Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!

    মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!

    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

SI Junmoni Rabha Case:গভীৰ ৰহস্যৰ মাজত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য

মাজনিশা কোনে মাতি নিছিল জোনমণিক !, নাওবৈছাৰ নকল সোনৰ গেঙৰ টাৰ্গেট আছিল নেকি জোনমণি?, দুৰ্ঘটনাৰ কিছু সময় পাছত জোনমণিৰ আৱাসত আৰক্ষীৰ তালাচী অভিযানক লৈ ৰহস্য, ২৪ ঘণ্টা পূৰ্বে লখিমপুৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ, চি আই ডি দল ৰাওনা লখিমপুৰলৈ

publisher by publisher
May 17, 2023
in India, Assam, News
Reading Time: 4 mins read
0
SI Junmoni Rabha Case:গভীৰ ৰহস্যৰ মাজত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য
4
SHARES
35
VIEWS
ShareShareShareShare

SI Junmoni Rabha Case:

গভীৰ ৰহস্যৰ মাজত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য I বিভিন্ন মাধ্যমত জোনমণি মৃত্যুক লৈ নানান বিষয় উদ্থাপন হোৱাত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যু যে স্বাভাবিক নহয় সেই সন্দেহ হৈছে আৰক্ষীৰ শীৰ্ষ মহলতো। এনে কাৰণতে দুৰ্ঘটনাটোৰ দায়িত্ব মঙলবাৰে তাৎক্ষণিকভাৱে আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)ক অর্পণ কৰা হয়।সঞ্চালক প্রধান জিপি সিঙে টুইটযোগে এই ঘোষণা কৰে ।

ADVERTISEMENT

দুৰ্ঘটনাটোৰ লগতে প্রয়াত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে সোমবাৰে সন্ধিয়া উত্তৰ লখিমপুৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰটোৰো তদন্ত চিআইডিয়ে সমান্তৰালভাৱে কৰিব বুলি সঞ্চালক প্রধানজনে সদৰী কৰে। বুধবাৰেও জোনমণি মৃত্যুক লৈ বিভিন্ন চৰ্চা অব্যাহত থাকে ৷ ইতিমধ্যে আজি পুৱাই চি আই ডিৰ এটা দল ৰাওনা হয় লখিমপুৰ অভিমুখে ৷ একেদৰে তদন্তৰ বাবে নগাৱঁৰ জখলাবন্ধাত উপস্থিত হৈছে চি আই ডিৰ আন এটা দল।

RelatedPosts

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সমর্থনত লক্ষীমপুৰত ২৪ ঘণ্টীয়া চকা বন্ধ

Dead body Recovered in Kerala:বহিঃৰাজ্যত পুনৰ মৃত্যু অসমৰ এজন লোকৰ

বহু ৰহস্যৰ সৃষ্টি কৰি এক দুর্ঘটনাত সোমবাৰে মাজনিশা প্ৰাণ হেৰুৱালে লেডী সিংঘম ৰূপে চর্চিত আৰক্ষী বিষয়া জোনমণি ৰাভাই  ৷ আইন বিৰুদ্ধ কামত লিপ্ত হ’বলৈ হেঁচা দিয়াৰ বাবে স্বয়ং বিধায়কক সতর্ক কৰি দিয়াৰ দৰে সাহসী স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে ধন আত্মসাতৰ গোচৰত কাৰাগাৰতো কটাবলগীয়া হোৱা যুৱতী আৰক্ষী বিষয়া গৰাকীৰ এই মৃত্যু একাধিক কাৰণত দৃষ্টিগোচৰ হোৱাৰ দৰে সাধাৰণ ঘটনা হৈ থকা নাই ।

কালি বিষয়াগৰাকীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছিল।  সোমবাৰে সন্ধিয়া আৱাসৰ পৰা ওলাই গৈ ম’বাইল ফোনে বেহু সময় বন্ধ ৰাখিছিল। তাৰ পাছত নিশা দোপালপিটা বৰষুণৰ মাজতে কোনো স্থানলৈ তেওঁ অকলে যাত্রা কৰিছিল। ইয়াৰ মাজতে আকৌ তেওঁ হোৱাটছএপৰ নিজৰ ছবিখনো আঁতৰাই ক’লা কৰিছিল।

ইপিনে, আৰক্ষীৰ তথ্য মতে নিশা প্রায় ১-৩০ বজাত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত জোনমণি ৰাভা থিতাতে নিহত হয়। তাৰে প্ৰায় ডেৰ ঘণ্টা পাছত নগাঁও আৰক্ষীৰ এটা দল তেওঁৰ চৰকাৰী আৱাসলৈ গৈ তালাচী চলায়। এই অভিযানকাৰী দলটোৱে ঘৰত থকা বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰাৰ অভিযোগ পৰিয়ালৰ লোকে উত্থাপন কৰিছে। এনে কেবাটাও কাৰণে বিষয়াগৰাকীৰ মৃত্যুৰ ৰহস্যক অধিক ঘনীভূত কৰিছে।

অৱশ্যে সেই সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিক কোনো মন্তব্য কৰা নাই। ইয়াৰ বিপৰীতে উত্তৰ লখিমপুৰ থানাত ৰুজু হোৱা গোচৰটো আৰু আৰক্ষী বিষয়াগৰাকী নিহত হোৱা ঘটনাটোৰ সম্পৰ্কত মঙলবাৰে চিআইডি তদন্ত ঘোষণা কৰে আৰক্ষী

উল্লেখ্য যে,সোমবাৰে মাজনিশা পৰা ৰাজ্যৰ বিভিন্ন স্থানত প্ৰৱল বৰষুণ হয়। নগাঁও জিলাৰ জখলাবন্ধাৰ সৰুভগীয়াত পূৰ্বৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা বৰ্তমানৰ ১১৫ নম্বৰ ঘাইপথত সেই বৰষুণৰ মাজতে নামনিমুৱা ইউপি-৭৮ ইউটি-৪৫১৮ নম্বৰৰ এখন কন্টেইনাৰ ট্ৰাক আৰু উজনিমুৱা এএছ-০১ ইএন-৭২৭৩ নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ মুখামুখি সংঘর্ষ হয়।

সেই খবৰ উক্ত পথত টহলৰ দায়িত্বত থকা জখলাবন্ধা আৰক্ষীৰ এটা দলে লাভ কৰিছিল। আৰক্ষীৰ দলটো কিছু সময় পাছতে ঘটনাস্থলীত উপস্থিত হৈছিল। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী বিষয়াই জনোৱা মতে, বৃহৎ আকাৰৰ ট্ৰাকখনৰ সামান্য ক্ষতি হোৱাৰ বিপৰীতে চাৰিচকীয়া বাহনখন প্রায় সম্পূর্ণ বিধ্বস্ত হৈ পৰিছিল।

বৰষুণ আৰু এন্ধাৰৰ মাজত টহলদাৰী আৰক্ষীৰ দলটোৱে প্ৰত্যক্ষ কৰিছিল যে সেই চাৰিচকীয়া বাহনখনৰ ভিতৰতে মৃত অৱস্থাত পৰি আছিল মৰিকলং আৰক্ষী চকীৰে ভাৰপ্ৰাপ্ত বিষয়া তথা উপ-পৰিদৰ্শক জোনমণি ৰাভা। বহু চেষ্টাৰে বিষয়াগৰাকীৰ নিথৰ দেহ উদ্ধাৰকাৰী দলটোৱে সমীপৰ কলিয়াবৰ মহকুমা চিকিৎসালয়লৈ লৈ যায়। তাত চিকিৎসকে আৰক্ষী বিষয়াগৰাকীৰ ইতিমধ্যে মৃত হোৱা বুলি ঘোষণা কৰে।

ইপিনে, ট্ৰাকখনৰ চালকক আৰক্ষীয়ে বিচাৰে যদিও চালকজনে ইতিমধ্যে পলায়ন কৰিছিল। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সংঘৰ্ষৰ পাছত জোনমণি ৰাভাই চলাই যোৱা বাহনখন পথৰ বিপৰীত দিশলৈ উফৰি পৰে। ফলত বহু লোকে আৰক্ষী বিষয়াগৰাকীয়ে ভুল দিশেৰে গাড়ীখন চলাই যোৱা বুলি প্ৰথমতে সন্দেহ প্ৰকাশ কৰিছিল। তেনে সন্দেহ তথা চৰ্চাক অৱশ্যে নাকচ কৰে উদ্ধাৰকাৰী আৰক্ষী দলে।

ইপিনে, নিশাই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। মঙলবাৰে দুপৰীয়া মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত ৰাভাৰ মৃতদেহ মহানগৰীৰ দক্ষিণ গাঁওস্থিত বাসগৃহলৈ অনা হয়। সন্ধিয়া ওদালবাক্রা জনজাতীয় ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। গুৱাহাটীলৈ মৃতদেহ প্ৰেৰণৰ পূৰ্বে নগাঁৱৰ আৰক্ষী ছাউনীত জিলাখনৰ আৰক্ষী অধীক্ষক লীনা দলেৰ লগতে অন্যান্য আৰক্ষী বিষয়াসকলে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।

আৰক্ষী ছাউনীত শোক সভাও অনুষ্ঠিত হয়। শ্রদ্ধাঞ্জলি নিবেদন কৰি আৰক্ষী অধীক্ষক দলেই কয়, ‘আমি জোনমণি ৰাভাক সদায় মনত ৰাখিম এগৰাকী সাহসী আৰু কৰ্মদক্ষ আৰক্ষী বিষয়া হিচাপে। তেওঁ আটাইতকৈ দক্ষ আৰক্ষী বিষয়াসকলৰ ভিতৰত এগৰাকী আছিল। তেওঁৰ অকাল বিয়োগত আমি মর্মাহত হৈছো।’

ইয়াৰ পূৰ্বে ৰাভাৰ মৃতদেহত নগাঁও আৰক্ষীয়ে বিভাগীয় নিয়ম অনুসৰি সম্মান প্ৰদৰ্শনৰে শ্ৰদ্ধাঞ্জলি। জনোৱা হয়। মৃতদেহ নগাঁও সদৰ আৰক্ষী থানালৈ নি শ্রদ্ধাঞ্জলি অর্পণ কৰা হয়। বহু সাধাৰণ লোকেও বিষয়াগৰাকীৰ নশ্বৰ দেহত শ্রদ্ধাঞ্জলি নিবেদন কৰে। আৰক্ষী থানাত মৃতদেহ অনাৰ পাছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। তেওঁৰ সতীর্থ বিষয়া আৰু বহু কৰ্মচাৰী কান্দোনত ভাগি পৰে।
আনহাতে জোনমণিৰ গুৱাহাটীৰ ঘৰতো পুৱাৰে পৰা শোকাকুল পৰিবেশৰ সৃষ্টি হয়। ঘৰত থকা একমাত্র ককায়েকে খবৰটো শুনি শোকত ভাগি পৰে। জোনমণিৰ মৃত্যুৰ ফলত তেওঁৰ এতিয়া কোনো নাই বুলিও শোকবিহ্বল হয়। খবৰটো বিয়পি পৰাত আত্মীয়-কুটুম্বৰ লগতে স্থানীয় আৰু জোনমণিৰ চিনাকি লোকসকলেও ঘৰখনলৈ ঢাপলি মেলে। বিয়লি মৃতদেহ ঘৰখনলৈ অনাত কান্দোনৰ ৰোল উঠে।
মনকৰিবলগীয়া যে,এটা দুৰ্ঘটনা আৰু তাৰ ফলত এজন আৰক্ষী বিষয়াৰ মৃত্যু—এই ঘটনা বহু সময়ত স্বাভাৱিক হ’ব পাৰে; কিন্তু জোনমণি ৰাভাৰ মৃত্যু স্বাভাৱিক যে নহয় সেই কথা অন্ততঃ চৰ্চাবোৰেই স্পষ্ট কৰিছে। বহু অভিযোগ এই মৃত্যুক লৈ উত্থাপিত হৈছে। কালি জোনমণিয়ে দক্ষিণগাঁৱৰ ঘৰৰ পৰা মাতৃক নিজৰ চৰকাৰী আৱাসলৈ নিছিল।

মাতৃৰ তথ্য মতে সন্ধিয়া জোনমণি কর্তবালৈ ওলাই গৈছিল। সেই বিষয়ে জোনমণিৰ মাহীয়েক সুৱৰ্ণা ৰাভাই কয়, ‘মা, মোৰ এটা কাম আছে বুলি বাইদেউক মাত দি তাই ওলাই গৈছিল। নিশা প্রায় ১০ মান বজাত মাকে তাইক ফোন কৰিছিল। তাই আছো ৰ’বা বুলি মাকক উত্তৰ দিছিল। আধাঘণ্টামান পাছত মাকে আকৌ তাইক ফোন কৰিছিল। তেতিয়া তাই অমৰজ্যোতি নামৰ দাদা এজনৰ লগত থকা বুলি কৈছিল।

অলপ পাছত ঘৰলৈ গৈ আছো বুলিও কৈছিল। পাছত মাকে আকৌ তাইক ফোন কৰিছিল। সেইবাৰ ফোন বন্ধ আছিল। মাকৰ তেতিয়া চিন্তা বাঢ়িছিল। কাৰণ তাই কোনোদিনে কেতিয়াও ফোন বন্ধ ৰখা নাছিল। আমি কেতিয়াবা ফোন কৰিলেও তাই যদি কিবা কামত ব্যস্ত থকাত ফোন ধৰিব নোৱাৰে, তেতিয়া পাছত আমাক কল বেক কৰে।

তাইক আমি কেতিয়াও ফোন বন্ধ ৰখা পোৱা নাছিলো। এঘণ্টামান পাছত মাকে আকৌ তাইক ফোন কৰিছিল। সেইবাৰ ফোনটো বাজিছিল যদিও তাই ফোনটো ধৰা নাছিল। তাৰ পাছত ক’ত কি হ’ল আমি কোনেও নাজানো। বহু পলমকৈহে আমি খবৰবোৰ পাবলৈ ধৰো।’ মাহীয়েকে আকৌ কয় যে পুৱতি নিশা জোনমণিৰ চৰকাৰী আৱাসলৈ আৰক্ষীৰ এটা দল যায়। পাঁচজন আৰক্ষী আছিল।

তেওঁলোকে মাকক দুৰ্ঘটনাৰ কথাটো নক’লে। তাৰ পৰিবৰ্তে উকা কাগজত মাকৰ পৰা চহী এটা লৈ ঘৰটোত তালাচী চলায়। তদুপৰি তেওঁ কয়, ‘পুলিচৰ দলটোৱে ঘৰটোৰ সকলো দিশে তালাচী চলায়। গডৰেজৰ কাপোৰ পৰ্যন্ত উলিয়ায়। ঘৰত থকা টকাও লৈ যায়। বাইদেউৰ ল’ৰাটো অসুস্থ। তাক দুই-এদিনতে হাস্পতালত ভৰ্তি কৰাৰ কথা আছিল।

চিকিৎসাৰ বাবে বাইদেউৱে গাহৰি বিক্ৰী কৰি এক লাখ টকা গোটাইছিল। সেইখিনি কালি নগাঁৱলৈ যাওঁতে লগত লৈ গৈছিল। সেইখিনিও আৰক্ষীয়ে লৈ যায়। আনহাতে, ঘৰত এক লাখ ৩০ হেজাৰ টকা বেলেগে থোৱা আছিল। সেইখিনিও নিয়ে। জোনমণিৰ মাতৃয়েও কন্যাৰ মৃতদেহত উবুৰি খাই কান্দি কান্দি নিশা ঘৰলৈ আৰক্ষী অহা আৰু এক লাখ টকা লৈ যোৱা বুলি সদৰী কৰে। তেওঁ আনকি জীয়ৰীক আৰক্ষীয়ে হত্যা কৰা বুলিও অভিযোগ কৰে।

এই প্ৰসংগতে আৰক্ষীৰ এক সূত্ৰই সদৰী কৰে যে জোনমণি ৰাভাই বিভিন্ন অপৰাধমুলক গোচৰৰ তদন্তত বিশেষ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। সেই বাবে আৰক্ষীয়ে তেওঁক নিজৰ দায়িত্বত থকা আৰক্ষী থানাৰ পৰিসীমাৰ বাহিৰতো কাম কৰাৰ বিশেষ কর্তৃত্ব প্ৰদান কৰিছিল। অপৰাধী আৰু সমাজ বিৰোধী চক্ৰৰ বিৰুদ্ধে তেওঁ গ্ৰহণ কৰিছিল কঠোৰ স্থিতি।

যদিও বিভিন্ন বিতর্কত তেওঁৰ নাম সাঙোৰ খাই পৰিছিল তথাপি নগাঁৱত ড্রাগছ, জুৱা, অবৈধ সুৰা, ভূ-মাফিয়া, চোৰাং গৰু সৰবৰাহ, কাঠ কয়লা আদিৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে জোনমণি ৰাভাই কাঠাৰ স্থিতি গ্ৰহণ কৰিছিল। বহুতে তেওঁক হিন্দী চলচ্চিত্ৰ সিংঘমৰ অনুকৰণত লেডী সিংঘম বুলিও অভিহিত কৰিছিল। আৰক্ষী বিষয়াৰূপে গ্ৰহণ কৰা এনে ভূমিকাৰ সমান্তৰালকৈ তেওঁ নিজৰ সাংস্কৃতিক মনকো বিভিন্ন সময়ত প্রকাশ কৰিছিল।

শেহতীয়াকৈ গোটেই বিষয়টো নাওবৈছা কেন্দ্ৰীক হৈ পৰিছে ৷ নকল সোনৰ ৰমৰমীয়া বেহাৰ কৰিডৰ হৈ পৰা নাওবৈছাৰ এজন নকল সোনৰ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ অভিযান চলাবলৈ যোৱা জোনমণিৰ বিৰুদ্ধে চক্ৰটো উঠিপৰি লাগিছে ৷ আনকি  ঘনে ঘনে সলনি হৈছে দৃশ্যপদ ৷ হাচিনা বেগম নামৰ মহিলা গৰাকীৰ বিস্ফোৰক ভাষ্যক লৈ তোলপাৰ সৃষ্টি হৈছে সৰ্বত্ৰে ৷ এই ক্ষেত্ৰত নাম সাঙোৰ খোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে লখিমপুৰৰ এএছ পি ৰুণা নেওগ আৰু নাওবৈছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰা, আৰু লখিমপুৰৰ কুখ্যাত অপৰাধী নুৰ মহম্মদ ওৰফে কালিয়া।

আনহাতে জোনমণি ৰাভাৰ মৃত্যুৰ পিছতেই বিতৰ্কৰ মাজত সুমাই পৰা নাওবৈছা আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাৰ মন্তব্য ‘হাচিনা বেগমৰ সৈতে মই কথা পাতিয়ে পোৱা নাই,তেঁওক মই কেনেকৈ ভাবুকি দিম’।

শেহতীয়াকৈ জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ পিছতে ওলাইছে এটা অডিঅ’ ৰেকৰ্ডিং। ইয়াৰ লগে লগে উদ্থাপিত হৈছে ন ন প্ৰশ্ন ৷ নকল সোণ ব্যৱসায়ী চক্ৰক সুৰক্ষা দিছিল নেকি লখিমপুৰ আৰক্ষীয়ে? শেহতীয়াকৈ পোহৰলৈ আহিছে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক-এ ফোনযোগে হাচিনা বেগমক দিয়া ভাবুকি। নকল সোণৰ গেঙৰ টাৰ্গেট হ’ল নেকি এছ আই জোনমণি ৷ ইতিমধ্যে আজি পুৱাই চি আই ডিৰ এটা দল ৰাওনা হয় লখিমপুৰ অভিমুখে ৷

আনহাতে,উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে জোনমণি ৰাভাৰ মৃত্যুৰ। সঁচাকৈয়ে যদি ইয়াৰ আঁৰত আছে অপৰাধজনিত ঘটনা। তেন্তে কৰিব লাগে সঠিক তদন্ত। জোনমণিৰ মৃত্যুক লৈ বিধায়ক অখিল গগৈয়ে এইদৰে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মইটো এই বিষয়ত একো নাজানো ৷ অৱশ্যে এছ পি – ডি চিয়ে জানিব।

শেহতীয়া খবৰ অনুসৰি জোনমণি ৰাভা মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে নগাৱঁৰ জখলাবন্ধাত উপস্থিত হৈছে চি আই ডিৰ আন এটা দল।

← Back

Thank you for your response. ✨

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CID InquiryCMODGP AssamJakhalabandhaLAKHIMPURSI Junmoni Rabha Dead
publisher

publisher

Related Posts

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!
India

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!

April 27, 2026
Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ
News

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

April 26, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
News

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
News

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d