Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Won’t a day go well:এটা দিনো ভালকৈ নাযাব নেকি !

# প্রাঞ্জলসেন ডেকা

publisher by publisher
August 21, 2023
in India, Assam, News
Reading Time: 5 mins read
0
Won’t a day go well:এটা দিনো ভালকৈ নাযাব নেকি !
3
SHARES
26
VIEWS
ShareShareShareShare

Won’t a day go well:

# প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

এক শ্বাসৰুদ্ধকৰ পৰিৱেশ। প্রতি দিনেই এটাৰ পাছত | আনটো অপৰাধৰ অস্বস্তিকৰ | খবৰ। প্ৰতিটো নতুন খবৰেই | যেন পূৰ্বৰটোতকৈ অধিক ভয়াৱহ বিস্ময়কৰ। হিংসা অথবা | অপৰাধ অসমৰ বাবে কোনো নতুন কথা নহয়। বিশেষকৈ অসম আন্দোলন আৰম্ভ হোৱাৰে পৰা ৰাজ্যখনে হিংসা প্রত্যক্ষ কৰি আহিছে।

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

ছবছৰীয়া আন্দোলনৰ সমান্তৰালভাৱে গঢ় লৈ উঠা সশস্ত্র কার্যকলাপ আৰু তাক মষিমূৰ কৰাৰ লক্ষ্যৰে চৰকাৰী বাহিনীৰ অভিযান। এনে আক্রমণ-প্রতি আক্রমণে সময়ে সময়ে অসমত তেজৰ নৈ বোৱাই আহিছে। অৱশ্যে ভুল আৰু অবিবেচক হ’লেও এই হিংসা সম্পূর্ণৰূপে উদ্দেশ্যবিহীন আছিল বুলি একেবাৰতে ক’ব নোৱাৰি। নিষ্ঠুৰ আৰু নিন্দনীয় হ’লেও একোটা বৃহত্তৰ স্বাৰ্থ সন্মুখত ৰাখি তাৰ অজুহাততে এনেবোৰ হিংসাত্মক কার্যকলাপ সংঘটিত কৰা হৈছিল।

তাৰ বিপৰীতে শেহতীয়া সময়ছোৱাত সংঘটিত অপৰাধ আৰু হিংসাত্মক ঘটনাবোৰ হৈছে আমাৰ সামাজিক জীৱনৰ স্খলনৰ চূড়ান্ত প্রকাশ। এসময়ত কোনো উগ্রপন্থী গোটৰ হিংসাৰ বলি হৈ অথবা চৰকাৰী বাহিনীৰ গুলিত বহুতে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল, কিন্তু এতিয়া প্ৰাণভৰি ভালপোৱা প্ৰেমাস্পদেই ষড়যন্ত্ৰ কৰি নৃশংসভাবে হত্যা কৰিছে প্রিয়জনক।

ধনৰ লোভত স্বয়ং পিতৃ-মাতৃয়ে সন্তানক আৰু সন্তানে পিতৃ-মাতৃক হত্যা কৰিছে। স্বামীয়ে স্ত্ৰীক অথবা স্ত্রীয়ে স্বামীক হত্যাৰ কথা নক’লোৱেইবা! কেবল ধন-সম্পত্তিৰ বাবেই অজ্ঞাত অপৰাধীৰ কথাই নাই, অতি বিশ্বস্তজনৰ দ্বাৰাই অসংখ্য লোক প্রবঞ্চিত হৈছে। এই কথা ঠিক যে পূর্বতেও হয়তো কাচিৎ দুই-এটা এনে ঘটনা সংঘটিত নোহোৱাকৈ থকা নাছিল; কিন্তু সম্প্ৰতি ই নিয়মীয়া ঘটনাত পৰিণত হোৱাটোৱেহে ভয়ংকৰ বিপর্যয়ৰ ইংগিত কঢ়িয়াই আনিছে।

অসমবাসীয়ে প্ৰতিটো দিনেই কিমান হত্যা, ধর্ষণ, লুণ্ঠন, প্রবঞ্চনা, বিশ্বাসঘাতকতাৰ ঘটনা প্রত্যক্ষ কৰিবলগীয়া হৈছে, তাৰ লেখ-জোখ নাই। এনেবোৰ ঘটনাই গৰিষ্ঠসংখ্যক লোককে উদ্বিগ্ন আৰু হতাশ কৰি তুলিছে। এনে চেপা পৰিৱেশৰ পৰা কেনেদৰে উদ্ধাৰ হ’ব তাকে লৈ ভাবি দিক বিদিক হেৰুৱাইছে।

এগৰাকী জ্যেষ্ঠ নাগৰিকৰ স’তে এই কথা পাতি থাকোতে তেওঁ ক’লে, ‘তোমালোকৰ কাৰণে এইবোৰতো স্বাভাবিক হৈ পৰিছে। ভাবাচোন, মোৰ বয়সৰ মানুহবিলাকৰ কি অৱস্থা হৈছে! ক্ৰমবৰ্দ্ধমান এনেবোৰ ঘটনাই আমাৰ মন-মগজুত কি বিষম প্ৰভাৱ পেলাইছে। কি অশান্তিত আমি দিন পাব কৰিছো।’ সহজ-সৰল জীৱন যাপনত অভ্যস্ত অসমীয়া সমাজে সম্মুখীন হোৱা এনে পৰিবেশত জ্যেষ্ঠসকলে থাউনি নোপোৱা যেন অনুভৱ কৰাটোৱে স্বাভাবিক।

দৰাচলতে অন্তহীন ক্ষুধা আৰু আকাংক্ষাই আমাক অস্থিৰ কৰি তুলিছে। কেবল লাগে আৰু লাগে! এই আকাংক্ষা পূৰণৰ দৌৰত নামি অধিকাংশ লোকেই ভাৰসাম্য হেৰুৱাই পেলাইছে। প্ৰকৃততে কি লাগে আৰু কিমান লাগে তাৰ কোনো সীমা নাইকিয়া হৈ পৰিছে। সেই বাবেই যিমান পাইছে, তাতকৈ আৰু বেছি বিচাৰি নিজৰ লগতে সমাজৰো শাস্তি বিঘ্নিত কৰিছে।

শেহতীয়া কেতবোৰ ঘটনাই এইবোৰ প্ৰসংগকে পুনৰ স্পষ্ট কৰি তুলিছে। শাসক দলৰ এগৰাকী নেত্ৰীৰ আত্মহত্যাৰ ঘটনাই উদঙাই দিছে সমাজৰ এচাম লোকৰ মাজত গা কৰি উঠা এনে ক্ষুধাই কঢ়িয়াই অনা কুখ্যাতি। নিজকে শৃংখলাবদ্ধ আৰু সুসংস্কাৰী দল বুলি দাবী কৰি অহা বিজেপিৰ ভিতৰচ’ৰাৰ প্ৰকৃত স্বৰূপো এই ঘটনাই পোহৰলৈ আনিছে।

সেইবিজেপিৰে অভিভাৱকস্বৰূপ সংগঠনৰ দীৰ্ঘকাল ধৰি নেতৃস্থানীয় পদত কাৰ্যনিৰ্বাহ কৰি অহা ব্যক্তিৰ পৰিয়ালৰ সদস্যও শৃংখলা আৰু সংস্কাৰৰ বাহিৰলৈ গৈ অবাঞ্ছিত কাৰ্যকলাপত লিপ্ত হৈ পৰাটোৱে কিহৰ ইংগিত দিয়ে। আমাৰ পৰিয়ালবোৰ নিয়ন্ত্রণহীন হৈ পৰিছে নেকি নে এইবোৰ কেৱল সভা-সমিতিৰ আলোচনাৰ বিষয়বস্তুতহে পৰিণত হৈছে। পূৰ্বৰ যৌথ পৰিয়ালৰ ধাৰণাটো ভাগি পৰাৰ লগে লগে পৰিয়ালসমূহত শিথিল হৈ পৰা বান্ধোনে গুৰুতৰ বিৰূপ প্ৰভাৱ পেলাইছে।

তাৰ লগে লগে জ্যেষ্ঠজনৰ প্রতি যথোচিত সম্মান প্ৰদৰ্শনৰ পৰম্পৰা নাইকিয়া হৈছে আৰু পিতৃ-মাতৃও অবহেলিত হৈছে নিজ সন্তানৰ দ্বাৰাই। যি অঘোষিত নীতি-নিয়মৰ দ্বাৰা পৰিয়ালসমূহ চলিছিল সেইবোৰৰ প্ৰতি সদস্যসকলৰ সম্মান নাইকিয়া হৈছে আৰু ফলত এইবোৰৰ অস্তিত্ব দ্রুতগতিত লোপ পাইছে। মহানগৰীৰ এটি সম্ভ্রান্ত পৰিয়ালৰ বোৱাৰী বিজেপি নেত্ৰীগৰাকী যে ধন আৰু ক্ষমতাৰ আকাংক্ষাত এনেদৰে বুৰ গৈয়ে অবাঞ্ছিত কার্যকলাপত জড়িত হৈ পৰিছিল,সেয়া লাহে লাহে স্পষ্ট হ’বলৈ ধৰিছে।

ইয়াৰ সমান্তৰালভাৱে দুর্নীতি-অনিয়মৰ বিৰুদ্ধে শুনাত গদা ঘূৰাই অহা শাসক দলটো কিদৰে ভ্ৰষ্টাচাৰত নিমজ্জিত হৈছে, সেই ক্ষেত্ৰতো আনুষ্ঠানিকতা প্ৰদান কৰিছে। ৰাজ্যত শাসনভাৰ হস্তগত কৰাৰ পাছৰে পৰা বিজেপিও যে সকলো ধৰণৰ দুৰ্নীতি-অনিয়মত পোত গৈছে, এই বিষয়ে সাধাৰণ জনতা অবগত নোহোৱাকৈ থকা নাই। চৰকাৰৰ দুৰ্নীতিৰ ব্যৱস্থাটো পূৰ্বৰ দৰেই ধাৰাবাহিকতা ৰক্ষা কৰি চলি আছে।

চৰকাৰী চাকৰিত নিযুক্তি, বদলি, ঠিকা-ঠুকলিৰ নামত দুর্নীতি-অনিয়ম-স্বজন তোষণ আৰু ছিণ্ডিকেট জাতীয় অবৈধ কার্যকলাপ শাসকীয় নেতা-মন্ত্ৰীৰ নেতৃত্বতে পূর্ণোদ্যমে অব্যাহত আছে। নেতৃত্ববাহীসকলে বালিত মূৰ গোজা উট পক্ষীৰ দৰে যিয়েই দাবী নকৰক কিয়, দলৰে একাংশ নেতা-মন্ত্রী-সাংসদৰ কার্যকলাপে প্রকৃত স্বৰূপ উদঙাই দি আহিছে।

বিজেপিৰ ভিতৰচ’ৰাত চলি থকা এটাৰ পাছত আনটো ক’লা অধ্যায় দলীয় নেতা-কর্মীসকলেই উদঙাই দিয়া দেখা গৈছে। দলীয় নেত্ৰীগৰাকীৰ আত্মহত্যাৰ পাছত উদ্ভব হোৱা পৰিস্থিতিয়ে যিদৰে এফালে দুর্নীতি ভ্ৰষ্টাচাৰ ফাদিল কৰিছে, তেনেদৰেই দলৰ ক্ষোভ-অসন্তুষ্টি আৰু বেযাবেষিও প্ৰকাশ কৰিছে।

এই ঘটনাই সূত্রপাত ঘটোৱা পৰিস্থিতিৰ আঁত ধৰি বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা একেৰাহে চাৰিবাৰকৈ সাংসদ নির্বাচিত হোৱা ৰাজেন গোহাঁই দল-চৰকাৰৰ নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ সৰৱ হৈছে। তেওঁৰ এই ক্ষোভ-অসন্তস্তিক নেতৃত্বই কিদৰে আঁতৰ কৰে, সেয়া এই পর্যন্ত স্পষ্ট হৈ উঠা নাই; কিন্তু তাৰ লগে লগে গোহাঁইৰ বিৰুদ্ধে দলৰে একাংশ কনিষ্ঠ নেতা-মন্ত্রীয়ে হঠাতে বিভিন্ন অভিযোগ তুলি সৰৱ হৈ উঠিছে।

ইয়ে দীৰ্ঘদিন ধৰি চৰ্চিত হৈ অহা বিজেপিৰ ন-পুৰণি নেতা-কৰ্মীৰ মাজৰ সংঘাত অধিক স্পষ্ট কৰি দিছে। তদুপৰি কনিষ্ঠ নেতা-কৰ্মীসকলে দাঙি ধৰা অভিযোগবোৰ যদি সত্য হয়, তেন্তে বিজেপিত কেনে ধৰণৰ নেতাই গুরুত্বপূর্ণ পদবীত অধিষ্ঠিত হৈ আহিছে, তাকো তেওঁলোকে নিজেই ৰাইজৰ সন্মুখত দাঙি ধৰিলে। বিৰোধীৰ পৰিৱৰ্তে বিজেপিৰ ন-পুৰণি নেতা-কৰ্মীসকলেই পৰস্পৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ লেখীয়াকৈ দলৰ স্বৰূপ উদঙাই দিছে।

এই কথা সকলোৰে দৃষ্টিগোচৰ হৈছে যে বৰ্তমানৰ চৰকাৰ দুৰ্নীতিৰ বিৰুদ্ধে অত্যধিক সৰৱ হৈ আহিছে। আৰক্ষীৰ জৰিয়তে ধাৰাবাহিকভাবে অভিযান অব্যাহত ৰাখি উৎকোচ আদায় কৰা বহুসংখ্যক চৰকাৰী বিষয়া-কৰ্মচাৰীক হাতে-লোটে। গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ জৰিয়তে দুর্নীতিগ্রস্তসকললৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে বুলি দাবী কৰা হৈছে; অথচ দুর্নীতি হ্রাস পোৱাৰ কোনো লক্ষণ দৃষ্টিগোচৰ হোৱা নাই।

কাৰণ নিম্ন পৰ্যায়ৰ দুই-এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিয়েই ৰাজ্যৰ পৰা দুৰ্নীতি নির্মূল হ’ব বুলি কোনেও পতিয়ন যোৱা নাই। তদুপৰি ওপৰ মহলত যে পূৰ্বতকৈ অধিক বৃহৎ আৰু সংগঠিত ৰূপত দুর্নীতি অব্যাহত আছে, সেই কথাও সাধাৰণ ৰাইজৰ অৱগত নোহোৱাকৈ থকা নাই।

সেই বাবেই চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ ঘোষিত নীতিক কোনেও অস্তবেৰে বিশ্বাসত ল’ব পৰা নাই। তাৰ পৰিপ্ৰেক্ষিততে চৰকাৰত দুর্নীতি হ্রাস পাইছে অথবা অদূৰ ভবিষ্যতে পাব বুলিও কোনেও আশা কৰা নাই। যাতে হাত দিছে তাতেই ভয়ংকৰ দুর্নীতি-অনিয়মৰ তথ্য ফাদিল হৈছে। ধৰা পৰা কেইজনক দুর্নীতিগ্ৰস্তৰূপে চিহ্নিত কৰিলেও আনসকল বাহাল তবিয়তে আছে।

যিহেতু ইতিমধ্যে চৰকাৰৰ ওপৰৰ পৰা তললৈকে দুর্নীতিৰ এটি ধাৰা গঢ়ি উঠিছে, গতিকে সেই ব্যৱস্থাটো ভাঙি পেলাব নোৱাৰিলে দুর্নীতি ৰোধ কৰাটো কোনোপধ্যে সম্ভৱ নহ’ব। যিহেতু এই ব্যৱস্থাত সকলোৱে অংশীদাৰ হৈ আছে, সেয়ে সময়ে সময়ে শূন্য সহনশীলতাৰ হুংকাৰ দিলেও তাক কোনেও গুৰুত্ব দিব লাগে বুলি নাভাবে। তাৰেই ছবি প্ৰতিদিনেই আমাৰ সন্মুখত স্পষ্ট হৈ ধৰা দিছে।

অকল সেয়াই নহয়, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালত কোনো ধৰণৰ বৃহৎ দুর্নীতি সংঘটিত হোৱা নাই বুলি দাবী কৰি আহিছিল যদিও দেশৰ মহালেখা নিয়ন্ত্রক আৰু মহা হিচাপ পৰীক্ষক (কেগ)ৰ শেহতীয়া প্রতিবেদনে পৃথক ছবিহে দেশবাসীৰ সন্মুখত দাঙি ধৰিলে।

ইতিমধ্যে অভিযোগ উত্থাপিত হৈ আহিছিল যে বিশেষ পুঁজিপতি গোষ্ঠীক উপকৃত কৰিবলৈ কেন্দ্ৰই আইন বহির্ভূতভাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্রধানমন্ত্রী মোদীৰ বিশেষ ঘনিষ্ঠৰূপে পৰিচিত গৌতম আদানীয়ে বিগত ন বছৰীয়া কাৰ্যকালত এই চৰকাৰৰ দ্বাৰা লাভ কৰা অশুভ পৃষ্ঠপোষকতাৰ বলতে বিশ্বৰ অন্যতম সর্বাধিক ধনী ব্যক্তিত পৰিণত হৈছিল।

আমেৰিকাৰ হিন্ডেনবার্গ ৰিচাৰ্ছ নামৰ গৱেষণাকাৰী সংস্থাটোৱে  যোৱা জানুৱাৰীত গৌতম আদানী আৰু তেওঁৰ গোষ্ঠীৰ ভয়াবহ দুর্নীতি-অনিয়ম-প্ৰৱঞ্চনাৰ বিস্তৃত তথ্য প্রকাশ কৰিছিল; অথচ লক্ষ লক্ষ কোটি টকাৰ অনিয়ম জড়িত এই ভয়াৱহ তথ্য প্রকাশৰ পাছতো প্রধানমন্ত্রী অথবা চৰকাৰে কোনো ধৰণৰ তদন্তৰ পদক্ষেপ হাতত নল’লে।

সংসদৰ যুটীয়া সমিতিৰ দ্বাৰা তদন্তৰ দাবীকো চৰকাৰে সম্পূৰ্ণৰূপে নাকচ কৰে। সম্প্ৰতি ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ প্রকল্প, বহুচর্চিত প্রধানমন্ত্রী আয়ুষ্মান যোজনাকে ধৰি কে’বাটাও খণ্ডত কেন্দ্ৰীয় চৰকাৰে সংঘটিত কৰা বৃহৎ দুর্নীতি-অনিয়মৰ তথ্য কোৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প ভাৰতমালা পৰিযোজনা’ ৰূপায়ণত লক্ষ লক্ষ কোটি টকাৰ অনিয়ম সংঘটিত হোৱাৰ বিষয়ে এই প্রতিবেদনত স্পষ্টভাৱে দাঙি ধৰা হৈছে; অথচ এই পর্যন্ত কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী অথবা প্রধানমন্ত্ৰী পৰ্যায়ত কোনো প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই।

সংশ্লিষ্ট দুই-এটা বিভাগে সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ স্পষ্টীকৰণ দিয়াৰ চেষ্টা চলাইছে যদিও এইবোৰত কেগৰ প্ৰতিবেদনত উল্লেখ কৰা তথ্যসমূহ নাকচ কৰিব পৰা নাই। ইয়েই চৰকাৰখনত সংঘটিত দুর্নীতি-অনিয়মক নিশ্চিতি প্রদান কৰিছে। যিকোনো বিৰোধী দল অথবা বেচৰকাৰী সংস্থাৰ দ্বাৰা প্ৰকাশিত দুর্নীতি-অনিয়মৰ তথ্যক কেন্দ্রীয় চৰকাৰে আওকাণ কৰি অহাটোৱে দেশবাসীয়ে প্ৰত্যক্ষ কৰিছে; কিন্তু এইবাৰ এই তথ্য বিৰোধী দল অথবা বেচৰকাৰী সংস্থাৰ নহয়, বৰঞ্চ দেশৰ মহা হিচাপ পৰীক্ষকে প্ৰকাশ কৰাহে। তাৰ পাছতো চৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই, অধিক তথ্য ফাদিল হৈ পৰাৰ আশংকাতাহে।

প্রকৃততে দুর্নীতি প্রতিবোধক লৈ মোদী চৰকাৰ কেতিয়াও ইচ্ছুক নাছিল। দুর্নীতি এই চৰকাৰৰ বাবে বিৰোধীক দুর্বল কৰাৰ আৰু নিজৰ ঘনিষ্ঠ মুষ্টিমেয় পুঁজিপতি গোষ্ঠীক উপকৃত কৰাৰ মাধ্যমহে; বৰঞ্চ পূৰ্বৰ পৰা চলি অহা দুর্নীতিবিৰোধী অভিযানকো এই চৰকাৰে দুৰ্বলহে কৰি তুলিছে। কোনো ৰাজনৈতিক নেতাই যিমান দুর্নীতি কৰিলেও তেওঁৰ বিপদ নাই। যদিহে তেওঁ বিজেপিত চামিল হয়।

গতিকে চৰকাৰৰ দুর্নীতিবিৰোধী শ্ল’গানক গুৰুত্বসহকাৰে গ্ৰহণ কৰিব কোনে? চৰকাৰেই যেতিয়া মুষ্টিমেয় লোকৰ বাবে সুকীয়া নীতি অবলম্বন কৰে আৰু তাৰেই সহায়ত সেইসকলে আকাশলংঘী ধন- সম্পদৰ গৰাকী হয়, সিয়ে আন বহুতকে উদ্বাউল কৰি তোলাটো অস্বাভাবিক নহয়। গতিকে এনে অস্থিৰ পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাও লক্ষ্যণীয়। এই ধাৰা অব্যাহত থাকিলে আমাৰ সমাজখন পৰৱৰ্তী পৰ্যায়ত ক’ত উপনীত হ’বগৈ, সি সহজে অনুমেয়।

ফোন : ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Articlepranjal sen dekaWon't a day go well
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

March 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d