Heroin Seized in Noonmati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স;-ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে কঠোৰস্থিতি গ্ৰহণ কৰি অহাৰ মাজতে নুনমাটি আৰক্ষীৰ জালত পৰে দুই হে’ৰইন সৰবৰাহকাৰী। নুনমাটিৰ ট্রেফিক পইণ্টৰ ওচৰত আৰক্ষীয়ে অৰ্তকিতে তালাচি চলাই দুই যুৱকৰ পৰা উদ্ধাৰ কৰে ২১.৫৭ গ্রাম হেৰ’ইন, নগদ ধন আৰু খালী কন্টেইনাৰ ৷ ধৃত সৰবৰাহকাৰী দুজন হ’ল অভিষেক ঘোষ আৰু মিংকু মণি ডেকা । মিংকুমণি প্ৰাক্তন আৰক্ষী বিষয়া এজনৰ পুত্ৰ ৷ আটকাধীন দুই সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে I
ADVERTISEMENT




































