Brutal murder in West Karbi Anglong:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম ৷ এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গ’ল সমগ্ৰ পাহাৰীয়া জিলা খন ৷নিজ জন্মদাত্রী মাতৃক শিৰচ্ছেদ কৰিলে নিজ কন্যাই ৷ কন্যা পূজা মালাঙৰ দাৰ ঘাপত শিৰচ্ছেদ হ’ল মাতৃ অনুমাই মালাং ৷ আনকি উন্মাদ পূজা মালাঙে মাতৃক হত্যা কৰাৰ পিছত নিজ পিতৃ প্রেমেন্দ্র মালাঙৰ লগতে নিজ ভগ্নীকো দাৰে ঘপিয়াই আক্ৰমণ কৰে ৷
নৃশংস ঘটনা সংঘটিত কৰি মাতৃৰ ছিন্ন মুণ্ড লৈ ঘৰৰ বাৰীত লুকাই আছিল ঘাতক কন্যা। পিছত স্থানীয় লোক আৰু আৰক্ষীৰ তৎপৰতাত আটক কৰা হয় কলিযুগৰ পৰশুৰাম স্বৰূপ পূজা মালাঙক ৷ এই নৃশংস ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে অঞ্চলটোত ৷ কি কাৰণে নিজ পিতৃ -মাতৃ আৰু ভগ্নীক আক্ৰমণ কৰিলে ঘাতক কন্যাই ৷ এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷




































