Mustard flowering season on the banks of the Pagladiya River:
এতিয়া সৰিয়হ ফুলাৰ বতৰ। চালে চকু ৰোৱা এক দৃষ্টিনন্দন পৰিৱেশ। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ কৃষি বিভাগৰ অধীনস্থ ব্বঘোপা গাঁৱতো এদল কৃষক সমাজ এতিয়া ব্যস্ত হৈ পৰিছে সৰিয়হ খেতিত। উল্লেখ্য যে যি সময়ত একাংশ শিক্ষিত নিবনুৱাই চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে, কিম্বা পেটৰ তাড়নাত বহিঃৰাজ্যলৈ গৈ কঠোৰ পৰিশ্ৰম কবি আছে।
ঠিক তেনে সময়তে নলবাৰী জিলাৰ উত্তৰ অঞ্চলৰ বৰঘোপা গাঁৱৰ এদল কৃষকে সমবায় ভিত্তিত নিজৰ গাঁঠিৰ ধন আৰু কৃষি বিভাগৰ তৰফৰ পৰা কিছু সাৰ-বীজ গ্রহণ কৰি পাগলাদিয়া নদীৰ পাৰত প্ৰায় এশ বিঘা মাটিত বিগত কে’বা বছৰ ধৰি সৰিয়হৰ খেতি কৰি উপাৰ্জনৰ বাট মুকলি কৰি আহিছে লগতে আন কেইজনমান যুৱককো নিয়োজিত কৰি অঞ্চলটোত স্বাৱলম্বিতাৰ এক নিদর্শন দাঙি ধৰিছে। সেয়েহে এইবেলিও বৰঘোপা গাঁৱৰ নয়ন কলিতা, পৰেশ কলিতা, হেমন্ত হালৈ, বিজয় বর্মন, সমীন্দ্র বর্মন, প্ৰণৱ বৰ্মন, বাপধন কলিতা, নৱজ্যোতি মেধি, তন্ময় হালৈ, কুশল কলিতা, ৰূপম হাৱৈ, প্রতুল চৌধুৰীসহ ১২ গৰাকী কৃষকে ‘ঝাৱন কৃষিম্পাম’ নাম দি সমবায় ভিত্তিত সৰিয়হৰ খেতি কৰিছে।
অন্য বছৰৰ দৰে এইবছৰো প্ৰায় ৭০-৮০ বিঘাৰো অধিক সৰিয়হৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ দিশে গতি কৰিছে। তেওঁলোকে কয় যে বিচাৰিব জানিলে নিজৰ ঠাইতে সোণ পোৱা যায়। যাৰ পৰিপ্ৰেক্ষিতত এইদল কৃষকে এই বছৰৰ ২০০-৩০০ কুইন্টলৰো অধিক সৰিয়হ উৎপাদন কৰাৰ আশা প্রকাশ কৰিছে, সেয়েহে বৰ্তমান সময়ত চাকৰি বিচাৰি বহিঃৰাজ্যলৈ যোৱাতকৈ নিজৰ ঠাইতে ভালদৰে খেতি কৰি স্বাৱলম্বী হ’ব পাৰে সেয়েহে সকলোৱে কর্মমুখী হওক বুলি বৰঘোপা গাঁৱৰ এদল কৃষকে সকলোকে আহ্বান জনাইছে।
ইফালে, আজি এডৰা সৰিয়হৰ খেতি ঘগ্ৰাপাৰ কৃষি বিভাগৰ কৃষি উন্নয়ন বিষয়া মনোজ কুমাৰ দাস আৰু কৃষি সম্প্ৰসাৰণ সহায়ক ভগবান বর্মনসহ এটা সঁজাতী দলে পৰিদৰ্শন কৰি সন্তোষ প্রকাশ কৰাৰ লগতে ভৱিষ্যতৰ দিশত এইসকল কৃষকক পর্যাপ্ত পৰিমাণ সহায় কৰিব বুলি আশ্বাস প্রদান কৰে।
ইপিনে, পামখনৰ যুৱ কৃষ্ণ নয়ন কলিতাই সংবাদ মাধ্যমকৰ আগত কয় যে কৃষি বিভাগে যদিহে পর্যাপ্ত পৰিমাণৰ সহায় সহযোগিতা তথা প্রয়োজনীয় পাৱাৰ টিলাৰ, স্প্রে’ মেচিন তথা উপযুক্ত বজাৰৰ ব্যৱস্থা কৰি দিয়ে, তেতিয়াহ’লে আমি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন ২০ গৰাকীকো এই কৰ্মত পৰোক্ষভাৱে নিয়োগ কৰিব পৰাৰ পূর্ণ সম্ভাৱনা আছে বুলি মন্তব্য কৰে।