Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
October 27, 2025
in Assam
Reading Time: 1 min read
0
মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত
2
SHARES
20
VIEWS
ShareShareShareShare

অৱিস্মৰণীয় প্ৰতিভাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক বিয়োগৰ পাছত অসম চৰকাৰৰ মুৰব্বীজনৰ আচৰণক লৈ ৰাজ্যবাসী সন্দিহান হৈ পৰিছে। এনে নহয় যে মুখ্যমন্ত্ৰীৰ আচৰণক লৈ পূর্বে অসমবাসীৰ মাজত অসন্তুষ্টি নাছিল। তেওঁৰ বিভিন্ন কথা-বতৰা তথা কর্মকাণ্ডই বিগত সময়ছোৱাত সততে অবাঞ্ছিত বিতৰ্কৰ সৃষ্টি কৰি আহিছে। কিন্তু শেহতীয়া আচৰণ প্রত্যক্ষ কৰি এনে এগৰাকী ব্যক্তি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৰে পদত অধিষ্ঠিত হৈ থকাটো বাঞ্ছনীয় নে তাক লৈয়ে প্রশ্ন উত্থাপিত হৈছে।

ADVERTISEMENT

বিদেশৰ মাটিত জুবিন গাৰ্গৰ আকস্মিক তথা অসহনীয় মৃত্যুৱে হঠাতে অসমৰ পৰিস্থিতি অভাৱনীয়ভাৱে সলনি কৰি পেলোৱাটো সকলোৱে উপলব্ধি কৰিছে। উচ্চ পৰ্যায়ৰ সময় সাপেক্ষ তদন্তৰ জৰিয়তে জুবিনৰ মৃত্যুৰ ৰহস্য ভেদ কৰি ৰাইজৰ সম্মুখত সেয়া দাঙি ধৰাৰ লগতে ইয়াত জড়িতসকলৰ উপযুক্ত শাস্তি নিশ্চিত কৰাটো চৰকাৰৰ প্ৰাথমিক দায়িত্ব। তাৰ বাবে উপযুক্ত তথা পর্যাপ্ত কর্তৃত্বশীল তদন্তকাৰী সংস্থাক দায়িত্ব প্রদান কৰাটো যুণ্ডত। তাৰ বিপৰীতে জুবিনৰ ৰহস্যজনক মৃত্যুৰ পাছৰে পৰা এই ঘটনাক লৈ মুখ্যমন্ত্রীৰ ভাষ্য অসংলগ্ন হৈ পৰা কাৰো দৃষ্টিৰ পৰা আঁতৰি থকা নাই।

RelatedPosts

এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

জুবিনৰ প্ৰতি অসমবাসীৰ পাৰভঙা মৰম আৰু শ্রদ্ধাই ইতিমধ্যে অভিলেখ স্থাপন কৰিছে। এনে অভূতপূর্ব অনুৰাগীৰ ধল প্রত্যক্ষ কৰিয়ে নিজকে সর্বশক্তিমান বুলি ভ্রান্ত ধাৰণাৰ বশৱৰ্তী হৈ অহা মুখ্যমন্ত্রীয়ে সন্তুলন হেৰাই পেলোৱা বুলি বিভিন্নজনে কৰি অহা মন্তব্য সঠিক যেন ধাৰণা হয়। যিহেতু বিদেশৰ ভূমিতো জুবিনৰ মৃত্যুৰ তদন্তৰ প্ৰয়োজন, সেয়েহে ইয়াৰ ভাৰ চিবিআইক প্ৰদানৰ দাবী উত্থাপিত হোৱাটো অহেতুক নাছিল; কিন্তু মুখ্যমন্ত্রীয়ে এই দায়িত্ব অসম আৰক্ষীৰ চিআইডিৰ অধীনত গঠিত এছআইটিক অর্পণ কৰে।

মুখ্যমন্ত্ৰীয়ে আৰম্ভণিৰে পৰাই তদন্তৰ সম্পৰ্কত বিভিন্ন স্ববিৰোধী তথা ভুল তথ্য প্রকাশ কৰি আহিছে। এই কথা কোনেও পাহৰা নাই যে ছিংগাপুৰত জুবিন হত্যাৰ বলি হোৱা বুলি স্বয়ং মুখ্যমন্ত্রীয়েই ঘোষণা কৰিছিল। তাৰ পাছতো কেতিয়াবা মৰণোত্তৰ পৰীক্ষা, ইয়াৰ প্রতিবেদন, ঘটনাৰ অভিযুক্ত তথা ইয়াৰ স’তে জড়িত বিভিন্ন বিষয়ত অবিবেচক মন্তব্য প্রকাশ কৰি আহিছে। এনেও হৈছে যে মুখ্যমন্ত্রীয়ে পুৱা কোৱা কথাৰ স’তে দুপৰীয়া কোৱা কথাৰ আৰু দুপৰীয়া কোৱা কথাৰ স’তে নিশাৰ কথাৰ কোনো মিল নাই। যেন যেতিয়া যি মুখত আহিছে, তাকেই কৈছে! জুবিনৰ মৃত্যু আৰু তাৰ পাছৰ সমগ্র ঘটনাৱলীক লৈ বিতত হৈ পৰা মুখ্যমন্ত্ৰীৰ আচৰণে ইয়াত তেওঁৰ লুকুৱাবলগীয়া কোনো কথা আছে নেকি বুলি ভাবিবলৈ ৰাইজক বাধ্য কৰাইছে।ইয়াৰ লগে লগে আনটো প্রশ্নও উত্থাপিত হোৱাটো স্বাভাৱিক যে কি সেই কথা যি মুখ্যমন্ত্রীয়ে লুকুৱাব খুজিছে?

দৰাচলতে মুখ্যমন্ত্ৰীৰ আচৰণেই তেওঁক জুবিনৰ ৰহস্যজনক মৃত্যুৰ এটা পক্ষৰূপে প্রতিষ্ঠা কৰিছে। সিয়েই তেওঁৰ প্রতি অসমবাসীৰ সন্দেহ গাঢ় কৰি তুলিছে। সেই সন্দেহ কিহৰ কাৰণে সেই কথা স্পষ্ট নহ’লেও অধিকাংশৰে ধাৰণা যে ইয়াত কিবা এটা যোগসূত্র আছে। সেই বাবেই তেওঁৰ প্ৰতিটো সিদ্ধান্ত তথা পদক্ষেপৰে বিৰোধ হৈছে আৰু তেওঁ তাক সলনি কৰিবলৈ বাধ্য হৈছে। জুবিনৰ মৃত্যুৰ ৰহস্য শীঘ্রে উদ্‌ঘাটনৰ দাবীৰে স্বতঃস্ফূর্তভাবে ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনেও সমদলকে ধৰি শান্তিপূর্ণভাবে বিভিন্ন কার্যসূচী ৰূপায়ণ কৰিছে। যিকোনো গণতান্ত্রিক দেশত এয়া তেনেই স্বাভাৱিক; কিন্তু এনে ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীৰ ঘোৰ বিৰোধী মুখ্যমন্ত্রীয়ে এইবোৰক তুচ্ছ-তাচ্ছিল্যহে কৰি আহিছে।

মুখ্যমন্ত্রীৰূপে দায়িত্ব গ্ৰহণৰ পাছৰে পৰাই যিকোনো ধৰণৰ গণতান্ত্রিক প্রতিবাদী কাৰ্যসূচীৰ প্ৰতি তেওঁ চৰম বিতৃষ্ণা প্রকাশ কৰি আহিছে, তেহেলৈ নিজৰ অগণতান্ত্রিক চৰিত্ৰ ফুটি উঠিলেও কেৰেপ কৰা নাই। কিন্তু জুবিনৰ ন্যায়ৰ দাবীত দৈনিক হোৱা এনেবোৰ কাৰ্যসূচীত ৰাইজৰ বৃহৎ অংশগ্রহণলৈ লক্ষ্য কৰি ৰাজনৈতিক মুনাফা আদায়ৰ উদ্দেশ্যে একেজন মুখ্যমন্ত্রীয়েই ‘ময়ো জুবিন আমিও জুবিন’ শ্ল’গানৰে বিজেপিয়েও ৰাজ্যজুৰি জুবিনৰ ন্যায়ৰ দাবীত সমদল উলিওৱাৰ কথা ঘোষণা কৰে। অৱশ্যে এই শ্ল’গানক লৈ বিৰূপ প্রতিক্রিয়া সৃষ্টি হোৱাৰ পাছত তেওঁ সেই শ্ল’গান ‘ময়ো জুবিনৰ অনুৰাগী, আমিও জুবিনৰ অনুৰাগী ‘লৈ সলনি কৰে।

ইতিমধ্যে কে’বাখনো জিলাত ঘোষণা অনুসৰি এনে সমদল নেতা-মন্ত্ৰীৰ অংশগ্ৰহণৰে উলিওৱা হৈছে। তাতে ক্ষান্ত নাথাকি আৰক্ষীৰ অভিযোগনামা দাখিলৰ পাছত তেওঁ নিজেও জুবিনৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব বুলি ঘোষণা কৰিছে। আন নহ’লেও মুখ্যমন্ত্ৰীৰ কল্পনাপ্রসূত বিজেপিৰ এনে সমদলে এই কথা স্পষ্ট কৰি দিছে যে তেওঁৰ চৰকাৰে জুবিনক ন্যায় দিব নোৱাৰে। এই কথাটোকে লুকুৱাবলৈ তেওঁ কৈছে যে ন্যায় চৰকাৰ অথবা আৰক্ষীয়ে নিদিয়ে, ন্যায়ালয়হে দিব পাৰে; কিন্তু তেওঁ এই কথা নক’লে যে উপযুক্তভাবে তদন্ত সম্পন্ন কৰি তদন্তকাৰী সংস্থাই আগবঢ়োৱা তথ্য-প্ৰমাণৰ ভিত্তিতহে ন্যায়ালয়ে বিচাৰ চলাব পাৰে, ন্যায়ালয়ে নিজেই তদন্ত নকৰে।

তদন্ত প্রক্রিয়াত যদি শিথিলতা অথবা ভুল-ত্রুটি থাকে তেন্তে যিমান গুৰুতৰ ঘটনা নহ’লেও ন্যায়ালয়ে উপযুক্ত ন্যায় দিয়াৰ সুযোগ নাপায়। প্রথমৰে পৰাই মুখ্যমন্ত্রীয়ে যে জুবিনক ন্যায় প্ৰদানৰ বাবে এই কথাটোকে নিশ্চিত কৰিব পৰা নাই, সেই কথা কাৰো বুজিবলৈ বাকী নাই। সেই বিষয়ে অৱগত হৈয়ে বোধকৰো মুখ্যমন্ত্ৰীৰো অস্থিৰতা দিনে দিনে বৃদ্ধি পাইছে।

এই সমগ্র সময়ছোৱাত আন এক লক্ষ্যণীয় দিশ পোহৰলৈ আহিছে। গাদী অধিকাৰ কৰাৰ দিনৰ পৰাই মুখ্যমন্ত্ৰীয়ে প্রতিটো ক্ষেত্রতে এই কথাকে প্রতিষ্ঠা কৰিবলৈ চেষ্টা চলাই আহিছে যে চৰকাৰ মানেই তেওঁ আৰু তেওঁ মানেই চৰকাৰ। তেওঁ গণতান্ত্রিকভাবে নির্বাচিত হৈও অতি মুষ্টিমেয় মন্ত্রী আৰু আমোলাক লৈয়ে একছত্রী শাসকৰ ভাৱত অবতীর্ণ হৈ আহিছে। চৰকাৰৰ অন্যান্য মন্ত্রী-বিধায়কসকল, দল অথবা ৰাইজ কোনোৱেই তেওঁৰ কাৰণে ধর্তব্য নহয়। বিধায়িনী দলৰ প্রতিখন বৈঠকতে বিগত চাৰে চাৰি বছৰত তেওঁ বিজেপি বিধায়কসকলক ২০২৬ৰ নির্বাচনত প্রার্থিত্বক লৈ একপ্ৰকাৰ ভাবুকি প্রদান কৰি চাপত ৰখাৰ অপচেষ্টা চলাই অহাৰ কথা সততে চর্চিত হৈছে। তেওঁৰ ‘আশীর্বাদ’ অবিহনে বিধায়কসকল কিমান নিঃকিন সেই কথা পদে পদে তেওঁলোকক সোঁৱৰাই দিয়া হয়।

মুখ্যমন্ত্রী এজন বিধায়কসকলৰ সমৰ্থনতহে আসনত অধিষ্ঠিত হয়; অর্থাৎ মুখ্যমন্ত্রীজন first among equalsহে। তেনেদৰেই মন্ত্রীসভাৰ সদস্যসকলকো সততে হেয় প্রতিপন্ন কৰি অহাটো সর্বজনবিদিত। মুখ খুলিবলৈ সাহস নকৰিলেও অধিকাংশ মন্ত্রী-বিধায়কৰে ক্ষোভ-অসন্তুষ্টিৰ কথা দিছপুৰৰ বেৰত কাণ পাতিলেই শুনিবলৈ পোৱা যায় ।

সেইবাবেই জুবিনৰ ৰহস্যজনক মৃত্যুৰ পাছত আকস্মিকভাৱে পাক লোৱা জটিল পৰিস্থিতিতো অধিকাংশ দলীয় মন্ত্রী-বিধায়কে নিৰাপদ দূৰত্বত আশ্ৰয় লৈ নীৰৱে পৰিস্থিতি পর্যবেক্ষণ কৰি আছে। মুখ্যমন্ত্ৰীৰ কৰ্মকাণ্ডই নিজ নিজ সমষ্টিত দলীয় বিধায়কসকলক গভীৰ প্ৰত্যাহ্বানৰ সম্মুখীন কৰাইছে। সন্মুখত বিধানসভা নির্বাচন থকাৰ সময়ত বিধায়কসকলে সেয়েহে সমষ্টিবাসীৰ মুখামুখি হ’বলৈ নতুন কৌশল বিচাৰি তৎপৰ হৈছে। অথচ ৰাইজৰ ক্ষোভ মৰিষণৰ সম্ভাৱনা দৃষ্টিগোচৰ হোৱা নাই।

এই পৰিপ্ৰেক্ষিততে বিজেপিৰ শেহতীয়া বিধায়িনী দলৰ বৈঠকত মুখ্যমন্ত্রীয়ে ৰাজনৈতিক জীৱনত এনে জটিল প্রত্যাহ্বানৰ সন্মুখীন ইয়াৰ পূর্বে হ’বলগীয়া হোৱা নাই বুলি স্বীকাৰ কৰিছে। তদুপৰি প্ৰাৰ্থিত্বক লৈ ভাবুকিৰ পৰিৱৰ্তে প্ৰথমবাৰলৈ আহ্বানৰ সুৰত বিধায়কসকলক সম্বোধন কৰিবলৈ বাধ্য হৈছে। উক্ত বৈঠকত চৰ্চিত হোৱাৰ দৰে জুবিন গাৰ্গৰ ম’বাইল ফোনত কাৰ কি ছবি বা কাৰ কি মেছেজ আছে তাৰ স’তে তেওঁৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক সাঙুৰিবলৈ চেষ্টা কৰাটো যে আত্মঘাতী পদক্ষেপেই হ’ব তাত সন্দেহ নাই।

কিয়নো তেতিয়া সমগ্র ঘটনাক বিপথে পৰিচালিত কৰাৰ ই আন এক অপচেষ্টাৰূপেই চিহ্নিত হ’ব আৰু ই ৰাইজৰ ক্ষোভ দুগুণে বৃদ্ধি কৰিব। জুবিনৰ সমাধিক্ষেত্ৰত প্রতি দিনে-নিশাই হোৱা অনুৰাগীৰ সমাগমেও মুখ্যমন্ত্রীক অসুৰক্ষিত অনুভৱ কৰাইছে বুলি বিভিন্নজনে প্রকাশ কৰা ভাষ্যও এই ক্ষেত্ৰত প্ৰাসংগিক যেনেই ধাৰণা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এইদৰে প্ৰতিদিনে অসংখ্য লোক প্রিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যে সমাধিত উপস্থিত হৈছে।

বহুতেই আনকি ইয়াক সমাধিস্থলৰ পৰিৱৰ্তে মন্দিৰ ৰূপে অভিহিত কৰি জুবিনক ভগৱানৰ মৰ্যাদা প্রদান কৰিছে। এনে অসংখ্য লোকৰ মাজত কিছুসংখ্যক নিচা সেৱনকাৰী থকাটো অস্বাভাৱিক নহয়। উদ্ভণ্ডালি কৰা দুই-এজন উদণ্ড লোক থকাটোও তেনেই স্বাভাবিক। কিন্তু প্ৰথমৰে পৰাই এনে এক ছবি দাঙি ধৰিব খোজা হৈছে যেন সমাধিক্ষেত্ৰ নিচাসক্তৰ কেন্দ্ৰ হৈ পৰিছে। সেয়েহে প্রশ্ন উত্থাপিত হয় যে সম্প্রতি অসমৰ কোনটো অনুষ্ঠানত নিচা সেৱনকাৰী উপস্থিত নোহোৱাকৈ আছে! চৰকাৰেই ৰাজহ আহৰণৰ অজুহাতত ৰাজ্যৰ চুকে-কোণে, চুবুৰিয়ে চুবুৰিয়ে সুৰা উপলব্ধ কৰোৱা নাইনে? ভাং-গাঞ্জা অথবা অন্যান্য নিচাযুক্ত দ্রব্য ৰাজ্যৰ চৌদিশে সুলভ হ’বলৈ পাইছে কাৰ অনুগ্রহত?

এই চৰকাৰে কাৰ্যভাৰ গ্ৰহণৰ পাছৰে পৰাই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰখা বুলি দাবী কৰি আহিছে; অথচ ৰাজ্যত নিচাযুক্ত সামগ্রী এনেদৰে উভৈনদী ইয়াৰ পূৰ্বে কেতিয়াও হোৱা নাছিল। ড্রাগ অভাৰড’জ হৈ মৃত্যুৰ ঘটনা অসমত কেতিয়াও নাছিল; অথচ ইও এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে। তেন্তে সেই তথাকথিত কঠোৰ অভিযানৰ আঁৰত আন উদ্দেশ্যহে লুকাই আছে বুলি প্ৰশ্নৰ উদ্ৰেক নহ’ব কিয়? গতিকে কেইজনমান নিচা সেৱনকাৰীৰ উদ্ভণ্ডালিৰ উপস্থিতিৰ অজুহাতত জুবিনৰ সমাধিক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰিলে বিৰোধ হোৱাটো স্বাভাবিক।

লক্ষ্যণীয় এয়ে যে জুবিনৰ সমাধিক্ষেত্ৰত ৰাইজৰ প্ৰৱেশ-প্রস্থানৰ সময় নির্ধাৰণ কৰি দিয়াৰ পাছতে সৃষ্টি হোৱা প্রতিক্রিয়া আৰু ইয়াৰ বিৰোধ কৰাসকলৰ বিৰুদ্ধে দিনত লম্ফ-জল্ফ কৰি নিশা পূৰ্বৰ সিদ্ধান্ত সলনি কৰি মুখ্যমন্ত্রীয়ে পুনৰবাৰ নিজৰ অস্থিৰতাৰ উমান দিলে। যদিহে সিদ্ধান্ত সলনি কৰাৰ সুযোগ আছিলেই, তেন্তে সেই সিদ্ধান্তৰ বিৰোধ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিয়াৰ প্রয়োজনেই বা কি!

মুখ্যমন্ত্রীয়ে বাৰে বাৰে এই কথা প্রতিষ্ঠা কৰিব বিচাৰিছে যে জুবিনৰ দুই নম্বৰী অনুৰাগীসকলেহে শিল্পীগৰাকীৰ ন্যায় বিচাৰি হুলস্থূল লগাইছে। তেওঁৰ এই বক্তব্যৰ কিয়েই বা প্রতিক্রিয়া প্রকাশৰ প্ৰয়োজন। এনেবোৰ টুলুঙা কথাই মুখ্যমন্ত্ৰীৰ পদমর্যাদা হানি কৰাৰ বাহিৰে আন একো উদ্দেশ্য সাধন নকৰে। বাত্সা জিলাৰ নিকাছি কাৰাগাৰলৈ জুবিনৰ মৃত্যুৰ গোচৰৰ পাঁচ অভিযুক্তক স্থানান্তৰক লৈ সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছত ঘটনাৰ বুজ ল’বলৈ গৈ মুখ্যমন্ত্রীয়ে কৈছে যে তেওঁ পদত্যাগ কৰি গৌৰৱ গগৈ মুখ্যমন্ত্রী পদত অধিষ্ঠিত হ’লেই এই আন্দোলন বন্ধ হৈ পৰিব।

ন্যস্তস্বার্থ পূৰণৰ বাবে তেওঁ যিয়েই নকওক, এই কথা সকলোৱে জানে যে মুখ্যমন্ত্রীয়ে আজি পদত্যাগ কৰিলে গৌৰৱ গগৈ কোনোপধ্যে মুখ্যমন্ত্রী হ’ব নোৱাৰে। মুখ্যমন্ত্রী হ’ব লাগিব সর্বানন্দ সোণোৱাল অথবা দিলীপ শইকীয়া অথবা বিজেপিৰে কোনোবা নেতা বা সদস্যহে। যদি তেওঁ কোৱাৰ দৰেই হয়, তেন্তে বিজেপিৰ আন্দোলনো তেওঁক মুখ্যমন্ত্রী পদৰ পৰা অপসাৰণৰ বাবেই ৰূপায়ণ কৰা হৈছে নেকি তাক স্পষ্ট কৰি দিয়ক।

মুখ্যমন্ত্ৰীৰ নেতৃত্বত সর্বশক্তি প্রয়োগৰ পাছতো বিটিচিৰ সদ্যসমাপ্ত নিৰ্বাচনত বিজেপিৰ আসন সংখ্যা অর্ধেকলৈ হাস পোৱাটোৱে ৰাজ্যৰ শাসক দলটোলৈ যে অশনি সংকেত কঢ়িয়াই আনিছে সেয়া কোনেও নুবুজাকৈ থকা নাই। এই ফলাফল প্ৰকাশৰ পূৰ্বেই জুবিনৰ আকস্মিক মৃত্যু আৰু তাৰ পাছৰে পৰা চৰকাৰ তথা ঘাইকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উদ্রেক ঘটা ক্ষোভ-অসন্তুষ্টিয়ে দিছপুৰক বাৰুকৈয়ে জোঁকাৰি দিছে। বিনামূলীয়া আঁচনিৰ সংখ্যাধিক্যই সেই ক্ষোভ মৰিষণ কৰাৰ সম্ভাৱনা এই পর্যন্ত পৰিলক্ষিত হোৱা নাই। তাৰ উপৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত সংশ্লিষ্ট দল-সংগঠন তথা ৰাইজৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচীয়ে আগন্তুক সময়ছোৱাত অধিক জটিলতা সৃষ্টিৰ সম্ভাৱনা বহন কৰিছে।

এনে পৰিপ্ৰেক্ষিতত আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত মুখ্যমন্ত্রী বিজেপিৰ বাবে সম্পদ হৈ ৰয় নে আপদত পৰিণত হয় সেয়া উপযুক্ত সময়ত স্পষ্ট হ’ব। অৱশ্যে তৎসত্ত্বেও ধনবল-জনবল তথা বিভিন্ন কূটকৌশলৰ দ্বাৰা মুখ্যমন্ত্রী পুনৰ ক্ষমতালৈ আহিলেও আচৰিত হ’বলগীয়া একো নাই। বিশ্বৰ বিভিন্ন প্রান্তত গণশত্রুৰূপে জনগণৰ দ্বাৰা চিহ্নিত ব্যক্তিয়েও দীর্ঘকাল ক্ষমতাত অধিষ্ঠিত হোৱাৰ অলেখ নিদর্শন আছে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CMpranjal sen dekaZubeen Garg
publisher

publisher

Related Posts

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
অসমত NDAৰ জয়যাত্ৰা , মৰিয়নিত পৰাস্ত জ্ঞানশ্ৰী 
News

অসমত NDAৰ জয়যাত্ৰা , মৰিয়নিত পৰাস্ত জ্ঞানশ্ৰী 

May 4, 2026
ৰাজ্যত NDAৰ জয়যাত্ৰা, ধূলিসাৎৰ দিশে বিৰোধী ঐক্য
News

ৰাজ্যত NDAৰ জয়যাত্ৰা, ধূলিসাৎৰ দিশে বিৰোধী ঐক্য

May 4, 2026
জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ
Assam

জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

May 4, 2026
গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ
News

গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d