China-India war completes 61 years:চীন-ভাৰত যুদ্ধৰ ৬১ বছৰ সম্পূৰ্ণ

বুমলা সীমান্তত সষ্টম ভাৰতীয় সেনা, প্ৰতিদিনে সেনাৰ কঠোৰ অনুশীলন

army 2

China-India war completes 61 Years:

১৯৬২ সংঘটিত চীন-ভাৰত যুদ্ধৰ ৬১ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত বৰ্তমানো যেন সীমান্তত অব্যাহত আছে ভাৰতীয় সেনাৰ কঠোৰ অনুশীলন। অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ১৫২০০ ফুট ওপৰত থকা বুমলা সীমান্তত প্ৰায় প্ৰতিদিনে চলিছে ভাৰতীয় সেনাৰ অস্ত্ৰৰ অনুশীলন। যেন প্ৰতিটো ক্ষণতে শত্ৰুপক্ষক বাধা দিবলৈ সাজু হৈ আছে ভাৰতীয় সেনাবাহিনী।

বৰ্তমান সময়ত বুমলা অঞ্চলত ৪° উষ্ণতাৰ পৰা নিশা -৪° উষ্ণতালৈ হ্ৰাস পায়। ইয়াৰ মাজতো দিনে-নিশাই কঠোৰ অনুশীলন ব্যস্ত হৈ আছে সীমান্তত থকা ভাৰতীয় সেনা। সাধাৰণ ৰাইফলৰ পৰা আৰম্ভ কৰি আৰ্টিলাৰী চিষ্টেমৰ দৰে শক্তিশালী মাৰণাস্ত্ৰৰ প্ৰশিক্ষণ তথা অনুশীলন প্ৰতিদিনে দেখা গৈছে টাৱাঙৰ বুমলা সীমান্তত।

ইয়াৰ মাজতে যোৱা ২৪ অক্টোবৰত বিজয়া দশমীৰ দিনটোত টাৱাংস্থিত যুদ্ধ স্মাৰক(ৱাৰ মেম’ৰিয়েল)ত উপস্থিত হৈছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উক্ত স্থানত শক্তিশালী মাৰণাস্ত্ৰসমূহক পূষ্পৰে সেৱা জনা‌ই ভাৰতীয় সেনা জোৱানসকলৰ সৈতে মত বিনিময় কৰে।

সমান্তৰালভাৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্তৰ বুমলাত উপস্থিত হৈ সীমান্ত পৰিদৰ্শন কৰে। যাৰ পৰিপ্ৰেক্ষিতত সীমান্ত অঞ্চলত প্ৰায় এসপ্তাহৰ পূৰ্ৱৰে পৰা নিৰাপত্তা ব্যৱস্থা দুগুণে কটকটীয়া কৰি তোলে ভাৰতীয় সেনাই।

বুমলা সীমান্তলৈ যোৱা প্ৰতিগৰাকী পৰ্যটককে তীক্ষ্ণ নজৰ ৰখাৰ লগতে প্ৰতিগৰাকী পৰ্যটকৰ সম্পূৰ্ণ তথ্য অনুসন্ধান কৰে সেনাৰ তহল চকীসমূহত। আনহাতে বুমলাৰ সমীপৱৰ্তী ৱাই জংচনৰ পৰা সম্পূৰ্ণ বুমলা সীমান্তৰ পথৰ বিভিন্ন স্থানত সেনাবাহিনীৰ জোৱানসকল অত্যাধুনিক মাৰণাস্ত্ৰৰে সষ্টম হৈ থকা পৰিলক্ষিত হয়।

কেৱল এয়াই নহয়, টাৱাঙৰ পৰা বুমলা পৰ্যন্ত সমগ্ৰ পথচোৱাত সময়ে সময়ে ভাৰতীয় সেনাৰ দ্বাৰা পেট্ৰলিঙৰ ব্যৱস্থা অব্যাহত আছে। আনহাতে চীনৰ দিশৰ পৰা চাবলৈ গ’লে চীনৰ তৰফৰ পৰাও সীমান্তত অব্যাহত আছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

চীনা জোৱানসকলে প্ৰতিটো ক্ষণতে ভাৰত সীমান্তৰ দিশে অত্যাধুনিক দুৰবীণেৰে নজৰ ৰখাৰ সমান্তৰালভাৱে ভাৰতীয় সেনা বাহিনীও একে প্ৰক্ৰিয়াৰে চীন সীমান্তত নজৰ ৰাখিছে।

অতিপাত শীত প্ৰৱাহৰ মাজতো দিনে নিশাই সীমান্তত পহৰা দি থকা ভাৰতীয় সেনাবাহিনীসকলৰ বীৰত্ব‌ই সচাঁকৈ ভাৰতবাসীৰ বাবে যে গৌৰৱ ধ্বজা বহন কৰে, সেয়া সীমান্ত ভ্ৰমণকাৰী প্ৰতিগৰাকী পৰ্যটকে অনুভৱ কৰে।

Exit mobile version