চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সংখ্যালঘূ হিন্দু ধৰ্মালম্বী লোক সকলৰ ওপৰত তথা হিন্দু উপাসনা কেন্দ্ৰ সমূহৰ ওপৰত চলি অহা নিৰ্যাতনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ |
নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিমন্দিৰৰ পৰা নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়লৈ লোক জাগৰণ মঞ্চৰ প্ৰতিবাদী সমদল | হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক,বাংলাদেশ চৰকাৰ হাই-হাই,মৌলবাদ নিপাত যাওক আদি শ্ল’গানৰে আজি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সমূহে।
লোক জাগৰণ মঞ্চ নলবাৰীৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদৰ অন্ততঃ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এখন প্ৰতিবাদী পথসভা অনুষ্ঠিত কৰা হয় আৰু উক্ত ঘটনাৰ ন্যায় বিচাৰি জিলা আয়ুক্তৰ জৰিয়তে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।