Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চীনৰ আৰু এক ভয়ংকৰ ভাবুকি

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
December 30, 2024
in India, Assam, News
Reading Time: 4 mins read
0
চীনৰ আৰু এক ভয়ংকৰ ভাবুকি
1
SHARES
8
VIEWS
ShareShareShareShare

চীনৰ আৰু এক ভয়ংকৰ ভাবুকি

#প্ৰাঞ্জলসেন ডেকা

চীনৰ শেহতীয়া এক সিদ্ধান্তই পুনৰ গভীৰ ভাবুকিৰ মুখলৈ ঠেলি দিলে অসমসহ ভাৰত আৰু চুবুৰীয়া বাংলাদেশক। ভাৰতৰ সীমান্তৰ পৰা মাত্র ৩০ কিলোমিটাৰ আঁতৰৰ তিব্বতৰ য়াৰলুং চাংপ’ অর্থাৎ ব্ৰহ্মপুত্র নদীৰ গতিপথৰ ওপৰত এক বিশাল জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ সিদ্ধান্ত গ্রহণ কৰিছে চীনৰ জি জিনপিং চৰকাৰে। তাৰ বাবে যি প্রকাণ্ড বান্ধ নির্মাণ কৰিবলৈ লোৱা হৈছে, সি. হ’ব সমগ্র বিশ্বৰে সৰ্ববৃহৎ বান্ধ।

ADVERTISEMENT

বর্তমান বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ কেন্দ্র ‘থ্ৰী গর্জেছ’ বান্ধটো আছে মধ্য চীনৰ হুবেই প্ৰদেশৰ ইয়াংজে নদীৰ ওপৰত। ইয়াৰ বিদ্যুৎ উৎপাদন ক্ষমতা বছৰি ৮৮ বিলিয়ন কিলোৱাট-ঘণ্টা। (যিকোনো এটা যন্ত্র চলি থকাৰ সময়ত ব্যৱহাৰ কৰা বিদ্যুতৰ পৰিমাণ জোখাৰ বাবে এই কিলোৱাট-ঘণ্টা একক ব্যৱহাৰ কৰা হয়; অর্থাৎ এঘণ্টাৰ বাবে এহেজাৰ ৱাটৰ বৈদ্যুতিক শক্তি ব্যয়ৰ ই পৰিমাপক।) প্ৰস্তাৱিত প্ৰকল্পৰ লক্ষ্য ধাৰ্য কৰা হৈছে বছৰি তিনিশ বিলিয়ন কিলোৱাট-ঘণ্টা বিদ্যুৎ শক্তি উৎপাদন। এয়া ‘থ্ৰী গর্জেছ’ প্রকল্পতকৈ তিনি গুণৰো অধিক। গতিকে প্রস্তাৱিত প্রকল্পৰ বিশালতা অনুমান কৰাও দুৰূহ।

RelatedPosts

ইমার্জেন্সী কেনে আছিল !

চীনা ৰাষ্ট্ৰপতি জিনপিঙে ২০২১ত তিব্বত ভ্রমণৰ সময়তে তাত এক বৃহৎ জলবিদ্যুৎ প্রকল্প স্থাপনৰ পোষকতা কৰিছিল। দেশৰ চতুৰ্দশ পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত প্ৰথমবাৰ এই প্ৰকল্পৰ বিষয়ে চৰ্চা কৰা হয়। ২০২০ত চীন চৰকাৰৰ পাৱাৰ কনষ্টাকচন কৰ্প’ৰেচনৰ তদানীন্তন অধ্যক্ষ য়ান জিয়োঙে কৈছিল যে তিব্বতত য়াৰলুং চাংপ’ৰ অৱস্থানে ইয়াক পৃথিৱীৰ অন্যতম সর্বাধিক জলবিদ্যুৎ সমৃদ্ধ অঞ্চলৰূপে গঢ়ি তুলিছে। এই নদীৰ প্রায় ৫০ কিলোমিটাৰ জোৰা অংশত দুহেজাৰ মিটাৰ উচ্চতাৰ পৰা পানী বাগৰি আহে।

পানীৰ এই ঢালটোৱে জলবিদ্যুৎ উৎপাদনত সহায় কৰে যদিও এইক্ষেত্ৰত যথেষ্ট কাৰিকৰী প্ৰত্যাহ্বান আছে। গতিকে এই প্ৰকল্পৰ নিৰ্মাণ ব্যয়ো হ’ব অভাবনীয়। ভাৰতীয় মুদ্রাত এই ব্যয় ১১ লাখ ৭০ হেজাৰ কোটি টকাৰো অধিক হ’ব বুলি কোৱা হৈছে তিব্বত মালভূমিৰ পূব প্ৰান্তত নিৰ্মণ কৰিবলৈ লোৱা এই প্ৰকল্পৰ ফলত কিমান মানুহ উৎখাত হ’ব অথবা ইয়াৰ পৰিৱেশতন্ত্ৰৰ ওপৰত কেনে ধৰণৰ বিৰূপ প্ৰভাৱ পৰিব সেই সম্পৰ্কত চীনৰ তৰফৰ পৰা কোনো তথ্যই প্রকাশ কৰা হোৱা নাই।

য়াৰলুং চাংপ’ অর্থাৎ ব্ৰহ্মপুত্র তিব্বতৰ কৈলাশ পৰ্বতৰ সমীপৰ আংচি হিমবাহৰ পৰা উৎপত্তি হৈ তিনি হেজাৰ কিলোমিটাৰ বিস্তৃত হৈ আছে। তিব্বতৰ পৰা এই নদী অৰুণাচল প্রদেশ আৰু অসমৰ মাজেদি বৈ গৈ বাংলাদেশত পৰিছে আৰু তাৰ পাছত গংগা নদীৰ লগত মিলি বংগোপসাগৰত পৰিছেগৈ। লক্ষ্যণীয় যে বাংলাদেশ জলভাগৰ ১০ শতাংশতকৈ অধিক সীমান্তৰ বাহিৰৰ পৰা যায়। খৰালি কালত কেৱল ব্রহ্মপুত্র নদীয়েই বাংলাদেশক ৭০ শতাংশ পানীৰ যোগান ধৰে। গতিকে ব্ৰহ্মপুত্র কেৱল অসমৰেই নহয়, বাংলাদেশৰো জীৱনৰেখা তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

এই কথা ইতিমধ্যে প্রকাশিত হৈছে যে চীনৰ এই বিশাল জলবিদ্যুৎ প্রকল্পৰ বাবে মাউন্ট নামচা বাৰৱা পৰ্বতৰ আশে- পাশে কমেও চাৰিটা ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ খন্দাৰ প্ৰয়োজন হ’ব। এনেদৰেই তিব্বতৰ দীর্ঘতম নদী য়াৰলুং চাংপ’ৰ পানী আন দিশে বোৱাই নিয়া হ’ব। গতিকে ইয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্ভৰশীল ভাৰত আৰু বাংলাদেশত কেনে বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে তাকে লৈ দুই দেশত উদ্বেগৰ সৃষ্টি হোৱাটোৱে স্বাভাবিক। একাংশ বিশেষজ্ঞই এই সম্পর্কত কয় যে চীনে মেকং নদীৰ ওপৰতো বান্ধ নিৰ্মাণ কৰিছে।

সেই বান্ধৰ নামনি অংশৰ অধ্যয়ন কৰাৰ পাছত দেখা গ’ল যে চীনে বান্ধত পানী জমা কৰে যদিও সেয়া যথা সময়ত এৰি নিদিয়ে। অকল সেয়ে নহয়, নদীৰ পানীয়ে কঢ়িয়াই অনা পলসৰ অর্ধেকৰো বেছি অংশ বান্ধে আৱদ্ধ কৰি ৰাখে। এই পলস আগলৈ কিদৰে বৈ যাব তাৰ কোনো ব্যৱস্থাও নাই। গতিকে ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ নিৰ্মাণৰ পাছত ভাৰত আৰু বাংলাদেশেও একে ধৰণৰ পৰিণতি ভুগিবলগীয়া হ’ব বুলি একাংশ বিশেষজ্ঞই আশংকা প্রকাশ কৰিছে। তদুপৰি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল তথা বাংলাদেশ সুদীর্ঘকাল ধৰি বানপানীৰ সম্মুখীন হৈ আহিছে। জলবায়ু পৰিবৰ্তনে এই অঞ্চলবোৰলৈ অধিক প্রাকৃতিক দুর্যোগ কঢ়িয়াই অনাৰ আশংকাও প্রকাশিত হৈ আহিছে। আনকি অঞ্চলটো ভূমিকম্প প্রবণৰূপেও চিহ্নিত হৈছে। এনে পৰিপ্ৰেক্ষিতত ইয়াৰ জীৱনৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰৰ ওপৰত বিশল বান্ধে পৰিবেশস্ত্ৰত যে বিৰূপ প্ৰভাৱ পেলাই অধিক বিপর্যয় কঢ়িয়াই আনিব তাত সন্দেহ নাই।

এই প্রসংগতে উল্লেখনীয় যে বিশ্বৰ প্রায় ২০ শতাংশ জনসংখ্যাই চীনত বাস কৰে। ইয়াৰ বিপৰীতে বিশ্বৰ সেৱনযোগ্য পানীৰ সাত শতাংশ সেই দেশত উপলব্ধ। গতিকে কৃষিকার্যৰ লগতে অন্যান্য কাৰণত চীনক অধিক পানীৰ প্ৰয়োজন। দেশৰ উত্তৰ প্ৰান্তত এক বৃহৎ জনসংখ্যাই বাস কৰে যদিও এই অঞ্চলটোৱে পর্যাপ্ত পানীৰ অভাৱত ভুগি আহিছে। সেয়েহে দক্ষিণ চীনৰ নদীসমূহৰ গতিধাৰা সলনি কৰি উত্তৰ প্ৰান্তলৈ পানী বোঁৱাই নিবলৈ যথেষ্টসংখ্যক বান্ধ নিৰ্মাণ কৰা হৈছে। ইয়াৰ এক বৃহৎ মূল্য ভৰিবলগীয়া হৈছে তিব্বত আৰু ইয়াৰ বাসিন্দাসকলে। ১৯৫০ত তিব্বত দখলৰ পাছৰে পৰা চীনে এই অঞ্চলটো কঠোৰ নিয়ন্ত্ৰণত ৰাখিছে।

সমান্তৰালভাৱে বহুসংখ্যক নদীবান্ধ নির্মাণ কৰি জলবিদ্যুৎ উৎপাদন কৰাৰ উপৰি নদীৰ পানী চীনৰ মূল ভূভাগলৈ বোঁৱাই নিছে। এনে ধৰণৰ ক্ষতিকাৰক নদীবান্ধৰ বিৰোধ কৰি অহা তিব্বতীসকলৰ ওপৰত বেইজিঙে কঠোৰ দমন নীতি অব্যাহত ৰাখিছে। এনে অত্যাচাৰত সহস্রাধিক লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে। তিব্বতৰ বাসিন্দা আৰু ভূমিৰ ওপৰত এনেদৰেই বেইজিঙৰ প্ৰশাসনে নির্মম শোষণ চলাই আহিছে।

চীনে এই প্রকল্পই সাম্প্ৰতিক পৰিৱেশৰ ওপৰত কোনো বিৰূপ প্রভাব নেপেলায় বুলি ইতিমধ্যে দাবী কৰিছে; বৰঞ্চ চৰকাৰীভাৱে দাবী কৰা হৈছে যে ই বিশ্ব জলবায়ু পৰিবৰ্তনৰ স’তে মোকাবিলাৰ বাবে দেশখনৰ কাৰ্বন নির্গমন প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। লগতে অভিযান্ত্রিক উদ্যোগৰ সুযোগ সৃষ্টিৰ উপৰি তিব্বতত কর্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। অকল সেয়ে নহয়, চীনৰ জিনহুৱা বিশ্ববিদ্যালয়ৰ জলবিজ্ঞান ইঞ্জিনীয়াৰিং বিভাগে যোৱা বছৰ সম্পন্ন কৰা এক অধ্যয়নৰ বিষয়ে এই সম্পর্কত উদ্ধৃতি দিয়া হৈছে। উক্ত অধ্যয়নত কোৱা হৈছে যে যদিহে চীনৰ স’তে ভাৰত আৰু বাংলাদেশে সহযোগিতাআগবঢ়ায় তেন্তে এই প্ৰকল্পৰ দ্বাৰা তেওঁলোকো লাভৱান হ’ব।

বানপানীৰ সময়ত এই বান্ধ ব্যৱহাৰ কৰিলে ভাৰতত ৩২.৬ শতাংশ আৰু বাংলাদেশত ১৪.৮ শতাংশ বান প্রভাৱিত অঞ্চল হ্রাস পাব বুলিও উক্ত অধ্যয়নে দাবী কৰিছে। অৱশ্যে বেইজিং মহলৰ এনে দাবীৰ বিপৰীতে নদীবান্ধ বিশেষজ্ঞ তথা বিভিন্ন মানবাধিকাৰ সংগঠনে এই জলবিদ্যুৎ প্রকল্পই কঢ়িয়াই আনিব পৰা ভয়ংকৰ পৰিণতিক লৈ গভীৰ আশংকা ব্যক্ত কৰিছে। ব্ৰহ্মপুত্ৰৰ ওপৰত নিয়ন্ত্রণে চীনক যে ফলপ্রসূভাৱে ভাৰতীয় অর্থনীতিৰ ওপৰতো নিয়ন্ত্ৰণৰ সুযোগ আনি দিব, তাক লৈ সন্দেহ- সংশয়ৰ অৱকাশ নাই। এনে ধৰণৰ প্ৰকল্প নিৰ্মাণৰ সময়ত চীনে দাবী কৰে যে ইয়াক স্বচ্ছ শক্তিৰ উৎসৰূপে ব্যৱহাৰ কৰিব; কিন্তু সময়ত প্রয়োজন সাপেক্ষে সেই পানীকে অস্ত্ৰৰূপেও ব্যৱহাৰ কৰাৰ থল আছে। বিশেষকৈ দুই দশৰ মাজত বিভিন্ন কাৰণত সৃষ্টি হোৱা উত্তেজনাপূর্ণ সময়ত।

এনে ধৰণৰ বৃহৎ বান্ধে যে কেৱল ইয়াৰ আশে পাশে থকা আবাসিক অঞ্চলৰেই নহয়, বনজ সম্পদ তথা বন্যপ্রাণীৰো বিস্তৰ ক্ষতিসাধন কৰে তাক দোহৰাৰ প্ৰয়োজন নাই। নদীৰ পানীয়ে বৈ অনা পলস বিভিন্ন খনিজ পদাৰ্থৰে সমৃদ্ধ হোৱা বাবে ই কৃষিকৰ্মৰ বাবে অতি উপযোগী; কিন্তু এনে বান্ধে পলসৰ প্ৰবাহত কিদৰে বাধাগ্ৰস্ত কৰে তাক ইতিমধ্যে উল্লেখ কৰা হৈছে। তদুপৰি বান্ধত আবদ্ধ কৰি ৰখাৰ ফলত নদীৰ স্বাভাবিক গতিধাৰা বাধাগ্ৰস্ত হৈ নামনি অংশ তৰাং হৈ পৰাৰ বিপৰীতে হঠাৎ পান এৰি দিবলগীয়া হোৱাৰ ফলত বিধ্বংসী বানপানীৰ আশংকাই প্রতিমুহূৰ্ততে সংশ্লিষ্ট অঞ্চলসমূহক আতংকিত কৰি ৰাখে।

এনেদৰে হ্রাস পোৱা পানীৰ জোৰা মাৰিবলৈ ভূগৰ্ভৰ ব্যয়বহুল পানীৰ ওপৰত অধিক নিৰ্ভৰশীল হ’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। ইয়াৰ পৰিণতিত জলস্তৰ হ্রাস পোৱাৰ লগতে ভূমি ক্ষয় আৰু ভূগৰ্ভৰ পানী খাৰুৱা হৈ পৰে। উদাহৰণস্বৰূপে পশ্চিমবংগত ফাৰাক্কা বান্ধ নির্মাণৰ পাছত গংগা নদীৰ সৰ্বাধিক প্রবাহ যথেষ্ট হ্রাস পায়। ইয়াৰ ফলত ভাৰত আৰু বাংলাদেশত মাছৰ বহু প্ৰজাতিৰ বিলুপ্তি ঘটাৰ উপৰি পদ্মা নদী (বাংলাদেশ গংগাৰ নাম)  উপনৈবোৰ শুকাই যোৱাৰ লগতে ভূগৰ্ভৰ পানী লুণীয়া হ’বলৈ ধৰে।

তিব্বতত চীনৰ বান্ধৰ প্রভাৱ হ্রাস কৰিবলৈ ব্রহ্মাপুত্ৰৰ ওপৰত অৰুণাচল প্রদেশত ভাৰতেও বান্ধ নিৰ্মাণ কৰিব লাগে বুলি একাংশ বিশেষজ্ঞই দাবী কৰিছে। কিন্তু চীনৰ পাছত ভাৰতে ব্ৰহ্মপুত্ৰত এইদৰে বান্ধ নিৰ্মাণ কৰিলে সবাতোকৈ নিম্ন অংশত থকা বাংলাদেশ বেছি ক্ষতিগ্রস্ত হ’ব। তাৰ বিৰূপ প্রভাৱ বিভিন্ন ধৰণে ভাৰতেই ভোগ কৰিবলগীয়া হোৱাৰ আশংকাও নথকা নহয়।

সবাতোকৈ বিপজ্জনক কথাটো হৈছে বেইজিঙৰ চৰিত্ৰ মুঠেই বিশ্বাসযোগ্য নহয়। ২০২০ত লাডাখত গালৱান সীমান্তত হোৱা সংঘৰ্ষৰ চাৰি বছৰ পাছত শেহতীয়াকৈ সীমান্ত অঞ্চলৰ পৰা চীন-ভাৰত উভয়ে সৈন্য অপসাৰণ কৰাত বহুতেই দ্বিপাক্ষিক সম্পৰ্কৰ বৰফ গলিব বুলি আশা কৰিছিল; কিন্তু সেয়া যে বিশ্বাসযোগ্য নাছিল সেয়া সম্প্রতি স্পষ্ট হৈছে। যোৱা ১৮ ডিচেম্বৰত মার্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা দপ্তৰে প্ৰেৰণ কৰা এক প্রতিবেদনত ভাৰত চৰকাৰক সতৰ্ক কৰি দিছে যে লাডাখৰ পৰা অৰুণাচল পর্যন্ত দুই দেশৰ মাজৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে চীনে এক লাখ ২০ হেজাৰ সেনা জোৱানক সষ্টম কৰি অৱস্থান কৰাইছে।

এই সৈন্যসকল সম্পূর্ণ অত্যাধুনিক মাৰণাস্ত্ৰৰে সুসজ্জিত হৈ আছে বুলিও মার্কিন প্ৰতিৰক্ষা দপ্তৰে জনাইছে। নিয়ন্ত্রণ ৰেখাৰ পূব, পশ্চিম আৰু একাধিক মধ্যৱর্তী অঞ্চলত সষ্টম হৈ থকা এই সৈন্যৰ মাজত চীনৰ ২০ সম্মিলিত অস্ত্র ব্রিগেডো থকাটোৱে স্বাভাৱিকতে ভাৰতৰ উদ্বেগ বৃদ্ধি কৰাৰেই কথা। কিয়নো ১৯৬২ৰ যুদ্ধৰ পূর্বেও চীনে ভাৰতক বন্ধু ৰাষ্ট্ৰৰূপে ‘হিন্দী চীনী ভাই ভাই’ ঘোষণা কৰি নিশাটোৰ ভিতৰতে লুটি বাগৰ মাৰিছিল। গতিকে লাডাখ সীমান্তৰ পৰা সম্প্ৰতি সৈন্য অপসাৰণ কৰিলেও চীনে সেই অঞ্চলত অথবা অৰুণাচলত ভাৰতৰ ভূমি বেদখলৰ গোপন পৰিকল্পনা যে আছে তাৰ অনেক প্রমাণ পোৱা গৈছে।

চীনৰ এনে তৎপৰতাৰ তথ্য মার্কিন প্ৰতিৰক্ষা দপ্তৰে পোহৰলৈ অনাৰ সময়তে ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণৰ সিদ্ধান্তৰ বিষয়ে চীনৰ চৰকাৰে ঘোষণা কৰি এক নতুন সংকটৰ ইংগিত দিছে। তদুপৰি সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে চীনে সকলো বতৰৰ উপযোগী উন্নত মানৰ পথ নিৰ্মাণ কৰি সৈন্যৰ যাতায়াত সূচল কৰি তুলিছে; অথচ ভাৰত চৰকাৰে বাস্তৱ পৰিস্থিতি উপলব্ধি কৰি এই ক্ষেত্রত ব্যবস্থা গ্রহণত যথেষ্ট বিলম্ব কৰি চাপত থাকিবলগীয়া হৈছে।

গতিকে সততে এনে আগ্রাসী ৰূপ ধাৰণ কৰি থকা ৰঙাচীনৰ এনে আগ্রাসনৰ মোকাবিলাৰ বাবে নতুন দিল্লীয়ে কি ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰে, তাৰ প্ৰতি সকলোৱে দৃষ্টি ৰাখিছে। বিজ্ঞজনে আগতেই কৈ গৈছে-চীনক চিনা টান !

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: China Mega DamDam On BrahmaputraLatest ProvocationPranjalsen Dekaspl Articls
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d