Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Will the status of classical languages ​​respect Assamese? ধ্রুপদী ভাষাৰ মর্যাদাই অসমীয়াক সন্মান দিবনে?

# প্রাঞ্জলসেন ডেকা

samimsultana by samimsultana
October 7, 2024
in India, Assam, News
Reading Time: 4 mins read
0
Will the status of classical languages ​​respect Assamese? ধ্রুপদী ভাষাৰ মর্যাদাই অসমীয়াক সন্মান দিবনে?
1
SHARES
13
VIEWS
ShareShareShareShare
Will the status of classical languages ​​respect Assamese?
# প্রাঞ্জলসেন ডেকা

অসম যিকোনো বিৰল সম্মানৰ অধিকাৰী হ’লে প্রতিজন অসমীয়া গর্বিত হোৱাৰেই কথা; কিন্তু বিগত কেতবোৰ অবাঞ্ছিত অভিজ্ঞতাই দুর্ভাগ্যজনকভাবে তাতো শংকা-সন্দেহৰেই উদ্রেক ঘটাইছে। ‘পৃথিৱী কঁপাই’ ছাত্ৰৰ নেতৃত্বত ছবছৰীয়া বিদেশী বহিষ্কাৰ আন্দোলনৰ সমাপ্তি ঘটিছিল অসম চুক্তিৰ জৰিয়তে। অসমৰ পৰা বাংলাদেশী মূলৰ অবৈধ নাগৰিকক বহিষ্কাৰৰ দাবীৰে ৮৬০ গৰাকী ছহিদৰ ৰক্তৰ বিনিময়ত সম্পন্ন এই চুক্তিৰ কৰুণ পৰিণতিৰ বিষয়ে সকলোৱে অৱগত। এচাম ক্ষমতালোভী-অর্থলোভী সৃষ্টি কৰি অসমক অধিক বিপৰ্যয়ৰ গৰাহলৈ ঠেলি দিয়াৰ বাহিৰে আন কোনো উদ্দেশ্যই সাধন কৰিব নোৱাৰিলে সেই আন্দোলন আৰু চুক্তিয়ে।

ADVERTISEMENT

অৱশ্যে ইতিমধ্যে পেলনীয়া কাগজত পৰিণত হোৱা সেই চুক্তিক লৈয়ে আজি চাৰি দশকৰ পাছতো ক্ষমতা দখলৰ নিকৃষ্ট ৰাজনীতি অব্যাহত আছে। এয়া কেৱল এটাহে উদাহৰণ। এনে বহু ঘটনাই অসমক বিগত কালছোৱাত আন্দোলিত কৰি গৈছে যদিও ন্যস্তস্বার্থজড়িত ৰাজনৈতিক নেতৃত্বৰ ব্যৰ্থতাৰ বাবেই অসম আৰু অসমীয়া উপকৃত হ’বলৈ সক্ষম হোৱা নাই। ধ্রুপদী ভাষাৰ মৰ্যাদাৰ ক্ষেত্ৰত তেনে আশা বাস্তৱায়িত হ’বনে, সেয়াই প্রশ্ন।

RelatedPosts

Central Government has recognized the Assamese language as a classical language:অসমীয়া ভাষালৈ ধ্রুপদী ভাষাৰ স্বীকৃতি কেন্দ্ৰৰ

Axom Sahitya Sabha:বিটিআৰ বিভিন্ন চৰকাৰী প্ৰ-পত্ৰত অসমীয়া ভাষাক অৱহেলা

যোৱা বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত অসমীয়া ভাষাক ভাৰতৰ ধ্রুপদী ভাষাৰূপে স্বীকৃতি প্ৰদানৰ বহু আকাংক্ষিত সিদ্ধান্ত গ্ৰহণৰ বাতৰিয়ে স্বাভাৱিকতে অসম তথা অসমীয়াভাষীসকলৰ মাজত উছাহৰ সৃষ্টি কৰিছে। অসমীয়াৰ লগতে মাৰাঠী, বাংলা, পালি আৰু প্ৰাকৃত ভাষালৈকো এই মর্যাদা আগবঢ়োৱাৰ পাছত ভাৰতত ধ্রুপদী ভাষাৰ সংখ্যা ১১টালৈ বৃদ্ধি পালে। ইয়াৰ পূৰ্বে দেশত তামিল, সংস্কৃত, তেলুগু, কানাড়া, মালয়ালম আৰু উড়িয়া ধ্রুপদী ভাষা আছিল। ধ্রুপদী ভাষাৰ মৰ্যাদা লাভৰ বাবে প্রয়োজনীয় চাৰিওটা চৰ্ত পূৰণ কৰাৰ লগতে বিভিন্ন সময়ত উদ্দেশ্য প্রণোদিতভাৱে চলি অহা অপবাদবোৰো অসমীয়া ভাষাই উৰুৱাই দিবলৈ সক্ষম হ’ল।

অসমীয়া ভাষাৰ জন্ম সম্পর্কে ড° বিৰিঞ্চি কুমাৰ বৰুৱাই কৈ গৈছে যে প্রাকৃত ভাষাৰ শেষ স্তৰ অপভ্রংশৰ পৰাই আধুনিক ভাৰতীয় আর্য ভাষাসমূহৰ জন্ম হৈছে। কোন শতাব্দীত এই প্রাদেশিক ভাষাসমূহে স্বতন্ত্রৰূপ পালে তাক সঠিকভাৱে নিৰ্ণয় কৰাটো কঠিন। অষ্টম শতিকাৰ শিলালিপি, তাম্রশাসন আদিত এই ভাষাসমূহৰ সামান্য নিদর্শন পোৱা গৈছে যদিও খ্রীষ্টীয় দশম-একাদশ শতিকাৰ পূৰ্বে এই শাখাৰ কোনো এটা ভাষাই স্বকীয় ৰূপ লোৱা নাছিল। মনকৰিবলগীয়া যে ৰাজনৈতিক, ধার্মিক, সামাজিক, ভৌগোলিক আদি কাৰণত সমসাময়িকভাৱেই এই ভাষাসমূহৰ জন্ম হৈছিল।

ড° বৰুৱাৰ মতে, আধুনিক ভাৰতীয় আর্য ভাষাসমূহৰ জন্ম এটাৰ পাছত আনটোৰ অৰ্থাৎ হিন্দীৰ পাছত বাংলা, তাৰ পাছত অসমীয়া, এনে ধৰণে হোৱা নাই। এই প্রসংগতে তেওঁ আৰু কৈছে যে প্রাচীন অসমীয়া ভাষা মাগধী অপভ্রংশৰ পৰা উদ্ভৱ হৈছে। খ্রীষ্টীয় দশম শতিকাতে যদিও আধুনিক ভাৰতীয় আর্য ভাষাসমূহৰ জন্ম বুলি অনুমান কৰা হৈছে, তথাপি নির্দিষ্টভাৱে কোন সময়ত অসমীয়া ভাষাই নিজস্বৰূপ ল’লে, তাক স্থিৰ কৰাটো কঠিন। অৱশ্যে যিকোনো ভাষাতে জন্মৰ লগে লগে সাহিত্য গঢ় লৈ নুঠে। ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত কামৰূপ ভ্রমণ কৰি চীনা পৰিৱাজক হিউৱেন চাঙে লিখি গৈছে যে কামৰূপৰ মানুহৰ ভাষাৰ মধ্য ভাৰতৰ ভাষাৰ লগত সামান্য প্রভেদ আছে।

এই মন্তব্যৰ পৰাই আন নহ’লেও খ্রীষ্টীয় সপ্তম শতিকাৰ পৰাই যে অসমীয়া ভাষাই সুকীয়া প্রাদেশিক গঢ় ল’বলৈ আৰম্ভ কৰিছিল, সেই কথা অনুমান কৰিব পাৰি বুলি ড° বৰুৱাই কৈ গৈছে। নগাঁৱৰ কপিলী উপত্যকাত উদ্ধাৰ হোৱা মহাৰাজাধিৰাজ ভূতি বৰ্মাৰ দিনত অর্থাৎ ৫৫৪ খ্রীষ্টাব্দত খোদিত অসমত এই পর্যন্ত উদ্ধাৰ হোৱা সবাতোকৈ প্ৰাচীন শিলালিপিৰ ভাষা আছিল সংস্কৃত। গতিকে সেই সময়ত অসমত সংস্কৃত ভাষাৰ প্ৰচলন আছিল বুলি অনুমান কৰিব পাৰি।

কিন্তু এই সংস্কৃত প্রশস্তিৰ মাজতো সেই সময়ত জনসাধাৰণৰ মাজত প্রচলিত ভাষাৰ দুই-চাৰিটা শব্দই অবাধে স্থান পাইছে। মানুহ, গাঁও, নদী, গছ আদিৰ নাম বুজোৱাত ব্যৱহৃত এই শব্দবোৰে অসমীয়া জন্মকালৰ সূচনা কৰে বুলি তেওঁ আঙুলিয়াই দিছে। ড° বৰুৱাই ফঁহিয়াই দেখুৱাইছে যে অসমীয়া ভাষা ইন্দো- ইউৰোপীয় ভাষা গোষ্ঠীৰ ইন্দো-ইৰানীয় শাখাৰ আৰ্য উপ-শাখাৰ ভিতৰুৱা। গতিকে ইউৰোপৰ লেটিন, গ্রীক, ইংৰাজী,

জার্মান আদি ভাষাসমূহ অসমীয়া ভাষাৰ দূৰ সম্পৰ্কীয়। অসমীয়া ভাষাই ধ্রুপদী মর্যাদা লাভৰ বাবে দীর্ঘদিন বিভিন্ন যুঁজ দিবলগীয়া হৈছে। ড° বাণীকান্ত কাকতি, ড° কালিৰাম মেধি, ড° বিৰিঞ্চি কুমাৰ বৰুৱা, ড° সতেন্দ্ৰ নাথ শৰ্মা, ড° মহেশ্বৰ নেওগ প্ৰমুখ্যে প্রাতঃস্মৰণীয় পণ্ডিতসকলে যথেষ্ট কষ্ট আৰু প্ৰত্যাহ্বানৰ মুখামুখি হৈও ইয়াৰ ভেটি গঢ়ি থৈ যোৱা বাবেই যে এয়া আজি সম্ভৱপৰ হ’ল তাৰ প্ৰতি লক্ষ্য ৰাখি সেইসকলৰ ওচৰত কৃতজ্ঞতা প্রকাশ কৰিবই লাগিব।

ভাষাৰ বিষয়টো সম্প্রতি যথেষ্ট সংবেদনশীল হৈ উঠিছে। পৰিৱৰ্তন, বজাৰ অৰ্থনীতি আৰু প্ৰযুক্তিৰ ধামখুমীয়াত বিশ্বৰ বহু প্রান্ততে বিভিন্ন ভাষাৰ প্ৰতি গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। ভাৰতো ইয়াৰ ব্যতিক্রম নহয়। ২০১১ৰ লোকপিয়ল অনুসৰি ভাৰতত ১৩৬৯ টা মাতৃভাষা প্রচলিত হৈ আছে। ১৯৬১ৰ লোকপিয়লত ১৬৫২ টা মাতৃভাষাৰ তালিকা দিয়া হৈছিল; অর্থাৎ ১৯৬১ৰ পৰা ২০১১ লৈ ৫০ বছৰত ভাৰতত ২৮৩ টা ভাষাৰ মৃত্যু ঘটিল। প্রতি বছৰে গড়ে চাৰি- পাঁচটাকৈ ভাষা মৃত্যুমুখত পৰিছে, অথচ এনেকুৱা মৃত বহু ভাষা সহস্র বছৰ ধৰি এই দেশত প্ৰচলিত হৈ আছিল।

লক্ষ্যণীয় দিশ এয়ে যে বিগত সময়ছোৱাত অধিকাংশ ভাৰতীয় ভাষা ব্যৱহাৰকাৰী লোকৰ সংখ্যা হ্রাস পাইছে। ১৯৬১ত দেশৰ মুঠ জনসংখ্যাৰ ৮.১৭ শতাংশ বাংলাভাষী আছিল যদিও ২০১১৩ত সেয়া ৮.০৩ শতাংশলৈ হ্রাস পাইছে। তেনেদৰেই মাৰাঠী ভাষী ৭.৬২ৰ পৰা ৬.৮৬ শতাংশলৈ, তেলুগু ৮.১৬ৰ পৰা ৬.৭০ শতাংশলৈ আৰু আনকি তামিলৰ দৰে সৰ্বপ্রাচীন ঐশ্বর্যশালী ভাষাও ৬.৮৮ৰ পৰা ৫.৭০ শতাংশলৈ হ্রাস পাইছে।

হিন্দীৰ পাছত সৰ্বাধিক কথিত আঠোটা ভাষা যেনে- বাংলা, মাৰাঠী, তেলুগু, তামিল, গুজৰাটী, কানাড়া আৰু উড়িয়া ভাষী দেশৰ মুঠ জনসংখ্যাৰ ৪২.৩৭ শতাংশ বুলি ২০১১ৰ লোকপিয়লত কোৱা হৈছে। ইয়াৰ বিপৰীতে অকলেই হিন্দীভাষী হৈছে ৪৩.৬৩ শতাংশ। ১৯৬১ৰ পৰা ২০১১ পর্যন্ত হিন্দীভাষীৰ হাৰ ৩৬.৯৯ৰ পৰা ৪৩.৬৩ লৈ বৃদ্ধি পায়। ২০১৮ত প্রকাশিত ২০১১ৰ লোকপিয়লৰ তথ্য অনুসৰি হিন্দী, সংস্কৃত আৰু গুজৰাটীৰ বাহিৰে ভাৰতৰ আন আটাইবোৰ অধিসূচিত ভাষাৰ ব্যৱহাৰকাৰীৰ হাৰ হ্ৰাস পাই আহিছে।

প্রণিধানযোগ্য যে ১৯৬১ত ২,২১২ জন লোকে সংস্কৃতক মাতৃভাষাৰূপে উল্লেখ কৰিছিল যদিও ২০১১ৰ লোকপিয়লৰ তথ্য অনুসাৰ এই সংখ্যা ২৪,৮২১ জনলে বৃদ্ধি পায়। এই বৃদ্ধি প্রায় ১১ শতাংশ। অৱশ্যে এহেজাৰ বছৰৰো পূবেই সংস্কৃত একপ্ৰকাৰ মৃত ভাষাত পৰিণত হৈছে। সমগ্র পৃথিৱীৰে সবাতোকৈ প্রাচীন ভাষা হৈছে তামিল। তেনেদৰেই কানাড়া আৰু মাৰাঠী ভাষা প্রায় দুহেজাৰ বছৰ পুৰণি। আনহাতে, মালয়ালম, বাংলা, উড়িয়া, অসমীয়া ভাষা এহেজাৰ বছৰৰো অধিক পুৰণি; অথচ এনে প্রত্যেকটো ভাষাই শক্তিশালী হোৱা সত্ত্বেও ব্যৱহাৰকাৰীৰ হাৰ হ্ৰাস পাই যাবলৈ ধৰিছে।

ইয়াৰ বিপৰীতে ১৭ শতিকাত ভাৰতলৈ আগমন ঘটা ইংৰাজী ভাষাৰ আগ্রাসন মনকৰিবলগীয়া। দেশৰ প্ৰতিটো প্রান্ততে ইংৰাজী ভাষাই ছানি ধৰিছে বুলি ক’লেও বঢ়াই কোৱা নহ’ব। দেশৰ সাত লাখ গাঁও আৰু দুহেজাৰ নগৰ চহৰত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ আধিক্যই গুৰুতৰ প্ৰশ্নৰ উদ্ৰেক কৰিছে। অধিকাংশ ভাৰতীয় ভাষাই ক্রমশঃ অস্তিত্বৰ সংকটত ভুগিবলৈ লোৱাটো ভাৰতৰ দৰে বৈচিত্র্যপূর্ণ ভাষিক দেশৰ বাবে যে উদ্বেগজনক তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

এনে পৰিপ্ৰেক্ষিততে ধ্রুপদী ভাষাৰ মৰ্যাদা লাভে অসমীয়া ভাষালৈ আন বাদেই, অসমীয়াসকলৰে সন্মান ঘূৰাই আনিবনে বুলি যথার্থতে প্রশ্ন উত্থাপিত হৈছে।

২০২০ৰ এক সমীক্ষা অনুসৰি অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা এক কোটি ৫৩ লাখৰ অধিক আৰু পৃথিৱীৰ সর্বাধিক প্রচলিত এশটা ভাষাৰ ৭৫ সংখ্যক স্থানত আছে অসমীয়া ভাষা। কিন্তু প্রশ্নটো হৈছে- তাৰে কিমান সংখ্যকৰ ভাষাটোৰ প্ৰতি আছে শ্রদ্ধা, আন্তৰিকতা আৰু দায়বদ্ধতা? বিদ্যালয় আৰু পৰৱৰ্তী স্তৰতো ইংৰাজী মাধ্যমৰ প্ৰতি অভিভাৱকৰ আগ্রহ, চৰকাৰী বিদ্যালয়ত ভাষা শিক্ষাৰ প্ৰতি অমনোযোগিতাই অসমীয়া ভাষাৰ প্ৰতি বিভিন্নজনক সন্দিহান কৰি তুলিছে। সেইবাবেই ধ্রুপদী স্বীকৃতিৰ জৰিয়তে ভাষাৰ প্ৰতি আবেগ ছটিয়াই দিয়াটো কিমানদূৰ সম্ভৱ হয় সময়েহে ক’ব।

এই স্বীকৃতিৰ ঘোষণাৰ লগে লগে চৰকাৰী মহলৰ তৰফৰ পৰাও বিশেষ উছাহ প্রদর্শন কৰা হৈছে। কৃতিত্ব দাবীক লৈও হেতা-ওপৰা লাগিছে; কিন্তু এই সুদীর্ঘ কালছোৱাত চৰকাৰী কাম-কাজত ৰাজ্যভাষা আইন বলৱতৰ বাবে কোনো এখন চৰকাৰেই তিলমাত্রও আগ্রহ অথবা তৎপৰতা প্ৰদৰ্শন কৰিলেনে? বৰঞ্চ অসমীয়া ভাষাক সংকুচিত কৰাৰহে বিভিন্ন পদক্ষেপ কাৰ্যকৰী কৰা হৈছে। অসমীয়াভাষী চৰকাৰী বিষয়া-কর্মচাৰীসকলৰো এই ক্ষেত্রত অনীহা আশ্চৰ্যকৰ আৰু বেদনাদায়ক।

ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য (এছডিজি) ত কোৱা হৈছে এইদৰে ‘ভাষাৰ জৰিয়তে মানুহে নিজৰ সম্প্ৰদায়ৰ ইতিহাস, ৰীতি-নীতি আৰু পৰম্পৰা, স্মৃতিশক্তি, অনন্য চিন্তাধাৰা, অৰ্থ আৰু প্ৰকাশভংগীৰ ধৰণ সংৰক্ষণ কৰে। তেওঁলোকে ইয়াক নিজৰ ভৱিষ্যৎ নিৰ্মাণৰ বাবেও ব্যৱহাৰ কৰে। ভাষা হৈছে, মানৱ অধিকাৰৰ সুৰক্ষা, সুশাসন, শান্তি নির্মাণ, পুনৰমিলন আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।’ কিন্তু এনেবোৰ দিশলৈ চৰকাৰে সদিচ্ছা প্রকাশ কৰিছে নে? সেয়েহে ধ্রুপদী ভাষাৰ মৰ্যাদাই অসমীয়া ভাষালৈ কোনো লক্ষ্যণীয় পৰিৱৰ্তন আনিবলৈ সক্ষম হ’বনে বুলি বহুতৰ মনত প্রশ্ন উদয় হৈছে।

এই কথা দোহৰাৰ প্ৰয়োজন নাই যে নিজৰ ভাষা-সংস্কৃতিৰ প্রতি শ্রদ্ধা-আবেগ মানুহৰ মনৰ ভিতৰৰ পৰা জাগিব লাগিব। জীৱিকাৰ তাগিদাৰ অজুহাতত প্রতিটো ক্ষেত্ৰতে ইংৰাজী ভাষাক স্থান অধিকাৰ কৰি ল’বলৈ দিয়া হৈছে। চিকিৎসকৰ নিদানপত্ৰৰ পৰা আৰম্ভ কৰি দেশৰ আইনলৈকে স্থানীয় ভাষাত উপলব্ধ নোহোৱা হেতুকে এইবোৰৰ পৰা সাধাৰণ মানুহ আজিও বহু দূৰৈত। চর্চা অবিহনে কোনো ভাষাই সজীৱ হৈ থাকিব নোৱাৰে। এই কথা সকলোৰে অৱগত যে অসমীয়াৰ স’তে ধ্রুপদী মর্যাদা লাভ কৰা পালি আৰু প্ৰাকৃত ভাষাৰ এতিয়া আৰু তেনে কোনো ধৰণৰ চৰ্চা নাই; অথচ বৌদ্ধ আৰু জৈন ধৰ্মৰ বাণীসমূহ পালি ভাষাতে ৰচিত হৈছিল।

কিন্তু আজিৰ এই স্বীকৃতিয়ে এই দুই ভাষাৰ চৰ্চা বৃদ্ধি কৰিব বুলি আশা কৰিব নোৱাৰি। গতিকে অসমীয়া বা বাংলা বা আন যিকোনো ভাষাৰ ক্ষেত্ৰতো একেই কথা। কলেজ- বিশ্ববিদ্যালয়ত অসমীয়াত উচ্চ শিক্ষা গ্ৰহণৰ প্ৰতি আগ্ৰহো স্তিমিত হোৱাটো শুভ লক্ষণ নহয়।

দৰাচলতে আমি অসমীয়াসকলেই ভাষাটোক অৱহেলা কৰি আহিছো। নতুন প্রজন্মই অসমীয়া ভাষাৰ প্ৰতি কোনো ধৰণৰ টান অনুভৱ কৰে বুলি ধাৰণা নহয়। বিজ্ঞসকলে কৈ আহিছে যে শৈক্ষিক অথবা বৃত্তিগত ক্ষেত্রত অসমীয়া ভাষা কেতিয়াও কোনো ধৰণৰ বাধা নহয় আৰু হ’ব নোৱাৰে। গোটেই কথাটোৱে এক ভুল ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত যে অসমীয়া মাধ্যমত অধ্যয়ন কৰিলে পৰৱৰ্তী পৰ্যায়ত প্রত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হয়। এই ধাৰণাৰ পৰা ওলাই আহিব নোৱৰালৈ পৰিস্থিতি সলনি হ’ব বুলি আশা কৰিব নোৱাৰি।

এনে পৰিপ্ৰেক্ষিতত একেবাৰে তৃণমূল পর্যায়ৰ পৰা অসমীয়া ভাষাৰ ব্যাপক চর্চা পুনৰ আৰম্ভ কৰাৰ গত্যন্তৰ নাই। বিদ্যালয়তো অধিক অসমীয়া ভাষা চৰ্চাৰ হকে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন। এই সম্পৰ্কত বিভিন্ন মহলে পৰামৰ্শ আগবঢ়াই আহিছে যদিও চৰকাৰে সেইবোৰলৈ কৰ্ণপাত কৰা নাই। ধ্রুপদী ভাষাৰ স্বীকৃতিয়ে আন্তৰিকতাৰে অসমীয়াৰ চৰ্চা বৃদ্ধিৰ সুযোগ আনি দিয়াটোৱে কাম্য।

এই স্বীকৃতিয়ে অসমীয়া ভাষাৰ প্ৰতি অসমীয়াৰ শ্রদ্ধা-আন্তৰিকতা বৃদ্ধি কৰি ইয়াক এক নতুন গতি প্ৰদান কৰিলেহে ইয়াৰ সাৰ্থকতা প্রকাশ পাব। ইয়াক এক নতুন অভিযানৰূপে গঢ় দিবলৈ চৰকাৰ আগবাঢ়ি অহাটো বাঞ্ছনীয়।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assamese Languageclassical languages​​Respect Assames
samimsultana

samimsultana

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d