Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Asom Jatiya Parishad: গুৱাহাটীৰ হোটেল গেটৱে গ্ৰেণ্ডৱেৰত বিশেষ অনুষ্ঠানত অসম জাতীয় পৰিষদৰ ইস্তাহাৰ আৰু দৃষ্টিপত্ৰ উন্মোচন

আত্মনিৰ্ভৰশীল অৰ্থনীতি, ভূমি সংস্কাৰ আৰু সুৰক্ষা, জাতিৰ অস্তিব সুৰক্ষাই হ'ব মূল বিষয়

samimsultana by samimsultana
March 27, 2026
in Uncategorized
Reading Time: 2 mins read
0
Asom Jatiya Parishad: গুৱাহাটীৰ হোটেল গেটৱে গ্ৰেণ্ডৱেৰত বিশেষ অনুষ্ঠানত অসম জাতীয় পৰিষদৰ ইস্তাহাৰ আৰু দৃষ্টিপত্ৰ উন্মোচন
1
SHARES
12
VIEWS
ShareShareShareShare

Asom Jatiya Parishad:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অসম জাতীয় পৰিষদে বুধবাৰে নিশা গুৱাহাটীৰ হোটেল গেটৱে গ্ৰেণ্ডৱেৰত এক জাকজমকীয়া আৰু ঐতিহাসিক অনুষ্ঠানত দলৰ নিৰ্বাচনী ইস্তাহাৰ আৰু ‘দৃষ্টিপত্ৰ ২০২৬’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অসমৰ গৌৰৱময় ইতিহাস আৰু অসমীয়া জাতিৰ আত্মসম্মানৰ প্ৰতীক হিচাপে দলৰ নিৰ্বাচনী প্ৰতীক ‘পানী জাহাজ’ৰ ছবিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা দলটোৱে দৃষ্টিপত্ৰ আৰু ইস্তাহাৰৰ জৰিয়তে অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিলে বুলি দলৰ নেতৃত্বই দাবী কৰে।

ADVERTISEMENT

অনুষ্ঠানত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ, উপ-সভাপতি চন্দ্ৰকান্ত দাস, চমছেৰ সিং,বিপুল পাঠক,সম্পাদক অমৃত খাটনীয়া,চিত্তৰঞ্জন বসুমতাৰী, গিৰীণ তালুকদাৰ, সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমান, যুটীয়া সম্পাদক অমিতাভ বৰঠাকুৰ আদি দলৰ শীৰ্ষ নেতৃবৃন্দ, বিভিন্ন জিলাৰ পদাধিকাৰীসকল, বিশিষ্ট বুদ্ধিজীৱী, সমাজকৰ্মী, কৃষক প্ৰতিনিধি, চাহ শ্ৰমিক নেতা, যুৱ কৰ্মী আৰু বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিনিধি উপস্থিত আছিল। অনুষ্ঠানস্থলী উপচি পৰা কৰ্মী-সমৰ্থকৰ উপস্থিতিয়ে অসম জাতীয় পৰিষদৰ প্ৰতি জনসাধাৰণৰ ক্ৰমবৰ্ধমান আস্থাৰ প্ৰমাণ দিলে।

RelatedPosts

AJP Review Meeting :মহানগৰীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ পৰ্যালোচনা বৈঠক

কুংকি চৌধুৰীক আৰক্ষীৰ চমনক লৈ অজাপৰ তীব্ৰ প্ৰতিবাদ; ‘গণতন্ত্ৰৰ ওপৰত আঘাত’ : লুৰীণজ্যোতি গগৈ

অসমৰ ৰাইজলৈ অসম জাতীয় পৰিষদৰ কৃতজ্ঞতা জ্ঞাপন

ইস্তাহাৰ উন্মোচনৰ পাছত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে উপস্থিতজনসমাগমক সম্বোধন কৰি কয় —”আজি আমি কেৱল এখন কিতাপ উন্মোচন কৰা নাই। আমি অসমৰ মানুহৰ সপোন, সংগ্ৰাম আৰু আকাংক্ষাক এক লিখিত প্ৰতিশ্ৰুতিৰ ৰূপ দিছোঁ। এই ইস্তাহাৰ কেৱল নিৰ্বাচনী দলিল নহয় — এইখন অসমৰ আগন্তুক প্ৰজন্মৰ বাবে আমাৰ সংকল্প।”

তেওঁ আৰু কয় যে বিগত ৬০ বছৰ ধৰি অসমত শাসন কৰা দলসমূহে কেৱল প্ৰতিশ্ৰুতি দিছে, পূৰণ কৰা নাই। অসমৰ সম্পদ দিল্লীলৈ গৈছে, অসমৰ মানুহ দৰিদ্ৰতাতে থাকিছে। এই পৰিস্থিতিৰ সমাপ্তিৰ সময় আহি পৰিছে বুলি তেওঁ দৃঢ়তাৰে ঘোষণা কৰে।

দলৰ দলৰ উপ-সভাপতি তথা নিৰ্বাচন পৰিচালনা সমিতিৰ অধ্যক্ষ চন্দ্ৰকান্ত দাসে এই ইস্তাহাৰৰ মূল দিশসমূহ বিতংভাৱে উপস্থাপন কৰি কয় যে অসম জাতীয় পৰিষদ পুৰণি ধাৰাৰ ৰাজনীতিত বিশ্বাস নকৰে। দলৰ প্ৰতিটো প্ৰতিশ্ৰুতিৰ আঁৰত বৈজ্ঞানিক গৱেষণা, তথ্য আৰু সুনিৰ্দিষ্ট কাৰ্যপন্থা আছে বুলি তেওঁ স্পষ্টকৈ কয়।

“আমি মানুহক সপোন বেচা নাই। আমি সমাধান দিছোঁ। প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা যায় — যদিহে ৰাজনৈতিক সদিচ্ছা থাকে। আমাৰ সেই সদিচ্ছা আছে।”

ইস্তাহাৰৰ মূল স্তম্ভসমূহ:

১. অৰ্থনৈতিক স্বনিৰ্ভৰতা — ‘নিজৰ মাটিত নিজৰ অধিকাৰ

ইস্তাহাৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু কেন্দ্ৰীয় বিষয় হিচাপে অৰ্থনৈতিক স্বনিৰ্ভৰতাক স্থান দিয়া হৈছে। দলৰ বক্তব্য অনুযায়ী অসম এখন সম্পদশালী ৰাজ্য — ইয়াত তেল আছে, গেছ আছে, চাহ আছে, ৰেচম আছে, কৃষিভূমি আছে, নদী আছে, অৰণ্য আছে। তথাপি অসমৰ মানুহ দৰিদ্ৰ — কাৰণ এই সম্পদসমূহ অসমৰ মানুহৰ কামত লগোৱা হোৱা নাই।

দলে ঘোষণা কৰিছে যে ক্ষমতালৈ আহিলে বিজ্ঞানসম্মতভাৱে ‘অসম অৰ্থনৈতিক মহাপৰিকল্পনা’ প্ৰস্তুত কৰা হব। মাছ, কণী, মাংস, গাখীৰ, শাক-পাচলিৰ উৎপাদনত আত্মনিৰ্ভৰশীলতা আনিবলৈ চৰকাৰী পৃষ্ঠপোষকতাত বিনিয়োগ বৃদ্ধি কৰা হব। ‘ঘৰে ঘৰে উপাৰ্জন, ঘৰে ঘৰে সংস্থাপন’ নীতি প্ৰণয়নেৰে অসমক উৎপাদনশীল ৰাজ্য হিচাপে গঢ়ি তোলা হব।

তেল-গেছৰ ৰয়েলটি বৃদ্ধি আৰু GST-ৰ ন্যায্য ভাগ আদায়ৰ বাবে কেন্দ্ৰত জোৰদাৰ দাবী উত্থাপন কৰা হব। মহাগাণনিকৰ পৰামৰ্শ কাৰ্যকৰী কৰি ফলাফলভিত্তিক বাজেট প্ৰণয়নেৰে জনতাৰ কৰৰ পইচাৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰা হব।

২. নিজা সম্পদেৰে স্বাৱলম্বিতা আৰু স্বনিয়োজন

দলৰ মতে অসমৰ যুৱক-যুৱতীসকলক চাকৰিৰ ওপৰত নিৰ্ভৰশীল হিচাপে নহয়, উদ্যোক্তা হিচাপে গঢ়ি তুলিব লাগিব। এই লক্ষ্যত —

– ‘প্ৰথম উদ্যোগ’ আঁচনিৰে ১৮-৩৫ বছৰ বয়সৰ যুৱ উদ্যোক্তাক বিনা জামিনতে ২ লাখ টকালৈ ঋণ দিয়া হব
– ১০,০০০ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (MSME) স্থাপনৰ অভিযান চলোৱা হব
– খাদ্য প্ৰক্ৰিয়াকৰণ, বাঁহ, ৰেচম আৰু কৃষিভিত্তিক উদ্যোগ স্থাপনত থলুৱা যুৱক-যুৱতীক অগ্ৰাধিকাৰ দিয়া হব
– চৰকাৰী ক্ৰয় নীতিত কেৱল স্থানীয় উৎপাদকৰ পণ্য ক্ৰয়ক বাধ্যতামূলক কৰা হব
– ‘দক্ষ অসম’ কাৰ্যসূচীৰে প্ৰতি বছৰে ৫০,০০০ যুৱক-যুৱতীক কাৰিকৰী প্ৰশিক্ষণ দিয়া হব
– কৃষি, মীনপালন, পশুপালন, তাঁত-বয়ন আদি পৰম্পৰাগত পেচাত স্বনিয়োজনৰ বাবে বিশেষ আঁচনি প্ৰৱৰ্তন কৰা হব

৩. ভূমি সংস্কাৰ আৰু খিলঞ্জীয়া-জনজাতীয় মানুহৰ ভূমি সুৰক্ষা

ইস্তাহাৰত ভূমি সংস্কাৰক এক বিপ্লৱী পদক্ষেপ হিচাপে উপস্থাপন কৰা হৈছে। দলৰ মতে অসমৰ ভূমি সমস্যা কেৱল প্ৰশাসনিক নহয়, ই এক জাতীয় অস্তিত্বৰ প্ৰশ্ন।

খিলঞ্জীয়া আৰু জনজাতীয় মানুহৰ ভূমি সুৰক্ষাৰ বাবে ঘোষিত পদক্ষেপসমূহ —

– কঠোৰ ‘খিলঞ্জীয়া ভূমি সুৰক্ষা আইন’ প্ৰণয়ন কৰা হব — অসমৰ স্থায়ী বাসিন্দা নোহোৱা কোনো ব্যক্তি বা প্ৰতিষ্ঠানে খিলঞ্জীয়াৰ মাটি ক্ৰয় বা হস্তান্তৰ কৰিব নোৱাৰিব
– ‘অসমৰ মাটিৰ ওপৰত খিলঞ্জীয়াৰ প্ৰথম অধিকাৰ’ নীতি ঘোষণা কৰা হব
– জনজাতীয় ভূমি বেদখলৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা হব
– প্ৰতিটো থলুৱা পৰিয়াল আৰু বৈধ ভাৰতীয় নাগৰিক পৰিয়ালক মাদী পট্টাৰ অধিকাৰ দিয়া হব
– ‘অসম ৰাজ্যিক ভূমি বেংক’ স্থাপন কৰি ভূমিহীন যুৱক-যুৱতীক কৃষি আৰু মীনপালনৰ বাবে মাটি আৱন্টন দিয়া হব
– ভূমি চিলিং আইন কঠোৰভাৱে বলবৎ কৰি অতিৰিক্ত মাটি উদ্ধাৰ কৰি দৰিদ্ৰ ভূমিহীনক আৱন্টন দিয়া হব
– ভূমি সংক্ৰান্তীয় সকলো ব্যৱস্থা অনলাইন কৰি দুৰ্নীতি সম্পূৰ্ণ বন্ধ কৰা হব
– বান-খহনীয়াৰ ফলত ভূমি হেৰুওৱা মানুহক ভূমি বেংকৰ জৰিয়তে পুনৰ্বাসন দিয়া হব
– জনজাতীয় ভূমি হস্তান্তৰৰ যিকোনো প্ৰচেষ্টাত কঠোৰ ফৌজদাৰী ব্যৱস্থা গ্ৰহণ কৰা হব

দলৰ সভাপতিয়ে এই প্ৰসংগত কয় — “অসমৰ মাটিত অসমৰ মানুহৰ অধিকাৰ নিশ্চিত কৰাটো আমাৰ দলৰ অগ্ৰাধিকাৰ বিষয়। এই প্ৰতিশ্ৰুতিত আমি কোনো আপোচ নকৰোঁ।”

৪. যুৱ উন্নয়ন — ‘যুৱৰ হাতত জাতিৰ ভৱিষ্যৎ’

অসম জাতীয় পৰিষদ মূলতঃ এটি যুৱ-ছাত্ৰ আন্দোলনৰ গৰ্ভৰ পৰা জন্ম লোৱা দল। সেয়েহে যুৱ উন্নয়নক ইস্তাহাৰত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে। দলৰ বক্তব্য — অসমৰ যুৱ প্ৰজন্ম এই ৰাজ্যৰ ডাঙৰ সম্পদ, আৰু এই সম্পদক যদি সঠিকভাৱে ব্যৱহাৰ কৰিব পৰা যায়, তেন্তে অসম ভাৰতৰ ভিতৰত উন্নত ৰাজ্য হব।

যুৱ উন্নয়নৰ বাবে মূল প্ৰতিশ্ৰুতিসমূহ —

– চৰকাৰী পদ খালী হোৱাৰ ৬ মাহৰ ভিতৰত বিজ্ঞাপন দি নিয়োগ সম্পন্ন কৰাটো আইনগতভাৱে বাধ্যতামূলক কৰা হব
– APSC-ৰ সম্পূৰ্ণ স্বায়ত্তশাসন নিশ্চিত কৰি ৰাজনৈতিক হস্তক্ষেপ সম্পূৰ্ণ বন্ধ কৰা হব
– TET উত্তীৰ্ণ সকলো প্ৰাৰ্থীৰ সমস্যা ১০০ দিনত সমাধান কৰা হব
– বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰ ঘটাই প্ৰতিখন জিলাত আধুনিক ITI-Polytechnic স্থাপন কৰা হব
– মাধ্যমিক পৰ্যায়ৰ পৰাই কৃত্ৰিম বুদ্ধিমত্তা আৰু কোডিং পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হব
– ‘যুৱ সংসদ’ কাৰ্যক্ৰম ৰূপায়ণেৰে গণতান্ত্ৰিক মূল্যবোধ আৰু নেতৃত্বৰ গুণ বিকাশ কৰা হব
– ড্ৰাগছচক্ৰ সম্পূৰ্ণ উৎখাতৰ বাবে প্ৰতিখন জিলাত পুনৰ্বাসন কেন্দ্ৰ স্থাপন কৰা হব
– পঞ্চায়ত-নগৰ পালিকাত ৩৫ বছৰৰ তলৰ যুৱক-যুৱতীৰ বাবে আসন সংৰক্ষণৰ বিশেষ আঁচনি
– চাকৰি নোপোৱালৈকে শিক্ষিত নিবনুৱা যুৱক-যুৱতীক মাহিলী ভাট্টা প্ৰদানৰ লক্ষ্য

৫. সাম্প্ৰদায়িক, জাতিগত আৰু জনজাতীয় সম্প্ৰীতি — ‘এক অসম, এক পৰিয়াল’

অসম জাতীয় পৰিষদে সাম্প্ৰদায়িক সম্প্ৰীতিক কেৱল নীতিগত কথা নহয়, ইয়াক শাসনৰ মূলনীতি হিচাপে গ্ৰহণ কৰিব বুলি ঘোষণা কৰে।

দলৰ মতে অসম বিভিন্ন জাতি, জনজাতি, ধৰ্ম আৰু সংস্কৃতিৰ মিলনস্থলী। এই বৈচিত্ৰ্যই অসমৰ সম্পদ। কিন্তু শাসনাধিষ্ঠিত ৰাজনৈতিক দলে নিজৰ স্বাৰ্থত এই বৈচিত্ৰ্যক বিভাজনৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে।

সম্প্ৰীতি ৰক্ষাৰ বাবে ঘোষিত পদক্ষেপসমূহ —- ধৰ্ম-জাতি-সম্প্ৰদায়ৰ নামত ঘৃণা বিয়পোৱাৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হব- ‘অসম সম্প্ৰীতি আয়োগ’ গঠন কৰা হব — যিয়ে সাম্প্ৰদায়িক উত্তেজনাত ৪৮ ঘণ্টাৰ ভিতৰত মধ্যস্থতা কৰিব- নিৰ্বাচনত সাম্প্ৰদায়িক ভাষণ দিলে তাৎক্ষণিক আইনী ব্যৱস্থা গ্ৰহণ কৰা হব- শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদী দৰ্শনক ৰাজ্যৰ সামাজিক নীতিৰ আদৰ্শ ঘোষণা কৰা হব- মাধৱদেৱ, মাধৱ দেব,আজান ফকীৰৰ মানৱতাবাদী দৰ্শন পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হব- সকলো জনগোষ্ঠীৰ সংস্কৃতি-ভাষা সংৰক্ষণৰ বাবে ‘বহুভাষিক সাংস্কৃতিক উৎসৱ’ৰ আয়োজন কৰা হব
– জনজাতীয় জনগোষ্ঠীসমূহৰ পৰম্পৰাগত অধিকাৰ সংৰক্ষণৰ বাবে উচ্চতৰ আইনী সুৰক্ষা দিয়া হব- সংখ্যালঘু সম্প্ৰদায়ৰ জীৱন-সম্পত্তি-সংস্কৃতি সুৰক্ষাত বিশেষ দৃষ্টি দিয়া হব- ‍গোৰ্খা জুগোষ্ঠীৰ অধিকাৰ সংৰক্ষণ‍ আৰু উন্নয়নত বিশেষ ধ্যান দিয়া হ’ব।

৬. ৰাজহুৱা ঋণৰ বোজা হ্ৰাস — ‘আমাৰ সন্তানৰ মূৰত ঋণৰ বোজা নাথাকিব’

ইস্তাহাৰৰ এটি অতিকে উল্লেখযোগ্য দিশ হল ৰাজহুৱা ঋণ পৰিহাৰৰ প্ৰতিশ্ৰুতি। দলৰ মতে অসম চৰকাৰে বৰ্তমান যিমান ঋণ কৰি হিতাধিকাৰী আঁচনি চলাইছে, তাৰ বোজা ভৱিষ্যৎ প্ৰজন্মই বহন কৰিব লাগিব। এইটো অনৈতিক আৰু অদূৰদৰ্শী।

দলে ঘোষণা কৰিলে যে , ঋণ কৰি বিনামূলীয়া বিতৰণমূলক আঁচনি নচলোৱাকৈ উৎপাদনশীল খণ্ডত বিনিয়োগ কৰি ৰাজহ বৃদ্ধি কৰা হব,- ফলাফলভিত্তিক বাজেট প্ৰণয়নেৰে অপচয় বন্ধ কৰি ৰাজহুৱা সম্পদৰ সৰ্বোচ্চ সদ্ব্যৱহাৰ নিশ্চিত কৰা হব- প্ৰতিটো চৰকাৰী প্ৰকল্পৰ ব্যয়ৰ হিচাপ জনতাৰ আগত স্বচ্ছভাৱে দাখিল কৰা হব- দুৰ্নীতি আৰু কমিছনখোৰীত যোৱা পইচা ৰোধ কৰি ৰাজকোষৰ সুস্বাস্থ্য নিশ্চিত কৰা হব কেন্দ্ৰৰ পৰা অসমৰ ন্যায্য বিত্তীয় অধিকাৰ আদায় কৰি ৰাজ্যৰ আৰ্থিক স্বনিৰ্ভৰতা বৃদ্ধি কৰা হব I

সভাপতি লুৰীণজ্যোতি গগৈয়ে এই প্ৰসংগত কয় — “আমি আমাৰ সন্তানৰ মূৰত ঋণৰ বোজা দিব নিবিচাৰোঁ। আমি তেওঁলোকৰ বাবে এখন সমৃদ্ধ আৰু ঋণমুক্ত অসম গঢ়ি থৈ যাব বিচাৰোঁ।”

দৃষ্টিপত্ৰ ২০২৬ — নতুন অসমৰ ৰূপৰেখা

ইস্তাহাৰৰ লগতে উন্মোচিত ‘দৃষ্টিপত্ৰ ২০২৬’ হল অসম জাতীয় পৰিষদৰ দীৰ্ঘমেয়াদী দৃষ্টিভংগীৰ দলিল। ইয়াত ৰাজ্যৰ আটাইকেইখন জিলাৰ বহু বিশিষ্ট ব্যক্তি, বিভিন্ন খণ্ডৰ বিশেষজ্ঞ, দলৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৰ্গৰ মতামত আৰু পথ-নিৰ্দেশিকা সন্নিৱিষ্ট কৰা হৈছে।

দলৰ সম্পাদক‍ আৰু মুখপাত্ৰ তথা দৃষ্টিপত্ৰ আৰু ইস্তাহাৰৰ সম্পাদক জিয়াউৰ ৰহমানে কয় যে দৃষ্টিপত্ৰখন প্ৰস্তুত কৰোঁতে অসমৰ সাধাৰণ মানুহৰ কথাকে সৰ্বোচ্চ গুৰুত্ব দিয়া হৈছে। কৃষক, শ্ৰমিক, যুৱক, মহিলা, জনজাতি — সকলোৰে আশা-আকাংক্ষা এই দলিলত প্ৰতিফলিত হৈছে বুলি তেওঁ দাবী কৰে।

অনুষ্ঠানত উপস্থিত কৃষক প্ৰতিনিধি এগৰাকীয়ে সাংবাদিকক কয় — “MSP-ৰ আইনী গেৰান্টিৰ কথা এতিয়ালৈকে কোনো দলে কোৱা নাছিল। অসম জাতীয় পৰিষদে সেই কথা কলে — আমি আশাবাদী।”

এগৰাকী চাহ শ্ৰমিক নেতাই কয় — “চাহ বোৰ্ড অসমলৈ আনাৰ কথা, ন্যায্য মজুৰিৰ কথা — এইবোৰ আমাৰ দশকৰ দাবী। অসম জাতীয় পৰিষদে আমাৰ মনৰ কথা কলে।”

এগৰাকী যুৱ কৰ্মীয়ে আবেগিকভাৱে কয় , “আমি ছাত্ৰ আন্দোলনৰ সন্তান। এই দলটো আমাৰ নিজৰ। এই ইস্তাহাৰখন পঢ়ি মোৰ বুকু ভৰি আহিল।”

অনুষ্ঠানৰ সামৰণিত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অসমৰ সকলো শ্ৰেণীৰ মানুহলৈ আহ্বান জনাই কয় ,আহক, একেলগে গঢ়োঁ এখন সমৃদ্ধ, সুৰক্ষিত, শান্তি-সম্প্ৰীতিপূৰ্ণ আৰু স্বাভিমানী অসম। ৯ এপ্ৰিলত ‘পানী জাহাজ’ চিহ্নত ভোট দিয়ক। এইটো কেৱল এটা ভোট নহয় — এইটো অসমৰ ভৱিষ্যতৰ বাবে আপোনাৰ সাহসী সিদ্ধান্ত।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Asom Jatiya ParishadLurinjyoti GogoiParty Manifesto
samimsultana

samimsultana

Related Posts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d