Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Himanta and Gaurav openly challenge each other:পৰস্পৰক মুকলি প্ৰত্যাহ্বান হিমন্ত-গৌৰৱৰ

প্রসংগ পাক যোগাযোগ ,হিমন্ত বিশ্বই মিছা কথা ক'ব পাৰে, মুখ্যমন্ত্ৰীয়ে নোৱাৰে: শৰ্মা,আপোনাৰ পদত্যাগ নহয়, প্রমাণহে বিচাৰিছে অসমৰ ৰাইজে :সৰৱ কংগ্রেছ সাংসদ

publisher by publisher
May 20, 2025
in News, Assam
Reading Time: 3 mins read
0
Himanta and Gaurav openly challenge each other:পৰস্পৰক মুকলি প্ৰত্যাহ্বান হিমন্ত-গৌৰৱৰ
0
SHARES
4
VIEWS
ShareShareShareShare

Himanta and Gaurav openly challenge each other:

বিগত কিছুদিন ধৰি মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই কংগ্রেছ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈৰ পাকিস্থনৰে সংযোগ থকা বুলি ধাৰাবাহিকভাবে উত্থাপন কৰি অহা অভিযোগৰ পাছত এইবাৰ সৰৱ হৈছে সাংসদ গগৈয়ো।

ADVERTISEMENT

ফলত দুয়োৰে মাজত তীব্র আক্রমণাত্মক বাকযুদ্ধই ৰাজাৰ ৰাজনীতি উত্তপ্ত কৰি তুলিছে। আজিও মুখ্যমন্ত্রী শর্মাই সাংসদজনৰ বিৰুদ্ধেপুনৰ কেতবোৰ অভিযোগ, প্রশ্ন উত্থাপন কৰাৰ পাছত সাংসদ গগৈয়েও আক্রমণাত্মক হয় আৰু মুখ্যমন্ত্রীক প্রত্যাহ্বান জনায়।

RelatedPosts

Gaurav gogoi special speech in Loksabha:লোকসভাত সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিৰোধীতাৰে কি কৈছিল সাংসদ গৌৰৱ গগৈয়ে

Reservation for Women-Constituency Redetermination-Increase in Lok Sabha Seats Bill:লোকপিয়ল অবিহনে আসন বৃদ্ধিৰ অভিসন্ধি

Gaurav Gogoi Special Comment:বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীয়ে শপত লোৱাৰ প্ৰত্যাহ্বান গ্ৰহণ গৌৰৱ গগৈৰ

গগৈৰ পাকিস্তানৰ সম্পর্কক লৈ মুখ্যমন্ত্রী ড: শর্মাই ইতিমধ্যে সাংসদজনক তিনিটা বিশেষ প্রশ্ন কৰি ইয়াৰ উত্তৰ বিচাৰে। ইয়াত সাংবাদিকব আগত মুখ্যমন্ত্রীয়ে কয়, ‘তেওঁ পাকিস্তানলৈ গৈছিল নে নাই? তেওঁৰ ল’ৰা-ছোৱালীৰ নাগৰিকত্ব কি? তেওঁৰ পৰিবাৰে পাকিস্তানৰ দৰমহা লৈছিল নে নাই?এইকেইটা প্রশ্নৰ উত্তৰ দিলেই হ’ল। এছআইটিলৈ তেওঁ কিয় ৰ’ব লাগে? সাংবাদিকৰ আগত কৈ দিলেই হয়। তাকে নকৰি তেওঁ বেলেগ বেলেগ কথা কৈ আহিছে।’ মুখ্যমন্ত্রীয়ে কয় যে গৌৰৱ গগৈৰ পাকিস্তানৰ লগত সম্পৰ্কক লৈ এজন মুখ্যমন্ত্রী হিচাপেহে কথাবোৰ কৈ আহিছে। গতিকে তাত মিছা কথা ক’বলগীয়া নাই। এই প্রসংগতো মুখ্যমন্ত্রীয়ে কয়, ‘হিমন্ত বিশ্ব শর্মাই মিছা কথা ক’ব পাৰে, বহুত ক’ব পাৰে।

কিন্তু মুখ্যমন্ত্রী হিচাপে ক’ব নোৱাৰে। মুখ্যমন্ত্রীৰ চকীৰ পৰা মিছা কথা ক’লে বিধানসভাত প্রশ্ন হ’ব, আদালতে চমন দিব।’ মুখ্যমন্ত্রীয়ে আজি এইবুলিও কয় যে গৌৰৱ গগৈয়ে আচল প্রশ্নবোৰৰ উত্তৰ নিদি তেওঁ বাংলাদেশলৈ যোৱাৰ প্রশ্ন উত্থাপন কৰিছে। উল্লেখ্য যে কালি সাংসদ গগৈয়ে এক সংবাদমেলযোগে মুখ্যমন্ত্রীয়ে বাংলাদেশলৈ গৈছিল নে নাই তাবে প্রশ্ন উত্থাপন কৰিছিল। আজি আত্মপক্ষ সমর্থনৰে মুখ্যমন্ত্রীয়ে কয়, ‘এতিয়া বাংলাদেশলৈ যোৱাটো অপৰাধ। যিহেতু বাংলাদেশৰ শাসনলৈ এতিয়া মহম্মদ ইউনুছ আহিছে আৰু তেওঁ হ’ল ভাৰতবিৰোধী। শেইখ হাছিনা থকালৈকে বাংলাদেশ ভাৰতৰ আটাইতকৈ ভাল বন্ধু দেশ আছিল। বাংলাদেশত আমাৰ ভাৰতৰ মানুহো আছে। সেই সময়ত বাংলাদেশলৈ যোৱাত একো আপত্তি নাছিল। এতিয়াহে যোৱাটো অপৰাধ।’

মই প্রয়াত তৰুণ গগৈৰ পুত্ৰ, কোনো হিমন্ত বিশ্ব শর্মাক মই ভয় নকৰো :

এটা মিছা কথা লুকুৱাবলৈ হ’লে হেজাৰটা মিছা কথা ক’বলগীয়া হয়। এয়া হৈছে বর্তমান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অবস্থা। ফেব্ৰুৱাৰীত কোৱা মিছা কথা এতিয়া কিদৰে লুকুৱাব পাৰে তাৰ বাবে প্রতিদিন, প্রতি সপ্তাহ, প্রতিমাহ তেওঁলোকে নতুন নতুন মিছা কথা, নতুন নতুন অভিযোগ দাঙি ধৰিবলৈ চেষ্টা কৰিছে।’ আজি এইদৰে পুনৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হয় কংগ্রেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি গৌৰৱ গগৈ। তেওঁ কয় যে মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ কৰিম বুলি শর্মাই কোৱাটো কোনো ডাঙৰ কথা নহয়। সাংসদ গগৈৰ পাকিস্তানৰ আইএছআইৰ স’তে যোগসূত্ৰৰ বিষয়টো যদি সঁচা প্রমাণিত নহয় তেন্তে তেওঁ পদত্যাগ কৰিব বুলি কৈছিল মুখ্যমন্ত্রী শর্মাই।

ইয়াৰ পাছত আজি মুখ্যমন্ত্রীয়ে পূর্বেও এনে কথা কৈ আহিছে বুলি গগৈয়ে কয়, ‘তেওঁ যি প্রস্তাৱ দিছে তাক লৈও মানুহৰ মাজত আজি গ্রহণযোগ্যতা নাই। মুখ্যমন্ত্রীৰ এইবোৰ কথাৰ অসমৰ সমাজত কোনো মূল্য নাই। কিয়? কাৰণ একেবোৰ কথা তেওঁ ২০০৯তো কৈছিল।’ সাংসদজনে কয় যে ২০০৯ৰ লোকসভা নির্বাচনত মঙলদৈ সমষ্টিৰ দলীয় প্রার্থী আছিল মাধৱ ৰাজবংশী। সেই সময়ত কংগ্ৰেছ চৰকাৰৰ মন্ত্রী আছিল আৰু কৈছিল যে ৰাজবংশী যদি পৰাজিত হয়, তেন্তে তেওঁ পদত্যাগ কৰিব। তেওঁ কয়, ‘নিশ্চয় এইবোৰ কথা এতিয়া অসমৰ ৰাইজে মনত পেলাইছে। মুখ্যমন্ত্রী শর্মাই নিজেও নিশ্চয় এই কথাবোৰ মনত পেলাইছে। কিন্তু মুখ্যমন্ত্রীয়ে সেই সময়ত পদত্যাগ নকৰিলে।

সেয়েহে এনে পদত্যাগৰ কথা অসমৰ জনসাধাৰণৰ বাবে মূল্যহীন হৈ পৰিছে। বিধানসভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে যদি কঠিন প্রশ্ন কৰে তেন্তে তেওঁৰ কথা তল পেলাবলৈ মুখ্যমন্ত্রীয়ে কয় যে অখিল গগৈয়ে কথা ক’লে মই পদত্যাগ কৰিম। যেতিয়া তেওঁৰ কেন্দ্রীয় খাদ্য সংশাধন মন্ত্রণালয়ৰ ১০ কোটি টকা অনুদানৰ কথা ওলাইছিল তেতিয়াও তেওঁ পদত্যাগ কৰিম বুলি কৈছিল। গতিকে বাৰম্বাৰ তেওঁ পদত্যাগৰ কথা অতি পাতলকৈ লয় আৰু এইটো বেমাৰ তেওঁৰ ঘনিষ্ঠৰ মাজতো সোমাইছে।’ যোৰহাট লোকসভা নিৰ্বাচনৰ সময়ত তেওঁৰ এজন ঘনিষ্ঠ মন্ত্রীয়ে কৈছিল যে যদি কংগ্রেছ বিজয়ী হয় তেন্তে তেওঁ পদত্যাগ কৰিব, অথচ কৰা নাই বুলি উল্লেখ কৰি সাংসদ গগৈয়ে কয়, ‘গতিকে এই পদত্যাগৰ কৰাটো কঠিন প্রশ্ন বা বিষয়ৰ পৰা পলায়ন কৰিবলৈ তেওঁলোকৰ এক কৌশল। আপোনালোকে যাতে তেওঁক এই কথা নোসোধে, বাৰম্বাৰ যাতে নোসোধে যে ছেপ্টেম্বৰলৈ কিয় ৰৈ থাকিব লাগে।

এতিয়া যি ধৰণৰ অভিযোগ উত্থাপন কৰিছে, যি ধৰণৰ কথা-বতৰা কৈছে এতিয়া আৰু তিনিমাহ ৰৈ থাকিব লাগে নেকি? এইবোৰ কথা যেনে ছেপ্টেম্বৰলৈ কিয় ৰৈ থাকিব লাগে, প্রমাণ এতিয়ালৈকে এটাও দিব পৰা নাই, তাৰ পৰা পলায়ন কৰিবলৈ তেওঁ কয়- মই পদত্যাগ কৰিম।’ গগৈয়ে পুনৰ কয়, ‘মানুহে আপোনাৰ পদত্যাগ বিচৰা নাই মুখ্যমন্ত্রী ডাঙৰীয়া, মানুহে আপোনাৰ পৰা প্রমাণ বিচাৰিছে। কি তথ্য আছে সেয়া বিচাৰিছে।’ তেওঁ কয় যে এটাৰ পাছত এটা দীর্ঘদিন ধৰি মিছা কথা কৈ থকাটোৱেই তেওঁলোকৰ আচৰণ আৰু সেয়েহে কোনো আপত্তি নাই বুলিও সাংসদ গগৈয়ে কয়। তেওঁ কয় যে পূর্বেও মুখ্যমন্ত্রীয়ে বিভিন্ন ধৰণৰ অদ্ভুত কথা কৈছে।

ৰাহুল গান্ধী অসমলৈ ভাৰত জোড়ো যাত্রালৈ আহোতে মুখ্যমন্ত্রীয়ে সেই সময়ত ৰাহুল গান্ধীৰ ‘বডী ডাব’ল’ ব্যৱহাৰ কৰা বুলি অদ্ভুত কথা কৈছিল। এইদৰে উল্লেখ কৰি এটা ভিডিঅ’ প্রদর্শন কৰে সাংসদজনে। তাৰ পাছত কয়, ‘এই ধৰণৰ কথাবোৰ তেওঁ মুখ্যমন্ত্ৰীৰ চকীত বহি কয় আৰু সাংবাদিক তথা অসমৰ জনসাধাৰণৰ সময় নষ্ট কৰে। মাত্র এয়েই নহয়, তেওঁ এইদৰেও কৈছিল যে বাঘ হাজৰিকা কাল্পনিক। কিছুদিন পূর্বে তেওঁ গৰিয়া-মৰিয়াৰ লোকপিয়লৰ কথা উত্থাপন কৰিছে।

গগৈয়ে পুনৰ কয়, ‘এবাৰ তেওঁ কৈছিল যে অসম যে মহাপুৰুষ শংকৰদেৱ আৰু আজানপীৰৰ অসম এই কথাত তেওঁ বিশ্বাস নকবে। এটা ভিডিঅ’ত তেওঁ এই কথা কৈছিল। তেওঁ নিজৰ বিফলতা ঢাকিবলৈ বাৰম্বাৰ এনে মিছা কথা কৈ আহিছে। কেতিয়াবা কয় ফ্লাড জেহাদ, কেতিয়াবা দিলোৱাৰ হুছেইন সাংবাদিক নহয়, এই ধৰণৰ কথা কোৱাটো তেওঁৰ অভ্যাস।’ সাংসদ গগৈয়ে পুনৰ কয়, ‘এতিয়া মোৰ সম্পর্কত এটা মিছা কথা লুকুৱাবলৈ নতুন নতুন মিছা কথাৰ সৃষ্টি কৰিছে। মোৰ সম্পৰ্কত নতুনকৈ নহয়, যোৱা ১৩ বছৰে মোক বিভিন্ন আলংকাৰৰে সম্বোধন কৰিছে। আগতে কৈছিল যে মই ‘ব্লু আইড বয়’, তাৰ পাছত ক’লে সৰু ল’ৰা, বাচ্ছা তাৰ পাছত ক’লে যুৱৰাজ আৰু এতিয়া ক’বলৈ আৰম্ভ কৰিছে পাকিস্তানী এজেন্ট। মোৰ কাৰণে এইবোৰ নতুন কথা নহয়। কিবা কাৰণত মুখ্যমন্ত্রীয়ে মোক লৈ-আমাক লৈ আগৰে পৰা শংকিত। তেওঁ বয়সত মোতকৈ ডাঙৰ, বিভিন্ন আলংকাৰৰে মোক সম্বোধন কৰিলেও মই ডাঙৰীয়া বা দাদা বুলি সম্বোধন কৰো।’

সাংসদজনে এইটো কিবা কথা হ’ব পাৰে নেকি বুলি প্রশ্ন কবে। পাকিস্তান ভ্রমণৰ মুখ্যমন্ত্রী শর্মাৰ অভিযোগ সন্দর্ভত গগৈয়ে কয়, ‘তেওঁ কৈছে যে মই কাকো নজনোৱাকৈ পাকিস্তানলৈ গৈছো। এইটো হ’ব পাৰে নেকি? কোনোবাই ভাৰত চৰকাৰক নজনোৱাকৈ যাব পাবে নেকি? সীমান্তত ভাৰত চৰকাৰৰ বিষয়া-তালাচী চকী নাই নেকি? তেওঁৰ মতে, ভাৰত চৰকাৰক নজনোৱাকৈ গ’ল, তাত প্রশিক্ষণ ল’লে, ঘুৰিও আহিলে। মই গ’লো, প্রশিক্ষণো ল’লো আৰু ঘুৰিও আহিলো আৰু সদনৰ ভিতৰত বহি আছো। সদনৰ ভিতৰত উপ-দলপতি হিচাপে বহি আছো। এয়া হ’ল তেওঁৰ থিঅ’ৰী।’ সাংসদ গগৈয়ে প্রশ্ন কৰে যে মুখ্যমন্ত্রী শর্মাই কাক অপমানিত কৰিব বিচাৰিছে। অসম-ভাৰতৰ জনসাধাৰণৰ বিবেক শক্তিক অপমান কৰিছে আৰু গোটেই বাতাবৰণ মুখ্যমন্ত্রী শৰ্মাই প্ৰদূষিত কৰিছে বুলি সাংসদ গগৈয়ে আক্রমণ কৰে। তেওঁ কয়, ‘পাকিস্তান সন্দৰ্ভত মোৰ কি স্থিতি মই সেয়া বিভিন্ন সময়ত দাঙি ধৰিছো ।

এই সন্দর্ভতো তেওঁ উদাহৰণ দাঙি ধৰে আৰু কয় যে আন্তঃৰাষ্ট্ৰীয় মঞ্চতো তেওঁ পাকিস্তানক কঠোৰ সমালোচনা কৰিছে। সাংসদ গগৈয়ে কয়, ‘যদি আইএছআই এজেন্ট হয়, তেন্তে এই ধৰণৰ বিষয়ৰ ওপৰত কিদৰে বাতৰি প্রকাশিত হ’ল।’ পুনৰ গগৈয়ে কয়, ‘মই প্রমাণ দি আছো যে পাকিস্তানৰ ৰাজনীতি আৰু তেওঁলোকৰ চৰিত্ৰৰ বিৰুদ্ধে মই অতি কঠোৰ। এই ভিডিঅ’ বার্তা মই ইতিমধ্যে দিছো। আজি মই এটা নতুন প্রমাণ দিলো।’ এইদৰে উল্লেখ কৰি তেওঁ ২০২০-২১ত প্রকাশিত এখন গ্ৰন্থত তেওঁৰ লিখনীয় দেখুৱায়। এই লিখনীত পাকিস্তানৰ সন্দৰ্ভত তেওঁ লিখা কথাখিনি পাঠ কৰি দিয়ে। ক’ভিড অতিমাৰীৰ ভয়ৱহতাৰ সময়তো পাকিস্তানে সন্ত্রাসবাদী প্ৰেৰণ কৰি ভাৰতীয় নাগৰিকৰ ওপৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল। এই সন্ত্রাসবাদীৰ পৃষ্ঠপোষক পাকিস্তান চৰকাৰ।

উৰি আৰু পুলৱামাত ভাৰতীয় সেনাই প্রত্যুত্তৰ দিয়ে যদিও পাকিস্তানী চোৰাংচোৱা, সেনা আৰু সন্ত্রাসবাদীৰ অশুভ যোগাযোগৰ সন্দর্ভতো লিখনীত উল্লেখ থকাৰ কথা তেওঁ পাঠ কৰি দিয়ে। এই সন্দৰ্ভত ভাৰতে কি পদক্ষেপ ল’ব লাগিব সেই কথাও উল্লেখ কৰি লিখনীৰ কিছু শাৰী পাঠ কৰাৰ পাছত গগৈয়ে কয়, ‘এয়া ২০২১ৰ কথা। মুখ্যমন্ত্রীয়ে জনাওক যে কোন চনত মই তেওঁৰ মতে কাকো নজনোৱাকৈ লুকাই লুকাই (কিদৰে লুকাই লুকাই সীমান্ত অতিক্ৰম কৰিব পাৰি সেয়া তেৱেই জানে) সীমান্ত পাৰ হ’লো, তেওঁৰ মতে, বেয়া কাম কৰিলো, উভতি আহিলো আৰু সদনত বহি আছো। কাক এইবোৰ কথা বুজাবলৈ বিচাৰিছে?’

তেওঁ কয় যে ২০২১ত তেওঁ প্রবন্ধ লিখিলে, পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ভিডিঅ’ বার্তাও দিলে। গতিকে কেতিয়া পাকিস্তানলৈ গ’ল বুলি প্রশ্ন কৰে। সাংসদজনে কয় যে বিগত লোকসভা নির্বাচনত মুখ্যমন্ত্ৰীয়ে এইবোৰ কথা উত্থাপন কৰা নাছিল। তাৰ পাছত প্ৰশ্ন কৰে, ‘যোৱা বছৰ গ’লো নেকি কৈ দিয়ক মুখ্যমন্ত্ৰীয়ে।’ তাৰ পাছত পুনৰ প্ৰশ্ন কৰে, ‘মুখ্যমন্ত্রী যে বাৰম্বাৰ প্রতিবাৰেই অনুমতি লৈছে নে? তেওঁ বাংলাদেশৰ ক’ত ক’ত যায় এইবোৰ কথা ৰাজহুৱা কৰিছে নে? ফটোত তেওঁ দেখুওৱা ঠাইৰ বাহিৰে আৰু ক’ৰবাত গৈছে নেকি? সেইখিনি কথা তেওঁ ৰাজহুৱা কৰিব নে? যদি মই লুকাই লুকাই গৈছো, তেওঁ যদি লুকাই লুকাই গৈছে আৰু কাকো জনোৱা নাই যে কলৈ গ’ল, কাক লগ পালে। তেওঁ কৈছে যে নেপাললৈ গৈ মই ইমানদিন থাকি আহিছো, নেপালত কি আছে? ময়ো সুধিছো যে বাংলাদেশত ইমানবাৰ যাবলগীয়া কি আছে, কিয় গৈছে? বাংলাদেশী সমর্থন নেকি?’

সাংসদজনে কয় যে তেওঁ এছআইটি সোনকালে সামৰিব নিবিচৰাৰ, ছেপ্টেম্বৰলৈ সময় বিচৰাৰ আঁৰত তথ্য লাভ কৰিব এনে নহয় অথবা প্রমাণ যে পাব এনে নহয়। ‘এছআইটিৰ জৰিয়তে তেওঁৰ আচল উদ্দেশ্য হ’ল প্রয়াত তৰুণ গগৈৰ ছবিখনৰ বদনাম কৰাটো। প্রয়াত গগৈৰ প্ৰতি মানুহৰ চিন্তাধাৰাৰ ওপৰত দাগ লগোৱাটো হৈছে তেওঁলোকৰ উদ্দেশ্য।’ সেয়েহে প্রয়াত তৰুণ গগৈ চৰকাৰৰ সমালোচনা কৰে আৰু ব্যক্তিগতভাৱেও সমালোচনা কৰাৰ লগতে তেওঁৰ পুত্ৰ হিচাপে সাংসদজনক লক্ষ্য কৰি লোৱা বুলি কয়। ‘প্রয়াত তৰুণ গগৈৰ পুত্ৰ হিচাপে আমাক লক্ষ্য কৰি ল’বলৈ বিচাৰিছে আৰু এনে অভিযোগ দাঙি ধৰিছে। তেওঁৰ বোৱাৰী বিৰুদ্ধেও অভিযোগ দাঙি ধৰিছে আৰু এতিয়া নিজৰ নিম্নস্তৰৰ ৰাজনীতিৰ বাবে প্রয়াত তৰুণ গগৈৰ নাতি-নাতিনী পর্যন্ত তেওঁ এৰি দিয়া নাই।’

এইদৰে মুখ্যমন্ত্রী শর্মাক তীব্র আক্রমণ কৰে সাংসদজনে। পুনৰ সাংসদজনে কয়, ‘হিমন্ত বিশ্ব শর্মাই প্রয়াত তৰুণ গগৈক ইমানেই হিংসা কৰে যে আজি তেওঁৰ নাতি-নাতিনীকো এৰি দিয়া নাই। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। ভাবিছে যে এই ধৰণৰ ৰাজনীতি কৰিলে আমি তেওঁক সমালোচনা কৰিবলৈ বাদ দিম আৰু তেওঁৰ স’তে মিলিবলৈ চেষ্ট কৰিম বা আমি মনে মনে বহি থাকিম।’ সাংসদ গগৈয়ে কয়, ‘মই প্রয়াত তৰুণ গগৈৰ পুত্র। কোনো হিমস্ত বিশ্ব শর্মাক মই ভয় নকৰো।

এছআইটি কৰক, ছেপ্টেম্বৰলৈ আমাৰ বদনাম কৰিবলৈ চেষ্টা কৰিছে। এছআইটি গঠন কৰোতে কোনো এজন পাকিস্তানীৰ নাম লৈছিল। এতিয়া সেই পাকিস্তানীৰ কথা পাহৰি গ’ল। যিজন পাকিস্তানৰ সম্পর্কত এছআইটি গঠন হ’ল তেওঁৰ নামেই নল’লে। এতিয়া মাত্র প্রয়াত তৰুণ গগৈৰ ঘৰ, পৰিয়ালক কিদৰে বদনাম কৰো, গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ উত্থানত কিদৰে বাধা দিব পাৰো এয়া হৈছে তেওঁলোকৰ চেষ্ট।’ তাৰ পাছত গগৈয়ে কয়, ‘ময়ো এটা প্রত্যাহ্বান জনাইছো। এছআইটি কৰি থাকক, মোৰ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস আছে, কিন্তু অলপ কাল্পনিক কথা ক’ব বিচাৰিছো। তেওঁ যদি ইমান কল্পনা কৰিব পাৰে, সপোন দেখিব পাৰে, তেন্তে ময়ো এটা কল্পনা কৰো। গণতান্ত্রিক দেশত ক্ষমতা ৰাইজৰ ওচৰত থাকিব লাগে। যদি ছেপ্টেম্বৰলৈ আমি ক্ষমতা মুখ্যমন্ত্ৰীৰ পৰা কাঢ়ি লৈ অসমৰ জনসাধাৰণৰ হাতত তুলি দিওঁ আৰু জনসাধাৰণক কওঁ যে আপোনালোকে দুটা এছআইটি গঠন কৰক। এটা মোৰ ওপৰত আৰু তাত প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ কাৰ্যকালত, মই সৰুৰে পৰা আজি পর্যন্ত তিনিবাৰ সাংসদ হোৱালৈ কি হৈছে, কি নাই হোৱা এইবোৰৰ ওপৰত এছআইটি গঠন কৰক, পাকিস্তানো সুমুৱাই লওঁক। আন এখন এছআইটি হওঁক হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত।

তেওঁ কংগ্ৰেছলৈ অহাৰ আগতে যেতিয়া কলেজত পঢ়িছিল, যেতিয়া বিভিন্ন সংগঠনৰ স’তে তেওঁ ঘূৰা-মেলা কৰি আছিল, কেতিয়াবা টকা-পইচা লওঁতে ধৰাও পৰিলে, তাৰ পৰা বর্তমানলৈ এটা এছআইটি তাৰ পৰা তেওঁৰ ৰাজনৈতিক যাত্ৰাৰ ওপৰত হওঁক।’ গগৈয়ে কয় যে তেওঁ কল্পনা কৰিছে আৰু জানে যে তেওঁ নিজৰ বিষয়ে ৰাইজে কিমান কথা বিচাৰি পাব। পুনৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি কয়, ‘তেওঁৰ সম্পৰ্কত কিমানবোৰ যে কথা ওলাব।’ গগৈয়ে কয় যে ৰহস্যজনক অৱস্থাত মৃত্যু হোৱা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ সন্দৰ্ভত গঠন কৰা এছআইটিৰ কি হ’ল? সেয়া জানিব বিচাৰে বুলি কয় গগৈয়ে। তদুপৰি কয়, ‘জোনমণি ৰাভাক কোনে হত্যা কৰিলে আমি জানিব বিচাৰো। উমৰাংছ’ৰ ঘটনাৰ পাছত কয়লা ছিণ্ডিকেটক লৈ এটা এছআইটি গঠন হৈছিল, তাৰ পৰা কি তথ্য পালে সেয়া জনাওঁক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa Sarmaeach otherGaurav Gogoiopenly challengePakistan Visit
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d