Doctor At Delhi Hospital Recover39 Coins,37 Magnets From Patients Intestings:
চিকিৎসাৰ বাবে কাষ চাপিল চিকিৎসক ৷ যুৱকজনৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত হতভম্ব হৈ পৰিল চিকিৎসক ৷ কিয়নো যুৱকজনৰ পেটত আছে ধাতৱ জাতীয় বহু সামগ্ৰী ৷
পিছত অস্ত্ৰোপচাৰ কৰি যুৱকজনৰ পেটৰ পৰা ৩৯ টা মুদ্ৰা উলিয়াবলৈ সক্ষম হয় চিকিৎসকে ৷ একেদৰে যুৱকজনৰ পৰা আৰু ওলাল বিভিন্ন আকৃতিৰ প্ৰায় ৩৭টা চুম্বক ৷
এই আচম্বিত ঘটনা সংঘটিত হয় দিল্লীত ৷ উল্লেখ্য যে,পেটৰ তীব্ৰ বিষ আৰু অত্যাধিক বমি হোৱাৰ বাবে এজন যুৱকক তে পৰিয়ালৰ লোকে শ্ৰীগংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰে ৷বিগত ২০টা দিন ধৰি পেটৰ বিষৰ বাবে সাময়িকভাবে খাদ্যৰ খোৱাৰ বন্ধ কৰি দিছিল ৷ আনকি পেটৰ বিষৰ লগতে বমি হৈছিল ৷
আনহাতে চিকিৎসকৰ ওচৰত চিকিৎসাৰ বাবে নিওঁতে চিকিৎসকক পৰিয়ালৰ লোকে অৱগত কৰে যে কেই সপ্তাহ মানৱ পৰা যুৱকজনে সংগোপনে মুদ্ৰা আৰু চুম্বক জাতীয় ধাতৱ লো ভক্ষণ কৰিছিল ৷
ইয়াৰ পাছতে সংশ্লিষ্ট চিকিৎসকে যুৱজনৰ পেটৰ চিটি স্কেন কৰি নিশ্চিত হয় যে পেটত মুদ্ৰা আৰু চুম্বকৰ উপস্থিতি থকাৰ কথা ৷
ইয়াৰ পাছতে চিকিৎসকে ততাতৈয়াকৈ যুৱকজনৰ পেটৰ অস্ত্ৰোপচাৰ কৰি পেটৰ পৰা উদ্ধাৰ কৰে এটকীয়া,দুটকীয়া আৰু পাঁচটকীয়া অসংখ্য মুদ্ৰা ৷ ইয়াৰোপৰি উদ্ধাৰ কৰে বিভিন্ন আকৃতিৰ চুম্বক ।
আনহাতে অস্ত্ৰোপচাৰৰ পাছত ক্ৰমাৎ সুস্থ হৈ উঠা যুৱকজনক চিকিৎসকে উল্লিখিত মুদ্ৰা আৰু চুম্বক কিয় খাইছিল বুলি সোধাত তেওঁৰ দিয়া উত্তৰ শুনি হতভম্ব হৈ পৰে চিকিৎসক ৷
যুৱকজনৰ মতে,তেওঁ ভক্ষণ কৰা মুদ্ৰা আৰু চুম্বকত যথেষ্ট পৰিমাণৰ জিংক থাকে। এইয়া খালে তেওঁৰ শৰীৰ ফিট আৰু সুঠাম হৈ উঠিব ৷ এই অদ্ভুত যুক্তি শুনি চিকিৎসকে পৰামৰ্শ দিয়ে যে,এইয়া ভ্ৰান্ত ধাৰণা ৷
এই সমূহ খোৱাৰ পাছত তেওঁৰ মাৰাত্মক বিপদৰ সন্মুখীন হ’লহেতেন ৷ কিবা ভাগ্যৰ বলত দৈব্যক্ৰমে ৰক্ষা পৰে ৷
আগন্তুক দিনত এনে মাৰাত্মক কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দি সংশ্লিষ্ট চিকিৎসকে চিকিৎসালয়ৰ পৰি ৰিলিজ দিয়ে ৷