Mahakumbh Incident:
প্ৰয়াগৰাজৰ কুম্ভ মেলাত পুনৰ অঘটন । এইবাৰ, বেলুন বিস্ফোৰণত জ্বলিল ছয়জন তীৰ্থযাত্ৰী । সোমবাৰে সন্ধিয়া মেলাৰ ২১ নং খণ্ডত দুৰ্ঘটনাটো সংঘটিত হয় । আহত সকলক নাম ক্ৰমে ,নিখিল, প্ৰদীপ, মায়াংক, ললিত আৰু আমান বুলি চিনাক্ত কৰা হৈছে । আনজন ব্যক্তিৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। তথ্য অনুসৰি তেওঁৰ বয়স প্ৰায় ২০ বছৰ।
কি দৰে বেলুন বিস্ফোৰণ সংঘটিত হ’ল তাৰ অনুসন্ধান চলাইছে আৰক্ষীয়ে । প্ৰাৰম্ভিক অনুমানৰ মতে ,বায়ুৰ চাপৰ তাৰতম্যৰ বাবে দুৰ্ঘটনাটো সংঘটিত হৈছে ।এই ঘটনাৰ পাছত, কুম্ভৰ নিৰাপত্তা সম্পৰ্কে পুনৰ প্ৰশ্ন উত্থাপন কৰা হৈছে। সোমবাৰে প্ৰয়াগৰাজৰ মহাকুম্ভত আছিল বসন্ত পঞ্চমী অমৃত স্নান । লাখ লাখ ভক্ত তাত সমবেত হয়। প্ৰশাসনৰ মতে, বিজ্ঞাপন সংস্থাটোৰ বেলুনটো সন্ধিয়া উৰোৱাৰ পাছতে জুই লাগে।
সেই সময়ত বেলুনটোত ছয়জনলোক আছিল । ছয়জনক প্ৰথমে উপ-কেন্দ্ৰীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিছু সময়ৰ পাছতে তেওঁলোকৰ অৱস্থাৰ অৱনতি ঘটে আৰু তেওঁলোকক এছ.আৰ.এন. চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, ছয়জনৰ অৱস্থা সুস্থিৰ।
বিশেষ আৰক্ষী অধীক্ষক (কুম্ভ মেলা) ৰাজেশ দ্বিবেদীয়ে জনাই যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। প্ৰথমতে, অনুমান কৰা হয় যে বায়ুৰ চাপ কম হোৱাৰ বাবে বেলুনটো হঠাতে তললৈ নামি আহে। তেতিয়াই তাত জুই লাগে। অৱশ্যে, অগ্নিকাণ্ডৰ কাৰণ এতিয়াও আৰক্ষীয়ে জানিব পৰা নাই।