Russia to introduce ban on gasoline exports from April 1:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–বিশ্বৰ তেল বজাৰত চলি থকা অস্থিৰতাৰ মাজতে ৰাছিয়াই এটা ডাঙৰ পদক্ষেপ লৈছে I ১ এপ্ৰিলৰ পৰা পেট্ৰ’লৰ ৰপ্তানিৰ ওপৰত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। খবৰ অনুসৰি ৰাছিয়া চৰকাৰে ১ এপ্ৰিলৰ পৰা কোনো দেশকে বিক্ৰী নকৰে পেট্ৰ’ল। এই নিষেধাজ্ঞা ৩১ জুলাইলৈকে বাহাল থাকিব বুলি ঘোষণা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ ৷
উল্লেখ্য যে শুকুৰবাৰে ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী আলেকজেণ্ডাৰ ন’ভাকে শক্তি মন্ত্ৰালয়ক ১ এপ্ৰিলৰ পৰা পেট্ৰ’ল ৰপ্তানি নিষিদ্ধ কৰাৰ প্ৰস্তাৱ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ জাৰি কৰে। ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাৰমতে, এই নিষেধাজ্ঞা চাৰি মাহৰ বাবে অৰ্থাৎ ৩১ জুলাইলৈকে বাহাল থাকিব পাৰে।
ৰাছিয়ান চৰকাৰৰ মতে, মধ্যপ্ৰাচ্যত বৃদ্ধি পোৱা উত্তেজনাই বিশ্বৰ তেল আৰু পেট্ৰলিয়াম বজাৰত অস্থিৰতাৰ সৃষ্টি কৰিছে ৷যাৰফলস্বৰূপে মূল্যৰ তীব্ৰ উঠা-নমা হৈছে। অৱশ্যে ৰাছিয়াই আন্তঃৰাষ্ট্ৰীয় বজাৰত শক্তি সম্পদৰ চাহিদা প্ৰবল হৈ আছে বুলিও উল্লেখ কৰিছে। চৰকাৰে আশ্বাস দিছে যে দেশত খাৰুৱা তেল শোধনৰ মাত্ৰা যোৱা বছৰৰ দৰেই হৈ থাকিব, যাৰ ফলত পেট্ৰলিয়াম সামগ্ৰীৰ ঘৰুৱা সুস্থিৰ যোগান নিশ্চিত হৈছে।
এই সিদ্ধান্তৰ আঁৰত ঘৰুৱা কাৰণো গুৰুত্বপূৰ্ণ। যোৱা বছৰ ৰাছিয়া আৰু ইয়াৰ নিয়ন্ত্ৰণত থকা ইউক্ৰেইনৰ কিছুমান অঞ্চলত গেছলিনৰ নাটনি হৈছিল। সেই সময়ছোৱাত ইউক্ৰেইনে ৰাছিয়াৰ তেল শোধনাগাৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছিল ৷ যাৰ ফলত যোগানত ব্যাঘাত জন্মিছিল। ইয়াৰ উপৰিও কিছু সময়ৰ ভিতৰত ঘৰুৱা ইন্ধনৰ চাহিদা শীৰ্ষত উপনীত হয়। এই পৰিস্থিতিয়ে চৰকাৰক আতংকিত কৰি তুলিছিল, আৰু এতিয়া যিকোনো সম্ভাৱ্য নাটনি ৰোধ কৰিবলৈ ৰপ্তানিৰ নিষেধাজ্ঞা আৰোপ কৰিছে। ইন্ধন ৰপ্তানিৰ ক্ষেত্ৰত ৰাছিয়াই নিজৰ দখল কটকটীয়া কৰাটো এইটোৱেই প্ৰথম নহয়। ইয়াৰ পূৰ্বে চৰকাৰে ঘৰুৱা মূল্য নিয়ন্ত্ৰণ আৰু যোগান নিশ্চিত কৰাৰ বাবে পেট্ৰ’ল-ডিজেল ৰপ্তানিৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল।
তথ্য অনুসৰি যোৱা বছৰ ৰাছিয়াই প্ৰায় ৫০ লাখ মেট্ৰিক টন গেছলিন ৰপ্তানি কৰিছিল, যিটো গড়ে প্ৰতিদিনে প্ৰায় ১১৭,০০০ বেৰেল ৰপ্তানিৰ সমতুল্য। এই সিদ্ধান্তৰ প্ৰধান উদ্দেশ্য হৈছে এই ধনৰাশি আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা আঁতৰাই ঘৰুৱা ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰা।



































