Meghalaya Cm Announced:
চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পূৱ জয়ন্তীয়া পাহাৰ জিলাৰ ওমপ্লেং আৰক্ষী চকীৰ অন্তৰ্গত থাংস্কো অঞ্চলৰ মীনছীংজাস্থিত এটা অবৈধ কয়লা খনিত বৃহস্পতিবাৰে সংঘটিত ভয়াৱহ বিস্ফোৰণত প্ৰায় ১৮ জন শ্ৰমিক মৃত্যু নিশ্চিত কৰা হৈছে যদিও বেচৰকাৰী সূত্ৰত শতাধিক হতাহতৰ আশংকা কৰা হৈছে।
ADVERTISEMENT
আনহাতে মেঘালয় চৰকাৰে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ মেঘালয়ৰ সকনো কয়লাখনিত খনন বন্ধ কৰি দিযাৰ নিৰ্দেশনা জাৰি কৰিছে। আনহাতে সমগ্ৰ ঘটনাৰ কঠোৰ তদন্তৰ আশ্বাস দিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৷ দোষীক কঠোৰ আইনী প্ৰক্ৰিয়াৰ সম্মুখীন হ’ব বুলি উল্লেখ কৰি এই কার্যত কোনো কম্প্রমাইজ নহয় বুলিও সামাজিক মাধ্যমত সদৰি কৰিছে ৷




































