Forest Dept. Raid:
দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন থকা অৱস্থাত মহানগৰীৰ এটা ব্যক্তিগত দুৰ্গা মন্দিৰত বন বিভাগৰ অৰ্তকিতে অভিযানত উদ্ধাৰ হয় বহু বন্য জীৱজন্তুৰ অংগ সহ নগদ কে’বালাখ টকা ৷
ADVERTISEMENT
গুৱাহাটী বন বিভাগৰ এটা দলে বিশেষ খবৰৰ ভিত্তিত শনিবাৰে দুপৰীয়া ভেটাপাৰাৰ আনন্দ ৰাম ডেকা নামৰ লোকজনৰ ব্যক্তিগত দুৰ্গা মন্দিৰত তালাচি চলায় ৷ তালাচিত উদ্ধাৰ হয় বাঘৰ ছাল, হৰিণাৰ শিং,গঁড়ৰ খৰ্গ সহ বহু বন্য জীৱজন্তুৰ অংগ৷ অভিযানকাৰী দলৰ সন্দেহ মন্দিৰৰ গোপন স্থানত মজুত আছে কে’বাকোটি টকা ৷
উল্লেখ্য যে,ব্যক্তিগত দুৰ্গা মন্দিৰটোৰ মূল পুৰোহিত আছিল আনন্দ ৰাম ডেকা নামৰ লোকজন ৷ ইতিমধ্যে বন বিভাগৰ দলে আটক কৰে আনন্দ ৰাম ডেকাক ৷




































