BJP Protest in Guwahati:
গোলাঘাটত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বাহনলৈ কংগ্ৰেছৰ বটল নিক্ষেপ কৰা কাণ্ড বিৰুদ্ধে উত্তাল প্ৰতিবাদ বিজেপিৰ ৷ গুৱাহাটী মহানগৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত ৰূপায়ণ কৰা হয় প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷
যুৱ মৰ্চাৰ কে’বা শ প্ৰতিবাদকাৰীয়ে হাতত দলীয় পতাকা লৈ সমদল কৰে সদাব্যস্ত মহানগৰীৰ জিএছ ৰোড ৷ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত কংগ্ৰেছৰ নেতৃত্বত একাংশ দলীয় কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ ওপৰত কৰা আক্ৰমণৰ গৰিহণা দিয়াৰ লগতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ কংগ্ৰেছক সকিয়াই দিয়ে প্ৰতিবাদকাৰী বিজেপি কৰ্মীয়ে ।
মঙলবাৰে আবেলিৰ ভাগত অনুষ্ঠিত উক্ত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত বহু কেইগৰাকী জ্যেষ্ঠ বিজেপি কৰ্মী উপস্থিত থাকে ৷ উল্লেখ্য যে যুৱ মৰ্চাৰ উত্তাল প্ৰতিবাদত স্তব্ধ হৈ পৰে জিএছ ৰোড ৷






























