Nagaon Train:
নগাঁৱত যাত্রীবাহী ৰে’লত অঘটন। নামনিমুৱা ৰে’ল ইঞ্জিন হঠাতে বিকল হৈ পৰাত চীনাপট্টি ৰে’লগেটত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰে’ল ক্ৰছিঙৰ দুয়োদিশে তীব্ৰ যানজঁটৰ সৃষ্টি হয় ৷একেদৰে ৰে’লৰ শ শ যাত্ৰীৰ মাজতো হাহাকাৰ পৰিস্থিতি । ইতিমধ্যে ৰে’ল খনৰ ইঞ্জিনৰ মেৰামতি কৰিবৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে নগাঁও ৰে’ল ষ্টেচন কৰ্তৃপক্ষই ৷ প্ৰাপ্ত খবৰ অনুসৰি বিকল্প ইঞ্জিনৰ ব্যৱস্থা কৰা হৈছে ৷
ADVERTISEMENT



































