J&k Road Accident:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–জম্মু-কাশ্মীৰৰ উদমপুৰত সোমবাৰে পুৱা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ১৫ জনকৈ যাত্ৰীয়ে ৷ৰামনগৰ-উধমপুৰ পথত সংঘটিত হয় এই কৰুণ দুৰ্ঘটনাটি ৷ পাহাৰীয়া আঞ্চলটোত দ্ৰুতগতিত অহা যাত্ৰীবাহী বাছ খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ৭০ৰ পৰা ৮০ ফুট দ – খাৱৈত বাগৰি পৰে ৷ ফলত থিতাতে মৃত্যু হয় ১৫ জনতকৈ যাত্ৰীৰ ৷
লাভ কৰা তথ্য অনুসৰি অভিশপ্ত JK14D2121 নম্বৰৰ বাছখন সোমবাৰে পুৱা ৯:৪০ বজাত ৰামনগৰৰ পৰা উধামপুৰলৈ আহি আছিল । দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত চৰকাৰী কৰ্মচাৰী, বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সহ বহু সংখ্যক যাত্ৰী আছিল।
আনহাতে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী আৰুএছডিআৰএফৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ যুদ্ধকালীত তৎপৰতাৰে উদ্ধাৰকাৰ্যত নামি পৰে ৷






























