দেশ ত্যাগ কৰি ভাৰতত আশ্রয় গ্রহণ কৰা বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শ্বেইখ হাছিনা বিপদত ৷ বিপদ কঢ়িয়াই আনিছে অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী ইউনুছে ৷
শ্বেইখ হাছিনা কাৰ্যকালত দেশখনৰ পৰা ভাৰতসহ বিভিন্ন দেশলৈ লক্ষ লক্ষ কোটি টকা সৰবৰাহ কৰা হৈছিল। শ্বেতপত্র প্রকাশ কৰি এনে দাবী কৰিলে বাংলাদেশৰ অন্তৱর্তীকালীন চৰকাৰে।
সোমবাৰে ইউনুছক বাংলাদেশৰ অর্থনীতি বিষয়ক এই শ্বেতপত্র অর্পণ কৰে শ্বেতপত্র প্রণয়ন কমিটীৰ মুৰব্বী দেৱপ্রিয় ভট্টাচার্যই। এই শ্বেতপত্রত প্রকাশ কৰা অনুসৰি হাছিনাৰ প্রধানমন্ত্ৰিত্বৰ কাৰ্যকালত ২০০৯ পৰা ২০২৩ পর্যন্ত মুঠ ২৩,৪০০ কোটি মার্কিন ডলাৰ বিদেশলৈ প্ৰেৰণ কৰা হৈছে। বাংলাদেশী মুদ্ৰাৰ হিচাপ প্রতিবছৰে প্রায় দুই লাখ কোটি টকা বিদেশলৈ প্ৰেৰণ কৰা বুলি দাবী কৰা হৈছে।
শ্বেতপত্র প্রণয়ন কমিটীৰ মতে, গ্ল’বেল ফাইনেন্সিয়েল ইটিগ্রিটি ৰিপ’ৰ্টছ (জিএফআইআৰএছ) আৰু কিছু নির্দিষ্ট পূর্বানুমানৰ ভিত্তিত ক’লা ধন সৰবৰাহৰ এই বৃহৎ পৰিমাণ পোহৰলৈ আহিছে। শ্বেতপত্র অনুসৰি, ভাৰত, আমেৰিকা, কানাডা, সংযুক্ত আৰব আমিৰ শ্বাহি, মালয়েছিয়া, ছিংগাপুৰ আদি দেশলৈ এই ধন প্ৰেৰণ কৰা হৈছিল।
হাছিনাৰ কাৰ্যকালত বিদেশলৈ ধন প্ৰেৰণৰ বাবে দুর্নীতিগ্রস্ত ৰাজনৈতিক, আমোলা আৰু বিষয়াসকলৰ মাজত এই অশুভ চক্র গঢ় লৈ উঠিছিল বুলিও কোৱা হৈছে শ্বেতপত্রত।
এক সংবাদমেলত ইউনুছৰ প্ৰেছ সচিব ছফিকুল আলমে জনোৱা মতে, বিগত ১৫ বছৰীয়া লুটপাট কৰি যি ধন দেশৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছে, সেয়া ওভতাই অনাৰ চেষ্টা কৰাটো হ’ব চৰকাৰৰ অন্যতম অংগীকাৰ। এই লক্ষ্য আগত লৈ অহা ১০ ডিচেম্বৰৰ পৰা মার্কিন যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থা (এফবিআই) সহ এই বিষয়ত যিসমূহ আন্তর্জাতিক প্রতিষ্ঠানে কাম কৰে, তেওঁলোকৰ স’তে বৈঠকত মিলিত হ’ব ইউনুছ চৰকাৰ।
বাংলাদেশৰ অৰ্থনীতিৰ সামগ্রিক পৰিস্থিতিৰ পুংখাপুংখভাৱে জুকিয়াই চাবলৈ বিশিষ্ট অর্থনীতিবিদ দেবপ্রিয় ভট্টাচাৰ্যৰ নেতৃত্বত গঠিত কমিটীৰ বিতং তথ্য সদৰী কৰি ইউনুছৰ প্ৰেছ সচিবে কয় যে ক্ষমতাচ্যুত প্রাক্তন প্রধানমন্ত্রী হাছিনাৰ কার্যকালত দুর্নীতি, লুণ্ঠন আৰু ভয়াৱহ বিত্তীয় কেলেংকাৰিৰ যি চিত্র প্রতিবেদনত উপলব্ধ হৈছে, সেয়া দৰাচলতে আতংকৰ বিষয় বুলি প্রতিবেদন প্রস্তুতকাৰী কমিটীয়ে উল্লেখ কৰিছে।
যোৱা ১৫ বছৰত বাংলাদেশৰ পৰা প্ৰতি বছৰে গড়ে প্রায় ১৬ বিলিয়ন মার্কিন ডলাৰ অবৈধভাৱে সৰবৰাহ কৰা হৈছে। প্ৰেছ সচিব আলমে কয়, ‘এই প’ষ্টমর্টেমে ভয়াৱহ চিত্র আগবঢ়াইছে। আমাৰ চকুৰ সন্মুখত, বাংলাদেশৰ মানুহৰ চকুৰ সন্মুখত লুণ্ঠন চলিছে, লুটপাটতন্ত্র চলোৱা হৈছে। দুর্ভাগ্যজনকভাৱে আমাৰ বহুতেই ইয়াক বৈধতা প্রদান কৰিছে। অৱশ্যে তেনে লোকৰ সংখ্যা বৰ বেছি নহয়। ইয়াত আছিল ৰাজনীতিবিদ, আমোলা আৰু ব্যৱসায়ী। সকলো মিলি-জুলিয়েই কৰিছে।’
বাংলাদেশৰ অন্তৱর্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা ইউনুছৰ উদ্ধৃতি দি তেওঁ কয় যে ইউনুছৰ মতে লুণ্ঠনৰ এনে ভয়াৱহ ছবি পাঠ্যপুথিৰ অংশ হ’ব লাগে। কলেজ বা বিশ্ববিদ্যালয়ে জনা উচিত যে বিগত ১৫ বছৰে কিদৰে লুটপাট চলিছে। এই প্রতিবেদনৰ পাছত সম্পূর্ণ ধন কিদৰে ওভতাই আনিব পাৰি, তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। ইয়াৰ বাবে চুৰি ধন ক’লৈ নিলে সেয়া প্রথমতে চিনাক্ত কৰিব লাগিব। ধন ওভতাই অনাটো কষ্টসাধ্য হ’ব যদিও চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ ভিতৰত এটা। দেশক ভয়াৱহভাৱে লণ্ডভণ্ড কৰা মহাচুৰিৰ ঘটনাৰ নিশ্চিতভাৱে বিচাৰ হ’ব, কোনো সাৰি যাব নোৱাৰে বুলি ইউনুছ চৰকাৰৰ অন্যতম বিষয়াই কয়।