Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বন্ধু’ ট্রাম্পক লৈ শংকা আৰু সন্দেহ

samimsultana by samimsultana
November 11, 2024
in Assam, India, News
Reading Time: 4 mins read
0
PM Modi congratulates Trump on his re-election as President of the US: মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পুনৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ট্ৰাম্পক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

হৰমুজ প্ৰণালীত অবৰোধ আঁতৰাবলৈ বিশেষ চুক্তিত সন্মত ইৰান-আমেৰিকা!

ইৰাণ-আমেৰিকা সংঘাতত যুদ্ধবিৰতি, ‘ৱাৰ পাওৱাৰ্ছ এক্ট’ লৈ নতুন বিতৰ্ক

বন্ধু’ ট্রাম্পক লৈ শংকা আৰু সন্দেহ
# প্রাঞ্জলসেন ডেকা

ড’নাল্ড ট্রাম্প পুনৰ ৰাষ্ট্ৰপতি নির্বাচিত হোৱাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ নাটকীয় প্ৰত্যাৱৰ্তনবোৰৰ অন্যতমৰূপে চিহ্নিত হৈছে। ইয়াৰ কাৰণো আছে একাধিক। যোৱা ২০২০ৰ নিৰ্বাচনত বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ হাতত পৰাজিত হোৱাৰ পাছত ট্রাম্পে সেই ফলাফল গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। নির্বাচনী ফলাফল উলংঘা কৰি ৰাষ্ট্ৰপতিৰ কাৰ্যালয় ত্যাগ নকৰিবলৈ তেওঁৰ অপচেষ্টা আৰু আনকি কেপিটল হিলত অভূতপূর্ব আক্ৰমণৰ বাবে ট্রাম্পে সমর্থকসকলক উচটনি দিয়া কার্যক আজিও যথেষ্ট সমালোচনাৰ দৃষ্টিৰে চোৱা হয়।

ADVERTISEMENT

সেই ঘটনাৰ পাছৰে পৰা তেওঁৰ ৰাজনৈতিক বিশ্বাসযোগ্যতা যথেষ্ট হ্রাস পাইছে। তদুপৰি ব্যৱসায়িক আৰু যৌন কেলেংকাৰিকে ধৰি বিভিন্ন গোচৰত তেওঁ দোষী সাব্যস্ত হৈছে। অকল সেয়ে নহয়, নির্বাচনী প্রচাৰ কালতে তেওঁৰ প্ৰথম আৰু প্ৰধান প্রতিদ্বন্দ্বী বাইডেনে স্বাস্থ্যজনিত কাৰণত ভোটৰ মাহ চেৰেক পূৰ্বে প্ৰতিদ্বন্দিতাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত ঘোষণা কৰে আৰু বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ তেওঁৰ স্থানত প্রতিদ্বন্দ্বিতাত অবতীর্ণ হয়।

প্ৰচাৰৰ সময়ছোৱাতে ট্রাম্পৰ ওপৰত দুবাৰকৈ হত্যাৰ প্ৰচেষ্ট চলে যদিও সৌভাগ্যক্রমে তেওঁৰ প্ৰাণ ৰক্ষা পৰে। এনেদৰেই বিভিন্ন উত্থান-পতনৰ মাজেদিয়ে চাৰি বছৰ পূৰ্বে প্রত্যাখ্যান কৰা ট্রাম্পক আমেৰিকাই পুনৰ ৰাষ্ট্ৰপতি পদলৈ নিৰ্বাচন কৰিলে বিপুল ভোটেৰে। জয় লাভৰ বাবে প্রয়োজনীয় ২৭০ টা ইলেক্ট’ৰেল ভোটৰ ঠাইত বহু বিতর্কিত ট্রাম্পে ৩০১টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্রতিদ্বন্দ্বী ডেম’ক্রেট প্রার্থী হেৰিছে ২২৬ টা ইলেক্ট’ৰেল ভোটতে সীমাবদ্ধ থাকে।

লক্ষ্যণীয় যে সমগ্র নির্বাচনী প্ৰচাৰ অভিযানৰ কালছোৱাত ট্রাম্পে সম্পূর্ণরূপে জাতিবাদী মেৰুকৰণৰ প্ৰচেষ্টা চলায়। তাতে ক্ষান্ত নাথাকি উচটনিমূলক তথা বিদ্বেষপূর্ণ ভাষণৰ উপৰি অলেখ অশালীন বাক্যবাণ প্রয়োগ কৰি প্রতিদ্বন্দ্বীক আক্রমণ কৰে। আনকি ৰাজনৈতিক বিৰোধীসকলক মুকলিকৈ প্রতিশোধৰ ভাবুকি প্রদান কৰি যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰে; কিন্তু এই সকলোবোৰৰ পাছতো শেষ পর্যন্ত তেৱেই জয়ী হ’ল।

আমেৰিকাৰ আৰ্থিক পৰিস্থিতি আৰু প্ৰব্ৰজনৰ বিষয়টোৱে এই নির্বাচনত যথেষ্ট প্রভাব বিস্তাৰ কৰে বুলি কোৱা হৈছে। ইয়াৰ উপৰি এগৰাকী নাৰীক দেশৰ মুৰব্বীৰূপে গ্রহণ কৰিবলৈ আমেৰিকা আজিও প্রস্তুত নোহোৱাটো কমলা হেৰিছৰ পৰাজয়ৰ অন্যতম কাৰণ বুলি এচামে দাঙি ধৰিছে। যিমানে উদাৰতাৰ কথা কোৱা নহওক কিয়, আমেৰিকা আজিও যে লিংগ বৈষম্যৰ পৰা মুক্ত হ’ব পৰা নাই, সেয়া ট্রাম্পৰ দৰে বহু বিতর্কিত প্রার্থী এজনৰ স’তে প্রথমে হিলাৰী ক্লিন্টন আৰু এইবাৰ হেৰিছৰ পৰাজয়ে স্পষ্ট কৰি তুলিছে। অথচ দুয়োগৰাকী মহিলা প্রার্থীয়েই নিজস্ব যোগ্যতা প্রতিপন্ন কৰিবলৈ সক্ষম হৈছিল আৰু ধাৰাবাহিক সমীক্ষাসমূহেও তাৰেই ইংগিত দিছিল।

চতুৰ ট্রাম্পে আমেৰিকাবাসীৰ মনত এনে ধাৰণা ৰোপণ কৰিবলৈ সক্ষম হৈছিল যে তেওঁলোক আর্থিকভাবে যথেষ্ট প্রত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হৈছে আৰু তাৰ বাবে দায়ী হৈছে বাইডেন প্রশাসনৰ ব্যৰ্থতা। ক’ভিড মহামাৰী আৰু অন্যান্য বিভিন্ন বাহ্যিক কাৰণত আমেৰিকাত মূল্যবৃদ্ধি আৰু আর্থিক প্রত্যাহ্বানৰ সৃষ্টি নোহোৱা নহয় যদিও তাৰ বাবে বৰ্তমানৰ প্রশাসনকে সম্পূর্ণরূপে জগৰীয়া কৰা হৈছে।

তেনেদৰেই ট্রাম্প আৰু তেওঁৰ সমৰ্থকসকলে প্ৰচাৰ চলাই অহাৰ দবে অধিকাংশ আমেৰিকানেই নাভাবে যে প্রবাসীসকলে তেওঁলোকক পোহনীয়া জন্তুৰ দৰে ধৰি ধৰি ভক্ষণ কৰিছে; কিন্তু প্ৰব্ৰজনে বিভিন্ন ক্ষেত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বুলি বহুতেই চিন্তিত। ইয়াৰেই সুযোগ লৈ ‘আমেৰিকা প্রথম’ ধ্বনিৰে ট্রাম্পে সেইসকল ভোটাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰচাৰ অভিযান কালত ট্রাম্পে আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী সকলক বহিষ্কাৰৰ প্ৰতিশ্রুতি প্ৰদান কৰি কৈছিল যে এয়া দেশৰ ইতিহাসৰ সৰ্ববৃহৎ সমূহীয়া সহিষ্ণৰ প্ৰক্ৰিয়া হ’ব।

ৰাষ্ট্ৰপতিৰূপে প্রথমটো কার্যকালত ট্রাম্পে অনুপ্রৱেশ ৰোধৰ উদ্দেশ্যে মেক্সিকো সীমান্তত আৰম্ভ কৰা দেৱালৰ কাম এইবাৰ সম্পূৰ্ণ কৰা হ’ব বুলিও ঘোষণা কৰিছে। প্রসংগক্রমে উনুকিয়াব পাৰি যে বাইডেন প্রশাসনৰ কাৰ্যকালত বিগত বৰ্ষৰ শেষত দক্ষিণ সীমান্তইদি আমেৰিকাত অভিলেখ সংখ্যক অনুপ্রৱেশ ঘটে বুলি চৰকাৰী তথ্যতে প্রকাশ পায়। ট্রাম্পে তেনে অনুপ্রৱেশ কঠোৰ হাতেৰে দমনৰ প্রতিশ্রুতি বাৰম্বাৰ দোহাৰিছে।

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত ইউক্রেইনৰ সমৰ্থনত বহু বিলিয়ন ডলাৰ ব্যয়ক লৈ আমেৰিকাত বিগত সময়ছোৱাত যথেষ্ট অসন্তুষ্টিৰ সৃষ্টি হৈ আহিছে। অধিকাংশ লোকেই ভাৱে যে এনে বৃহৎ পৰিমাণৰ ধন আন দেশৰ যুদ্ধত ব্যয় কৰাতকৈ আমেৰিকাৰ উন্নয়নৰ বাবে ব্যয় কৰাটোহে যুগুত। এইক্ষেত্রত বাইডেনৰ প্ৰশাসনতকৈ তেওঁৰে উপ-ৰাষ্ট্ৰপতি হেৰিছ ৰাষ্ট্ৰপতি নির্বাচিত হ’লেও নীতিৰ কোনো পৰিৱৰ্তন হ’ব বুলি সেইসকলে আশা কৰিব পৰা নাছিল। গতিকে ট্রাম্প হৈ পৰিছিল বিকল্প।

অৱশ্যে হেৰিছে নির্বাচনী প্রচাৰ কালত দেশবাসীক বাৰম্বাৰ সকীয়াই দিয়ে যে ট্রাম্প জয়ী হ’লে আমেৰিকাৰ গণতন্ত্র অস্তিত্বৰ সংকটত পৰিব। ইয়াৰ বিপৰীতে ট্রাম্পে আমেৰিকাক একপ্ৰকাৰ ব্যৰ্থ ৰাষ্ট্ৰ আখ্যা দি দেশক তেওঁহে পুনৰ মহান কৰি গঢ়ি তুলিব পাৰিব বুলি দাবী কৰি আহিছে। নির্বাচনী প্রচাৰত তেওঁ প্রকাশ কৰা বক্তব্যক লৈ মিশ্রিত চর্চা অব্যাহত আছে- অনেকেই ইয়াক লৈ আশংকাও প্রকাশ কৰিছে। অহা ছয় জানুৱাৰীত দ্বিতীয়টো কার্যকাল আৰম্ভ কৰাৰ পাছত তেওঁৰ প্ৰতিশ্ৰুতিসমূহৰ মূল্য স্পষ্ট হ’ব। কেৱল আমেৰিকান সকলেই নহয়, ট্রাম্পৰ বহুচর্চিত ‘আমেৰিকা প্রথম’ ধ্বনিৰ পৰিণাম কি হয়গৈ সেয়া বিশ্বৰ আন বহুতো দেশৰ নাগৰিকেও উপলব্ধি কৰিব পাৰিব।

আমেৰিকাৰ আমদানিৰ ওপৰত প্রস্তাবিত ২০ শতাংশ কৰ আৰোপৰ প্রভাৱ গোলকীয় অর্থনীতিত কেনেদৰে পৰে অথবা ৰাছিয়া- ইউক্রেইন আৰু মধ্যপ্রাচ্যৰ যুদ্ধ বন্ধৰ যি প্রতিশ্রুতি ট্রাম্পে প্রদান কৰিছে তাৰেই বা পৰিণতি কি হয় তালৈ সকলোৱে বাট চাইছে। শেহতীয়া ভূ-ৰাজনৈতিক প্রেক্ষাপটত হোৱাইট হাউছলৈ ট্রাম্পৰ প্রত্যাৱর্তনৰ ফলত ভাৰতৰ স’তে কেনে সমীকৰণ সৃষ্টি হ’ব পাৰে তাক লৈও চর্চা অব্যাহত আছে। ট্রাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰস্পৰক বন্ধু বুলিয়ে কৈ আহিছে। দুয়ো দুয়োকে বিভিন্ন সময়ত প্রশংসাও কৰি আহিছে। ২০১৯ ত আমেৰিকাৰ হিউষ্টন চহৰত প্রবাসী ভাৰতীয়সকলৰ বহুচর্চিত ‘হাউদি মোদী’ সমাবেশত প্রধানমন্ত্রীয়ে আনকি বিজেপিৰ নিৰ্বাচনী শ্ল’গানৰ আধাৰত ‘অবকী বাৰ ট্রাম্প চৰকাৰ’ শ্ল’গান দি বিতৰ্কৰ সূত্রপাত ঘটাইছিল।

শেহতীয়া জয়ৰ পাছতো প্রধানমন্ত্রী মোদীয়ে ‘বন্ধু’ বুলি সম্বোধন কৰিয়ে ট্রাম্পক অভিনন্দন জ্ঞাপন কৰিছে। ইয়াৰ লগে লগে প্রশ্ন উত্থাপিত হৈছে যে মোদী-ট্রাম্পৰ এই বন্ধুত্বই দুই দেশৰ নীতিক কোনো ধৰণে প্ৰভাৱিত কৰিব নেকি? এই কথাত সন্দেহ নাই যে বিভিন্ন ৰাষ্ট্ৰ প্ৰধানৰ মাজৰ বন্ধুত্ব দৰাচলতে পৰস্পৰৰ হিতসাধনৰ স’তেহে জড়িত হৈ থাকে। পৰস্পৰৰ উদ্দেশ্য সাধন হৈ থকালৈকে বন্ধুত্বও অক্ষুণ্ণ থাকে আৰু এই ক্ষেত্ৰত কোনো সংঘাতৰ উদ্রেক হ’লেই বন্ধুত্বক লৈও প্রশ্ন উত্থাপিত হয়।

লক্ষ্যণীয়ভাবে মোদীৰ প্ৰতি সদ্ভাৱ প্ৰদৰ্শন কৰিলেও ট্রাম্পে ভাৰতৰ বিভিন্ন নীতিক কঠোৰভাবেই সমালোচনা কৰি আহিছে। গতিকে কোনো ৰাষ্ট্রপ্রধানে আন এজনক বন্ধুৰূপে সম্বোধন কৰিলেও তাৰ জৰিয়তে দেশৰ নীতি গ্ৰহণৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেহাই পাব বুলি আশা কৰিব নোৱাৰি। ই ব্যক্তিগত যোগাযোগৰ ক্ষেত্ৰতেই সীমাবদ্ধ থাকে। অৱশ্যে এই কথা স্পষ্ট যে ট্রাম্পে যিসকল ৰাষ্ট্রপ্রধানক পছন্দ কৰে, সেইসকলৰ ভিতৰত মোদীও এজন। তথাপি বাণিজ্য আৰু প্ৰব্ৰজনক লৈ ভাৰতৰ প্ৰতি ট্রাম্প প্রশাসনৰ মনোভাৱ যে কঠোৰ হৈয়ে ৰ’ব, তাক বুজিবলৈ অসুবিধা নহয়।

পূৰ্বৰে পৰা ট্রাম্পে অভিযোগ কৰি আহিছে যে ভাৰতে আমেৰিকাৰ পৰা আমদানি কৰা সামগ্ৰীত দুশ-আঢ়ৈশ শতাংশ পর্যন্ত কৰ আৰোপ কৰে; অথচ ৰপ্তানিকৃত সামগ্ৰীত কৰ ৰেহাই বিচাৰে। এই প্ৰসংগতে হার্লি ডেভিদছনৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে দিল্লীয়ে দুশ শতাংশ কৰ আৰোপ কৰাৰ ফলত কোম্পানীটোৱে ভাৰতত মটৰ চাইকেল বিক্ৰী কৰিব নোৱাৰিলে। ইয়াক লৈ তেওঁ ভাৰত চৰকাৰক আনুষ্ঠানিকভাৱেও আপত্তি প্রদর্শন কৰিছিল।

ট্রাম্পৰ এনে অসন্তুষ্টিৰ পৰিপ্ৰেক্ষিততে তেওঁ পুনৰ নিৰ্বাচিত হোৱাৰ পাছতে এই শুকুৰবাৰে ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোয়েলে কৈছে যে যিবোৰ সামগ্ৰীত বিশেষ ধৰণৰ প্ৰতিযোগিতা নাই, সেইবোৰত কৰ হ্ৰাস কৰিবলৈ দিল্লী পিছ নোহোঁহকে। তেওঁ হার্লি ডেভিদছনৰ দৰে গধুৰ মটৰ চাইকেল যিহেতু ভাৰতে উৎপাদন নকৰে, সেয়েহে তেনে সামগ্ৰীত কৰ হ্ৰাসৰ আহ্বানৰ প্রতি সঁহাৰি প্ৰদানত অসুবিধাৰ কথা নাই বুলিও উল্লেখ কৰে। ট্রাম্পে ভাৰতক ‘টেৰিফ কিং’ (কৰৰ ৰজা) আখ্যা দিলেও ভাৰত সদায়ে গণতান্ত্রিক বিশ্বৰ বিশ্বাসযোগ্য সহযোগী হৈ আহিছে বুলি মন্ত্রী গোয়েলে সোঁৱৰাই দিয়ে।

দৰাচলতে প্ৰতিৰক্ষাৰ দিশত ভাৰতৰ স’তে সহযোগিতা বৃদ্ধিত আগ্রহী হ’লেও বাণিজ্য আৰু প্ৰব্ৰজনৰ প্ৰসংগত ট্রাম্প সততে সৰৱ হৈ আহিছে। গতিকে ট্রাম্পৰ ‘আমেৰিকা প্রথম’ নীতিয়ে ভাৰতৰ তথ্য প্রযুক্তি, ফাৰ্মা আৰু বস্ত্ৰৰ ৰপ্তানিৰ ক্ষেত্ৰত নতুন কৰ আৰোপ কৰি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। ট্রাম্পে বিচাৰে আমেৰিকাৰ সামগ্ৰীত ভাৰতে যিমান কৰ আৰোপ কৰে সম পৰিমাণৰ কৰ ভাৰতৰ সামগ্ৰীতো আৰোপ কৰা হওঁক।

সুদীর্ঘকাল ধৰি আমেৰিকা হৈছে ভাৰতৰ সৰ্ববৃহৎ বাণিজ্য সহযোগী। শেহতীয়া দুই-এবছৰত চীনে সেই সীমা অতিক্ৰম কৰিলেও তাত ভাৰতৰ ৰপ্তানি তেনেই সামান্য। ইয়াৰ পৰিৱৰ্তে আমেৰিকাৰ স’তে ভাৰতৰ কেতিয়াও বাণিজ্য ঘাটি হোৱা নাই; অর্থাৎ আমদানিৰ তুলনাত যথেষ্ট অধিক পৰিমাণৰ ৰপ্তানি কৰি আহিছে ভাৰতে। কিন্তু যদিহে ‘আমেৰিকা প্রথম’ নীতিৰ অধীনত ট্রাম্পে আগ্রাসীভাৱে ভাৰতৰ সামগ্ৰীৰ ওপৰত অধিক কৰ জাপি দিয়ে, তেন্তে পৰিস্থিতি সলনি হ’বলৈ অধিক সময়ৰ প্ৰয়োজন নহ’ব।

কিন্তু প্রশ্নটোহৈছে- কৰ আৰোপৰ ক্ষেত্ৰত আমেৰিকাই কিহৰ ভিত্তিত ভাৰতৰ সম পৰ্যায়ৰ হ’ব বিচাৰিছে? যি আমেৰিকাই বিশ্বৰ সর্ববৃহৎ অর্থনীতি হোৱাই নহয়, ডলাৰৰ জৰিয়তে বিশ্বৰ বিত্তীয় ব্যৱস্থাকে নিস্ক্ৰিয়ৰাখি আহিছে, সেই দেশে ভাৰতৰ স’তে কৰৰ ক্ষেত্ৰত সামঞ্জস্যৰ দাবী কৰাটো যুক্তিসংগত হ’ব নোৱাৰে। সেয়েহে ট্রাম্পৰ আগ্রাসী নীতিয়ে ভাৰতক ক্ষতি কৰিব পাৰে বুলি সংশয়ৰ সৃষ্টি হৈছে। অৱশ্যে ট্রাম্পে ভাৰতৰ আভ্যন্তৰীণ ৰাজনীতি অথবা পৰিস্থিতিক লৈ কোনো ধৰণৰ হস্তক্ষেপৰ পৰা বিৰত থকাৰ সম্ভাৱনাই অধিক। নিঃসন্দেহে সেয়া মোদী চৰকাৰৰ কাৰণে সকাহৰ কাৰণ হ’ব পাৰে; কিয়নো ভাৰতৰ মানবাধিকাৰ, ধৰ্মীয় সমতা আৰু গণতান্ত্রিক পৰম্পৰা অথবা বাক-স্বাধীনতা আদিৰ প্ৰসংগত বাইডেন প্ৰশাসনৰ দৰে ট্রাম্প সৰৱ নহ’ব।

ভাৰতৰ মোদী-বিজেপিৰ হিন্দুত্বৰ ৰাজনীতিক লৈও ট্রাম্পৰ কোনো ধৰণৰ মূৰ কামোৰণিৰ সম্ভাৱনা নাই। অৱশ্যে ভাৰতত খ্রীষ্ট্রানসকলক লৈ কোনো ধৰণৰ অবাঞ্ছিত পৰিস্থিতিৰ উদ্ভৱ হ’লে কথাটো সুকীয়া; কিয়নো আমেৰিকাৰ সংখ্যাগৰিষ্ঠ খ্ৰীষ্টানসকলৰ মনোভাৱৰ প্ৰতিও তেওঁ সততে সতর্ক থাকিব লাগিব। এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বন্ধু আখ্যা দিলেও ট্রাম্পৰ আসন্ন ভূমিকাক লৈ সন্দেহ আৰু শংকাৰ সৃষ্টি হোৱাটোৱে স্বাভাৱিক।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMPNew President Of USPranjalsen DekaSpl Articles
samimsultana

samimsultana

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া

August 20, 2026
১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

August 20, 2026
প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d