Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

publisher by publisher
May 19, 2025
in India, News
Reading Time: 5 mins read
0
narendra
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

Rage :আপোনাৰ বছে সৰু সৰু কথাক লৈ খং কৰে নেকি ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

অকলশৰীয়া হৈছে নেকি ভাৰত ?

#প্রাঞ্জলসেন ডেকা

আন্তর্জাতিক সম্প্ৰদায়ৰ মাজত ভাৰত অকলশৰীয়া হোৱাৰ দিশে আগবাঢ়িছে নেকি? পাকিস্তানৰ স’তে শেহতীয়া সংঘৰ্ষৰ পাছৰে পৰাই এই প্রশ্ন উত্থাপিত হ’বলৈ ধৰিছে। ইয়াৰ উত্তৰত সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে ভাৰত কাৰো ওপৰত নিৰ্ভৰশীল নহয় বুলি দেশৰ নেতৃত্বই দৃঢ়তাৰে দাবী কৰিব; কিন্তু এই কথাও ঠিক যে নিজৰ সংকটৰ সময়ত কিমানখন দেশে আপোনাৰ ওচৰত থিয় দিলে, সিও দেশৰ বৈদেশিক নীতি তথা কূটনীতিৰ সাফল্যৰে প্ৰমাণ দাঙি ধৰে।

ADVERTISEMENT

গতিকে সাম্প্রতিক প্রেক্ষাপটত ভাৰতৰ বৈদেশিক নীতিৰ ভূমিকাক লৈ বিভিন্নজনে আঙুলি ঢোঁওৱাটো অস্বাভাৱিক নহয়। পাকিস্তানক বাদ দিও প্ৰায়বোৰ প্ৰতিবেশী ৰাষ্ট্ৰৰ স’তে অসহজ সম্পর্ক, কানাডাৰ স’তে মুকলি সংঘাত, মার্কিন যুক্তৰাষ্ট্ৰৰ শুল্কৰ চাপ আৰু অনুপ্ৰৱেশকাৰী ভাৰতীয়ক পশুতুল্য ব্যৱহাৰৰে বিতাড়নৰ দৰে ঘটনাৱলীয়ে ভাৰতৰ কূটনীতিৰ বিশ্লেষণৰ প্ৰয়োজনীয়তা আনি দিছে। সকলোকে হতবাক কৰি যোৱা ১০ মে’ত ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতি ঘোষণা কৰে তৃতীয় দেশ আমেৰিকাই।

একপ্ৰকাৰ নিৰ্দেশ প্রদানৰ লেখীয়াকৈ মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে এই ঘোষণাৰ জৰিয়তে যুদ্ধবিৰতিত তৃতীয় দেশৰ ভূমিকা দাঙি ধৰে। ভাৰত চৰকাৰৰ পৰিৱৰ্তে যুদ্ধবিৰতিৰ বিষয়ে ভাৰতীয়সকলক অৱগত কৰিলে আমেৰিকাৰ চৰকাৰে। ভাৰত চৰকাৰে আমেৰিকাৰ নাম উল্লেখ নকৰাকৈয়ে এৰাধৰাকৈ প্ৰতিক্রিয়া প্রকাশ কৰিলেও মার্কিন চৰকাৰে এই যুদ্ধবিৰতিত মধ্যস্থতা কৰা বুলি দাবী কৰি আহিছে। তদুপৰি পাকিস্তানে ততাতৈয়াকৈ ইয়াক স্বীকাৰ কৰি মার্কিন যুক্তৰাষ্ট্ৰক তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

সবাতোকৈ পৰিতাপৰ বিষয়টো হৈছে প্রথমে ৰাষ্ট্ৰপতি ট্রাম্প আৰু পাছত অন্যান্য দেশৰ নেতৃত্বয়ো ভাৰত আৰু পাকিস্তানক একে তুলাচনীত উপবিষ্ট কৰোৱাটো। ভাৰতে কেতিয়াও নিবিচাৰে যে আন্তর্জাতিক সম্প্রদায়ে পাকিস্তানক ইয়াৰ সমকক্ষৰূপে গণ্য কৰক অথবা কোনো প্ৰকাৰে দুই দেশক সাঙুৰি লওক। কিন্তু শেহতীয়া সংঘর্ষই অবাঞ্ছিতভারে সেই কামকে কৰিলে। আমেৰিকাসহ প্রায় সকলোবোৰ দেশেই ভাৰত-পাকিস্তানক সমকক্ষৰূপেই ব্যৱহাৰ কৰা পৰিলক্ষিত হ’ল।

ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক বাণিজ্য ১৪০ বিলিয়ন ডলাৰৰ হোৱাৰ বিপৰীতে পাকিস্তানৰ স’তে আমেৰিকাৰ বাণিজ্য মাত্র ১০ বিলিয়ন ডলাৰৰ। তৎসত্ত্বেও ৰাষ্ট্রপতি ট্রাম্পে দুই দেশক একে আসনত ৰখাটো লক্ষ্যণীয়। অকল সেয়ে নহয়, এই সামৰিক সংঘৰ্ষৰ সময়ত ভাৰত-পাকিস্তানৰ স’তে বিশ্বৰ যিসকল নেতাই বাৰ্তালাপ কৰিলে, তেওঁলোকৰ একমাত্র লক্ষ্য আছিল কেবল অঞ্চলটোত উত্তেজনা হ্রাস কৰাটোহে।

পাকিস্তানৰ সাহায্যপুষ্ট সন্ত্রাসবাদী কার্যকলাপত অতিষ্ঠ হৈয়েই ভাৰতে এনেদৰে প্রত্যাঘাত কৰিবলৈ বাধ্য হ’ল যদিও ৰাষ্ট্ৰনেতাসকলে এই সম্পর্কত কোনো প্রতিক্রিয়াই প্রকাশ নকৰিলে; বৰঞ্চ ভাৰত পাকিস্তানক একে ধৰণৰেই আচৰণ কৰিলে। গৰিহণা দিয়াটো দূৰৰে কথা! ভাৰতৰ বাধা সত্ত্বেও কাশ্মীৰ বিতৰ্কক আন্তর্জাতিক স্তৰলৈ নিবলৈ পাকিস্তানে এই সংঘৰ্ষৰ সুযোগ লৈ সফল হ’ল বুলি সেয়েহে একাংশ কূটনৈতিক বিশেষজ্ঞই মত প্রকাশ কৰিছে।

এই সংঘৰ্ষৰ সময়ৰ আন এক বিচাৰ্যৰ বিষয় হৈছেৰু ৰুছিয়াৰ স্থিতি। স্বাধীনতাৰ পাছবে পৰা ছোভিয়েট ইউনিয়নৰ স’তে ভাৰতৰ ঘনিষ্ঠ তথা শক্তিশালী সম্পর্ক অব্যাহত আছে। ১৯৯১ ত ছোভিয়েট ইউনিয়ন টুকুৰা টুকুৰ হোৱাৰ পাছতো ৰাছিয়াৰ স’তে ভাৰতৰ একেই সম্পর্ক অব্যাহত থাকে। কাশ্মীৰ ভাৰতৰ অভিন্ন অংগ বুলি দোহাৰি ইয়াক আন্তঃৰাষ্ট্ৰীয়কৰণৰ প্রচেষ্টাক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ছোভিয়েট ইউনিয়নে ১৯৫৭, ১৯৬২ আৰু ১৯৭১ত ভেটো প্রয়োগ কৰি বাধা দিছে। কাশ্মীৰ ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক বিষয় বুলি দিল্লীৰ স্থিতিকে ৰুছিয়াই সদায়ে সমর্থন দি আহিছে।

নিৰাপত্তা পৰিষদত ভাৰতৰ বিপক্ষে উত্থাপিত বিভিন্ন প্রস্তাৱত ৰুছিয়াই ছবাৰকৈ ভেটো দি তাক ব্যর্থ কৰিছে। আনকি ২০১৯ত জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা বহনকাৰী ৩৭০ ধাৰা বাতিলৰ সময়তো ৰুছিয়াই ভাৰত চৰকাৰক সমর্থন দিছিল। কিন্তু পহলগামৰ নৰসংহাৰৰ পাছত ভাৰতে কৰা সামৰিক প্রত্যাঘাতক লৈ সেই ৰুছিয়াৰ প্ৰতিক্রিয়া ভাৰতৰ বাবে উৎসাহজনক নাছিল। ৰুছ নেতৃত্বই ভাৰত-পাকিস্তানক দ্বিপাক্ষিক আলোচনাৰ মাধ্যমেৰে উপ-মহাদেশত উত্তেজনা হ্ৰাসৰ আহ্বান জনায়।

ইমানদিনে কাশ্মীৰৰ প্ৰসংগত যিদৰে একপক্ষীয়ভাৱে ভাৰতক সমর্থন দি আহিছে, এইবাৰ ৰুছিয়াৰ ভাষ্যত তেনে ইংগিত দেখা নগ’ল। ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইউক্রেইন ভ্রমণ কৰি ৰুছিয়া আৰু ইউক্রেইনক আলোচনাৰ মাধ্যমেৰে বিবাদ নিষ্পত্তিৰ আহ্বান জনাইছিল; অথচ অতি পুৰণি বিশ্বস্ত আৰু শক্তিশালী বহু ৰাষ্ট্ৰৰূপে এই যুদ্ধৰ সময়ত ভাৰতে ৰুছিয়াৰ কাষত থিয় দিয়াহে উচিত আছিল। সেয়েহে ভাৰতৰ প্ৰতি ৰুছিয়াৰ মনোভাৱত পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে বুলি একাংশ বিশ্লেষকে আঙুলিয়াই দিছে।

অৱশ্যে এই সম্ভাৱনা সম্পূর্ণৰূপে উৰুৱাই দিব নোৱাৰিলেও এই কথাও উল্লেখ কৰিব লাগিব যে পৰিবৰ্তিত ভূ-ৰাজনৈতিক প্রেক্ষাপটত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পাঁচ স্থায়ী সদস্য ৰাষ্ট্ৰৰ মাজত ঐক্যমত আছে যে উত্তেজনা হ্রাসৰ ক্ষেত্ৰত তেওঁলোকে নিজস্ব ভূমিকা পালন কৰা উচিত; কিন্তু ভাৰতৰ স’তে শেহতীয়া সংঘৰ্ষৰ সময়ত চীনে যিদৰে পাকিস্তানৰ প্ৰতি মুকলিকৈ সমর্থন প্রকাশ কৰিলে, ভাৰতে আশা কৰিছিল যে ৰাছিয়ায়ো ভাৰতৰ ক্ষেত্ৰত একে ভূমিকাত অৱতীর্ণ হ’ব। কার্যক্ষেত্রত সেয়া নহ’ল।

তদুপৰি শেহতীয়াভাৱে ভাৰত আমেৰিকাৰ যথেষ্ট ঘনিষ্ঠ হৈ পৰিছে আৰু প্ৰতিৰক্ষা সহযোগিতাও বহুলাংশে বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাছিয়াৰ স’তে ভাৰতৰ সহযোগিতা হ্রাস পাইছে আৰু পশ্চিমৰে বৃদ্ধি পাইছে। তেনেদৰেই ভাৰত আৰু ৰুছিয়াৰ মাজৰ সম্পৰ্কৰ অন্যান্য ক্ষেত্ৰতো যতি পৰিছে। ৰুছিয়াই মুখ্য ভূমিকা গ্রহণ কৰি অহা বহুদেশীয় সংগঠনৰ স’তে ভাৰতৰ দূৰত্ব বৃদ্ধি পাইছে।

বিগত বৰ্ষত দুই বন্ধু ৰাষ্ট্ৰৰ দ্বিপাক্ষিক বাণিজ্য হৈছিল ৬৮ বিলিয়ন ডলাৰৰ, কিন্তু ইয়াৰেব ৬০ বিলিয়ন ডলাৰ ৰাছিয়াৰ খাৰুৱা তেল ক্রয়তে ব্যয় কৰিছিল ভাৰতে। লক্ষ্যণীয়ভাৱে ২০০৯ৰ পৰা ২০১৩ পর্যন্ত ভাৰতে আমদানি কৰা অস্ত্ৰৰ ৭৬ শতাংশ আছিল ৰাছিয়াৰ; কিন্তু ২০১৩ৰ পৰা ২০১৯ লৈ সেয়া ৩৬ শতাংশ হ্রাস পায়। আনহাতে, পাকিস্তান এতিয়া ৰুছিয়াৰ বাবে অচ্যুত হৈ থকা নাই। আফগানিস্তানত পুনৰ খোপনি পুতিবলৈ ৰুছিয়াই পকিস্তানৰ সহায় ল’ব বিচাৰিছে।

অকল সেয়ে নহয়, ভাৰত-পাক সংঘর্ষ অব্যাহত থকাৰ সময়তে আন্তর্জাতিক মুদ্রা নিধি (আইএমএফ) য়ে পাকিস্তানক এক বিলিয়ন ডলাৰৰ ঋণৰ কিস্তি আদায়ত মঞ্জুৰি দিয়ে। চৰকাৰৰ পৃষ্ঠপোষকতাত সন্ত্রাসবাদী কার্যকলাপত এই ধনৰ ব্যৱহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ভাৰত চৰকাৰে এই প্ৰস্তাৱৰ বিৰোধ কৰে যদিও সফল নহ’ল। আইএমএফৰ ব’র্ডে সাত বিলিয়ন ডলাৰৰ ঋণৰ দ্বিতীয় কিস্তি মুকলিত মঞ্জুৰি দি বৰঞ্চ কয় যে পাকিস্তানে আর্থিক স্থিতি পুনৰুদ্ধাৰৰ বাবে আইএমএফৰ কাৰ্যসূচী ৰূপায়নত তৎপৰতা প্ৰদৰ্শন কৰিছে।

লগতে ১.৪ বিলিয়ন ডলাৰৰ পৰৱৰ্তী কিস্তিও মুকলি কৰি দিয়াৰ ইংগিত দিয়ে। প্রসংগক্রমে উল্লেখনীয় যে পাকিস্তানে ধাৰাবাহিকভাৱে আইএমএফৰ পৰা বিত্তীয় সাহায্য গ্রহণ কৰি আহিছে। ১৯৫৮ৰ পৰা এই পর্যন্ত ২৪ বাৰকৈ ঋণৰ পেকেজ লাভ কৰিছে যদিও এই সময়ছোৱাত পাকিস্তানত আর্থিক অথবা লোক প্রশাসনৰ কোনো ধৰণৰ সংস্কাৰ পৰিলক্ষিত হোৱা নাই। বিশেষজ্ঞৰ মতে দৰাচলতে পাকিস্তানক ঋণৰ কিস্তি আদায় ৰোধৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টা কোনো নির্ণায়ক স্থিতিত উপনীত কৰাৰ পৰিৱৰ্তে অধিক প্ৰচাৰমুখীহে আছিল। তদুপৰি সীমান্তৰ সিপাৰৰ সন্ত্রাসবাদীৰ প্ৰশ্নটোও অতি জটিল। ভাৰতে আইএমএফৰ ঋণ মঞ্জুৰৰ ক্ষেত্ৰত বাধাদানৰ সুযোগ তেনেই সীমিত আৰু কাৰিকৰীগত বুলি বিষয়টোৰ পৰা ফালৰি কটাৰ চেষ্টা চলোৱাহে পৰিলক্ষিত হ’ল

পশ্চিম সীমান্তত এনে এক জটিল পৰিস্থিতি অব্যাহত থকাৰ সময়তে আন এখন প্রতিবেশী দেশ বাংলাদেশৰ ভূমিকাই ভাৰতৰ বাবে মূৰৰ কামোৰণি বৃদ্ধি কৰিছে। সততে ভাৰতবিৰোধী বক্তব্য আৰু ভাৰত বিৰোধী পদক্ষেপ গ্রহণ কৰি বাংলাদেশৰ অন্তৰ্ৱতী চৰকাৰে দুই দেশৰ মাজত উত্তেজনা বৃদ্ধি কৰি আহিছে। আকস্মিক ৰাজনৈতিক পৰিবৰ্তনৰ পাছত ক্ষমতাসীন হোৱা অন্তর্বর্তী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে বাৰম্বাৰ উত্তৰ-পূৱ ভাৰত সম্পর্কে অস্বস্তিকৰ মন্তব্য প্রকাশ কৰি আহিছে। কেতিয়াবা উত্তৰ পূৱ ভাৰতক ভূমি ভাগেৰে আগুৰা আবদ্ধ অঞ্চল বুলি উল্লেখ কৰি চীনক উচটনি দিছে আৰু কেতিয়াবা উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যকেইখনে বাংলাদেশ, নেপাল আৰু ভুটানৰ স’তে পৃথকভাৱে কাম কৰিলে অধিক লাভৱান হ’ব বুলি অবাঞ্ছিত বিতৰ্কৰ সূত্রপাত ঘটাইছে।

আনকি দিল্লী-ঢাকাই পৰস্পৰৰ বাণিজ্যিক গতিবিধি বধাগ্ৰস্ত কৰাৰ বিভিন্ন পদক্ষেপো গ্রহণ কৰিছে। বাংলাদেশৰ এনে ভূমিকাৰ পৰিণতিতে ভাৰত চৰকাৰে কলকাতাৰ পৰা উত্তৰ পূবলৈ ম্যানমাৰৰ ৰাখাইন প্রদেশৰ বন্দৰৰ জৰিয়তে এক অভিলাষী পথ প্রকল্পত অনুমোদন জনাইছে। এই পথৰ জৰিয়তে বংগোপসাগৰেদি যাতায়াত কৰিলেও বাংলাদেশৰ বন্দৰ ব্যৱহাৰ কৰিবলগীয়া নহ’ব। অৱশ্যে এই কথাও ঠিক যে বাংলাদেশ আর্থিক তথা ৰাজনৈতিকভাৱে সুস্থিৰ নহ’লে ভাৰতৰ বিশেষকৈ উত্তৰ-পূর্বাঞ্চলৰ প্ৰতি গভীৰ ভাবুকিৰ সৃষ্টি হৈয়েই থাকিব। এই ক্ষেত্ৰত ভাৰত চৰকাৰৰো যথেষ্ট গুৰুত্বপূৰ্ণ কৰণীয় আছে। এই সকলোবোৰৰ ওপৰত আকৌ চীনৰ যে শেনদৃষ্টি আছে, সেই কথা অৰুণাচলৰ কেতবোৰ ঠাইৰ নাম সলাই চীনা নাম ঘোষণা কৰা কার্যই প্রমাণ কৰে। চৌদিশে এনে জটিল পৰিস্থিতিৰ সফলভাৱে মোকাবিলাত ভাৰতৰ বৈদেশিক নীতি তথা কূটনীতি সফল হৈছে বুলি ক’ব পাৰিনে?

প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰে গোষ্ঠী নিৰপেক্ষ বৈদেশিক নীতি গ্রহণ কৰিছিল আৰু পৰৱৰ্তী প্রধানমন্ত্রী তথা চৰকাৰসমূহেও তাকেই অনুসৰণ কৰি আহিছে। স্বাধীনতাৰ পাছৰে পৰা ভাৰতে গোষ্ঠী নিৰপেক্ষ অর্থাৎ কোনো গোষ্ঠী অথবা গোটৰ অংশ নোহোৱাকৈয়ে আগবাঢ়িছে, কিন্তু প্রধানমন্ত্রী মোদী আৰু বৈদেশিক পৰিক্রমা মন্ত্রী এছ জয়শংকৰে ভাৰতৰ বিদেশ নীতি বহুপাক্ষিক নীতিৰে আগবঢ়াই নিছে। এই নীতিৰ অৰ্থ হৈছে, নিজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বহু গোষ্ঠীৰ সদস্য হোৱা। একবিংশ শতিকাত বহুপাক্ষিক নীতিহে ফলপ্রসূ বুলি একাংশ বিশেষজ্ঞই মন্তব্য কৰি আহিছে। সেইসকলৰ মতে, ভাৰতৰ দৰে বহু দেশেই আন দেশৰ সহযোগ অবিহনে আগবাঢ়িব নোৱাৰে।

আজিৰ বিশ্বত অকলশৰে ক’তো সম্ভৱপৰ নহয় আৰু সেয়েহে বহু গোষ্ঠীৰ অন্তর্ভুক্ত হোৱাৰ গত্যম্ভৰ নাই। ২০১৬ত প্ৰথমবাৰলৈ প্রধানমন্ত্রী মোদীয়ে ১২০ খন দেশ সদস্যভুক্ত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বাৰ্ষিক বৈঠকত উপস্থিত নাথাকিল। মোদী চৰকাৰৰ কাৰ্যকালত গোষ্ঠী নিৰপেক্ষ নীতিৰ পৰম্পৰা উলংঘা কৰি আমেৰিকাক স্বাভাৱিক সহযোগী আখ্যা দি ভাৰত সেই দেশৰ স’তে অধিক ঘনিষ্ঠ হৈ পৰে। অৱশ্যে এই কথাত সন্দেহ নাই যে আমেৰিকাৰ স’তে ভাৰতৰ ঘনিষ্ঠতা এক ধৰণৰ সুবিধাবাদ চৰিত্ৰৰ। নিজ নিজ স্বাৰ্থৰক্ষাৰ তাড়নাতে এনে ঘনিষ্ঠতা দেখা গৈছে যদিও ইয়াৰ স্থায়িত্বক লৈ সন্দেহ নথকা নহয়। এই কথা বুজিবলৈ অসুবিধা নহয় যে মার্কিন সাম্রাজ্যৰ প্ৰতি চীনে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ ফলতে ৱাশিংটনে ভাৰতৰ প্ৰতি সহানুভূতিসূচক দৃষ্টি দিবলৈ বাধ্য হৈছে।

লক্ষ্যণীয়ভাবে বহুগোষ্ঠীয় নীতিৰ পৰিণতিত ভাৰতে এনে বিভিন্ন গোটৰ সদস্যভুক্ত হৈছে যি মৌলিকভাৱে পৰস্পৰ বিৰোধী। তেনে এখন গোট এছচিঅ’ত চীন আৰু ৰুছিয়াৰ গুৰুত্বপূর্ণ ভূমিকাৰ বিপৰীতে কোৱাড চীন বিৰোধীৰূপে পৰিচিত। সেয়েহে ভাৰত কোৱাডত চামিল হোৱা হেতুকে ৰুছিয়া অসন্তুষ্ট। আনহাতে, এছচিঅ’ৰ অন্যতম সদস্য ৰাষ্ট্ৰ হৈছে পকিস্তান। শেহতীয়া সংঘৰ্ষৰ সময়ত পাকিস্তানে চীনৰ মুকলি সমর্থন লাভ কৰিলেও ৰুছিয়াই ভাৰতবৰ্ষক একে ধৰণৰ সমৰ্থন নিদিয়াৰ বিষয়ে ইতিমধ্যে উল্লেখ কৰা হৈছেই। তেনেদৰে কোৱাডৰ অন্যান্য সদস্য ৰাষ্ট্ৰ আমেৰিকা, জাপান, অস্ট্রেলিয়ায়ো শেহতীয়া সংঘৰ্ষৰ সময়ত ভাৰতৰ সমর্থনত থিয় দিয়া পৰিলক্ষিত নহ’ল। কেৱল ইজৰাইলৰ বাদে আন কোনো এখন দেশেই শেহতীয়া সংঘৰ্ষৰ সময়ত ভাৰতৰ সমৰ্থনত থিয় নোহোৱাটোৱে কিহৰ ইংগিত দিয়ে?

দৰাচলতে সাম্প্রতিক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি পৰম্পৰ বিৰোধিতাৰে গ্রস্ত। উদাহৰণস্বৰূপে ভাৰত আৰু পাকিস্তান শত্রু ৰাষ্ট্ৰ। আনহাতে, ভাৰত আৰু চীন প্রতিদ্বন্দ্বী। ভাৰত আৰু ৰুছিয়া কূটনৈতিক সহযোগী। আকৌ ৰুছিয়া চীনৰো সহযোগী। ইফালে, চীনৰ জেপত সোমাই আছে পাকিস্তান। সেই পাকিস্তান আমেৰিকাৰো ঘনিষ্ঠ সহযোগী আছিল। সম্প্রতি পাকিস্তানৰ বন্ধুত্ব বৃদ্ধি পাইছে তুর্কীৰ স’তে। তুর্কী নেটোৰ সদস্য আৰু সেই মর্মে আমেৰিকাৰ সুৰক্ষা সহযোগী। আমেৰিকাৰ স’তে ভাৰতৰ কূটনৈতিক, আর্থিক আৰু প্ৰতিৰক্ষা সহযোগিতা আছে। শেহতীয়াভাৱে পাকিস্তানৰ স’তে আমেৰিকাৰ দূৰত্ব বৃদ্ধি পাইছে; কিন্তু তৎসত্ত্বেও আমেৰিকাই ভাৰত আৰু পাকিস্তানক একে শাৰীতে ৰাখিছে; অথচ আমেৰিকাৰ সবাতোকৈ বৃহৎ প্ৰতিদ্বন্দ্বী চীনৰ পৰাই পাকিস্তানে সামৰিক সাহায্য লাভ কৰিছে।

গতিকে এনে পৰস্পৰ বিৰোধিতাৰ মাজত দেশৰ সফল বৈদেশিক নীতি প্রস্তুত নিশ্চিতভাবে প্রত্যাহানপূর্ণ। পৰিৱৰ্তিত ৰাজনীতিত ভাৰতেও এক নতুন পথ গঢ়ি তোলাটোৱে সময়ৰ আহ্বান। তাৰ পৰিৱৰ্তে কূটনৈতিক ক্ষেত্ৰত ভাৰত দিনে দিনে অধিক প্রত্যাহ্বানৰ সম্মুখীন হোৱাটোৱে স্পষ্ট হৈছে। প্রশ্ন হৈহে-মোদী-জয়শংকৰ যুটী এই ক্ষেত্রত সফল হ’ব নে আগন্তুক দিনত ভাৰত অকলশৰীয়া হৈ পৰিব ?

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Diplomatic RelationsIndo pak warpranjal sen dekaSpl Articles
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d