Fire broke out in a Moving Air-Conditioned bus of ASTC:
সদাব্যস্ত মহানগৰীৰ ৰাজপথত ভয়ংকৰ ঘটনা ৷ আদাবাৰীত মাছখোৱাৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকাৰ পথত আজি এএছটিচিৰ চলন্ত শীত-তাপ নিয়ন্ত্রিত যাত্ৰীবাহী বাছ এখনত অগ্নিকাণ্ড ঘটনা সংঘটিত হয় ৷
ADVERTISEMENT
সেই সময়ত বাছখনত যাত্ৰী আছিল ২০ গৰাকী। জুই আৰু ধোৱাই মুহূৰ্ততে আগুৰি ধৰে বাছ খন ৷ অৱশ্যে কথমপি ৰক্ষা পৰে বাছ খনৰ যাত্ৰীসকল ৷ অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷



































