মেষ : আয় উন্নতিৰ বাবে দিনটো শুভ যদিও ব্যয়বস্থলতাৰ কাৰণে সঞ্চয় নহ’ব। বিপত্তি থকা সত্ত্বেও লক্ষ্যত উপনীত হ’ব পাৰিব আকস্মিকভাৱে প্ৰাপ্তি যোগ ঘটিব পাৰে। কিবা কাৰণত মানসিক অশান্তিত ভুগিব পাৰে। প্ৰেমত শুভ। শুভ ৰং হালধীয়া ।
বৃষ : কর্মক্ষেত্ৰত সুখ্যাতি লাভ। ভ্রাতৃৰ লগত মতৰ অমিল দেখা দিব পাৰে। চকুৰ সমস্যাত ভুগিব পাৰে। অযথা অৰ্থ নাশ হ’ব পাৰে।ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কোনো শুভ নহ’ব। উচ্চ বিদ্যাৰ্থীৰ উন্নতিৰ যোগ। শুভ ৰং কমলা ৷
মিথুন : নিজৰ ভুলৰ কাৰণে ভাল সুযোগ হেৰুৱাব। দৈনন্দিন কাম-কাজত বাধাৰ মাজেৰে অগ্ৰগতি । আকস্মিক কোনো অপ্রীতিকৰ ঘটনাৰ সন্মুখীন হ’ব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰিব। আর্থিকত মধ্যম ফল।শুভ ৰং ৰঙা ।
কৰ্কট : নিজৰ কোনোবাৰ লগত বিবাদৰ সূত্ৰপাত ঘটিব পাৰে। বুধৰ শুভ প্ৰভাৱৰ ফলত ব্যৱসায়-বাণিজ্যত শুভ প্ৰভাৱ পৰিব। গৃহ নিৰ্মাণৰ পৰিকল্পনা গ্রহণ কৰিব পাৰে। বিনা কাৰণত অপবাদৰ ভয় আছে। শুভ ৰং সেউজীয়া।
সিংহ : অশুভ ৰাহুৰ কাৰণে কৰ্মত পদোন্নতিৰ ক্ষেত্ৰত বাধা থাকিব । ৰাহুৰ অশুভ প্রভাৱৰ ফলত শত্ৰুৰ বেয়া নজৰত পৰিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত শান্তি বিঘ্নিত হ’ব পাৰে। বিদ্যাৰ্থীৰ মানসিক চঞ্চলতা বৃদ্ধিৰ ফলত বিদ্যাত বাধা। শুভ ৰং বগা।
কন্যা :বুধৰ শুভ প্ৰভাৱত সম্পদ লাভৰ যোগ। কৰ্মসূত্ৰে বাহিৰলৈ যোৱাৰ যোগ। দাম্পত্যত সুখ আৰু শান্তি বজাই থাকিব। খং নিয়ন্ত্ৰণত ৰাখিব । বিনা কাৰণত মানহানিৰ যোগ। গতিকে সতর্কতা অৱলম্বন কৰিব।শুভ ৰং নীলা ।
তুলা : আর্থিক ক্ষেত্ৰত উন্নতিৰ যোগ। কিবা কাৰণত মানসিক পীড়াত ভুগিব পাৰে। যোগ্যতা অনুযায়ী নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। বন্ধু বিয়োগৰ যোগ। কিবা কাৰণত মনত ভয়ৰ সঞ্চাৰ হ’ব পাৰে। প্ৰেমত অশুভ। শুভ ৰং ৰঙা ৷
বৃশ্চিক : যোগ্যতা অনুযায়ী কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। শিক্ষকতাৰ লগত জড়িত ব্যক্তিৰ শুভ বুলি ক’ব নোৱাৰি। ঘৰুৱা দিশত সমস্যা দেখা দিব পাৰে। আর্থিক ক্ষেত্ৰত শুভ যদিও সঞ্চয় নহ’ব। বিদ্যাৰ্থীৰ মধ্যম ফলদায়ক। শুভ ৰং সোণালী।
ধনু : নিবনুৱাৰ কৰ্মলাভৰ যোগ। কৰ্মক্ষেত্ৰত বিশৃংখল দেখা দিব পাৰে। আত্মীয়ৰ কাৰণে ক্ষতিগ্ৰস্ত হ’ব। মূৰৰ বিষত কষ্ট পাব। আকস্মিকভাৱে কোনো বিতর্কত সোমাব পাৰে। প্ৰেম আৰু দাম্পত্যত অশুভ ফলদায়ক। শুভ ৰং গুলপীয়া।
মকৰ : অন্য ব্যক্তিৰ সহায়ত উন্নতিৰ যোগ। কর্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব যদিও আর্থিক ক্ষেত্ৰত ভাল ফল নাপাব। সন্তানৰ কৰ্ম প্ৰাপ্তিৰ যোগ।স্বাস্থ্য সম্পর্কে সচেতন থাকিব। বিদ্যাৰ্থীৰ শুভ ফলদায়ক। শুভ ৰং
মাটিয়া ।
কুম্ভ : পৰিকল্পিত কর্মত ব্যাঘাত ঘটিব পাৰে। বাধা-বিপত্তি সত্ত্বেও বিদ্যাৰ্থীৰ সাফল্য আহিব। যান-বাহনৰ পৰা সতর্ক থাকিব। আর্থিক ক্ষেত্ৰত উন্নতিৰ যোগ আছে যদিও অপ্রত্যাশিতভাৱে বাধা আহিব পাৰে। শুভ ৰং ক’লা।
মীন : কর্মক্ষেত্ৰত একাধিক সুযোগ সুবিধা আহিব। গুপ্ত শত্ৰুৰ পৰা সতর্ক থাকিব। বস্তু কিনা-বেচাৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। গুৰুজনৰ লগত কিবা কাৰণত মতানৈক্য দেখা দিব পাৰে। শুভ ৰং হালধীয়া ।