Horoscope:✒️মেষ: পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব। যাত্ৰা কৰোতে সাৱধান হ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত। কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। শুভ ৰং কমলা। শুভ সংখ্যা ৩।
বৃষ: সামাজিক সুনাম হানি হোৱাৰ আশংকা। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কোনো লোকে বিশ্বাসঘাতকতা কৰিব পাৰে। প্ৰেমত নতুন প্ৰস্তাৱ আহিব পাৰে। বিদ্যাত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ২।
মিথুন: সাংস্কৃতিক কামত জড়িতসকল উপকৃত হ’ব। ব্যৱসায়-বাণিজ্যত নতুন প্ৰেৰণা লাভ কৰিব। বিদ্যাত জটিলতাই দেখা দিব। সৰু-সুৰা ভ্রমণ আছে। শুভ ৰং বগা। শুভ সংখ্যা ১।
কর্কট: আর্থিকত বিশেষ অসুবিধা দেখা নাযায়। প্রাপ্য ধন আদায় কৰিব পাৰিব। কৰ্মত সাফল্য আৰু মৰ্যাদা বৃদ্ধি পাব। প্রেমত বাধা। শুভ ৰং কমলা। শুভ সংখ্যা ৫।
সিংহ: যান-বাহনৰ ব্যৱসায় কৰাসকলৰ অৰ্থলাভৰ যোগ। পাৰিবাৰিক শুভ। প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব। বিদ্যাত থকা জটিলতা দূৰ হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা-২।
কন্যা: পাৰিবাৰিক দিশত কোনো শুভ কার্য সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত বেয়া দেখা নাযায়। বে-চৰকাৰী চাকৰিয়াল সকলে কর্মক্ষেত্রত বাধা পাব পাৰে। শুভ ৰং পাতল সোণালী। শুভ সংখ্যা ৭।
তুলা: ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। পুৱা যাত্ৰা কৰিব পাৰে। আপোনাৰ শুভ ৰং সেউজীয়া। সহযোগী বন্ধুৰ পৰা আনন্দ পাব। শুভৰং সেউজীয়া। শুভ সংখ্যা ৩।
বৃশ্চিক: অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব। স্বামী-স্ত্ৰীৰ মাজত মতানৈক্য। যান-বাহনৰ দ্বাৰা আঘাত পাব পাৰে। গতিকে চাই-চিতি যাত্ৰা কৰিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।
ধনু: বন্ধুবৰ্গৰ লগত সু-সম্পর্ক স্থাপন হ’ব। ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা। ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব। পুৱাৰ ভাগত কৰা যাত্ৰা শুভ হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৮।
মকৰ : এই সময়ত লেন-দেনৰ কামত জড়িত নথকাই ভাল। কৰ্মচাৰীসকলৰ বাবে বিশেষ শুভ। বিদ্যাত যোগ বাঢ়িব। প্রেমত সমস্যাৰ সন্মুখীন হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।
কুম্ভ: ভাই-ভনীৰ পৰা সমাদৰ পাব। দিনটোত ধন কষ্ট পাব পাৰে। প্ৰেমত সতর্ক হওক। পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব। বিদ্যাত বাধা। শুভৰং ক’লা। শুভ সংখ্যা ৬।
মীন: ধনাগম বৃদ্ধি পাব। বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে দিনটো শুভহ’ব। যাত্ৰাৰ বাবে শুভ। ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।































