Global warming:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:গোলকীয় উষ্ণতাৰ ‘সৌজন্য’ত দীঘলীয়া হৈছে দিনবোৰ। জলবায়ু পৰিৱৰ্তনৰ ফলত যিদৰে মেৰু প্রদেশত বৰফ গলিছে, তাৰ ফলতে এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি দাবী কৰিছে গৱেষকসকলে। ভিয়েনা বিশ্ববিদ্যালয় আৰু ইটিএইছ জুৰিখৰ এদল গবেষকে জনাইছে যে ৩৬ লাখ বছৰৰ ভিতৰত এনে পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল।
ইয়াতে প্রশ্ন উঠিছে যে বৰফ গলাৰ লগত দিন দীঘলীয়া হোৱাৰ কি সম্পর্ক? কোৱা হৈছে যে মেক প্ৰদেশৰ হিমবাহ আৰু বৰফ যিদৰে গলিবলৈ আৰম্ভ কৰিছে তাৰ আঘাততে সমুদ্রতলি ওপৰলৈ উঠি আহিছে। লগতে ইয়াৰ ফলতে প্রতি শতাব্দীৰ হিচাপত ১.৩৩ মিলি ছেকেণ্ডকৈ সময় যুক্ত হৈছে দিনৰ হিচাপত।
সাধাৰণভাৱে এই পৰিৱৰ্তনক বিশেষ ডাঙৰ যেন ধাৰণা নহ’লেও বিজ্ঞানীসকলে সতর্ক কৰিছে। তেওঁলোকে জনাইছে যে ইয়াৰ প্ৰভাৱ হ’ব পাৰে অভাৱনীয়। আচলতে সমুদ্রতলি উঠি অহাত পৃথিৱীৰ ওপৰৰ স্তৰৰ পুনর্বিন্যাস হৈছে। ইয়াৰ ফলতে পৃথিৱীৰ ঘূর্ণনৰ গতি হ্রাস পাইছে। সেই কাৰণেই দিনৰ সময় বাঢ়ি গৈ আছে।
পৃথিৱীয়ে কিন্তু একেবাৰে নিখুঁত অপৰিৱৰ্তিত গতিৰেই যে ঘূৰি আছে, সেয়াও নহয়। বৰঞ্চ চন্দ্ৰৰ মাধ্যাকর্ষণীয় টান, গ্ৰহৰ অভ্যন্তৰৰ গতিবিধি আৰু বায়ুমণ্ডলীয় অৱস্থাৰ কাৰণে গ্ৰহটোৰ ঘূর্ণন সকলো সময়তে পৰিৱৰ্তিত হৈ থাকে। অৱশ্যে মানৱ-সৃষ্ট জলবায়ু পৰিৱৰ্তন এই সমীকৰণত এক প্রধান শক্তিত পৰিণত হৈছে আৰু তাৰ প্রকোপতে এনে পৰিস্থিতি হৈছে।
আকৌ প্রশ্ন উঠিছে যে লাখ লাখ বছৰৰ পূৰ্বে যেতিয়া মানুহ পৃথিৱীত নাছিল, তেতিয়াৰ অৱস্থা কি আছিল সেয়া কেনেকৈ জনা গ’ল? বিজ্ঞানীসকলে জনাইছে যে এবিধ সামুদ্রিক এককোষী প্রাণীৰ জীবাশ্ম বিশ্লেষণ কৰি চোৱা হৈছে। যাৰ ৰাজনৈতিক গঠন বিশ্লেষণ কৰি সেই প্রাণী সমুদ্র-স্তৰৰ কোন অবস্থানত আছিল সেয়াও বাহিৰ কৰা হৈছে। ইয়াৰ পাছত গাণিতিক হিচাপৰ মাধ্যমেৰে জনা গৈছে সেই সময়ৰ দিনৰ দৈর্ঘ্য। তাতেই সাম্প্রতিক সময়ৰ পৰিস্থিতিৰ স’তে তুলনা কৰা সম্ভৱ হৈছে। সম্মুখলৈ আহিছে ভয়ংকৰ পৰিৱৰ্তনৰ হিচাপ। এতিয়া প্রশ্ন হয় যে পৃথিৱীৰ ঘূর্ণন মন্থৰ হোৱাৰ প্ৰভাৱ মানৱ জীৱনত পৰিব নেকি?
বিজ্ঞানীসকলে জনাইছে যে সৰু সৰু পৰিৱৰ্তনেও আমাৰ দৈনন্দিন জীৱনত প্রভাৱ পেলায়। জিপিএছ ছিষ্টেমৰ পৰা কৃত্ৰিম উপগ্ৰহৰ ওপৰত দৃষ্টি এই সকলোতেই সমস্যাৰ সৃষ্টি হ’ব। এই শতিকা শেষ হোৱালৈকে এই পৰিৱৰ্তনে সভ্যতাত আৰু ডাঙৰ প্ৰভাৱ পেলাব বুলিয়ে সতর্ক কৰিছে গৱেষকসকলে।



































