Congress Candidate List On March:আঠ মাৰ্চত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা: লুৰীণক ডিব্রুগড়, চিপিএমক বৰপেটা এৰিব

'কা' বলবৎ নকৰিবলৈ আহ্বান জনাবলৈ প্রধানমন্ত্রী মোদীৰ সাক্ষাৎ বিচাৰিলে বিৰোধী ঐক্যমঞ্চই

bhupenbora

Congress Candidate List On March:

শাসকীয় বিজেপিয়ে তালিকা ঘোষণা কৰাৰ পাছত প্রার্থীসকলে নিজ নিজ সমষ্টিত নির্বাচনী তৎপৰতা আৰম্ভ কৰিছে যদিও এতিয়াও প্রার্থী তালিকা চূড়ান্ত কৰিব পৰা নাই প্রধান বিৰোধী দল কংগ্রেছে। প্রার্থী তালিকাক লৈ অব্যাহত থকা উৎকণ্ঠাৰ সময়তে প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সদৰী কৰে যে অহা আঠ মার্চত ঘোষণা হ’ব পাৰে অসমৰ ১৪ টা সমষ্টিৰ বাবে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তালিকা।

বৰাই কয় যে সাত মাৰ্চত নতুন দিল্লীত কংগ্ৰেছৰ কেন্দ্রীয় নির্বাচনী সমিতিৰ এখন বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকতে চূড়ান্ত কৰা হ’ব কেউখন ৰাজ্যৰে প্রার্থী তালিকা। একেলেথাৰীয়ে অনুষ্ঠিত হ’বলগীয়া এই দীঘলীয়া বৈঠকখনত অসমৰ আটাইকেইটা সমষ্টিৰ বাবে প্রার্থী তালিকা চূড়ান্ত কৰা হ’ব।

প্রদেশ কংগ্ৰেছৰ সভাপতিজনে ৰাজ্যখনত বিৰোধী দলসমূহৰ ঐক্যবদ্ধ যুঁজৰ প্ৰসংগত কয় যে তেওঁ নিজেই আম আদমী পার্টিৰ অসম ৰাজ্যিক সমিতিৰ স’তে বুজাবুজিৰ বাবে যথেষ্ট চেষ্টা কৰিছিল। যোৱা নিশাও আনকি আপৰ ৰাজ্যিক সমিতিৰ সভাপতিজনৰ লগত এক আলোচনাত মিলিত হৈ ঐক্যবদ্ধভাবে নির্বাচনত অৱতীৰ্ণ হোৱাৰ আহ্বান জনাই এক সমাধানসূত্ৰৰ প্রস্তাৱ দিছিল; কিন্তু কংগ্রেছৰ এই প্রস্তাব গ্রহণ কৰিবলৈ অপাৰগ বুলি জনায় আপৰ নেতৃত্বই। গতিকে ৰাজ্যিক পৰ্যায়ত আপৰ স’তে মিত্ৰতা নহয় যদিও কেন্দ্রীয় নেতৃত্বই দিল্লীত যদি বুজাপৰাত উপনীত হয়, সেয়া সুকীয়া কথা।

ইফালে, অৱধাৰিতভাৱেই অসম জাতীয় পৰিষদক ডিব্ৰুগড়ৰ আসনখন দিয়াৰ ইংগিত দি বৰাই আজি কয় যে লুৰীণজ্যোতি গগৈয়ে ডিব্ৰুগড়ৰ পৰা প্রার্থিত্ব বিচাৰিছে। আকৌ চিপিআই(এম)-এ বৰপেটা সমষ্টিত প্রার্থিত্ব দিবলৈ ইচ্ছা কৰিছে। আকৌ বিৰোধী ঐক্যমঞ্চৰ আন এটা সহযোগী দল তৃণমূল কংগ্রেছৰ লগত প্রদেশ কংগ্রেছে প্রত্যক্ষভাবে কোনো কথা পতা নাই বুলি স্পষ্ট কৰি দি বৰাই আজি কয় যে তৃণমূল কংগ্রেছে কেন্দ্রীয় নেতৃত্বৰ লগতহে কথা পাতিছে।

গতিকে তৃণমূল কংগ্ৰেছৰ ক্ষেত্ৰত আসনৰ ভাগ-বাটোৱাৰা সম্পৰ্কে প্ৰদেশ কংগ্ৰেছ অৱগত নহয় বুলি তেওঁ জনায়। ‘কা’ৰ বিৰোধিতাৰে প্ৰধানমন্ত্ৰীক সাক্ষাতৰ অনুমতি বিচাৰিলে বিৰোধী ঐক্যমঞ্চই নাগৰিকত্ব সংশোধনী আইন (কা) বলবৎ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তৎপৰতা অব্যাহত ৰখাৰ সময়তে এই আইনখনক কেন্দ্র কৰি অসমত সৃষ্টি হোৱা পৰিস্থিতিৰ  বিষয়ে অৱগত কৰোৱাব লগতে আইনখন অসমত বলবৎ নকৰিবলৈ আহ্বান জনোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাতৰ বাবে অনুমতি বিচাৰিলে কংগ্রেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চই।

প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্রধানমন্ত্রীলৈ ‘কা’ সন্দৰ্ভত আলোচনাৰ বাবে সাক্ষাতৰ অনুমতি বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত বিৰোধী ঐক্যমঞ্চৰ নেতাদ্বয়ে কয় যে ৰাজ্যখনৰ বিভিন্ন দল-সংগঠন আৰু সর্বসাধাৰণ নাগৰিকেও ‘কা’ৰ বিৰোধিতা কৰিছে।

ইয়াৰ পূর্বে ‘কা’ গৃহীত হোৱাৰ বিৰুদ্ধে ২০১৯ৰ ডিচেম্বৰত সৃষ্টি হোৱা পৰিস্থিতিৰ কথাও সোঁৱৰাই দি কয় যে ‘কা’ কার্যকৰী হ’লে অসমত সৃষ্টি হ’ব পৰা অনুৰূপ পৰিস্থিতিৰ সূত্রে আইনখন সন্দর্ভত বিভিন্ন বিষয় প্রধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছে বিৰোধী পক্ষই। প্রধানমন্ত্রীৰ আসন্ন আঠ আৰু ন মাৰ্চৰ অসম ভ্ৰমণৰ সময়তে হ’লেও বিৰোধীক সাক্ষাতৰ অনুমতি দিবলৈ দুয়োজন নেতাই অনুৰোধ জনায় ৷

Exit mobile version