শ্বেইখ হাছিনাৰ পতনৰ পিছৰে পৰা চুবুৰীয়া বাংলাদেশত থকা হিন্দু তথা অনান্য ধৰ্মালম্বী সংখ্যালঘুৰ ওপৰত ধাৰাবাহিক নিৰ্যাতনৰ বিৰোধীতাৰে মঙলবাৰে মহানগৰীত লোক জাগৰণ মঞ্চই এক প্ৰতিবাদ সমদল উলিয়াই ৷
শিলপুখুৰীস্থ নৱগ্ৰহ কালী মন্দিৰৰ পৰা উলিওৱা সমদলৰ পূৰ্বে এক প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ বিশিষ্ট আইনজীৱী বিজন মহাজন ,সমাজকৰ্মী দিগন্ত বিশ্ব শৰ্মা আৰু ধ্ৰুৱ প্ৰসাদ বৈশ্যই বাংলাদেশত শেহতীয়া হিন্দু সহ আন ধৰ্মালম্বী সংখ্যালঘুৰ ওপৰত হৈ থকা আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ কৰে ৷
শ্বেইখ হাছিনাৰ পতনৰ পিছত শান্তিৰ নোবেল বঁটা প্ৰাপক মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰেও সংখ্যালঘুক নিৰাপত্তা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থতা প্ৰদৰ্শন কৰিছে ৷ শেহতীয়াকৈ মৌলবাদী বিএন পিৰ আৰ্শীবাদপুষ্ট কেতবোৰ সংগঠনে সংখ্যালঘু বিৰোধীস্থিতি গ্ৰহণ কৰি নিৰ্যাতন তীব্ৰতৰ কৰি তুলিছে ৷
আনহাতে এই নিৰ্যাতন নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে সাৰ পানী দিয়াৰ অভিযোগ কৰে লোক জাগৰণ মঞ্চৰ নেতা কেইগৰাকীয়ে। প্ৰতিবাদী সভাৰ অন্তত লোক জাগৰণ মঞ্চৰ নেতা – কৰ্মী সকলে হাতত বেনাৰ আৰু প্লেকাৰ্ড লৈ এক সমদল উলিয়াই ৷ পিছত সমদলকাৰী দলটোৱে চানমাৰিস্থ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শান্তিপূৰ্ণভাৱে অৱস্থান কৰি সহকাৰী উচ্চায়ুক্তৰ জৰিয়তে দেশ খনৰ অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷