Guwahati University:
বিজেপি চৰকাৰে গাঁৱে-ভূঞে সুৰাৰ বিপণী খুলি সামাজিক পৰিৱেশ বিনষ্ট কৰা বুলি সততে অভিযোগ উত্থাপিত হৈ অহাৰ মাজতে এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গাতে সুৰাৰ বিপণী খুলিবলৈ আবকাৰী বিভাগে অনুমতি দিয়াক লৈ ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে।
কৃষ্ণচূড়াৰ দেশক সুৰাৰ নগৰীলৈ ৰূপান্তৰৰ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে শিক্ষার্থী সমাজে। ৰাজহ সংগ্ৰহৰ স্বাৰ্থত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা এই হঠকাৰী সিদ্ধান্ত শীঘ্রে বাতিল কৰিবলৈ সদৌ অসম ছাত্র সন্থাকে ধৰি স্থানীয় ৰাইজে দাবী জনাই সৰৱ হৈ পৰিছে।
উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ সমীপত পূৰ্বতে সুৰাৰ বিপণী খোলাৰ অনুমতি প্রদান কৰা হৈছিল যদিও তীব্র প্রতিক্ৰিয়াৰ পাছতে এই অনুমতি স্থগিত ৰাখে জিলা প্রশাসন তথা আবকাৰী বিভাগে। তাৰ কেইমাহ মানৰ পাছতে আবকাৰী বিভাগে পুনৰ সুৰাৰ বিপণী খোলাৰ অনুমতি প্ৰদান কৰিছে। যোৱা ২০ মে’ত অসম চৰকাৰৰ আবকাৰী বিভাগৰ যুটীয়া সচিব ডব্লিউ এছ দৈমাৰীয়ে কামৰূপ মহানগৰ জিলা আয়ুক্তলৈ ৬৪৪৫৬৩/২১৮ নম্বৰৰ এখন পত্ৰ প্ৰেৰণ কৰিছে।
এই পত্ৰত স্পষ্টকে উল্লেখ কৰা হৈছে যে জালুকবাৰীৰ পাণ্ডু সদিলাপুৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কাবেৰী দাসক ভাৰতত প্রস্তুত হোৱা বিদেশী সুৰাৰ বাৰ খুলিবলৈ অনুমতি দিয়া হৈছে। লতাশিলৰ বাসিন্দা দাসৰ ইতিমধ্যে সেই স্থানত এখন ৰেস্তোৰাঁ আছে। ‘মেচাৰ্ছ এঞ্জেল বাৰ এণ্ড ৰেষ্টুৰেণ্ট’ক ‘আই এম এফ এল অন শ্বপ’ৰ অনুমতি প্ৰদান কৰা হৈছে। উল্লেখ্য যে আবকাৰী বিভাগৰ এই পত্ৰই শিক্ষা নগৰীৰপে চিহ্নিত জালুকবাৰীত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।
চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্তই সংবাদ মাধ্যমৰ আগত কয়, ‘চৰকাৰখন এতিয়া ৰাজহ সংগ্ৰহত এনেধৰণে ব্যস্ত হৈ পৰিছে যে সুৰাৰ জৰিয়তেও ৰাজহ সংগ্ৰহৰ আপ্রাণ চেষ্ট চলাইছে। চাৰিওফালে সুৰাৰ বিপণী দিয়া দেখিছো; কিন্তু বিশ্ববিদ্যালয় এখনৰ সমীপত সুৰাৰ বিপণী দিব নালাগিছিল।’ তেওঁ পুনৰ কয়, ‘গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হৈছিল অসম চৰকাৰৰ এখন বিধেয়কৰ জৰিয়তে।
এই বিধেয়কখন ১৯৪৭ৰ পহিলা ছেপ্টেম্বৰত বিধানসভাত উত্থাপন হৈছিল। সেই দিনাই স্বাধীন ভাৰৰ্তত অসমৰ প্ৰথমখন অধিবেশনত প্রথমদিনা এই বিধেয়ক উত্থাপন কৰিছিল গোপীনাথ বৰদলৈয়ে। ইয়াৰ প্ৰতি সম্মান প্রদর্শন কৰক। সেয়ে চৰকাৰক আহ্বান জনাম যে সুৰাৰ বিপণী নহয়, এখন গ্রন্থ বিপণী দিয়ক; যি গ্রন্থ বিপণীত পৃথিৱীৰ উৎকৃষ্টমানৰ গ্ৰন্থসমূহ উপলব্ধ হয়।’ লগতে স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত দাবী কৰে যে পাঁচ-ছমাহৰ আগতে কৃষ্ণচূড়া ধাবাৰ ওচৰত এখন সুৰাৰ বিপণী খোলাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি অৱগত হৈছিল।
ইয়াৰ বিৰোধিতা কৰি স্থানীয় ৰাইজে জিলা আয়ুক্তৰ ওচৰত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। যিহেতু অঞ্চলটোত গুৱাহাটী বিশ্ববিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়কে ধৰি বহুকেইখন শিক্ষানুষ্ঠান আছে। ইয়াৰ পাছতে জিলা আয়ুক্তই তদন্তৰ নিৰ্দেশ দিয়াৰ পাছত আবকাৰী বিভাগে অৱগত কৰে যে ৭৫ মিটাৰৰ ভিতৰত কোনোবাই আপত্তি দর্শালে অনুমতি লাভ নকৰে। শেষত আবকাৰী বিভাগে তদন্ত কৰি ৰাইজৰ বিৰোধিতাৰ ফলত ইয়াক বন্ধ কৰি দিয়ে যদিও এতিয়া পুনৰ অনুমতি প্রদান কৰা হৈছে বুলি স্থানীয় লোকসকলে মন্তব্য কৰে।
একেদৰে এই সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটে। এক প্রেছ বাৰ্তাত জিইউ আছু গোটৰ সভাপতি ধীৰাজ কলিতা, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বসন্ত কটকী, আইন মহাবিদ্যালয়ৰ আছু গোটৰ সভাপতি মোস্তাক আহমেদ আৰু সাধাৰণ সম্পাদক আকাশ কাশ্যপে কয় যে বিশ্ববিদ্যালয় খনৰ নিচেই কাষতে এখন সুৰাৰ বিপণী খোলাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা কার্য অতি দুর্ভাগ্যজনক। আবকাৰী বিভাগৰ এই সিদ্ধান্তই বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিব বুলি তেওঁলোকে মন্তব্য কৰি এই সিদ্ধান্ত তথা অনুমতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।