পানীৰ অভাৱত পথাৰতে মৰহি গৈছে কৃষকৰ কঠীয়া: কাণসাৰ নাই জলসিঞ্চন বিভাগৰ
কামৰূপ জিলাৰ হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত কৃষিভূমিত মেলিছে ছিৰাল ফাট। প্ৰখৰ খৰাং বতৰে দহি নিছে কৃষকৰ কৃষি ভূমি। আহাৰমহীয়া পথাৰত কৃষকৰ ভূঁই ৰোপণ কৰা সময়ত ছিৰাল ফাট দিয়াত কৃষকসকলে মুৰে-কপালে হাত দিবলগীয়া হৈছে।
জলসিঞ্চন বিভাগে কৃষকৰ বাবে কোনো ধৰণৰ ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰিব পৰা নাই। জলসিঞ্চনৰ অভাৱত কৃষকে কঠীয়া সিঁচিব নোৱাৰাৰ সমান্তৰালভাৱে যিসকলে কঠীয়া সিঁচিছিল, তেনে কঠীয়াসমূহ এতিয়া পথাৰত শুকাই যাবলৈ ধৰিছে।
চৰকাৰে কৃষক ৰাইজক কৃষি পথাৰত পানী যোগান ধৰিবলৈ আজিও জলসিঞ্চনৰ সুবিধা প্রদান কৰা নাই। হাজো ৰাজহ চক্ৰৰ গেৰুৱা কৃষি চক্ৰ, ৰামদিয়া কৃষি চক্র আৰু হাজো কৃষি চক্ৰৰ অধীনস্থ কৃষক ৰাইজে জলসিঞ্চনৰ অভাৱত নিজৰ কৃষিভূমিত অদ্যাপি ৰোপণ কৰিব পৰা নাই কঠীয়া।
নিজৰ গাঁঠিৰ ধন খৰচ কৰি ধানৰ বীজ ক্ৰয় কৰি কৃষকসকলে কঠীয়া সিঁচিছে যদিও পানীৰ অভাৱত কঠীয়া ৰোপণ কৰিব নোৱাৰি হতাশাত ভুগিবলগীয়া হৈছে। হাজো ৰাজহ চক্ৰৰ বৃহত্তৰ গেৰুৱা, অভয়পুৰ, পাকৰকোনা, কলিতাকুছি, বর্ণি, ৰামদিয়া, বামুন্দী, মিলপাৰা, দামপুৰ, মনাহকুছি, বাহানা, বৰম্বৈ, তলিয়া, তেতেলীয়া, বাউসী, ওৰগাল, হাদালা, বাগটা, কঞাজেনী, একাদি, বৌমাৰী, আলিকাষ, চেঁচামুখ, মুৰিকোনা, লাউতলি, বঙালপাৰা, টাঙোনমাৰী, লাহ, টোক্রাদিয়াকে ধৰি হাজো-শুৱালকুছি আৰু নৱগঠিত ৰঙিয়া, কমলপুৰ সমষ্টিৰ কৃষি পথাৰত কৃষকৰ কেবল চকুলো।
অসমৰ জলসিঞ্চন বিভাগৰ মন্ত্রী অশোক সিংহলৰ কৃষক ৰাইজৰ প্ৰতি কাণসাৰ নাই। এনে ক্ষেত্ৰত ৰাইজে জলসিঞ্চনৰ অভাৱত নিজৰ কৃষিভূমিত কৃষি কাৰ্য কৰিব পৰা নাই। এতিয়া কঠীয়া ৰোপণ কৰিব নোৱাৰি কৃষকসকলে ছিৰাল ফাট মেলা পথাৰলৈ চাই চকুলো বোৱাইছে



































