হঠাতে ভাৰতসহ তিনি দেশলৈ প্রাকৃতিক দুর্যোগ নামি অহাৰ আশংকা প্রকট হৈছে। একাংশ বতৰ বিজ্ঞানীয়ে প্ৰকাশ কৰা অনুসৰি, সম্প্ৰতি ভাৰত, পাকিস্তান আৰু আফগানিস্তানৰ আকাশ এহেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ মেঘৰ চাদৰে ঢাকি ৰাখিছে।
গতিকে দেশৰ বিভিন্ন স্থানৰ লগতে পাকিস্তান আৰু আফগানিস্তানত ধুমুহা, প্রৱল বৰষুণ বা ধাৰাসাৰ শিলাবৃষ্টিৰ আশংকা আছে। উল্লেখ্য যে যোৱা কিছুদিনৰ পৰা অসমকে ধৰি দেশৰ কেতবোৰ স্থানত সঘন বৃষ্টিপাত হৈছে। আনকি দিল্লী আৰু দেশৰ ৰাজধানী অঞ্চলক সামৰি সমগ্ৰ উত্তৰ ভাৰতত যোৱা কিছুদিনত হোৱা বৰষুণে অভিলেখ ভংগ কৰিছে।
প্ৰৱল বৰষুণৰ ফলত এই অঞ্চলসমূহত তাপমাত্রাও চকুত লগাকৈ হ্রাস পাইছে। কেৱল সেয়াই নহয়, আগন্তুক দিনতো এই অঞ্চলসমূহত প্রৱল বৰষুণৰ সতৰ্কতা জাৰি কৰা হৈছে। বতৰ বিজ্ঞানীসকলৰ মতে, দিল্লীকে ধৰি দেশৰ কেতবোৰ অঞ্চলত হোৱা এই প্রবল বৰষুণৰ মূল কাৰণ হ’ল পশ্চিমীয়া বতাহৰ প্রভাৱ। এই পশ্চিমীয়া বতাহ পাকিস্তান পাৰ হৈ আহিছে।
এই বতাহৰ প্ৰভাৱত ঘণ্টাত ৪০-৮০ কিলোমিটাৰ বেগত বতাহ বলিবলৈ ধৰিছে। কেতবোৰ অঞ্চলত শিলাবৃষ্টিও হৈছে। তদুপৰি হিমালয় পর্বতত প্রচণ্ড তুষাৰপাত হ’বলৈ ধৰিছে। উল্লেখ্য যে পশ্চিমীয়া বতাহে ভাৰত উপ-মহাদেশত প্ৰভাৱ পেলায় ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীৰ সময়ছোৱাত। এই বতাহৰ সৃষ্টি হয় ভূমধ্য সাগৰত। ভূমধ্য সাগৰত এই বতাহৰ সৃষ্টি হৈ উত্তৰ-পূব দিশে অগ্ৰসৰ হয়। এই বতাহৰ প্ৰভাৱত তুযাৰপাত আৰু শীত প্রবাহ হয়; কিন্তু এইবাৰ দৃশ্যপট সম্পূর্ণ সুকীয়া। কাৰণ এইবাৰ চলিত মাৰ্চতহে পশ্চিমীয়া বতাহ দেশলৈ আহে।
বতৰ বিজ্ঞানীসকলৰ মতে, সম্প্রতি ভাৰত, পাকিস্তান আৰু আফগানিস্তানৰ আকাশত এহেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক সৰলৰেখা আকৃতিৰ নিম্ন চাপৰ বলয় সৃষ্টি হৈছে। এনে ঘটনা বিৰল। এই নিম্ন চাপৰ ফলতে পৰিৱেশ অস্বাভাবিক হৈছে। বতৰ বিজ্ঞানীসকলৰ ধাৰণা হ’ল যে জলবায়ু পৰিৱৰ্তনৰ ফলত পৰিৱেশ এনেদৰে অস্বাভাৱিক হৈছে।
বতৰ বিজ্ঞানীসকলে লগতে আঙুলিয়াই দিছে যে এই অস্বাভাবিক পৰিস্থিতিৰ আঁৰত আছে বিপুল পৰিমাণৰ জলীয় বাষ্প ভূমধ্য সাগৰ, কৃষ্ণ সাগৰ আৰু পাৰস্য উপসাগৰৰ ওপৰত জমা গৈছে। সেই জলীয় বাষ্পই এনে অস্বাভাবিক পৰিৱেশ সৃষ্টিত ইন্ধন যোগাইছে।






























