Onion prices have risen sharply in the state:চেঞ্চুৰী কোবাবলৈ সাজু পিয়াজৰ মূল্য !

কেন্দ্ৰই এসপ্তাহ পূৰ্বে অতিৰিক্ত যোগান ধৰাৰ পাছতো নিয়ন্ত্ৰণহীন মূল্য, ৮০পৰ্যন্ত বৃদ্ধি প্ৰতি কিলোগ্ৰাম পিয়াজৰ মূল্য, পাইকাৰী- খুচুৰা বজাৰৰ মাজত বৃহৎ তফাৎ

omion

Onion prices have risen sharply in the state:

ৰাজ্যত কেৱল মুখৰ কথাতে চলিছে যোগান বিভাগ। সেই কাৰণে বিভাগটোত নিয়ন্ত্রণহীন পৰিৱেশে এনে ভয়াবহ ৰূপ ধাৰণ কৰিছে যে সাধাৰণ গ্রাহকক বজাৰ ব্যৱস্থাই টেটু চেপি ধৰিছে।

ADVERTISEMENT

ইয়াৰ পৰিণতিতে প্রতিদিনে বৃদ্ধি হৈ অহা পিঁয়াজৰ মূল্যই এতিয়া আকাশলংঘী ৰূপ ধাৰণ কৰিছে। সম্প্ৰতি ৰাজ্যৰ বজাৰত প্ৰতি কিলোগ্রাম পিঁয়াজৰ মূল্য ৮০ টকালৈ বৃদ্ধি হৈছে। এনে দুর্লংঘ্য মূল্য নিয়ন্ত্রণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অসমলৈ ৮৪০ টন পিঁয়াজ প্ৰেৰণ কৰে।

ৰে’লযোগে সেই পিঁয়াজ যোৱা পাঁচ নৱেম্বৰত কামৰূপৰ চাংসাৰি ষ্টেছনত নমোৱা হয়। তাৰ পাছত সাত দিন উকলিল যদিও আজিলৈকে ৰাজ্যত পিঁয়াজৰ মূল্য হ্রাস হোৱা নাই, বৰঞ্চ বৃদ্ধিহে হৈছে। ঠাই ঠাই বিশেষে ৰঙা পিঁয়াজৰ মূল্য ৯০ টকালৈ বৃদ্ধি হৈছে।

খুচুৰা বজাৰত দাম বৃদ্ধিৰ মূল কাৰণ হ’ল পাইকাৰী বজাৰত মূল্যবৃদ্ধি। খুচুৰা বজাৰত প্ৰতি কিলোগ্রামত ৮০ টকাকৈ বিক্রী হোৱা পিঁয়াজ পাইকাৰী বজাৰত ৬৮-৭০ টকাকৈ বিক্রী হৈছে। পাইকাৰী বজাৰত বিক্রী হোৱা পিঁয়াজত বেয়া ওলোৱাৰ কাৰণ দর্শাই খুচুৰা ব্যৱসায়ীয়ে মূল্যৰ পৰিমাণ ৮০ টকালৈ বৃদ্ধি কৰিছে।

পাইকাৰী বজাৰৰ পৰা দূৰৈৰ খুচুৰা বজাৰত সেই মূল্য ৯০ টকালৈ বৃদ্ধি হৈছে। বিক্রেতাৰ ধাৰণা অনুসৰি চলিত পৰিস্থিতিত ৰাজ্যত পিঁয়াজৰ মূল্যই শতকৰ ঘৰ স্পৰ্শ কৰাটো নিশ্চিত। প্রশ্ন উত্থাপন হৈছে যে এসপ্তাহ পূৰ্বে ৰাজ্যৰ বজাৰলৈ উক্ত বৃহৎ পৰিমাণৰ পিঁয়াজ আমদানি হোৱাৰ পাছতো মূল্য কিয় নিয়ন্ত্রণ হোৱা নাই? মুনাফালোভী বৃহৎ ব্যৱসায়ী, মধ্যভোগী আৰু ছিণ্ডিকেট চক্ৰৰ দৌৰাত্ম্যত বজাৰত মূল্য নিয়ন্ত্ৰণ সম্ভৱ হোৱা নাই।

চাংসাৰিত ৰে’লৰ পৰা পিঁয়াজ নমোৱাৰ সময়ৰ পৰাই এই চক্ৰবোৰৰ যি দৌৰাত্ম্য আৰম্ভ হয়, সেয়া খুচুৰা বজাৰলৈকে অব্যাহত থাকে। তাৰ পৰিণতিত পিঁয়াজৰ মূল্য অদ্যাপি নিম্নগামী হোৱা নাই। কেৱল পিঁয়াজেই নহয়, সমগ্ৰ ৰাজ্যতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে। ইয়াত নীৰৱ দৰ্শক হৈ ৰৈছে স্বয়ং যোগান মন্ত্ৰীৰ পৰা আৰম্ভ কৰি সমগ্র বিভাগটো। অৱশ্যে য’ত মন্ত্ৰীৰে এনে দশা হয়, তাত বিভাগৰ আৰু কি কাম আছে?

উল্লেখ্য যে মঙলবাৰে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গোলাঘাটৰ বজাৰ নিজে পর্যবেক্ষণ কৰে। এই পর্যবেক্ষণত পাইকাৰী আৰু খুচুৰা মূল্যৰ মাজত বৃহৎ তফাৎ ধৰা পৰে। গোলাঘাটৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ নিষ্ক্রিয় ভূমিকাৰ বাবেই আলু-পিঁয়াজৰ মূল্যত ব্যাপক বিসংগতি ধৰা পৰা বুলি মন্ত্রী দাসে নিজেই সদৰী কৰে। সেইবাবে জিলাখনৰ যোগান বিভাগক ইয়াৰ তদন্ত কৰি কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ মন্ত্রী দাসে নির্দেশ দিয়ে।

উল্লেখ্য যে এইবাৰ দেশত পিঁয়াজৰ উৎপাদন প্রাকৃতিক কাৰণত হ্রাস হোৱাৰ লগতে উৎপাদিত পিঁয়াজৰো বহুতৰে মান উন্নত নহয়। তদুপৰি ৰপ্তানি চাহিদাও বৃদ্ধি হৈছে। এই সকলো মিলাই দেশত সামগ্রিকভাৱে দেশত পিঁয়াজৰ মূল্যবৃদ্ধি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ৰপ্তানিৰ পৰিমাণ হ্রাস কৰি আৰু মজুত ৰখা পিঁয়াজ উলিয়াই দি বজাৰ নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। ইয়াৰ প্ৰভাৱ কোনো কোনো ৰাজ্যত পৰিছে। অসমলৈয়ো তেনেদৰে ৰে’লযোগে পিঁয়াজ প্ৰেৰণ কৰা হয়; কিন্তু ৰাজ্যখনত মূল্য হ্রাস হোৱাৰ বিপৰীতে বৃদ্ধিহে হৈছে। যোগান বিভাগৰ চৰম ব্যৰ্থতাৰ পৰিণতিত বজাৰলৈ গৈ উৱাদিহ নোপোৱা হৈছে সৰ্বসাধাৰণ গ্রাহকে।

Exit mobile version