13-Year-Old Saw A Leopard Entering A Room, Quickly Locked It Inside:
ড্ৰয়িংৰূমৰ চোফা এখনত আৰামত বহি ম’বাইলত মনোনিৱেশ কৰি থাকোতেই খোলা দুৱাৰেৰে গুৰু গম্ভীৰ খোজেৰে কোঠাটোলৈ সোমাই আহিল এটা নাহৰফুটুকী ৷
সময় আছিল ৰাতিপুৱা ৭:৩০ বজাত। মহাৰাষ্ট্ৰৰ নাচিকৰ মালেগাওঁত সংঘটিত এই সমগ্ৰ দৃশ্য বন্দী হয় চিচিটিভিত ৷
চিচিটিত বন্দী হোৱা ভিডি’অত দেখা যায় নাহৰফুটুকী এটা কোঠাত সোমাই যায়, সেই সময়ত কোঠাটোৰ মূল দুৱাৰৰ পৰা এফুট দূৰত থকা এটি তেৰবছৰীয়া শিশুৰে মুখামুখি হয় নাহৰফুটুকীটোৰ ৷
কণমানিটোৱে চিঞৰ বা আতংকিত হোৱা নাছিল৷বৰং চোফাৰ পৰা নামি দুৱাৰখন বন্ধ কৰি কোঠাটোৰ পৰা ওলাই আহিল। ইতিমধ্যে এই ঘটনাৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে৷
আনহাতে তেৰবছৰীয়া ল’ৰাজনে নাহৰফুটুকী কোঠাটোত বন্দী হোৱাৰ খৱৰ স্থানীয় লোকক দিয়াত পাছত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বহু চেষ্টাৰ অন্তত পিঞ্জৰাবদ্ধ কৰে নাহৰফুটুকীটোক ৷ তেৰবছৰীয়া ল’ৰাজনৰ এই সাহসীকতাক সকলোৱে একেমুখে প্ৰশংসাৰে উপচাই পেলাই ৷