blood moon:✒️মাজত মাথোঁ এদিন, তাৰ পাছতে এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ লোক। অহা দেওবাৰে অৰ্থাৎ সাত ছেপ্টেম্বৰৰ পৰা দুটা দিনলৈ বিস্তৃত এক দীঘলীয়া পূর্ণগ্রাস চন্দ্ৰগ্ৰহণ পৰিলক্ষিত হ’ব।
জ্যোতির্বিজ্ঞানীসকলে প্রকাশ কৰা মতে ভাৰতীয় সময় অনুসৰি অহা সাত ছেপ্টেম্বৰৰ নিশা ১১ বজাৰ পৰা এই পূর্ণগ্রাস চন্দ্রগ্রহণ আৰম্ভ হ’ব। এই চন্দ্রগ্রহণ ৮২ মিনিট অর্থাৎ এঘণ্টা ২২ মিনিট ধৰি থাকিব। এই পূর্ণগ্রাস চন্দ্ৰগ্ৰহণ ভাৰতৰ পৰাও দৃশ্যমান হ’ব।
ভাৰতত বহু বছৰৰ পাছত এনে গ্রহণ দৃশ্যমান হ’ব। এই গ্ৰহণৰ পাছত ভাৰতবাসীয়ে এনে এক চন্দ্ৰগ্ৰহণৰ সাক্ষী হ’বলৈ আৰু তিনি বছৰ অপেক্ষা কৰিব লাগিব।
উল্লেখ্য যে নিজস্ব পোহৰ নথকা চন্দ্ৰৰ ওপৰত সূৰ্যৰ পোহৰ পৰিলে পৃথিৱীৰ একমাত্র প্রাকৃতিক উপগ্রহটো জিলিকি উঠে। যেতিয়া পৃথিবীয়ে চন্দ্ৰ আৰু সূৰ্যৰ মাজেৰে গতি কৰে তেতিয়া চন্দ্ৰৰ ওপৰত সূৰ্যৰ পোহৰ নপৰে।
তাৰ পৰিৱৰ্তে পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰে। এনে অৱস্থাত চন্দ্রগ্রহণ হয়। পূর্ণগ্রাস চন্দ্ৰগ্ৰহণৰ সময়ত চন্দ্ৰৰ ৰং ৰঙা হয়। ইয়াক ৰক্ত জোন বা ৰঙা চন্দ্ৰ বুলি কোৱা হয়।
জ্যোতির্বিজ্ঞানীসকলে প্রকাশ কৰা অনুসৰি অহা দেওবাৰৰ এই চন্দ্রগ্রহণ ভাৰতকে ধৰি এছিয়া, অস্ট্রেলিয়া, আফ্রিকাত দেখা যাব। ভাৰতৰ অধিকাংশ চহৰৰ পৰা এই চন্দ্রগ্রহণ দৃশ্যমান হ’ব।
কলকাতা, দিল্লী, পুনে, মুম্বাই, লক্ষ্ণৌ, হায়দৰাবাদ, চণ্ডীগড় আদিৰ পৰা এই গ্রহণ স্পষ্ট ৰূপত দেখাৰ সম্ভাৱনা আছে। অৱশ্যে বতৰ অনুকূল থাকিলেহে এই চন্দ্রগ্রহণ চোৱাৰ সৌভাগ্য হ’ব।
গ্রিণিচ মান সময় অনুসৰি সাত ছেপ্টেম্বৰৰ আবেলি ৩-২৫ বজাৰ পৰা এই চন্দ্রগ্রহণ আৰম্ভ হৈ ৮২ মিনিট থাকিব। তেতিয়া ভাৰতত নিশা ১১ বাজিব। অর্থাৎ এই চন্দ্রগ্রহণ অহা দেওবাৰে নিশা ১১ বজাৰ পৰা পিছদিনা অর্থাৎ আঠ ছেপ্টেম্বৰৰ নিশা ১২-২২ বজালৈ দৃশ্যমান হ’ব।
এই সম্পর্কত ভাৰতীয় মহাকাশ পদার্থ বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী সন্দীপ কুমাৰ চক্ৰৱতীয়ে কয় যে এই চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত বিশেষকৈ দেওবাৰে নিশা ১১-৪২ বজাত চন্দ্র সর্বাধিক আন্ধাৰৰ মাজত ডুব যাব।
পৰিৱেশ অনুকূল থাকিলে এই চন্দ্রগ্রহণ উপভোগ কৰাত কোনো সমস্যাৰ সৃষ্টি নহয় বুলি বিজ্ঞানীজনে জনায়। এই গ্ৰহণৰ সময়ত দিগন্তত চন্দ্রই ৬০ ডিগ্রী কোণত অৱস্থান কৰিব। গ্রহণ আৰম্ভ হোৱাৰ লগে লগে চন্দ্ৰৰ ৰং হালধীয়া হ’ব। পূৰ্ণগ্ৰাসৰ সময়ত ইয়াৰ ৰং টিকটিকীয়া ৰঙা হ’ব।
এই সম্পর্কত বিজ্ঞানী চক্রবর্তীয়ে লগতে কয়, ‘নিশা অনেক কৃত্রিম উপগ্রহই পৃথিৱীৰ চাৰিওপাশ ঘেৰি ৰাখে। গ্ৰহণৰ সময়ত যেতিয়া পৃথিবী সূর্য আৰু চন্দ্ৰৰ মাজলৈ আহিব তেতিয়া কৃত্রিম উপগ্রহসমূহৰো ওপৰত পৃথিৱীৰ ছাঁ পৰিব। ফলত কৃত্রিম উপগ্রহসমূহৰ উজ্জ্বলতা হ্রাস পাব।’ এনে পূর্ণগ্রাস সূর্যগ্রহণ ২০২৮ৰ ৩১ ডিচেম্বৰত পুনৰ ভাৰতৰ পৰা পৰিলক্ষিত হ’ব বুলিও চক্রবর্তীয়ে জনায়।




































