Mehraj Malik: ✒️জনসাধাৰণৰ সুৰক্ষা আইন (পিএছএ)ৰ অধীনত জম্মু-কাশ্মীৰৰ একমাত্ৰ আপ বিধায়ক মেহৰাজ মালিকক গ্ৰেপ্তাৰ কৰা হৈছে। জনশৃংখলা বিঘ্নিত কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ডোডা চৰকাৰী কৰ্মীসকলে। ইয়াৰ পাছতে আৰক্ষীয়ে মালিকক গ্ৰেপ্তাৰ কৰে।
প্ৰসংগক্ৰমে, পি এছ এ আইনৰ অধীনত প্ৰথমবাৰৰ বাবে গ্ৰেপ্তাৰ হ’ল বিধায়ক।
২০২৪ চনৰ জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনত ডোডা সমষ্টিৰ পৰা জয়লাভ কৰিছিল আপৰ মেহৰাজ মালিকে।
শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে চৰকাৰী কৰ্মচাৰীক গালি-গালাজ কৰা, সাহায্য আৰু উন্নয়নমূলক কামত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছিল।
আনকি ডোডা জিলাৰ যুৱক-যুৱতীক উচটনি দিয়াৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে, যাৰ ফলত ডোডাত চৰকাৰী কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।
বিধায়কগৰাকীয়ে ডোডাৰ উপায়ুক্ত হৰবিন্দৰ সিঙৰ বিৰুদ্ধে অশ্লীল ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। এই ঘটনাত হৰবিন্দৰ সিঙৰ নিৰ্দেশত বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীয়ে দাবী কৰিছে যে অভিযুক্ত বিধায়ক মেহৰাজ মালিকৰ বিৰুদ্ধে ১৮টা এফআইআৰ ৰুজু হৈছে।
মন কৰিবলগীয়া যে কোনো অঞ্চলৰ শান্তি-শৃংখলাত বিঘিনি ঘটিলে পি এছ এ আইন ব্যৱহাৰ কৰা হয়। জম্মু-কাশ্মীৰৰ প্ৰশাসনিক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা এই আইনত অভিযোগ বা বিচাৰ অবিহনে দুবছৰ পৰ্যন্ত আটক কৰিব পৰা যায়।ফলত বিধায়কগৰাকী কাৰাগাৰত বন্দী হোৱাটো কাৰ্যতঃ নিশ্চিত।



































