Mobile World Congress 2025:
দেশৰ যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই স্পেইনৰ বাৰ্চিলোনাত অনুষ্ঠিত হোৱা ম’বাইল ৱৰ্ল্ড কংগ্ৰেছ (এম ডব্লিউ চি) অংশগ্ৰহণ কৰি মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে শীৰ্ষ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে ৷ মূল অধিবেশনত ভাগ লৈ মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে, মোবাইল আৰু টেলিকমিউনিকেচন উদ্যোগৰ বাবে বিশ্বৰ অন্যতম বৃহৎ সমাৱেশত ডাঙৰ ডাঙৰ টেক উদ্ভাৱনৰ সাক্ষী হয়।
ম’বাইল ৱৰ্ল্ড কংগ্ৰেছ ২০২৫ত ভাৰতৰ টেলিকম ৰূপান্তৰ প্ৰদৰ্শন কৰা হৈছে ৷ একেদৰে ভাৰতৰ দ্ৰুত ৫জি ৰোলআউট, বিশ্বৰ সৰ্বনিম্ন ডাটা শুল্ক, থলুৱা ৪জি/৫জি ষ্টেক আৰু শক্তিশালী চাইবাৰ সুৰক্ষা ব্যৱস্থাসমূহ এই সন্মানীয় অনুষ্ঠানত উজ্জ্বল কৰি তোলা টেক গভৰ্নেন্সৰ প্ৰতি দায়বদ্ধতা।
মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত ‘গ্ল’বেল টেক গভৰ্নেন্স: ৰাইজিং টু দ্য চেলেঞ্জ’ আৰু বেলেন্সিং ইনোভেচন এণ্ড ৰেগুলেচন: গ্ল’বেল পাৰ্চপেক্টিভছ অন টেলিকম পলিচি’ বিষয়ক মূল অধিবেশনতো অংশ লয় ৷ তেওঁ কয় যে “উদ্ভাৱন, অন্তৰ্ভুক্তি, বহনক্ষমতা আৰু বিশ্বাসে টেক গভৰ্নেন্সৰ দিশত ভাৰতৰ পথ প্ৰদৰ্শক নীতিৰ মূল গঠন কৰে” আৰু দেশৰ প্ৰতিজন নাগৰিকক সেৱা আগবঢ়োৱাত আধাৰ, ভাৰতনেটৰ সফলতাৰ ওপৰত আলোকপাত কৰে।
মন্ত্ৰী গৰাকীয়ে বৰ্ণালী ব্যৱস্থাপনাৰ দৰে উদ্ভাৱনৰ সৈতে নিয়ন্ত্ৰণৰ মাজত ভাৰসাম্য ৰক্ষাৰ দিশত ভাৰতৰ প্ৰচেষ্টাৰ চাৰিটা পদক্ষেপৰ বিষয়েও কয়, বজাৰৰ স্থিতিশীলতা নিশ্চিত কৰা; বিভিন্ন প্ৰক্ৰিয়া সহজ কৰি তুলিবলৈ টেলিকম নিয়ন্ত্ৰণ প্ৰৱৰ্তন কৰা; আৰু গ্ৰাহক সুৰক্ষাৰ বাবে চাইবাৰ সুৰক্ষা ব্যৱস্থা অনা।
এম ডব্লিউ চি ২০২৫ ভাগ লৈ সময়ত সিন্ধিয়াই ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগৰ সহযোগত টেলিকম ইকুইপমেণ্ট এণ্ড চাৰ্ভিচেছ এক্সপ’ৰ্ট প্ৰমোচন কাউন্সিল (টি ই পি চি)ৰ উদ্যোগত আয়োজিত ভাৰত পেভিলিয়ন উদ্বোধন কৰি ভাৰত ম’বাইল কংগ্ৰেছ ২০২৫ৰ পৰ্দা উন্মোচন কৰে ৷য’ত ৩৮ টা ভাৰতীয় টেলিকম সঁজুলি নিৰ্মাতাই তেওঁলোকৰ অত্যাধুনিক সামগ্ৰী, হাৰ্ডৱেৰ আৰু চফটৱেৰ উভয়কে প্ৰদৰ্শন কৰে।
ভাৰত পেভিলিয়ন পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে ভিভিডিএনৰ থলুৱাভাৱে ডিজাইন কৰা আৰু নিৰ্মিতএআই ভিত্তিক ৱাই-ফাই-৭ উদ্বোধন কৰে। তেওঁ মেটা আৰু গুগল ক্লাউডৰ দৰে অন্যান্য বুথসমূহো পৰিদৰ্শন কৰি তেওঁলোকৰ বিভিন্ন প্ৰযুক্তিগত সমাধানৰ আভাস লয়।
এম ডব্লিউ চি ২০২৫ ত মন্ত্ৰী গৰাকীয়ে মুখ্য কাৰ্যবাহী বিষয়া সকলৰ সৈতে নৈশ আহাৰ গ্ৰহণৰ সময়ত কোৱালকম, চিস্কো, মেভেনিৰ, এৰিক্সন, ন’কিয়া, এএমডি, এটি এণ্ড টি, এয়াৰটেল, বিএছএনএল, চিডিঅ’টি, টিইপিচিৰ শীৰ্ষ উদ্যোগপতি সকলৰ সৈতেও মত বিনিময় কৰি টেলিকমত কৌশলগত অংশীদাৰিত্ব আৰু উদ্ভাৱন সক্ষমৰ ওপৰত আলোকপাত কৰে ৷
উল্লেখ্য যে, মন্ত্ৰী সিন্ধিয়াই 5G, কৃত্ৰিম বুদ্ধিমত্তা, আৰু পৰৱৰ্তী প্ৰজন্মৰ মোবাইল প্ৰযুক্তিৰ অত্যাধুনিক উন্নয়ন অন্বেষণ কৰা কোম্পানীসমূহৰ বুথ ভ্ৰমণৰ লগতে FCCৰ সৈতে দ্বিপাক্ষিক বৈঠকতো অংশগ্ৰহন কৰে ।
মনকৰিবলগীয়া যে, এম ডব্লিউ চি ২০২৫ত মন্ত্ৰী সিন্ধিয়াৰ অংশগ্ৰহণে ডিজিটেল আন্তঃগাঁথনি বৃদ্ধিৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ লাভ উঠাবলৈ ভাৰতৰ দায়বদ্ধতাক উজ্জ্বল কৰি তুলিছে। এই নিয়োজিততাই আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব শক্তিশালী কৰা, দূৰসংযোগ খণ্ডত বিনিয়োগক আগুৱাই নিয়া, আৰু সৰ্বাংগীন আৰু বহনক্ষম বৃদ্ধি নিশ্চিত কৰিবলৈ বিশ্ব নীতি গঢ় দিয়া আদিৰ ওপৰত ভাৰতৰ কৌশলগত মনোনিৱেশকো প্ৰতিফলিত কৰে। সক্ৰিয় আলোচনা আৰু সহযোগিতাৰ জৰিয়তে ভাৰতে বিশ্ব সংযোগ আৰু প্ৰযুক্তিগত উন্নতিৰ ভৱিষ্যত গঢ় দিয়াত মূল ভূমিকা গ্ৰহণ কৰাৰ লক্ষ্য ৰাখিছে।