Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুনৰ অসুস্থ ছোনিয়া গান্ধী

    পুনৰ অসুস্থ ছোনিয়া গান্ধী

    পুণ্যস্নান কৰি অঘটন ! গোদাবৰী নদীত উটি গ’ল পাঁচ কিশোৰ 

    মর্মান্তিক ! দলং ভাঙি চাৰি জনৰ মৃত্যু, আহত ৩২

    ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ পথত ভূমিস্খলন, তীৰ্থযাত্ৰীৰ মৃত্যু, বৰ্তমানৰ বাবে বন্ধ তীৰ্থযাত্ৰা

    মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, মধ্যপ্ৰদেশত চাৰি মাওবাদী নেতা নিহত

    মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Pm Modi:যুদ্ধবিৰতিৰ পাছত পুনৰ হুংকাৰ মোদীৰ

পাক সেনাই ক্ষতি কৰা বুলি দাবী কৰা আদমপুৰ বায়ুসেনা ঘাটিত উপস্থিত হৈ প্রধানমন্ত্রী এই হুংকাৰ, কোনোবাই যদি মানবীয়তাক আঘাত হানে, ভাৰতে যুদ্ধৰ বিকল্প চিন্তা নকৰে, পাকিস্তান-সন্ত্রাসবাদীক সকীয়াই দি নতুন ভাৰতৰ তিনি সূত্র ব্যাখ্যা

publisher by publisher
May 14, 2025
in India, News
Reading Time: 3 mins read
0
Pm Modi:যুদ্ধবিৰতিৰ পাছত পুনৰ হুংকাৰ মোদীৰ
1
SHARES
11
VIEWS
ShareShareShareShare

Pm Modi:

সময়ৰ ব্যৱধান ২৪ ঘণ্টা নৌহওতেই পাকিস্তান আৰু সন্ত্রাসবাদীলৈ দুবাৰকৈ কঠোৰ সকীয়নি দিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ভূমিত পুনৰ সন্ত্রাসবাদী আক্রমণ সংঘটিত হ’লে ভাৰতে সেই আক্ৰমণৰ জোৰদাৰ প্ৰত্যুত্তৰ দিব বুলিও প্রধানমন্ত্রীয়ে হুংকাৰ দিছে। সোমবাৰে নিশা আঠ বজাত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত মোদীয়ে পাকিস্তান আৰু সন্ত্রাসবাদীৰ বিৰুদ্ধে হুংকাৰ দিয়ে।

ADVERTISEMENT

এই ভাষণৰ ২৪ ঘণ্টা পাৰ নৌহওতে পঞ্জাৱৰ আদমপুৰৰ বায়ুসেনা ঘাটিৰ পৰা পুনৰ পাকিস্তান আৰু সন্ত্রাসবাদীক তেওঁ কঠোৰ ভাষাৰে সকীয়াই দিয়ে। ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বিৰাজ কৰা বিগত দিনসমূহত পাক সেনাই পঞ্জাৱৰ আদমপুৰ বায়ুসেনা ঘাটিত ব্যাপক ক্ষয়-ক্ষতি কৰা বুলি দাবী উত্থাপন কৰে। আজি এই বায়ুসেনা ঘাটিতে প্রধানমন্ত্রী উপস্থিত হৈ প্রতিৰক্ষা বাহিনীৰ বিষয়া-জোৱানসকলক অভিবাদন জনায়। ‘অপাৰেছন সিন্দূৰ’ৰ সফলতা ভাৰতীয় সামৰিক বাহিনীৰ হাত ধৰি আহিল বুলি উল্লেখ কৰি তেওঁ প্ৰতিৰক্ষা বাহিনীক ভূয়সী প্রশংসা কৰে। প্ৰতিৰক্ষা বাহিনীক উদ্দেশ্যি দিয়া ভাষণত মোদীয়ে প্রথমেই ভাৰতীয় সামৰিক বাহিনীৰ কৃতিত্ব ব্যাখ্যা কৰে। বায়ুসেনা-নৌসেনা আৰু স্থলসেনাক প্রশংসা কৰি তেওঁ কয়, ‘অপাৰেছন সিন্দুৰ’ৰ গৰ্জন শত্ৰুৰ কাণত বাজি আছে। যিসকলে আমাৰ মা-ভনীৰ সেন্দুৰ মচিছে, তেওঁলোকক ঘৰতে শেষ কৰা হৈছে। কাপুৰুষৰ দৰে সন্ত্রাসবাদীসকলে লুকাই আছিল।

RelatedPosts

India-Pakistan Conflict:ছৌডি আৰবত ভাৰতৰে চাৰিটা বিষয়ত আলোচনাৰ বাবে আগ্রহী পাকিস্তান

Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

তাতে আমাৰ সেনাবাহিনীয়ে তেওঁলোক নিঃশেষ কৰে। আপোনালোক (ভাৰতীয় সামৰিক বাহিনী) এ সন্ত্রাসবাদীসকলৰ ওচৰত থাকি আঘাত হানে। সন্ত্রাসবাদীৰ নটা ঘাটি ধূলিৰ লগত মিলাই দিলে। শতাধিক সন্ত্রাসবাদীক আপোনালোকে নিঃশেষ কৰিলে।’ কেৱল সন্ত্রাসবাদীয়েই নহয়, অপাৰেছন সিন্দুৰৰ জৰিয়তে ভাৰতীয় প্রতিৰক্ষা বাহিনীয়ে পাকিস্তানী সেনাকো মোক্ষম প্রত্যুত্তৰ দিলে বুলিও মোদীয়ে মন্তব্য কৰে। তেওঁ কয়, ‘আপোনালোক (ভাৰতীয় সামৰিক বাহিনী) এ পাকিস্তানী সেনাক বুজাই দিলে যে সন্ত্রাসবাদীয়ে য’ত শান্তির নিশ্বাস ত্যাগ কৰে, তাতে সন্ত্রাসবাদীক আপোনালোকে মাৰিব। আমাৰ হাতত থকা ড্র’ন-ক্ষেপণাস্ত্ৰৰ চিন্তাত তেওঁলোকৰ নিদ্ৰাহৰণ হৈছে। অপাৰেছন সিন্দৰে দেশৰ আত্মবিশ্বাস অনেক বৃদ্ধি কৰিছে। একেডাল সূতাই দেশবাসীক একত্ৰিত কৰিছে। আপোনালোক (সামৰিক বাহিনী) এ যি কৰিছে, এয়া অকল্পনীয়, অদ্ভুত আৰু অভাবনীয়।’ ভাষণত মোদীয়ে পাকিস্তানক পুনৰ কঠোৰ সুৰত সকীয়নি দিয়ে।

তেওঁ কয়, ‘আমাৰ লক্ষ্য আছিল কেৱল সন্ত্রাসবাদীৰ মুখ্যস্থল ধ্বংস কৰা। কিন্তু পাকিস্তানে যাত্রীবাহী বিমান সন্ত্রাসবাদীৰ মুখ্য ঘাটিৰ ওচৰত ৰাখি ঢালৰ দৰে ব্যৱহাৰৰ ষড়যন্ত্র কৰে। তৎসত্ত্বেও আমাৰ সেনাবাহিনীয়ে যাত্রীবাহী বিমানৰ কোনো ক্ষতি নকৰাকৈ শত্ৰুৰ ঘাটিত নিখুঁত আঘাত হানে।’ নতুন ভাৰতে শান্তি বিচাৰে বুলি উল্লেখ কৰি মোদীয়ে আৰু কয়, ‘আমাৰ নতুন ভাৰতে শান্তি বিচাৰে। কিন্তু কোনোবাই যদি মানবীয়তাক আঘাত কৰে, তেতিয়া ভাৰতে যুদ্ধৰ বিকল্প চিন্তা নকৰে।’ ১৯৭১ৰ ভাৰত-পাকিস্তান যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে এইবাৰ ভাৰতৰ তিনিওটা প্রতিৰক্ষা বাহিনীয়ে একত্রিতভাবে অভিযান (অপাৰেছন সিন্দুৰ) চলায় বুলিও মোদীয়ে মন্তব্য কৰে।

তেওঁ কয়, ‘আমাৰ উদ্দেশ্য স্পষ্ট। যদি আৰু এক সন্ত্রাসবাদী আক্রমণ সংঘটিত হয় তেতিয়া ভাৰতে প্ৰত্যুত্তৰ দিব ২০১৬ৰ জম্মু-কাশ্মীৰৰ উৰি সামৰিক ঘাটি আৰু ২০১৯ৰ পুলৱামা আক্ৰমণৰ পাছত বালাকোটৰ বিমান আক্রমণ আমি দেখিলো।’ অপাৰেছন সিন্দূৰক তেওঁ নতুন প্রাত্যহিকতা বুলিও আখ্যা দি কয় যে এই অভিযান ভাৰতীয় নাগৰিকৰ ওপৰত আক্ৰমণ চলোৱা বিদেশী ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্রাসবাদীৰ বিৰুদ্ধে নির্ণায়ক ব্যৱস্থা গ্ৰহণৰ বাবে ভাৰতৰ চৰকাৰসমূহৰ এক নীতিত পৰিণত হ’ব। ভাষণত ‘ভাৰত মাতা কী’ ধ্বনি দি মোদীয়ে স্বভাবসুলভ ভংগীমাৰে আৰু কয়, ‘আপোনালোক (সামৰিক বাহিনী) ক লৈ প্রতিজন ভাৰতীয় গর্বিত।

আপোনালোকে ইতিহাস ৰচনা কৰিলে আপোনালোকৰ আশীৰ্বাদৰ বাবে মই ইয়ালৈ আহিছো। সন্ত্রাসবাদীসকলে আমাক প্রত্যাখুন জনাইছিল। আপোনালোকে তেওঁলোকৰ মূৰত আঘাত কৰিলে। আপোনালোকে সন্ত্রাসবাদীসকলৰ ঘাটি উৎখাত কৰিলে আৰু শতাধিক সন্ত্রাসবাদীক নিঃশেষ কৰিলে। সন্ত্রাসবাদীসকলে যদি আমাক আক্ৰমণ কৰাৰ চেষ্টা কৰে তেন্তে তাৰ ফল নিজৰ ধ্বংস বুলি সন্ত্রাসবাদীসকলে উপলব্ধি কৰিছে।’

# নতুন ভাৰতৰ তিনি সূত্র ব্যাখ্যা

আদমপুৰ বায়ুসেনা ঘাটিত প্রধানমন্ত্রী মোদীয়ে নতুন ভাৰতৰ তিনিটা সূত্ৰৰ বিষয়ে উল্লেখ কৰে। তেওঁ ব্যাখ্যা কৰা অনুসৰি এই তিনি সূত্ৰৰ প্ৰথমটো হ’ল সন্ত্রাসবাদীৰ আক্ৰমণ সংঘটিত হ’লে ভাবতে মৌন হৈ নাথাকে। বৰঞ্চ নিজৰ শক্তিৰে প্ৰত্যুত্তৰ দিব। নতুন ভাৰতৰ দ্বিতীয়টো সূত্ৰ হ’ল ভাৰতে পৰমাণু অস্ত্ৰৰ আক্ৰমণৰ ভাবুকি সহ্য নকৰে আৰু

তৃতীয়টো সূত্ৰৰ মতে সন্ত্রাসবাদী আৰু সন্ত্রাসবাদীৰ পৃষ্ঠপোষকক ভাৰতে সুকীয়া সত্তা বুলি বিবেচনা নকৰে। উল্লেখ্য যে সোমবাৰে নিশা মোদীয়ে দেশবাসীক উদ্দেশ্যি ভাষণ দিয়াৰ প্ৰাক্‌মুহূৰ্তত মার্কিন ৰাষ্ট্ৰপতি কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত
ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দাবী কৰে যে তেওঁৰ সকীয়নিত ভাৰত-পাকিস্তানে শেহতীয়া সংঘাত ত্যাগ কৰি যুদ্ধবিৰতিলৈ সন্মতি দিয়ে। ট্রাম্পৰ এনে মন্তব্যৰ পাছত মঙলবাৰে পুনৰ মোদীয়ে সন্ত্রাসবাদী আৰু সন্ত্রাসবাদীৰ পৃষ্ঠপোষক সুকীয়া সত্ত্বাৰূপে ভাৰতে গণ্য নকৰে বুলি কৰা মন্তব্য যথেষ্ট তাৎপর্যপূর্ণ হৈছে। এনে মন্তব্যৰ জৰিয়তে তেওঁ ট্রাম্পলৈও এক বার্তা প্ৰেৰণ কৰা বুলি চর্চিত হৈছে। আজি পুৱা ৬-১৫ বজাত আদমপুৰ বায়ুসেনা ঘাটিত উপস্থিত হৈ তাত কমেও এঘণ্টা সময় অতিবাহিত কৰে।

পাছত তেওঁ সামাজিক মাধ্যম ‘এক্স’ত কয়, ‘আজি পুৱা আদমপুৰ বায়ুসেনা কেন্দ্ৰলৈ যাও আৰু আমাৰ বীৰযোদ্ধা-সৈনিকসকলক সাক্ষাৎ কৰো। সাহস, দৃঢ়তা আৰু নির্ভীকতাক প্রতিনিধিত্ব কৰা সকলৰ স’তে কটোৱা সময়খিনি এক অতি বিশেষ অভিজ্ঞতা। আমাৰ ৰাষ্ট্ৰৰ বাবে প্ৰতিৰক্ষা বাহিনীসমূহে কৰা প্ৰতিটো কামৰ প্ৰতি ভাৰত অন্তঃকৰণৰে কৃতজ্ঞ।’

# পাকিস্তানৰ দাবীক চূড়ান্ত মিথ্যাচাৰ আখ্যা ভাৰতৰ

বিগত সংঘাতৰ সময়ত পাক সেনাই আদমপুৰৰ বায়ুসেনা ঘাটিত চীনত তৈয়াৰী জেএফ-১৭ যুদ্ধ বিমানৰে আক্ৰমণ চলাই বায়ুসেনা ঘাটিটোত স্থাপিত এছ-৪০০ ক্ষেপণাস্ত্র প্রতিৰক্ষা ব্যৱস্থা ধ্বংস কৰা বুলি দাবী কৰিছে। তদুপৰি দেশখনে বায়ুসেনা ঘাটিটোৰ যুদ্ধ বিমান আৰু ৰাডাৰ কেন্দ্রও ধ্বংস কৰা বুলি দাবী উত্থাপন কৰিছে। কেৱল সেয়াই নহয়, দেশখনে ৬০ জন ভাৰতীয় সৈনিকক নিহত কৰা বুলি জাহিৰ কৰিছে। অৱশ্যে এই সকলো দাবী পাকিস্তানৰ সম্পূৰ্ণ মিথ্যাচাৰ আখ্যা দিছে ভাৰতে। সূত্রই কয় যে পাক সেনাই আদমপুৰ বায়ুসেনা ঘাটিৰ বিকৃত উপগ্ৰহীয় ফটো প্রকাশ কৰি হাস্যকৰ দাবী উত্থাপন কৰিছে। সূত্রই লগতে জনোৱা মতে, যোৱা সপ্তাহত পাকিস্তানে নিক্ষেপ কৰা বহুসংখ্যক ক্ষেপণাস্ত্র বায়ুসেনা ঘাটিটোত ৰখা এছ-৪০০এ ধ্বংস কৰে।

# পাকিস্তানৰ ওপৰত আঘাত হনাৰ প্ৰমাণ কৰিলে ভাৰতে

যোৱা সপ্তাহত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে পাকিস্তানৰ বিভিন্ন সামৰিক ঘাটিত সংঘটিত কৰা প্ৰত্যাক্ৰমণৰ প্ৰমাণ সম্প্রতি পোৱা গৈছে। কৃত্রিম উপগ্ৰহৰ ফটোত দেখা গৈছে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে পাক সেনাৰ মুখ্য কাৰ্যালয়ৰ ওচৰৰ ৰাৱলপিণ্ডিৰ নুৰ খান বায়ুসেনা ঘাটিকে ধৰি ১১ টা বায়ুসেনা ঘাটিত আঘাত হানে। এই ১১ পাক বায়ুসেনা ঘাটিৰ অন্যতম হৈছে ছাগোধাৰ মুছাফ, উত্তৰ সিন্ধৰ শাহবাজ জেকোবাবাদ আৰু উত্তৰ থাত্তাৰ ভোলাৰি। ভাৰতীয় বায়ুসেনাই আঘাত হনা এই ঘাটিবোৰত ধ্বংস হোৱাসমূহৰ মাজত কাৰিকৰী আন্তঃগাঁথনি, নিয়ন্ত্ৰণ আৰু নির্দেশ কেন্দ্ৰ, ৰাডাৰস্থলী আৰু অস্ত্র-শস্ত্র গুদামো আছে। উল্লেখ্য যে পহলগামত সন্ত্রাসবাদী নৰসংহাৰৰ বিৰুদ্ধে ভাৰতীয় প্রতিৰক্ষা বাহিনীয়ে অপাৰেছন সিন্দুৰ আৰম্ভ কৰাৰ দিনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত নটা সন্ত্রাসবাদী শিবিৰ ধ্বংস কৰে। ভাৰতৰ সামৰিক প্রত্যাঘাতত এই শিবিৰসমূহত থকা শতাধিক সন্ত্রাসবাদী নিহত হয়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Adampur airbaseIndia Pakistan Conflictnarenda modi
publisher

publisher

Related Posts

পুনৰ অসুস্থ ছোনিয়া গান্ধী
India

পুনৰ অসুস্থ ছোনিয়া গান্ধী

June 15, 2025
পুণ্যস্নান কৰি অঘটন ! গোদাবৰী নদীত উটি গ’ল পাঁচ কিশোৰ 
India

পুণ্যস্নান কৰি অঘটন ! গোদাবৰী নদীত উটি গ’ল পাঁচ কিশোৰ 

June 15, 2025
মর্মান্তিক ! দলং ভাঙি চাৰি জনৰ মৃত্যু, আহত ৩২
India

মর্মান্তিক ! দলং ভাঙি চাৰি জনৰ মৃত্যু, আহত ৩২

June 15, 2025
ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ পথত ভূমিস্খলন, তীৰ্থযাত্ৰীৰ মৃত্যু, বৰ্তমানৰ বাবে বন্ধ তীৰ্থযাত্ৰা
India

ধাৰাসাৰ বৰষুণৰ ফলত কেদাৰনাথ পথত ভূমিস্খলন, তীৰ্থযাত্ৰীৰ মৃত্যু, বৰ্তমানৰ বাবে বন্ধ তীৰ্থযাত্ৰা

June 15, 2025
মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, মধ্যপ্ৰদেশত চাৰি মাওবাদী নেতা নিহত
India

মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, মধ্যপ্ৰদেশত চাৰি মাওবাদী নেতা নিহত

June 15, 2025
মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!
India

মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!

June 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d