Hatsingimari :
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-শনিবাৰে দুপৰীয়া অহা প্ৰচণ্ড ধুমুহা-বতাহ আৰু প্ৰৱল বৃষ্টিপাতৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ হয় এখন যাত্ৰীবাহী নাও ৷ অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হোৱা যাত্ৰী সকলে ততাতৈয়াকৈ পৰিধান কৰে লাইভ জেকেট ৷হাটশিঙিমাৰীৰ পৰা ধুবুৰী অভিমুখী নাও খনত শিশু- মহিলা সহ যাত্ৰী আছিল প্ৰায় ডেৰ শতাধিক যাত্রী। অৱশ্যে নাৱৰীয়াৰ তৎপৰতাত কোনো অঘটন নোহোৱাকৈ নাও খন সুকলমে গন্তব্যস্থানত উপস্থিত হয়।
ADVERTISEMENT




































