Picnic SOP:
এতিয়া বনভোজৰ বতৰ ৷ বনভোজ দলৰ বাবে অসম আৰক্ষীয়ে জাৰি কৰিলে এছঅপি ৷ এতিয়াৰ পৰা ৰাজপথত দ্ৰুতগতিত বাহন চলোৱা চালকৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিয়াৰ লগতে সুৰামত্ত হৈ গাড়ী চলোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে ৷
বনভোজৰ সময়ছোৱাত প্ৰতিখন বাহনৰে বৈধ নথিপত্ৰ থকাতো বাঞ্ছনীয় ৷ একেদৰে দুচকীয়া বাহন চলোৱা সকলে পৰিধান কৰিব লাগিব হেলমেট ৷
আনহাতে বনভোজলৈ যোৱা বাহন সমূহে অত্যাধিক লোক কঢ়িয়াই নিব নোৱাৰিব ৷ বনভোজস্থলী এৰিব লাগিব সূর্যাস্তৰ পূৰ্বেই। বনভোজলৈ যোৱা লোকৰ মাজত প্ৰচাৰ কৰিব লাগিব হেল্পলাইন নম্বৰ । আৰক্ষী আৰু জৰুৰীকালীন সহায়ৰ বাবে ইতিমধ্যে আৰক্ষীয়ে মুকলি কৰিছে ১১২ নম্বৰৰ হেল্পলাইন নম্বৰ ৷ একেদৰে চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে হেল্পলাইন নম্বৰ ১০৮ ৷
আনহাতে বনভোজৰ আশেপাশে নিষিদ্ধ কৰা হৈছে সুৰা বিক্ৰী ৷ তদুপৰি প্ৰতিকুল বতৰত নিষিদ্ধ কৰা বনভোজ ৷




































