Isreal-Palestine Conflict :গাজাত অহৰহ বোমাবর্ষণ অব্যাহত ইজৰাইলৰ

শৰণাৰ্থী শিবিৰতো বোমাবৰ্ষণ, যুক্তৰাষ্ট্ৰ,ইংলেণ্ড,ফান্স সহ পশ্চিমীয়া বিশ্ব ইজৰাইলৰ পক্ষত, বিপৰীতে ইৰান-লেবানন পেলেষ্টাইনৰ পক্ষত

lachitghat

Isreal-Palestine Conflict :

হামাছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলে ৷ এনে ঘটনাক্ৰমৰ মাজতে মাত্র ২৪ ঘণ্টাৰ ভিতৰতে ইজৰাইলৰ আক্ৰমণত ১৭০ টি শিশুৱে প্ৰাণ হেৰুওৱা বুলি দাবী কৰিছে গাজাস্থ স্বাস্থ্য মন্ত্রণালয়ে।

আনহাতে ,পেলেষ্টাইনী সংবাদ মাধ্যমত প্রকাশ যে জাবালিয়া আশ্রয় শিবিৰৰ সন্মুখৰ আলছহাদা অঞ্চলৰ এটি বাসগৃহৰ ওপৰত ইজৰাইলৰ বোমা বিস্ফোৰিত হয়। ফলত ঘৰটো ধূলিত পৰিণত হয়।

এই ঘটনাত এই পর্যন্ত মৃতকৰ সংখ্যা কমেও ৪০ জন। গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ দাবী অনুসৰি যোৱা সাত অক্টোবৰৰ পৰা ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণত গাজাত কমেও ৪,৬০০ জনৰ প্ৰাণহানী হৈছে।

ইপিনে, হামাছৰ আক্ৰমণত ইজৰাইলৰ এহেজাৰৰ অধিক লোকৰ মৃত্যু হৈছে ৷ ইজৰাইল- হামাছৰ এই যুঁজত শেহতীয়াকৈ এন্টি হৈছে ইৰান আৰু লেবালনৰ ৷

দুয়োখন পশ্চিম এছিয়াৰ দেশে হামাছৰ পক্ষত অৱস্থান কৰি পোনপটীয়াকৈ ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত নামি পৰিছে। আনহাতে ইছলামিক দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনৰ সশস্ত্র বাহিনী হিজবুল্লাই ইজৰাইলত আক্ৰমণ কৰা বুলি ইজৰাইলৰ সেনাই দাবী কৰে। ইৰানেও প্রত্যাক্রমণত হুংকাৰ দিছে।

ইজৰাইলৰ সেনাই জনোৱা মতে, সোমবাৰে পুৱা লেবাননত হিজবুল্লাৰ দুটা ঘাটি ধ্বংস কৰিবলৈ সক্ষম হৈছে। এই ঘাটি দুটাৰ পৰা ইজৰাইলৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা ৰচা হৈছিল বুলিও ইজৰাইলৰ সেনাই দাবী কৰে।

# ইজৰাইলৰ কাষত পশ্চিমীয়া বিশ্ব

অমেৰিকা,ইংলেণ্ড,ফান্স সহ পশ্চিমীয়া বিশ্ব ইজৰাইলৰ ওচৰত থিয় দিছে। ভাৰতেও বেঞ্জামিন নেতানিয়াহুৰ সমৰ্থন কৰিছে । অৱশ্যে ইৰানৰ হস্তক্ষেপত যুদ্ধক কেন্দ্ৰ কৰি পশ্চিম এছিয়াত বৃহত্তৰ ভূ- ৰাজনৈতিক সংঘাত ঘনীভূত হ’ব পাৰে বুলি আশংকা প্ৰকাশিত হৈছে ।

#গাজাৰ শৰণাৰ্থী শিবিৰত ইজৰাইলৰ আক্ৰমণ

যুদ্ধবিধ্বস্ত গাজাস্থ শৰণাৰ্থী শিবিৰত পুনৰ নিৰ্বিচাৰ বোমাবর্ষণৰ অভিযোগ উত্থাপন হৈছে ইজৰাইলৰ বায়ুসেনাৰ বিৰুদ্ধে । সোমবাৰে দিনৰ ভাগত দক্ষিণ গাজাৰ খান ইউছুফ অঞ্চলত জাবালিয়া শৰণাৰ্থী শিবিৰত ইজৰাইলী আক্ৰমণত নাৰী-শিশুসহ কমেও ৫০ জন পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হয়।

খান ইউছুফ অঞ্চলতে সীমান্ত অতিক্ৰম কৰি ইজৰাইলী সেনাই দক্ষিণ গাজা ভূখণ্ডত অনুপ্ৰৱেশ কৰিছে। হামাছ যুদ্ধৰ স’তে ইজৰাইলী সেনাৰ মুখামুখি যুদ্ধ আৰম্ভ হোৱা বুলি স্থানীয় একাংশ সংবাদ মাধ্যমত প্রকাশ। যোৱা সাত অক্টোবৰত গাজা সীমান্তত হামাছৰ আক্ৰমণৰ পাছত ইয়াকে লৈ তৃতীয়বাৰ ইজৰাইলী বাহিনীৰ আক্ৰমণৰ স্বীকাৰ হ’ল জাবালিয়া শৰণাৰ্থী শিবিৰ

সোমবাৰে নিশা পর্যন্ত ৩৭ জনৰ দেহ উদ্ধাৰ কৰা বুলি প্ৰকাশ পাইছে। ধ্বংসস্তূপত এতিয়াও বহুজন আবদ্ধ হৈ থকা বুলি আশংকা প্রকাশিত হৈছে। যোৱা সাত অক্টোবৰৰ পৰা আৰম্ভ হোৱা যুদ্ধত ইজৰাইলী আক্ৰমণত ২০ লক্ষাধিক পেলেষ্টাইনীৰ বাসভূমি গাজাৰ প্ৰায় ১০ লক্ষাধিক মানুহ গৃহহাৰা হৈছে।

তেওঁলোকৰ পানী, বিদ্যুৎ সৰবৰাহ বন্ধ কৰিছে ইজৰাইলে। এই পৰিস্থিতিত বহু গৃহহীন লোক জাবালিয়াসহ ৰাষ্ট্ৰসংঘৰ দ্বাৰা পৰিচালিত বিভিন্ন শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈছে।

Exit mobile version