Gas cylinder-like items recovered in Jonai:
জোনাইত বিৰল আকৃতিৰ গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰী উদ্ধাৰ হয় আজি ৷ বেৰাচাপৰিত চিয়াং নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰা হয় চাৰিফুট দৈঘ্যৰ দুটা চিলিণ্ডাৰ ৷
ADVERTISEMENT
পানীৰে উফন্দি থকা চিয়াং নৈৰ বুকুত গেছ চিলিণ্ডাৰ সদৃশ লোৰ সামগ্ৰী উপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোক দুজনমানে লগে লগে চিলিণ্ডাৰ দুটা উদ্ধাৰ কৰে ৷ চীনা ভাষাত সামগ্ৰী বিধৰ ওপৰত লিপিবদ্ধ আছে লিখনি ৷ সন্দেহ কৰা মতে অৰুণাচল সীমান্তৱৰ্তী চীনৰ ফালৰ পৰা নৈ বুকুৰে উটি আহিছিল গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰী দুটা ৷
ইতিমধ্যে,চিলিণ্ডাৰ দুটা চাবলৈ ৰাইজৰ যথেষ্ট ভিৰ হয় ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰী দুটা নিজৰ জিন্মাত লৈছে ৷