যান্য কৃষিজাত সামগ্ৰীৰ লগতে বছৰি ৬০-৭০ হেজাৰ বেইল পর্যন্ত মৰাপাট বেচা-কিনা হৈছিল; কিন্তু পূর্বৰ এনে বৃহৎ পৰিমাণৰ উৎপাদনৰ বিপৰীতে শেহতীয়া উৎপাদন হৈছে ৩০-৪০ বেইল।

এই কথা প্রকাশ কৰিছে এজন মৰাপাট পাইকাৰী ব্যৱসায়ী বিল্লাল হুছেইনে। তেওঁ কয়, ‘দ্য আছাম কো- অপাৰেটিভ জুট মিল, আটলান্টা মডুলাৰ জুট মিল, ব্রহ্মপুত্র জুট মিল, জুট কর্পোবেছন অব ইণ্ডিয়া আদিকে ধৰি অসমৰ যি ১০-১২টা মৰাপাট উদ্যোগ আছে ইয়াৰ চাহিদা অসমতে উৎপাদিত মৰাপাটে পূৰণ কৰি আহিছে। তাৰ ভিতৰত বহৰি হাটৰ মৰাপাটে অধিক প্রয়োজন পূর্ণ কৰি আহিছিল। ইয়াৰ উপৰি পশ্চিমবংগ আৰু বাংলাদেশৰ বেপাৰী আহি প্রত্যক্ষভাৱে ইয়াত মৰাপাট ক্ৰয় কৰিছিল; কিন্তু পাঁচ-ছয় বছৰমান পূৰ্বে চৰকাৰে বিদেশী বেপাৰীৰ প্ৰৱেশ নিষিদ্ধ কৰে।

তদুপৰি ব্ৰহ্মপুত্ৰৰে যাতায়াত বিপদসংকুল হৈ পৰাত পশ্চিমবংগৰো ব্যৱসায়ীসকল কাচিৎহে অহা হ’ল। গতিকে সর্বমুঠ লগ লাগি বৰপেটাৰ পূৰ্বৰ মৰাপাটব বজাৰখনৰ অৱস্থা বেয়াৰ ফালে গতি কৰিছে।’ ইপিনে, প্রতি বছৰে বাঢ়ি থকা পানীৰ প্রকোপে বৰপেটাৰ মৰাপাট খেতিলৈ ভাবুকি কঢ়িয়াই অনাৰ কথা প্রকাশ কৰিছে ইয়াৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বালাপাৰা গাঁৱৰ মৰাপাট খেতিয়ক আব্দুৰ ৰহমানে।

খেতিয়কজনে কয়, ‘মৰাপাটসমূহ সাৰ-নিৰণি আদি মাৰি বহু কষ্ট কৰাৰ পাছত যেতিয়া ই লহপহীয়া হৈ উঠে, আৰম্ভ হৈ যায় পানীৰ অত্যাচাৰ। পানী এই শুকায়, এই বাঢ়ে। তাৰ মাজতে মৰাপাটবোৰো কিবাকৈ হ’লেও বাঢ়িব ধৰে; কিন্তু গা-গছ বাঢ়িব ধৰা সময়খিনিতে পানীৰ প্রকোপ বাঢ়ি নষ্ট হৈ যায়। মই এইবাৰ ১৫- ২০ হেজাৰ টকা লোকচান ভৰিলো। খেতিৰ খৰচেই নুঠিল। ইয়াৰ পাছত অহাবাৰ পুনৰ খেতি কৰিবলৈ মোৰ সামর্থ্য ক’ত? এই অৱস্থা সকলোৰে হৈছে। আমাকতো চৰকাৰে খেতি-বাতিত সহায় নকৰে। কেৱল সময়ত ভাল খেতি এডৰা চাই ফটো তুলি নিয়ে চৰকাৰী বিষয়াসকলে, তাৰ পাছত কি কৰে সেয়া আমাৰ জনাৰ উপায় নাথাকে।

গতিকে বছৰ বছৰ লোকচান ভৰি প্রায় সংখ্যক খেতিয়কে এতিয়া মৰাপাট খেতি কৰিবলৈ বাদ দিছে।’ আন এজন ভৰালী উপাধিৰ দক্ৰেশ্বৰ গাঁৱৰ সাধাৰণ খেতিয়কেও অনুৰূপ বক্তব্য প্রকাশ কৰে। তেৱোঁ কয় ‘এতিয়া বাহিৰৰ বেপাৰী কমকৈ অহা হ’ল। ব্রহ্মপুত্রখন ভয় লগা হ’ল। দুর্ঘটনা হোৱাৰ ভয় বাঢ়িল। অৱশ্যে মোৰ যিখিনি মৰাপাট বিক্ৰী কৰিলো দামৰ ফালৰ পৰা ঠিকেই আছে। মই প্রতি মোন (৪০ কিঃ গ্রাঃ) মৰাপাট ২০০০-২১০০ কৈ বিক্রী কৰিছো; কিন্তু পানীৰ অত্যাচাৰত আমি এতিয়া খেতি কৰিব নোৱৰা হলো। আৰু কেইবছৰমান পাছত শেষেই হ’ব আমাৰ ইয়াত খেতি- খোলা। নদীও আহি মথাউৰিৰ কাষ পাইছেই।’

আনহাতে চৰকাৰে মনোযোগ দিলে অসমৰ কৃষি অর্থনীতিক টনকিয়াল কৰি ৰখা বৰপেটাৰ মৰাপাট খেতি উদ্ধাৰ কৰিব পাৰে। এই দাবী বৰপেটাৰ ৰাইজৰ। বৰপেটাৰ একাংশ কৃষকে এই সম্ভাৱনা প্রকাশ কৰাৰ লগতে বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক মনজিৎ ওজায়ো জিলাখনৰ অন্যতম কৃষি অর্থনীতিৰ উৎস মৰাপাট খেতি সুৰক্ষিত কৰাৰ দাবী জনাইছে।

কৃষক নেতাজনে, ‘যোৱা কেইটামান বছৰৰ পৰা বাঢ়ি অহা পানীৰ প্রকোপে জিলাখনৰ মৰাপাট কৃষকসকলক বেয়াকৈ প্ৰভাৱিত কৰিছে। এই খেতি সম্পূর্ণ ধ্বংস হৈ গ’লে কেৱল বৰপেটাই নহয়, ৰাজ্যৰ কৃষি অর্থনীতিতে চৰম আঘাত পৰিব। গতিকে চৰকাৰে এইক্ষেত্ৰত অতি ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্রহণ কৰিব লাগে।’

Exit mobile version