Isreal- Iran War Update:
ক্ৰমাৎ মধ্যপ্রাচ্যৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ ৷ যোৱা নিশা ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰে ইৰানে ৷ ২০টাতকৈও অধিক মিছাইলেৰে ইজৰাইলক প্ৰধান চহৰ জেৰুজালেমকে ধৰি ৱেষ্ট বেংকত ধাৰাসাৰ মিছাইল আক্ৰমণ ৷ ইৰানৰ আক্ৰমণৰ পাছতে ইজৰাইলত বাজি উঠে ছাইৰেন ৷আনহাতে ইজৰাইলক তেল আভিভ খালী কৰাৰো সকীয়নি দিয়াৰ লগতে তেল আভিভ ত্যাগ কৰিবলৈ সকীয়নি প্ৰদান কৰে ইৰানৰ চীফ অৱ ডিফেন্স ষ্টাফৰ ৷
আনহাতে ইৰানৰ মিছাইল আক্ৰমণৰ পাছতে ইৰানক প্ৰত্যুত্তৰ দি ইজৰাইলে ইৰানৰ ১২টাকৈ স্থানত আক্ৰমণ কৰে মিছাইলে ৷ ইপিনে ইৰানৰ আকাশমাৰ্গ মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ নিয়ন্ত্ৰণনৈ নিছে বুলি শেহতীয়াকৈ জানিব পৰা গৈছে ৷
আনহাতে ইজৰাইলৰ আক্ৰমণত ইৰানৰ নৱনিযুক্ত সেনা মুৰব্বীয়েও প্রাণ হেৰুৱালে বুলি ইজৰাইলী সেনাই দাবী কৰিছে। যোৱা নিশা ইজৰাইলী বাহিনীয়ে তেহৰানস্থিত মুখ্য কার্যালয়ত বিমানৰে বোমাবর্ষণ কৰে।
এই বোমাবর্ষণত দেশখনৰ নৱনিযুক্ত সেনা মুৰব্বী আলি ছাদমানিও নিহত হয় বুলি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰিছে। এক বিবৃতিত ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে কয় যে মাত্র তিনিদিন পূর্বে (যোৱা শনিবাৰে) ইৰানৰ সৰ্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলি খামেইনিয়ে ছাদমানিক দেশখনত নতুন সেনা মুৰব্বীৰূপে নিযুক্তি দিয়ে। কাৰণ যোৱা শুকুৰবাৰে নিশা ইজৰাইলী সেনাৰ আক্ৰমণত দেশখনৰ সেনা মুৰব্বী মেজৰ জেনেৰেল মহম্মদ হুছেইন বাগাৰিয়ায়ো প্রাণ হেৰুৱায়।
সেই সূত্রে সেনা মুৰব্বীৰ নিযুক্তি পোৱা ছাদমানিয়ে তিনিদিন পাছতে ধৰাশায়ী হয় বুলি ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে দাবী কৰিছে। অৱশ্যে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীৰ এই দাবীৰ প্ৰত্যুত্তৰত কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই ইৰানী সেনাই। ইয়াৰ বিপৰীতে ইজৰাইলী সেনাই সংবাদ মাধ্যমক কয়, ‘সোমবাৰে গভীৰ নিশা ইজৰাইলী বায়ুসেনাই ইৰানী সেনাৰ তেহৰানস্থিত মুখ্য কার্যালয়ত বোমাবর্ষণ কৰে। এই বোমাবর্ষণত ইৰানৰ নৱনিযুক্ত ‘যুদ্ধকালীন সেনা মুৰব্বী’ ছাদমানিৰ মৃত্যু হয়।’
# তেহৰানত খন্তেকৰ বিৰতিৰ মূৰে মূৰে বোমা বিস্ফোৰণ
ইৰান-ইজৰাইলৰ যুদ্ধ ভৰপক হৈ উঠাৰ সময়তে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ইৰানৰ ৰাজধানী তেহৰানৰ সাধাৰণ লোকসকলক ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ আহ্বান জনাইছে। মার্কিন ৰাষ্ট্ৰপতিয়ে এই আহ্বানৰ পাছতে আজি সমগ্র তেহৰান বোমা বিস্ফোৰণত কঁপি উঠে। খন্তেকৰ মূৰে মূৰে মহানগৰখনত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা যায়। ইৰানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যোৱা নিশাৰ পৰা ইজৰাইলে ক্ষেপণাস্ত্ৰৰে দেশখনক আক্ৰমণ কৰিছে। ফলত মহানগৰখনত অতি বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি হৈছে।
আনহাতে, ট্রাম্পে তেহৰানবাসীক ঘৰ খালী কৰিবলৈ আহ্বান জনোৱাৰ পাছতে আজি আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি পায়। ইয়ে একপ্ৰকাৰ সমগ্র বিশ্বক উদ্বিগ্ন কৰিছে। সম্প্ৰতি আন্তর্জাতিক বজাৰত এক বেৰেল খাৰুৱা তেলৰ মূল্য ভাৰতীয় মুদ্রাত ৬,২৬৮ টকা হৈছে। ইজৰাইলে ইৰানৰ পৰমাণু কেন্দ্ৰত আক্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত যোৱা সপ্তাহতো আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য সাত শতাংশ বৃদ্ধি পায়।
সম্প্ৰতি খাৰুৱা তেলৰ মূল্য পুনৰ বৃদ্ধি পোৱাত ইয়াৰ বিৰূপ প্ৰভাৱ বিশ্বৰ বিভিন্ন দেশত পৰাৰ সম্ভাৱনা আছে। ভাৰততো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ইৰান হৈছে বিশ্বৰ প্ৰথম শাৰীৰ খাৰুৱা তেল ৰপ্তানিকাৰী দেশ। এই খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ ফলত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি পাব পাৰে। ভাৰতে দেশত প্রয়োজনীয় প্রায় ৮৫ শতাংশ খাৰুৱা তেলে আমদানি কৰে। ইয়াৰে ৩৮ শতাংশ ৰাছিয়াৰ পৰা দেশে ক্রয় কৰে।
বাকী ২৩ শতাংশ ‘অপেক’ সংস্থাৰ পৰা ক্ৰয় কৰে। অপেক দেশসমূহৰ মাজত ইৰান হৈছে দ্বিতীয় বৃহত্তম তেল উৎপাদনকাৰী দেশ। সেয়েহে খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱাৰ নেতিবাচক প্ৰভাৱ ভাৰততো পৰাৰ আশংকা আছে। লক্ষ্যণীয়ভাবে ইৰান-ইজৰাইলৰ মাজৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্নতা প্রকাশ কৰি কালি ৰাষ্ট্ৰপতি ট্রাম্পে আধাতে জি-৭ বৈঠক সামৰি স্বদেশলৈ উভতি যায়। এইবাৰৰ জি-৭ বৈঠক কানাডাত অনুষ্ঠিত হৈ আছে।
আনহাতে, মধ্য এছিয়ালৈ শান্তি ঘূৰাই অনাৰ স্বাৰ্থত ফ্রান্স, ব্রিটেইন আৰু জার্মানীয়ে ইৰানৰ স’তে পৰমাণু আলোচনাৰ পোষকতা কৰিছে।
# যুদ্ধৰ আৰম্ভণিৰ দিনাই ইজৰাইলে ইৰানৰ ভূগৰ্ভস্থ পৰমাণু কেন্দ্র আঘাত হানিলেঃ ৰাষ্ট্ৰসংঘ
যোৱা শুকুৰবাৰে পুৱতি নিশা ইজৰাইলে ইৰানৰ সবাতোকৈ সুৰক্ষিত তথা গোপন পৰমাণু কেন্দ্রতে আঘাত হানে। এই পৰমাণু কেন্দ্ৰ দেশখনৰ নাটাঞ্জ অঞ্চলৰ ভূগৰ্ভত অৱস্থিত। উল্লেখ্য যে যোৱা শুকুৰবাৰে ইজৰাইলী বাহিনীয়ে ইজৰাইল-ইৰান যুদ্ধৰ অৱতাৰণা কৰে। উক্ত দিনা পুৱতি নিশা ইজৰাইলী বায়ুসেনা বাহিনীয়ে দুশ যুদ্ধ বিমানৰে বোমাবর্ষণ কৰি ইৰানৰ সামৰিক বাহিনীৰ তিনিজন মুৰব্বীকো নিহত কৰে। তদুপৰি ইজৰাইলী বাহিনীয়ে দাবী কৰে যে দেশখনৰ বায়ুসেনাই নাটাঞ্জ পৰমাণু কেন্দ্ৰতো আঘাত হানিবলৈ সক্ষম হয়। পৰমাণু বোমা তৈয়াৰৰ উদ্দেশ্যে এই পৰমাণু কেন্দ্ৰত দেশখনে ইউৰেনিয়াম সমৃদ্ধিকৰণ কাৰ্য অব্যাহত ৰাখিছে। এই পৰমাণু কেন্দ্ৰত ইজৰাইলে আঘাত হনাটো সম্প্রতি নিশ্চিত কৰিছে ৰাষ্ট্ৰসংঘৰ আন্তর্জাতিক পৰমাণ শক্তি সংস্থা