Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Registered unemployment increased to 3.6 million:পঞ্জীয়নভুক্ত নিবনুৱা ৩৬ লাখলৈ বৃদ্ধি

নিয়োগ বিনিময়ৰ তথ্য,৩.২৪ লাখেৰে শীৰ্ষত গুৱাহাটী .বৰপেটাত ২.১৭ লাখ-নলবাৰীত ২.০৫ লাখ-শিলচৰত ১.৫৯ লাখ-যোৰহাটত ১.৫১ লাখ-নগাঁৱত ১.৪০ লাখ, হিতাধিকাৰী সৃষ্টিৰ বিপৰীতে কাম কৰক:আছু

publisher by publisher
February 11, 2025
in India, Assam, News
Reading Time: 3 mins read
0
Registered unemployment increased to 3.6 million:পঞ্জীয়নভুক্ত নিবনুৱা ৩৬ লাখলৈ বৃদ্ধি
1
SHARES
14
VIEWS
ShareShareShareShare

Registered unemployment increased to 3.6 million:

বিজেপি মিত্রজোটৰ চৰকাৰে হেজাৰ হেজাৰ পদত নিযুক্তি প্ৰদানৰ দাবী কৰি অহাৰ সময়তে সর্বকালৰ অভিলেখ ভংগ কৰি ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ৩৬ লাখলৈ বৃদ্ধি হ’ল। আজিৰ দিনটোত ৰাজ্যখনত মুঠ পঞ্জীয়নভুক্ত নিবনুৱা সংখ্যা হ’লগৈ ৩৫ লাখ ৭৩ হেজাৰ ৯৯৫ জন। দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ তথ্য অনুসৰি, আজিৰ দিনটোলৈকে ৰাজ্যৰ মুঠ ৩৬,৪৬,৬৯৫ জন লোকে ৰাজ্যখনত থকা মুঠ ৫৫টা নিয়োগ বিনিময়ৰ কেন্দ্ৰত আবেদন কৰিছিল আৰু ইয়াৰে ৬৯,৫৫৮জনৰ আবেদন বাতিল আৰু ২,৯৪৯জনৰ আবেদন বিবেচনাধীন হৈ আছে। লগতে ৩৫,৭৩,৯৫৫ জনৰ আবেদন পঞ্জীয়ন কৰা হৈছে।

ADVERTISEMENT

আবেদনকাৰীসকলৰ ভিতৰত ৫৭.৭ শতাংশ অর্থাৎ ২১,০৩,৪১৮ জন পুৰুষ আৰু ৪২.৩ শতাংশ অর্থাৎ ১৫,৪২,৬৮১ গৰাকী মহিলা বুলি বিভাগীয়ভাবে প্রকাশ কৰা হৈছে। উল্লেখ্য যে যোৱা ২০২৩ৰ তিনি ডিচেম্বৰ পৰ্যন্ত ৰাজ্যখনত মুঠ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২১ লাখ তিনি হেজাৰ ২৫ জন। একেদৰে ২০১৯ত ৰাজ্যত ২০,৪৭,১৯৫ জন, ২০২০ত ২০,৮০,৭৬৭ জন আৰু ২০২১ত ছেপ্টেম্বৰ পর্যন্ত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২২,০০,১২৫ জন। এই সকলো সংখ্যা চেৰ পেলাই নিবনুৱাৰ সংখ্যাই ৩৫ লাখ অতিক্ৰম কৰি পুনৰবাৰ ৰাজ্যখনত ছানি ধৰি নিবনুৱা সমস্যাৰ ভয়াবহতা দাঙি ধৰিছে।

RelatedPosts

SLC Scheme:কৰ্মচাৰীসকলৰ বাবে আৰম্ভ Employee Salary-Linked Credit Scheme

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

SHe Box: ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ব্যৱস্থা চৰকাৰৰ

# পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাৰে শীৰ্ষত থকা নিয়োগ বিনিময় কেন্দ্র:

গুৱাহাটী- ৩,২৪,৮৩১ জন
বৰপেটা-২,১৭,৫০৪ জন
নলবাৰী-২,০৫,৭৪৫ জন
লখিমপুৰ-১,৬৪,৯৩৮ জন
শিলচৰ-১,৫৯,৯৪৩ জন
যোৰহাট১,৫১,৯৪৪ জন
ধুবুৰী -১,৩৫,৩০৪ জন
শিৱসাগৰ-১,২৫,২৫১ জন
মঙলদৈ-১,১৩,৭৭২ জন
গোলাঘাট-১,১২,৬৬৫ জন
তেজপুৰ-১,০৬,৩৯৩ জন
কোকৰাঝাৰ -১,০১,৪৯০ জন

উল্লেখ্য যে পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাৰে শীৰ্ষত আছে গুৱাহাটী। আজি বিয়লি চাৰি বজা পর্যন্ত গুৱাহাটীত মুঠ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হৈছে ৩,২৪,৮৩১ জন। একেদৰে নিয়োগ বিনিময় কেন্দ্ৰ বৰপেটাত ২,১৭,৫০৪ জন, নলবাৰীত ২,০৫,৭৪৫ জন, লখিমপুৰত ১,৬৪,৯৩৮ জন, শিলচৰত ১,৫৯,৯৪৩ জন, যোৰহাটত ১,৫১,৯৪৪ জন, ধুবুৰীত ১,৩৫,৩০৪ জন, শিৱসাগৰত ১,২৫,২৫১ জন, মঙলদৈত ১,১৩,৭৭২ জন, গোলাঘাটত ১,১২,৬৬৫ জন, তেজপুৰত ১,০৬,৩৯৩ জন আৰু কোকৰাঝাৰত ১,০১,৪৯০ জন নিবনুৱা পঞ্জীয়নভুক্ত হৈ আছে। বিভাগীয় সূত্রই সদৰী কৰা অনুসৰি, পঞ্জীয়নভুক্ত ৩৫ লাখ ৭৩ হেজাৰ নিবনুৱাৰ ভিতৰত ৪,৪১,০৯৩ জনে বিভিন্ন ক্ষেত্রত নিয়োজিত হৈ আছে।

একেদৰে ৩১,৩২,৯২০ জন সম্পূর্ণরূপে নিবনুৱা তথা তেওঁলোকে কোনো কাম-বন নকৰে বুলি আবেদনৰ সময়ত তথ্য দাখিল কৰিছে বুলি কয়। লগতে পঞ্জীয়নভুক্ত এই ৩৫ লাখ নিবনুৱাৰ ভিতৰত স্নাতক ডিগ্রীধাৰী নিবনুৱাৰ সংখ্যা হৈছে ৭,৩৪,৯৩১ জন। একেদৰে স্নাতকোত্তৰ ডিগ্রীধাৰী ১,০৬,২৩৫ জন, উচ্চতৰ মাধ্যমিক উত্তীর্ণ ১২,৯৯,৫৩১ জন, দশম শ্রেণী উত্তীর্ণ ৪,৮৮,৩৩৩ জন নিবনুৱা আছে। ইয়াৰ উপৰি ঔদ্যোগিক শিক্ষা লাভ কৰা তথা আইটিআই উত্তীর্ণ ১৪,১০১, ডক্টৰেট ডিগ্রীধাৰী ৮০৪ জন নিবনুৱা আছে।

ইফালে, ৰাজ্যখনত দ্রুত হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি হোৱাৰ ঘটনাত উদ্বেগ প্রকাশ কৰি নিবনুৱা সমস্যা সমাধানত চৰকাৰখন চূড়ান্তভাবে ব্যর্থ হোৱা বুলি অভিযোগ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাই। শৰ্মাই কয়, ‘অসমৰ ভয়াৱহ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যর্থ হৈছে। চৰকাৰে নিৰ্বাচনৰ আগত ২৪ লাখ নিবনুৱাক সংস্থাপনৰ প্রতিশ্রুতি দিছিল আৰু নিৰ্বাচন পাৰ হোৱাৰ পাছত যোৱা চাৰিটা বছৰত গণি গণি এক লাখ নিবনুৱাক চাকৰি দিয়াৰ ঢাক-ঢোল বজাই আছে।

যি সময়ত চৰকাৰী খণ্ডত এক লাখ নিবনুৱাক নিযুক্তি দিবলৈ চৰকাৰক তিনি বছৰ অধিক সময় লাগিল, সেই সময়ত গুৱাহাটী, ডিব্ৰুগড়কে ধৰি ৰাজ্যখনত থকা বিশ্ববিদ্যালয়সমূহে প্রতি বছৰে এক লাখকৈ নতুন স্নাতক ডিগ্রীধাৰী সৃষ্টি কৰি আছে। অর্থাৎ শিক্ষিত নিবনুৱাৰ সংখ্যা বাঢ়ি গৈয়ে আছে।’ চৰকাৰৰ ঘৰত যুবক-যুৱতীক সংস্থাপন দিয়া বা যুৱ প্ৰজন্মক স্বাৱলম্বিতাৰ দিশত লৈ যাবলৈ কোনো পৰিকল্পিত আঁচনি এতিয়ালৈকে দেখা নাই বুলি আছুৰ সভাপতিজনে মন্তব্য কৰি লগতে কয়, ‘চৰকাৰে কেৱল ঋণ লৈ ৰাজ্যখনক ঋণৰ বোজাত পোত নিয়াই হিতাধিকাৰী সৃষ্টি কৰি আছে।

আজি অসমৰ লাখ লাখ পৰিয়ালে মাহে ১,২৫০ টকা পাবলৈ চৰকাৰৰ মুখলৈ চাই থাকিবলগীয়া হোৱাটোৱেই সূচাইছে যে অসমৰ অর্থনৈতিক উন্নয়ন কিমান ফোঁপোলা। সেয়ে আমি চৰকাৰক দাবী জনাইছো যে হিতাধিকাৰী সৃষ্টিৰ বিপৰীতে মানুহক কাম দিবলৈ চেষ্টা কৰক। কামৰ বিনিময়ত ধন দিয়ক, নিবনুৱা সমস্যা সমাধানৰ পথ প্রশস্ত কৰক।’

#চৰকাৰৰ মূল কথাটোৱেই হৈছে যে হিতাধিকাৰী সৃষ্টি; যাতে চৰকাৰৰ ওপৰত মানুহ নিৰ্ভৰশীল হৈ থাকিব লাগে: লুৰীণজ্যোতি

ইফালে, ৰাজ্যখনত দিনক দিনে নিবনুৱাৰ সংখ্যা দ্রুতহাৰত বৃদ্ধি পাই অহাৰ পাছতো নিবনুৱা সংস্থাপনৰ ক্ষেত্রত চৰকাৰখনে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই বুলি মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। প্রসংগত গগৈয়ে কয় যে চৰকাৰী চাকৰিয়ে ৩৫ লাখ নিবনুৱাক সংস্থাপন কেতিয়াও সম্ভর নহয়। ভয়াবহৰূপে বৃদ্ধি পোৱা নিবনুৱা সমস্যা সমাধান কৰিবলৈ হ’লে কেতবোৰ পৰিকল্পনা লাগিব; কিন্তু এই চৰকাৰে তেনে পৰিকল্পনা যুগুত কৰা দেখিবলৈ পোৱা নাই বুলি তেওঁ মন্তব্য কৰি যি কৰিছে কেৱল মাত্র ভোটৰ অংকত হিতাধিকাৰী সৃষ্টি কৰিছে বুলি কয়। গগৈয়ে কয়, ‘ৰাজ্যৰ যুৱক-যুৱতীসকলৰ স্বনিয়োজনৰ বাবে বিজেপি চৰকাৰে বহু কথা কৈছিল; কিন্তু আজিলৈকে একো নাই। আত্মসংস্থাপন পাব পৰা কোনোধৰণৰ ব্যবস্থা গ্রহণ নকৰিলে।’

এই সমস্যা অতি ভয়াৱহ আৰু গভীৰ বুলি তেওঁ মন্তব্য কৰি পুনৰ কয় যে নিবনুৱা সমস্যা সমাধান কৰিবলৈ হ’লে পৰিকল্পনা লাগিব। কি কি খণ্ডত নিবনুৱাসকলক সংস্থাপন দিয়া হ’ব, পৰিকল্পনা লৈ আগবাঢ়ি যাব লাগিব। বিপৰীতে এই চৰকাৰৰ মূল কথাটোৱেই হৈছে যে হিতাধিকাৰী সৃষ্টি, যাতে চৰকাৰৰ ওপৰত মানুহ নিৰ্ভৰশীল হৈ থাকিব পাৰে। মানুহে নিজে উৎপাদন কৰিবলৈ বা সংস্থাপনৰ বাট কিদৰে প্রশস্ত হ’ব, এই দিশত চৰকাৰৰ কোনো পৰিকল্পনা নাই বাবেই দিনক দিনে নিবনুৱাৰ সংখ্যা বৃদ্ধি পাই গৈছে বুলি তেওঁ কয়।

#নিবনুৱা সমস্যাৰ ক্ষেত্ৰত অভিলেখ গঢ়িছে চৰকাৰে চিপিআই(এম)

আনহাতে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভাৰতৰ ভিতৰত অসমক উন্নয়ন ৰাজ্যৰূপে অভিলেখ গঢ়িবলৈ বিচাৰিছে; কিন্তু নিবনুৱা সমস্যাৰ ক্ষেত্ৰতহে অভিলেখ গঢ়িছে বুলি মন্তব্য কৰিছে চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাৰে। তালুকদাবে কয়, ‘অসমত কাহানিও নুশুনা কাহানিও নেদেখা পৰিমাণৰ নিবনুৱা সৃষ্টি হৈছে এইখন চৰকাৰৰ দিনত। তেওঁলোকে এক লাখ যুৱক-যুৱতীক সংস্থাপন দিয়া বুলি ব্যাপক প্ৰচাৰ চলাই আহিছে, বিজ্ঞাপনৰ নামত কোটি কোটি টকা খৰচ কৰিছে; কিন্তু এই ড° শৰ্মাই মুখ্যমন্ত্রীৰূপে দায়িত্ব লোৱাৰ পাছত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যাই অভিলেখ গঢ়িছে। ভাৰতৰ ইতিহাসত দ্রুতগতিত নিবনুৱা সৃষ্টি ৰাজ্যৰূপে হয়তো অসমে অভিলেখ গঢ়িছে। এইখন চৰকাৰ নিবনুৱাৰ কাৰণে শত্ৰুৰ চৰকাৰ। চৰকাৰখন যিমান সোনকালে আঁতৰি যায়, নিবনুৱাসকলৰ বাবে সিমানেই মংগল।’

#চৰকাৰখনে নিবনুৱা সমস্যা বৃদ্ধিত যথেষ্ট উৎসাহ দিছে: চিপিআই (এমএল)

ইফালে, চৰকাৰে নিবনুৱাৰ সংখ্যা বৃদ্ধিত যথেষ্ট উৎসাহ জনাইছে বুলি অভিযোগ কৰিছে চিপিআই(এমএল) ৰ ৰাজ্যিক সম্পাদক বিবেক দাসে। দাসে কয়, ‘নিবনুৱা সমস্যা সমাধান বিজেপিৰ অন্যতম প্রতিশ্রুতি আছিল। এতিয়া যিটো দেখা গৈছে যে নিবনুৱা সৃষ্টিৰ মূল কাৰণ বিজেপি নিজেই। অসমত সাধাৰণতে উদ্যোগ, চৰকাৰী পদ তথা আৰক্ষী আৰু বিদ্যালয় আদিতে সর্বাধিকজনে সংস্থাপনৰ বাট প্রশস্ত কৰে। এতিয়া যদি চোৱা যায় ভাৰত স্বাধীন হোৱাৰ সময়তে যি উদ্যোগীকৰণ হ’ল, তাৰ পাছত অসমত উদ্যোগীকৰণ হোৱা নাই। বৰঞ্চ যিকেইটা আছিল বিজেপিয়ে বন্ধহে কৰিলে। আজি জাগীৰোডৰ কাগজ কল বন্ধ কৰিলে, নামৰূপত কৰ্মচাৰীৰ হ্ৰাস কৰিলে, চতুর্থগোটটো নিৰ্মাণ কৰাৰ কথা কৈছিল নকৰিলে। মৰাপাট উদ্যোগটো তেনেকৈ থাকিল।

অসমত যিকেইটা উদ্যোগ আছিল প্রায় বন্ধই হৈ গ’ল। নতুন উদ্যোগ স্থাপনৰ কোনো দিশ দেখা নাই।’ উল্লেখ্য যে অসমত যিমান মৰাপাট উৎপাদন হয়, সেই মৰাপাটেৰে অসমত ছটা মৰাপাট কাৰখানা স্থাপন হ’ব পাৰে বুলি তেওঁ মন্তব্য কৰি এতিয়া থকাটোৱেই বন্ধৰ উপক্রম হৈছে বুলি কয়। দাসে পুনৰ কয়, ‘অসমত যিমান বাঁহ উৎপাদন হয়, অসমত তিনিটা নতুন কাগজ কল স্থাপন কৰিব পাৰে। আজি জাগীৰোড, কাছাৰ কাগজ কাৰখানা বন্ধ। এই ক্ষেত্ৰত চৰকাৰৰ কোনো পৰিকল্পনা নাই। লগতে চৰকাৰী চাকৰিৰ পৰিমাণ হ্রাস কৰি আনিছে। বিদ্যালয়সমূহত ঠিকাভিত্তিকৰূপে শিক্ষক নিযুক্তি দিছে। চৰকাৰে যি পকিল্পনাৰে কাম কৰিছে, ই নিবনুৱা সমস্যা বৃদ্ধিৰহে পৰিকল্পনা। এনেকৈ থাকিলে আগন্তুক দিনত সমস্যা অধিক হ’ব।’

এই চৰকাৰখনে নিবনুৱা সমস্যা বৃদ্ধিত যথেষ্ট উৎসাহ দিছে বুলি দাসে মন্তব্য কৰি কয়, ‘এতিয়া অসমৰ শাসকীয় মন্ত্রী-বিধায়কসকল একো একোটা সমষ্টিৰ জমিদাৰৰ দৰে হৈ পৰিছে। সকলো কাম তেওঁলোকেই কৰে। সকলো সামগ্রী তেওঁলোকেই যোগান ধৰে, তাত বেলেগক সংস্থাপন হ’বলৈ নিদিয়ে। আগতে যেনেদৰে জমিদাৰ আছিল, আজিকালি শাসকীয় বিধায়কসকল যেন জমিদাৰ হৈ পৰিছে। চাহ বাগিচা, চাহ কাৰখানা, পেট্র’ল পাম্প সকলো তেওঁলোকেই ল’ব। অর্থাৎ বিজেপি চৰকাৰৰ কাৰ্যসূচী হৈছে তেওঁলোকৰ নেতাসকলৰ সংস্থাপন, নিবনুৱা সমস্যা সমাধান কৰাটো নহয়।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovtEmployment ExchangesRegistered unemployment increased
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d