Silent protest by Rukminigaon residents:
চমক লগা আয়োজনৰে দেওবাৰে সন্ধিয়া মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই ডাউন টাউন হাস্পতালৰ পৰা নিৰ্মাণ কৰা ভগদত্ত-২ উৰণ সেতুখন উদ্বোধন কৰে। সেই সময়ত সেতুৰ তলত মৌন প্রতিবাদ জনায় সামান্য এজাক বৰষুণতে কৃত্রিম বানত ককবকাই থাকিব লগা হোৱা ৰুক্মিণীগাঁও-নগৰবাসীয়ে।
পুৰুষ-মহিলাসহ শতাধিক বাসিন্দাই তেওঁলোকক কৃত্রিম বানৰ পৰা উদ্ধাৰ কৰাৰ দাবী উত্থাপন কৰে। তেওঁলোকে বিশেষ এটা দাবী উত্থাপন কৰে- সেয়া হ’ল চৌদিশৰ পানী বৈ আহি কক্মিণীগাঁৱত জমা হ’ব নোৱাৰাৰ ব্যৱস্থা নিশ্চিত কৰা। উল্লেখ্য যে গুৱাহাটীৰ অন্যতম পুৰণি তথা বৃহৎ জনবসতিপূর্ণ অঞ্চলটোত বিগত প্রায় ছবছৰৰ পৰা কৃত্রিম বানে ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে। চলিত বর্ষতো কে’বাটাও এনে বানৰ কৱলত পৰিছে অঞ্চলটো।
বানৰ কৱলৰ পৰা মুক্ত কৰাৰ নামত গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষই নলা নির্মাণ কৰে যদিও সেই নলা ৰাইজৰ বাবে অভিশাপ স্বৰূপহে হৈছে। কাৰণ নলা এনেদৰে নিৰ্মাণ কৰা হয় যে পানী বৈ যোৱাৰ পৰিৱৰ্তে ওলোটাই বাহিনী নদীৰ পৰা সোমাইহে আহে।
আনকি অঞ্চলটোৰ ৰাইজৰ ব্যৱহাৰ্য পানীও সেই নলাৰে ওলাই নগৈ কৃত্রিম বানৰ সৃষ্টি কৰে। চৰকাৰ-প্রশাসনে দিয়া এই নবক যন্ত্ৰণৰ বিৰুদ্ধে ৰাইজে দীর্ঘদিনৰ পৰা প্ৰতিবাদ জনাই আহিছে, তেওঁলোকক বানৰ কৱলৰ পৰা উদ্ধাৰ কৰিবলৈ কাকৃতি-মিনতি কৰি আহিছে। দুর্ভাগ্যজনকভাবে তেওঁলোকৰ কাকৃতি-মিনতি অৰণ্যৰোদনতহে পৰিণত হৈছে।
উৰণ সেতুখন নিৰ্মাণৰ ফলত কৃত্রিম বানত বুৰ যোৱা ৰুক্মিণীগাঁৱৰ সমস্যাক এতিয়া আৰু আন কোনো লোকে অনুভৱ কৰিব নোৱাৰিব। কিয়নো একাঁই পানীত বুৰ যোৱা জিএছ ৰোডত উৰণীয়া সেতু হোৱাৰ ফলত মানুহে তাৰ ওপৰৰেহে অহা-যোৱা কৰিব। কেৱলমাত্ৰ জীয়াতু ভুগিব লাগিব অঞ্চলটোৰ নাগৰিকে।
ৰাইজে কৰা প্ৰতিবাদত একপ্ৰকাৰ থৰকাছুটি হেৰুৱায় আৰক্ষী আৰু প্ৰশাসনে। বিশেষকৈ আৰক্ষীয়ে যিকোনো প্ৰকাৰে প্ৰতিবাদ বন্ধ কৰিবলৈ চেষ্টা চলায়। কিন্তু ৰাইজৰ যুক্তিত আৰক্ষীয়েও একপ্ৰকাৰ পিছ হোঁহকিবলৈ বাধ্য হয়। গতিকে ৰাইজে নিজৰ গণতান্ত্রিক প্রতিবাদ বাহাল ৰাখে।





























