President of AIFF has been accused of assault:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাল সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনৰ সভাপতি কল্যাণ চৌবে। এইবাৰ তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছে আতিশয্যৰ অভিযোগ। এই অভিযোগ উত্থাপন কৰিলে ফেডাৰেছনৰে মহিলা কমিটীৰ মুৰব্বী ভালেংকা আলেমাওৱে এখন পত্র লিখি তেওঁ উচিত পদক্ষেপৰ অনুৰোধ জনাইছে।
ভালেংকাই অভিযোগ কৰে যে যোৱা ২৯ মাৰ্চত ফেডাৰেছনৰ কাৰ্যালয়ত কাৰ্যকৰী সমিতিৰ বৈঠক চলি থকা অৱস্থাতে সভাপতিয়ে বাৰে বাৰে তেওঁক অপমানিত কৰে। চৌবেৰ উপৰি ফেডাৰেছনৰ উপ-সভাপতি এনএ হেৰিছ আৰু সহকাৰী সচিব এম
সত্যনাৰায়ণৰ বিৰুদ্ধেও তেওঁ অনুৰূপ অভিযোগ আনে। কাৰ্যকৰী সমিতিলৈ প্ৰেৰণ কৰা পত্ৰত মহিলা কমিটীৰ মুৰব্বীগৰাকীয়ে লিখিছে, ‘এআইএফএফৰ সভাপতি কল্যাণ চৌবে, উপ-সভাপতি এনএ হেৰিছ আৰু সহকাৰী সচিব এম সত্যনাৰায়ণে মোৰ স’তে যি জঘন্য ব্যৱহাৰ কৰিছে, সেয়া সকলোৰে সন্মুখলৈ আনিব বিচাৰো। মোৰ বিৰুদ্ধে পক্ষপাতদুষ্ট আচৰণ কৰা হৈছে। বাৰে বাৰে মোক বাধা দিয়াৰ চেষ্টা কৰিছে সভাপতিয়ে। সভাপতিয়ে মোৰ বিৰুদ্ধে অযৌক্তিক আৰু সম্মান হানিকাৰক মন্তব্য কৰিছে। মোক ভয় দেখুৱাবলৈ সভাপতি আৰু সহকাৰী সচিবে বাৰে বাৰে চিৎকাৰ কৰি কথা কৈছিল। সমগ্র বৈঠক জুৰি মোক বাৰে বাৰে আক্ৰমণ কৰা হৈছিল।’




































